পুনৰজন্মৰ পিছত – প্ৰকৃতি নাজিৰ

মানুহজনী তন্ময় হৈ বহি আছিল৷ নিৰ্জন, অলস দুপৰবোৰত, ঘৰৰ পিছফালৰ বেলকনিখনত ঠিক এনেকৈয়ে বহি থাকে তেওঁ৷ দেৱালৰ সিপাৰৰ ব্যস্ত আলিবাটটোৰ কাষত থকা প্ৰকাণ্ড আঁহত গছজোপাৰ ডাল-পাতবোৰে বেলকনিখন শীতল কৰি ৰাখে৷ গছৰ ডালত বাঁহ সাজিবলৈ লোৱা চৰাইবোৰ নামি আহি তেওঁৰ ওচৰতে বহেহি৷ তেওঁ বিস্কুট, ৰুটীৰ টুকুৰাবোৰ সিঁচি দিয়ে৷ সিহঁতে খায়৷ দুটুকুৰামান মুখত ভৰাই বাঁহত থকা কণমানিহঁতলৈ লৈ যায়৷ কেৰ্কেটুৱা দুটামানো হাওলি অহা ডালটোত বহি তেওঁলৈ চাই চকু পিৰিকিয়ায়৷ নামি আহিবলৈ সাহস নহয় সিহঁতৰ৷ তেওঁ মন্ত্ৰমুগ্ধৰ দৰে, পাতল বতাহত কঁপি থকা সেউজ সঘন পাতবোৰলৈ চাই আছিল৷ তেনেকুৱাতে সি আহিল৷

আঁ …আঁ… সি সৰুকৈ কিন্তু দীঘলীয়াকৈ মাত লগালে৷ মানুহজনী একেজাপে থিয় হ’ল, “বাবু আহিছে!“ তেওঁ ভিতৰলৈ গৈ কলকেইটামান লৈ আহিল৷ বাবুৱে দেৱালখনৰ পৰা জাঁপ মাৰি বেলকনি পালেহি৷ আগঠেং দুটাৰে সি কলৰ বাকলি গুচাই অলপ অলপকৈ খাই থকা দৃশ্যটো তেওঁ ৰ’ লাগি চাই থাকিল৷ তাৰ চিকচিকিয়া বাদামী ৰঙৰ শৰীৰটো, তাৰ উজ্জ্বল, চঞ্চল চকুহাল তেওঁ মুগ্ধ হৈ চাই ৰ’ল৷ মাত্ৰ কেইদিনমানহে হৈছে বাবু আৰু তেওঁৰ চিনাকি হোৱা৷ তাক লগপোৱাৰ আগলৈকে তেওঁ এই অঞ্চলত এইবিধ জন্তু দেখাই নাছিল৷ কল খাই বাবুৱে আঙুলিবোৰ কামুৰি তেওঁলৈ চাই থাকিল৷ তেওঁ মিচিকিয়ালে, “ভোক গুচা নাই?“ ফ্ৰিজৰ পৰা উলিয়াই আপেল এটা আগবঢ়াই দিয়ে তেওঁ৷ হঠাতে ক’ৰবাৰ পৰা উফৰি আহিল এটা শিলগুটি৷ বাবুৰ হাতৰ আপেল চিটিকি পৰিল৷ “খেক খেক“ …আতংকিত বাবুৱে জাঁপ মাৰি দেৱালখন পাৰ হৈ দূৰৰ গছবোৰলৈ লৰ ধৰে৷     

“ছি: এই লেতেৰা বান্দৰটোৱে সিদিনা গেৰেজত সোমাই নতুন গাড়ীখনৰ তলতে প্ৰস্ৰাৱ কৰি গৈছিল৷ এইবোৰক ঘৰ লগোৱাৰ কি প্ৰয়োজন! মানুহৰ দৰে থাকিব নাজানিলে জন্তুৰ লগত থাকিবলৈ হাবিলৈ গুচি নাযায় কিয়?“- ধাৰাল শব্দবোৰে মানুহজনীক হানি খুচি মাৰিবলৈ খেদি খেদি আহে৷ কিন্তু নোৱাৰে৷ এই সময়বোৰতে ক’ৰপৰা জানো স্নেহা ওলায়হি৷ তাইৰ তৰোৱালৰ আগ যেন তীক্ষ্ণ শব্দবোৰে খুচিব নোৱৰাকৈ তেওঁক আবৰি ধৰে৷

গধূলি মানুহজনৰ মুখখন খঙাল হৈ পৰে৷ মানুহজনীয়ে ঢেকীয়াশাক, কণ বিলাহীৰে জুটি লগাই ৰন্ধা পাভ মাছৰ জোলখন সেৰেকা হৈ পৰে, –

“তুমি কিয় জন্তুবোৰক মৰম কৰি খাবলৈ দিয়া! বাইদেউহঁতে কম্পাউণ্ডত জীৱ-জন্তু সোমালে বেয়া পায়৷ বাইদেউৰ ঘৰ বাবেই নামমাত্ৰ ভাড়াত ইমান সুবিধাজনক ঠাইত ইমান ভাল ঘৰটো পাইছোঁ৷ মাজনীৰ কলেজ, টিউচন সকলোলৈকে ইমান ওচৰ ইয়াৰপৰা৷ কিয় শান্তিৰে নাথাকা! কাণ্ডজ্ঞান নাই তোমাৰ! “

মাজনীয়ে ভাতৰ থাল থেকেঁচা মাৰে, -“বিহেভ ইয়ৰচেল্ফ মা৷ এট লিষ্ট টিল মাই এগজাম! “

মানুহজনীৰ চকুত ভাঁহি থাকে বাবুৰ মুখ৷ তলৰ পৰা দলিয়াই দিয়া শিলগুটিয়ে খাবলৈ লোৱা আপেলটো ওফৰাই পেলোৱাৰ পিছত পলাবলৈ উদ্যত বাবুৰ আতংকিত মুখ! তিতি যোৱা চকুদুটা, গালখন স্নেহাই মচি দিয়ে৷ স্নেহাৰ দুবাহুত মুখ লুকুৱাই মানুহজনীয়ে নুশুনা হয় গিৰিয়েক, জীয়েকৰ কঠোৰ গৰ্জন৷

বিয়া হৈ মহানগৰত থাকিবলৈ আহোঁতে মানুহজনীৰ ভাল লাগিছিল৷ গাঁৱৰ স্কুল, গাঁৱৰ কলেজত পঢ়া মানুহজনীক প্ৰথম প্ৰথম চহৰীয়া ব্যস্ততা, জনসমাগমে কিঞ্চিত উত্তেজিত কৰি তুলিছিল৷ ৰে’ল এখনত গৈ থাকোঁতে অনবৰতে এটা গুমগুমনিয়ে লগ দিয়াৰ দৰে চহৰখনেও যেন অহৰহ এটা গুমগুম শব্দ হৈ মানুহজনীৰ লগে লগে বাজি ৰৈছিল৷ সেই গুমগুমনিৰ মাজতে তেওঁ মাজনীক পৃথিৱীলৈ আনিছিল৷ তাইক ডাঙৰ কৰিছিল৷ স্কুললৈ নিছিল৷ এদিন তাই ডাঙৰ হৈ নিজক নিজে চম্ভালিব পৰা হ’ল৷ লাহে লাহে এই গুমগুমনিৰ শব্দটোৱে মানুহজনীক আমনি লগাবলৈ ধৰিলে৷ তেওঁৰ গাঁৱৰ ঘৰখনলৈ মনত পৰিছিল৷ পিছবাৰীৰ নিৰ্জন ছাঁয়াত শুই থকা দুপৰৰ পুখুৰীৰ পানীত ডুব মাৰিবৰ মন গৈছিল৷ পাৰৰ ঝাও আৰু কঁহুৱাবনৰ মাজত মাকৰ পিছে পিছে চৰি ফুৰা ডাউক পোৱালিবোৰে তেওঁৰ মুদ খাই থকা চকুৰ পতাত ঘৰ সাজিছিল৷ গোঁহালিৰ কাজলী গাইজনী, বাৰাণ্ডাৰ চিৰিটোত শুই থকা দেউতাকৰ মৰমৰ কুকুৰ ভুলুক বিচাৰি মানুহজনীয়ে চকুৱে চহৰীয়া আলি পদূলিবোৰ পিতপিতাই ফুৰিছিল৷

ভয় ভয়কৈ, আহোঁ নাঁহোকৈ অহা মেকুৰীজনীক মানুহজনীয়ে গাখীৰ এপিয়লা যাছে৷ নিজৰ পাতৰ মাছ অকমান খুৱায়৷ মানুহজনীৰ হাতৰ মাছ, গাখীৰ খাবলৈ পাই টুপটুপীয়া হোৱা শুধবগা মেকুৰীজনীক তেওঁ শুকুলা বুলি মাতে৷ এদিন শুকুলাই কণ কণ পোৱালি কেইটামানো পৃথিৱীলৈ আনিলে৷ আলেঙে আলেঙে লুকাই লুকাই থকা শুকুলাক ইমানদিনে মন নকৰা মানুহজনে পোৱালিকেইটা দেখি জকজকাই উঠিল, –

“আঁতৰ কৰা এইজাকক৷ কাম নাই তোমাৰ! “

মানুহজনীয়ে পিছ বাৰাণ্ডাৰ অলাগতিয়াল মিটচেফটোত, পুৰণা বেডকভাৰৰ মাজত আলফুলে শুৱাই থয় পোৱালিকেইটা৷ শুকুলাক বুজায়, –

“তই মানুহবোৰ নিজৰ নিজৰ কামত যোৱাৰ পিছতহে ওলাবি দেই৷ “ শুকুলাজনী আঁকৰী৷ একো বূজি নাপায়৷ বহা কোঠাৰ মাজনীৰ প্ৰিয় চো’ফাখনত পাক মাৰি শুই থাকেগৈ৷ এদিন মাজনীয়ে হুলস্থূল লগালে, “মোৰ ড্ৰেচত মেকুৰীৰ নোম! মা তুমি কিয় মেকুৰীক চো’ফাৰ ওপৰত উঠিবলৈ দিয়া!“

মানুহজনীয়ে ধৰফৰাই মাজনীৰ পোচাকত মেকুৰীৰ নোম বিচাৰি ফুৰে৷ জীয়েকৰ চকুপানীয়ে খঙাল কৰি তোলা মানুহজনে শুকুলাৰ কণমানি পোৱালিকেইটাক গেটৰ বাহিৰত থৈ আহিলগৈ৷ মাজনিশা কণমাণিকেইটাৰ আৰ্তনাদত মানুহজনী বিছনাৰ পৰা একেচোঁচাই বাট পায়গৈ! তেওঁৰ চকুৰ আগতে বাটৰ কুকুৰে থেকেচি থেকেচি মাৰে শুকুলাৰ ফুল যেন সুকোমল কণমানি সন্তানকেইটি৷ ৰাউচি জুৰি বিনোৱা মানুহজনীক ওচৰ-চুবুৰীয়াই কৌতুকেৰে চায়৷ মানুহজনে ভোৰভোৰায়, -“পাগলৰ লগত সংগ হ’ল!“

তাৰপিছতো শুকুলা আছিল৷ পোৱালিকেইটা থকা মিটচেফটোৰ আশে পাশে তাই ঘূৰি ফুৰে৷ এদিন ভাড়াঘৰৰ মালিকনীয়ে ক’লে, “মেকুৰীয়েযোৰ পতা দেখা মহা অমংগল৷ আঁতৰ কৰক এইজনী৷“

শুকুলাই নতুনকৈ প্ৰেমিক এটা পাইছিল৷ মানুহজনীয়ে তাইক অৱহেলা কৰিবলৈ লৈছিল৷ তাইৰ ভাগৰ মাছ গাখীৰ দূৰলৈ দলিয়াই চকুপানী মচিছিল৷ শুকুলা নহা হৈছিল৷

“তই যাগৈ আই৷ ইয়াত থাকিলে বিহ খুৱাই মাৰি পেলাব তোক৷ কাৰোবাৰ এৰেহা এমুঠি নিজেই বিচাৰি খাবি৷“-মানুহজনীয়ে বাৰাণ্ডাৰ পুৰণা, শূন্য মিটচেফটোলৈ চাই বিৰবিৰাইছিল৷ সেইখিনি সময়তে প্ৰথম স্নেহা তেওঁৰ ওচৰলৈ আহিছিল৷ তেওঁৰ বুকুৰ ভিতৰ বাহিৰৰ শূন্যতাবোৰ পূৰ কৰিবলৈ কি যে কৰা নাছিল তাই! স্পৰ্শৰে,  মমতাৰে মৰি যোৱা জনক জীয়াই তুলিব পাৰে স্নেহাই৷ কিমানবোৰ শুকাই লেৰেলি যোৱা জীৱন ঠন ধৰি উঠিল স্নেহাৰ সাহচৰ্য্যত! নিজৰ বাহিৰে ভিতৰে চলি থকা অহৰহ যুঁজঁখনত যেতিয়াই মানুহজনী অৱশ হৈ পৰে, স্নেহা সঞ্জীৱনী হৈ আহে৷ তাই নথকাহ’লে বেদনাজৰ্জৰ নিশা দিনবোৰ কেনেকৈ যে কটালেহেঁতেন তেওঁ!

তাৰ কিছুদিনৰ পিছতে এদিন মাজনীৰ প্ৰিয় চো’ফাখনৰ ফ’মবোৰ চটাচটে এৰাইছিল৷ চোফাখনৰ ভিতৰত এজাক নিগনিয়ে কিলবিলাই ফুৰিছিল৷ শুকুলা থাকোঁতে এটাও নিগনি নথকা ঘৰখন এন্দুৰ নিগনিৰ বাঁহ হৈছিল৷

এদিন বৰ স্ফুৰ্তিৰে মানুহজনে ক’লেহি, তেওঁৰ বায়েকৰ চৌহদৰ ভিতৰতে থকা ভাড়াঘৰটো খালী হৈছে৷ একেখন চহৰতে প্ৰকাণ্ড চৌহদেৰে অট্টালিকা এটাত থাকে বায়েক৷ মানুহজনৰ ডাঙৰ বায়েক৷ মানুহজনীৰ শহুৰেকৰ ঘৰৰ প্ৰতিটো সিদ্ধান্তত গুৰুত্বপূৰ্ণ অংশ লোৱা আদৰুৱা ডাঙৰ জী৷ শহুৰেকৰ ঘৰখনলৈ মনত পৰিল মানুহজনীৰ৷ বৃহৎ ঘৰটোত তেওঁক দিয়া হৈছিল এটা সৰু কোঠা৷ তেওঁৰ যৌতুকীয়া ডাঙৰ বিছনাখন পতাৰ পিছত তাত ঘূৰা-ফুৰা কৰিবলৈ ঠায়ে নোহোৱা হৈছিল৷ ঘৰখনত সোমোৱাৰ কেইদিনমানৰ পিছতে মানুহজনীয়ে বুজিছিল পৰিয়ালৰ সকলোৰে উচ্চ পদমৰ্য্যদাৰ বিপৰীতে তেওঁৰ মানুহজন আছিল আটাইতকৈ কম উপাৰ্জনকাৰী সৰু চাকৰিয়াল৷ ঘৰখনৰ তিনিজনী বিবাহিতা জীয়ৰীৰ ভিতৰত সকলোৰে আদৰৰ “ডাঙৰ বাইদেৱে“ মানুহজনীক আকাৰে-ইংগিতে বৰ ভালকৈ বুজাই দিছিল, ভায়েকৰ চাকৰিটো সৰু হোৱাৰ বাবেহে তেওঁৰ দৰে গাঁৱৰ সাধাৰণ পৰিয়ালৰ ছোৱালী এজনীয়ে এই ঘৰৰ বোৱাৰী হ’বলৈ পালে৷

সেই ডাঙৰ বাইদেউৰ ঘৰ! ক্ষীণ কণ্ঠেৰে মানুহজনীয়ে ক’লে, -“আমিচোন ইয়াত ভালকৈয়ে আছোঁ৷“

মানুহজনে তেওঁলৈ কটমটকৈ চায়, “বাইদেৱে নিজে মাতিছে৷ ভাড়াও বিশেষ নলয়৷ এনে সুবিধা কিয় এৰিম! নিজৰ ফ্লেট হয় মানে তাতে থাকিম৷“

মানুহজনীৰ আশা আছিল এদিন নিজাকৈ এটা সৰু অসম আৰ্হিৰ ঘৰ হ’ব৷  আগফালে ফুলনিত তগৰ, জুতি ফুলিব৷ পুৱা শুই উঠি ভৰিৰ পতাত অনুভৱ কৰিব কেঁচা মাটিৰ সজাল স্পৰ্শ৷ মানুহজনে ইতিমধ্যে দুটা শোৱা কোঠাৰ ফ্লেট এটা বুক কৰিছিল৷ আন বহুত সপোনৰ দৰে মানুহজনীৰ এইটো সপোনৰো অকাল মৃত্যু ঘটিছিল৷

মানুহজনীয়ে টালি টোপোলা সামৰিবলৈ লয়৷

বৃহৎ চৌহদটোৰ একাষে থকা সৰু তিনিকুঠলীয়া ঘৰটো পৰিপাটি কৰে মানুহজনীয়ে৷ অদূৰৰ বায়েকৰ ধুনীয়া বাংলোটোৰ কেওকাষে শোভন ফুলনি৷ বায়েকৰ সাহচৰ্য্যত সুখী হয় মানুহজন৷ মাজনীয়ে কলেজৰ পৰা আহিয়ে লৰ ধৰে জেঠায়েকৰ ঘৰলৈ৷ মানুহজনীৰ অকলে থকা সময় বাঢ়ি যায়৷ তেওঁ পিছফালৰ বেলকনিত বহি চৰাই চিৰিকতিৰ লগত মিতিৰালি পাতে৷

আঁ ..আঁ.. বিশেষ ভংগীত সেই মাতটো মাতি বাবু আকৌ আহে৷ তাক দেখি মানুহজনী ভিতৰ সোমায়৷ অলপপৰ ৰৈ বাবু যায়গৈ৷ ভিতৰত লুকাই থকা মানুহজনীৰ গাল দুখন পোৰে৷ চকুপানীবোৰে সেই পোৰণি শীতল কৰিব নোৱাৰে৷ স্নেহাই আলফুলে তেওঁৰ দুহাতত ধৰে৷ ৷

সন্ধিয়া ফুলনিখনৰ মাজে মাজে থকা পকী পথটোৰে বায়েকে খোজকাঢ়ে৷ ফুলনিৰ দাঁতিৰ ওখ গছবোৰত বহি থকা চৰাইবোৰে পথটো লেতেৰা কৰা বাবে তেওঁ বিৰক্ত হয়৷ বনকৰা ল’ৰা শ্যামে গছৰ ডালবোৰ কাটি দিয়ে৷ চৰাইবোৰ নহা হয়৷ ফুলনিখন অধিক ৰ’দঘাই হোৱা বুলি বায়েকে আনন্দ কৰে৷

বায়েকৰ ঘৰৰ প্ৰকাণ্ড বিদেশী কুকুৰটোক মৰম কৰিবৰ চেষ্টা কৰে মানুহজনীয়ে৷ সি প্ৰশ্ৰয় নিদিয়ে৷ বেছি কাষ চাপিলে উভতি ধৰে৷ ভিনিহিয়েকে গৰ্বৰ হাঁহি মাৰে, -“চাৰ্লি ইজ ওৱান মাষ্টাৰ ডগ৷ মোৰ বাহিৰে আনৰ কথা নুশুনে৷“

মানুহজনীয়ে আবেলি খোজকাঢ়িবলৈ লয়৷ হাতত কাগজেৰে মেৰিয়াই লয় বিস্কুটৰ টোপোলা৷ বাটৰ কুকুৰবোৰ কাষ চাপি আহে৷ সগৰ্ভা কুকুৰজনীলৈ চাই থাকে মানুহজনীয়ে৷ ভাৰী পেট লৈ ভোকত কলমলাই থকা জীৱ৷

ভিনিহিয়েকে নতুনকৈ কুকুৰ পোৱালি এটা আনে৷ আগৰটো বুঢ়া হৈ আহিছে৷ কণমানি পোৱালিটো মানুহজনীয়ে চুই চায়৷ গাটো হৰিণা পোৱালিৰ ৰঙৰ৷ চকুকেইটা উজ্জ্বল ক’লা৷ অনবৰতে সজল হৈ থাকে৷

“মাকৰ বুকুৰ পৰা লৈ আহিলে পোনাটোক দেহি!“ মানুহজনীয়ে বুকুত সুমুৱাই লয় কণমানিটো৷ সি তাৰ অকমাণ জিভাখনেৰে তেওঁৰ গাল তিয়াই দিয়ে৷ ভিনিহিয়েকে প্ৰশ্ৰয়ৰ হাঁহি মাৰে, “ইয়াক তোমাৰ লগতে ৰাখা৷ কিন্তু ট্ৰেইনিং মই দিম৷“

মানুহজনীয়ে বুকুত সুমুৱাই লৈ আহে ৰংমনক৷ বহুতদিনৰ মূৰত মানুহজনীয়ে সুখৰ হাঁহি মাৰে৷ অকণ অকণ চাৰিটা ভৰিয়ে তেওঁৰ পাকঘৰ, শোৱাঘৰ মহতিয়াই ফুৰে৷

ট্ৰেইনিং দিও বুলি লৈ যোৱা ৰংমনৰ কাঁতৰ চিৎকাৰ শুনি দৌৰি যায় মানুহজনী৷ বাওঁহাতত এচাৰি লৈ ভিনিহিয়েকে সোঁহাতখন আগবঢ়াই দিয়ে, -“হেণ্ডশ্বেক!“ বিব্ৰত ৰংমন বহি পৰে৷

ভিনিহিয়েকে চাৰৌপকৈ তাৰ কোমল পিঠিখনত এচাট দিয়ে৷ ৰংমনে আৰ্তনাদ কৰি উঠে৷ অৱশেষত এবাৰ হেণ্ডশ্বেক বুলি কওঁতে সি সোঁফালৰ আগঠেংটো আগবঢ়াই দিয়ে৷ ভিনিহিয়েকে বিজয়ৰ হাঁহি মাৰে, -“চাব্বাচ!“

মানুহজনীয়ে কলিজাটো হাতত লৈ দৃশ্যটো চাই থাকে৷ উশাহ-নিশাহ নোলোৱাকৈ,  নিথৰ হৈ৷ মানুহজনীৰ আশে-পাশে শান্ত, ৰঙিয়াল ৰংমন, বায়েক ভিনিহিয়েকৰ ওচৰত খঙাল, বিদ্ৰোহী হৈ পৰে৷ ভিনিহিয়েকে চুব খুজিলে কামুৰিবলৈ খেদি যায়৷ এদিন কোনোবাই খুলি থৈ যোৱা গেটখনেৰে ওলাই গুচি যোৱা ৰংমন ঘূৰি নাহিল৷ আন সকলোৰে লগতে মানুহজনীয়েও তাক বিচাৰি চলাথ কৰিলে৷ বায়েকে গৰজিলে, , “যাৰে তাৰে লগত মিলিবলৈ দিলে কুকুৰ বেয়া হবই!“

ৰংমনৰ খেলাবস্তুকেইটা, তাৰ দাঁতৰ সাঁচ বহা নিজৰ জোতা চেণ্ডেল কেইযোৰ বুকুত হেঁচি ধৰে মানুহজনীয়ে৷ এটা চেপা উচুপনিয়ে তেওঁৰ বুকুত বাঁহ বান্ধে৷ স্নেহা ওচৰ চাপি আহে৷ তাইৰ কোলাত মূৰ থৈ মানুহজনীয়ে হেঁপাহ পলুৱাই কান্দে৷

মানুহজনীৰ জীয়েকে ভালকৈ পাছ কৰে৷ তাই দেউতাকে বিচৰাৰ দৰেই ইঞ্জিনীয়াৰিং পঢ়িব৷ ছোৱালীজনীলৈ মুগ্ধ দৃষ্টিৰে চাই মানুহজনীয়ে ভাবে, “দিনে দিনে দেউতাকৰ নিচিনা হৈ গৈ আছে তাই৷ দেউতাকৰ আধৰুৱা সপোনবোৰ পূৰাব পাৰিব তাই!“

এদিন কোনোবাই ডিঙিত শিকলিৰে বান্ধি ৰংমনক লৈ আহিল৷ মানুহজনী দৌৰি গৈ তাক সাৱটি ধৰিলে৷ ৰংমন ক্ষীণাল কিন্তু বহুত ওখ হ’ল৷ সি নেজ জোকাৰি কুঁকুৱাই মানুহজনীৰ বুকুত সোমাল৷ কিন্তু ভিনিহিয়েকে ডিঙিৰ শিকলিডালত ধৰাৰ লগে লগেই সি নিমিষতে হিংস্ৰ হৈ পৰিল৷ আক্ৰোশেৰে ভিনিহিয়েকৰ হাতত প্ৰচণ্ড জোৰেৰে কামোৰ বহুৱাই দিয়া ৰংমনক শান্ত কৰিবলৈ মানুহজনীয়ে আপ্ৰাণ চেষ্টা কৰিলে৷ ৰংমন যেন উন্মত্ত হৈ গৈছিল৷ দৌৰি গৈ সি বায়েকৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বগৰাই লৈ আক্ৰমণ কৰিবলৈ ধৰিলে৷ মানুহজনীয়ে দুইহাতেৰে সাৱটি ধৰিলে তাক৷ তেওঁৰ খোপা সুলকি পৰিল৷ গাৰ আঁচল খহি পৰিল৷ কোনোমতে স্থিৰ হোৱা ৰংমনক ভিনিহিয়েকে একেথৰে চাই ৰ’ল৷ তেওঁৰ চাৱনিৰ ক্ৰুড়তাই মানুহজনীক কঁপাই তুলিলে৷

মানুহজনে শান্ত মাতেৰে পুতেকক কুকুৰটোক গাড়ীত বহুৱাবলৈ ক’লে৷ তেওঁ নিজৰ কোঠালৈ সোমাই গৈ দ্ৰয়াৰটো খুলিলে৷ তেওঁৰ পিছে পিছে যোৱা মানুহজনীয়ে জানে দ্ৰয়াৰটোত কি থাকে৷ ভিনিহিয়েকৰ পিষ্টলটো৷ এইবাৰ তেওঁ হুৰাওৰাৱে কান্দিবলৈ ধৰিলে৷ এই প্ৰথমবাৰ ইমানবোৰ মানুহৰ সন্মুখত মানুহজনীৰ আবেগৰ বান্ধ সুলকিল, –

“ৰংমনক মোক দি দিয়ক ভিনদেউ৷ মই তাক শান্ত কৰিম৷ তাক নিনিব৷ মই ভালকৈ ৰাখিম তাক৷“

গিৰিয়েকে হাতত ধৰি ঘৰলৈ লৈ গ’ল মানুহজনীক৷ ৰংমনক লৈ ওলাই যোৱা গাড়ীখন ৰাতি দেৰিকৈ ঘূৰি আহিল৷ গাড়ীখনত ৰংমন নাছিল৷

মানুহজনীয়ে কাৰো লগত কথা নপতা হ’ল৷ ঘৰৰ পৰা নোলোৱা হ’ল৷ খোৱা বোৱাত তেওঁৰ ৰুচি নাইকিয়া হ’ল৷ কেতিয়াবা গোটেই ৰাতি উজাগৰে বিছনাত বহি থকা হ’ল৷ কেতিয়াবা মন গ’লে পাকঘৰত সোমায়৷ কেতিয়াবা একো নাৰান্ধে৷ কোনোবাদিনা বাথৰূমত ঘণ্টাদিয়েক বহি থাকে৷ কেতিয়াবা গোটেই দিন গা নোধোৱে৷ স্নেহাই বৰ চেষ্টা কৰিছিল মানুহজনীক স্বাভাৱিক কৰিবলৈ৷ তেওঁ তাইলৈ ঘূৰিও নোচোৱা হ’ল৷ অৱশেষত স্নেহা তেওঁৰ ওচৰলৈ নহা হ’ল৷

“চিভিয়েৰ ফৰ্ম অৱ ডিপ্ৰেচন“-মানুহজনীক চাই চিতি মনোৰোগ বিশেষজ্ঞজনে ক’লে৷ মাকক সাৱটি ধৰি মাজনীয়ে কান্দি পেলালে৷ বহুতদিনৰ মূৰত তাই মাকৰ মুখলৈ ভালকৈ চালে৷ মাজে মাজে ৰূপালী ৰং ধৰা একোচা ৰুক্ষ চুলি৷ কোঁচ পৰি থকা কপাল, চকুৰ তলত ডাঠ ক’লা দাগ৷ ভাবলেশহীনভাৱে সন্মুখলৈ চাই থাকে মানুহজনীয়ে৷ এইকেইদিনতে একেবাৰে ক্ষীণাই গ’ল তেওঁ৷ মানুহজনীক চিকিৎসাৰ যাৱতীয় পৰামৰ্শ দিয়াৰ পিছত ডাক্তৰে ক’লে, “ৰোগীক মৰম, যত্ন আৰু সংগৰ প্ৰয়োজন৷ তেওঁৰ যিকোনো সময়তে আত্মহননৰ প্ৰৱণতা আহিব পাৰে৷ সেইবাবে তেওঁক অকলশৰে থাকিবলৈ নিদিব৷“

মাজনী উচপ খাই উঠিল৷ আগদিনা মাকক বহুত সময় বিচৰাৰ পিছত তাই দেখিছিল মানুহজনী জেঠায়েকৰ তিনিমহলাৰ ছাদৰ একেবাৰে দাঁতিত থিয় হৈ আছিল৷

জেঠায়েক, জেঠপেহাক আহিল৷ জেঠায়েকে মানুহজনীক অসমৰ বাহিৰৰ কোনোবা ডাঙৰ মহানগৰত চিকিৎসাৰ বাবে লৈ যোৱাৰ পৰামৰ্শ দিলে৷ মাজনীয়ে জেঠায়েকৰ চকুলৈ পোনপটীয়াকৈ চালে৷

“নাযায় মা অসমৰ বাহিৰলৈ৷ মা মিলনপুৰলৈ যাব৷ মামাৰ ঘৰলৈ৷“- তাই জেঠায়েকলৈ আঙুলি টোঁৱায়,

“কোনেও একো নক’বা মোৰ মাক৷“

আচৰিত হৈ দেউতাকে তাইলৈ চাই থাকে৷ অষ্টাদশী ছোৱালীজনীৰ চকুত আছিল কাতৰ দৃঢ়তা৷

মানুহজনে মিলনপুৰলৈ যোৱাৰ আয়োজন কৰে৷

চকু মেলি মানুহজনীয়ে অবাক হৈ কেওফালে চায়৷ দৰৱৰ প্ৰভাৱত গোটেই ৰাতি শুই আছিল তেওঁ৷ চাৰিওফালৰ আজন্ম চিনাকি সেউজীয়াই তেওঁক মেৰিয়াই ধৰে৷ ক’ৰবাৰ পৰা ভাঁহি অহা চিনাকি ফুলৰ গোন্ধ,  তেওঁ বুকুভৰাই টানি লয়৷ ক’ত সেই দিন ৰাতি ভৰাই থোৱা গুমগুম শব্দ! ইয়াৰ বতাহত চৰাইৰ মাত, , মৌমাখিৰ গুঞ্জন!

“পৰশা“,

ইমান কোমল, ইমান আপোন মাত! মানুহজনীয়ে ঘূৰি চায় ডাঙৰ ককায়েকৰ মুখলৈ৷ বৌয়েকে আগবঢ়াই দিয়ে পিতলৰ গিলাচত, ঘৰৰ গাইৰ গাখীৰেৰে কৰা চাহ! কলপাতত মেৰিওৱা পানীপিঠা৷ মানুহজনীৰ বৌতিয়েকলৈ মনত পৰে৷

মাজনীৰ কোলাত এটা ৰঙচুৱা অকণমান কুকুৰ পোৱালি৷

“ৰংমন“ মানুহজনীয়ে ধৰফৰাই উঠে৷ ককায়েকে হাঁহে৷

“আমাৰ ৰচকীয়ে তিনিটা পোৱালি দিলে এইবাৰ৷ বাকী দুটা দুঘৰে পুহিবলৈ নিলে৷ ইয়াক আমি ৰঙাই বুলি মাতো৷ হ’ব দে তই ইয়াক ৰংমন বুলিয়ে মাতিবি৷“

“আমি ইয়াতে থাকিম মা৷ দেউতাই ইয়াতে এটা ঘৰ সাজিব৷ তুমি বিচৰাৰ দৰেই টিনৰ চালি দিয়া এটা ধুনীয়া ঘৰ৷ আগফালে তগৰ ফুলিব৷ পিছফালে পুখুৰীত হাঁহ চৰিব৷ ৰংমন দৌৰি ফুৰিব৷ “ মাজনীয়ে প্ৰাণখুলি হাঁহে৷

তাইৰ হাঁহিত মানুহজনেও ভাগ লয়, “ তাৰ আগতে মোৰ চকৰিটোৰ ট্ৰেন্সফাৰ কৰাব লাগিব৷“

মানুহজনীৰ সপোন সপোন লাগে৷ তেওঁ নিজৰ গালখন, চকুদুটা, চুলিখিনি চুই চায়৷ বহুতদিনৰ মূৰত আজি তেওঁৰ স্নেহালৈ মনত পৰে, “স্নেহা, স্নেহা“ মানুহজনীয়ে ইফালে সিফালে চায়৷ মানুহজনে, মাজনীয়ে জিজ্ঞাসু দৃষ্টিৰে চাই থাকে তেওঁলৈ৷

মানুহজনীয়ে নিজৰ হেণ্ডবেগটো খোলে৷ উলিয়াই আনে তেওঁৰ প্ৰিয় কিতাপখন৷  আলফুলে বুকুত সামৰি লয় তেওঁৰ প্ৰিয় উপন্যাস, “পুনৰজনম৷“ ইয়াতেই যে আছে তেওঁৰ প্ৰিয়তমা সহচৰী, তেওঁৰ যন্ত্ৰণাকাতৰ দিনবোৰৰ সাহসী সহযোদ্ধা স্নেহলতা, তেওঁৰ স্নেহা৷ মৰি ছাঁই হোৱা মানুহক অমৃতস্নান কৰাই পুনৰ জীৱন দিয়া স্নেহা৷ আজি বৰ শান্তিৰে শুই আছে স্নেহা৷ তাই জানে, তাই আৰু কোনোদিনে মানুহজনীৰ চকুলো মচিবলৈ কিতাপৰ পৃষ্ঠাৰ পৰা নামি আহিব নালাগে৷

০০০০০

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
11 months ago

প্ৰকৃতিৰ প্ৰেমিকা গৰাকীয়ে শেষত হলেও শান্তিৰ এটা পৰিৱেশ পাব।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক