পুলিচ কে’চ (নীলাঞ্জন গোঁহাই)

Nilanjan Gohain-Police case

মোৰ কেইবাবাৰো পুলিচ কে’চ হৈ গৈছে। চবৰে হয় দিয়কচোন। সৰু কথা। পুলিচ মানে ট্ৰেফিক পুলিচৰ কথা হে কৈছো আকৌ দেই। ভয় নাখাব। বিভিন্ন অভিজ্ঞতা লৈ সৰু সুৰা কৈ আজি গাজা কেইটামান লিখোঁ বুলি ভাবিলো। মন কৰিবচোন। এই যে চেকিং বিলাক হয়, ঠিক বিহু পূজা আদিৰ আগে আগে বেছি হয়। কিয় বাৰু? চান্দাৰ ধান্দা নেকি? নে বিহু পূজাৰ বজাৰ কৰিবলৈ ফাণ্ড্ তৈয়াৰ? যি নহওঁক। দান বৰঙনি হিচাপে দি থাকো আৰু।

ডেয়াৰ ডে’ভিল কে’চ: ভঙাগড় পোৱাৰ আগে আগে ট্ৰেফিক পইণ্টটো মন কৰিছেনে? এ.বি.চি. মানত যে আছে। তিনিআলি হে। খানাপাৰাৰ পৰা উলুবাৰী গৈ আছিলো। জ্বলিলেই নহয় লাল লাইট। ধেৎ তেৰী। মাঘ বিহুৰ দিনা এনেয়ো ৰাস্তা খালি। অলপ ৰৈ চালো। কোনোফালে একো বাহন নাই। এক্সেলেৰেটৰ লাহেকে দবায়ে দিলো বাইকৰ। পইণ্ট ক্ৰচ্ হ’ল কিন্তু আনটো মূৰত ৰৈ আছিল মামা। ধৰিলেই নহয়।

স্মাৰ্ট মামা কে’চ: মাজে মাজে গুৱাহাটীত বৰ হেণ্ডচাম্ এচ্ আই নে ইঞ্চপেক্টৰ এজন দেখো। ছয়ফুট ওখ মানুহজন বৰ চালিয়া। কাণফুলিও পিন্ধে। চিনেমা হিৰ’ টাইপ্। আমাৰ কলিকতাৰ বুলেট্ চলোৱা কেইজনৰ নিচিনা। ধৰিলে এবাৰ ছয়মাইল ফ্লাইঅ’ভাৰৰ তলত। কাগজ পত্ৰ ঠিকে আছে। হেলমেট আছে। তথাপিও চালান কাটিলে। মই বোলো কিয় কাটিছে? চব ঠিকেই চোন আছে। হেলমেটটো বাৰু শচীন টেণ্ডুলকাৰে পিন্ধাৰ নিচিনা। স্মাৰ্ট মামাৰ উত্তৰ – “দিচ্ ইজ্ নট্ হেলমেট্। আপুনি আমাৰ ৱেবচাইট চাব পাৰে। গতিকে হাফ্ ফাইন্।“ য়ে লে! দিলো আৰু।

মামাক দম কে’চ: এবাৰ ফাচীবজাৰত বেংক এটাৰ লিংক ডাউন। নেটৱৰ্ক ৰাউটাৰ এটা ৰিপ্লে’ছ কৰিব লাগে। পিছফালে এজনক ৰাউটাৰটো ধৰিবলৈ দি ফাই ফাই গৈ আছো। ঠিক খুবচাণ্ডৰ মুখতে চেকিং দেখি আনজনক নমায়ে দিলো। কিন্তু সেইকেইজনো কম নাছিল। টেলিস্কোপ লৈ আছিল হবলা। দেখিলেই নহয়। টকা ৫০০ উলিয়াই দিলো। খুচুৰা নাই হেনো। আকৌ ওৱাইন চপত খুচুৰা বিচাৰি গ’ল এজন। এনেয়ে দেৰী। মাথা গৰম হৈ কৈ দিলো – “আজি কি কালেক্সন নাই হোৱা নেকি টকা ৪০০ এটাও নাই যে? আৰু আপোনালোকে যে এই চেকিং ফেকিং কৰি ফুৰে, আজি লৈকে বোমা চোমা কিবা পাইছেনে? নে খালি পইচাৰ ধান্দা?” ট্ৰেফিক পুলিচ কেইজন থতমতেই খাই গ’ল। পিছ মূহুৰ্ত্ততে মোৰো ভয় লাগিছিল ধৰি ৰাখে বুলি। কিন্তু পইচা পায়ে খুচ হৈ গ’ল।

সস্তা ৰাস্তা কে’চ: নামটো দিয়ে কাকুৰ ফেচবুক পে’জটো মনত পৰি গ’ল। এবাৰ কি হ’ল জানে? নাজিৰাৰ পৰা শিৱসাগৰলৈ আহি আছিলো। লোকৰ বাইক, কাগজো নাই, হেলমেটো নাই। ধৰিলেই নহয় “ৰং বয় বয়” লিখা চাইন বোৰ্ড খনৰ ওচৰতে। অ’ এন জি চি এমপ্লয়ী বুলি ভাবিলে বাঁহটো যে ভালকৈয়ে খাম বুজি পালো। বহুপৰ বাক্ বিতণ্ডাৰ অন্তত এজনে ক’লে – “আমাক তেনেকে একো ফাইন নালাগে। বুজি পাইছো আপুনি জেনুইন মানুহ। কিন্তু ছাৰ আছেতো। গতিকে চাহ খাবলৈ কিবা এটা দিয়ক।“ মই গণি চাই দেখিলো চাৰিজন আছে। গতিকে টকা বিশটা উলিয়াই দিলো। তেওঁলোকে ভেবা লাগি চাই থাকিল। মই বোলো চাহ হে খাব ন? বিশ টকাত চাৰি কাপ পাবতো। কৈ ষ্টাৰ্ট্ দিলোৱেই আৰু। তেওঁলোকেও চায়ে থাকিল।

বানপানী জিন্দাবাদ কে’চ: এবাৰ শৰণীয়াৰ পৰা উলুবাৰী হৈ পৰা পল্টন বজাৰ গৈ আছিলো। তেতিয়া উলুবাৰীত ফ্লাই-অ’ভাৰ নাছিল। কিবা ভাবি ভাবি চিগনেল মিচ্ হৈ গ’লেই নহয়। ধৰিলে। নানান কথা বতৰা কৈ দম্ চম্ দিলে। এজন স্কুটাৰৰ আগ চিটত বহিলেই। পল্টন বজাৰ থানা যাব লাগিব হেনো। ফাৰ্ষ্ট গিয়েৰতে চলাই চলাই অপ্সৰা হলেই পালোহি। বুজিলো যে মামা বাইক স্কুটাৰত এক্সপাৰ্ট নহয়। একেবাৰে লে’মেন। সেই বছৰ আকৌ সেইখিনিত প্ৰচণ্ড বানপানী হৈছিল। এইবাৰ মামা ট্ৰেপত। নামি দি মোকেই চলাবলৈ দিলে। মই ষ্টাৰ্ট দিওঁ মানে মামাৰ ভয়ো লাগিল বানপানীৰ সংহাৰ ৰূপ দেখি। যদি পৰে, বগা কাপোৰতো শেষ। কিছু পৰ ভাবি ক’লে – “এহ হ’ব দিয়া ভাইটি। মোক উলুবাৰীতে থৈ আহা। থানালৈ নাযাওঁ আৰু।“ বাচিলো পাই। বানপানী জিন্দাবাদ।

ইমানদাৰ কে’চ: বেয়া বেয়া কৈ বহুত লিখিলো। এইবাৰ ভাল কে’চ এটা কওঁ। ডাইনেষ্টী হোটেলত পাৰ্টি এটা আছিল। কিন্তু গাড়ীৰ ইঞ্চিওৰেঞ্চ নাছিল। খুবচাণ্ড পোৱাৰ আগে আগে চেকিং এটাত ফাইন এটা দিবলগা হ’ল। মাজনিশা পাৰ্টি শেষ হোৱাত পাৰ্কিংৰ পৰা গাড়ী উলিয়াবলৈ লওঁতেই গাৰ্ড এজন আহি পেকেট এটা দিলে। ওৱা! এয়া চোন মোৰ গাড়ীৰ কাগজ। এওঁলোকে কেনেকৈ পালে! গাৰ্ডে কওঁতেহে গম পালো যে পুলিচ আহি দি থৈ গৈছে। মই হেনো পুলিচৰ চেকিং পোষ্টটোতে কাগজ এৰি আহিছিলো। ৱাহ ওস্তাদ্ ৱাহ! অটোমেটিক চেল্যুট এটা আহি গ’ল।

ইন্টাৰভিউ কে’চ: জু-ৰোডত ধৰিলে চেকিং। চব ঠিকেই আছে। এইবাৰ ইন্টাৰভিউ আৰম্ভ।
মামা: আৰ. চি. আছে?
মই: আছে (কনফিডেঞ্চ ফুল)।
মামা: ইঞ্চিওৰেঞ্চ?
মই: আছে (কনফিডেঞ্চ ফুল)।
মামা: লাইচেঞ্চ?
মই: আছে (কনফিডেঞ্চ ফুল)।
মামা: পলিউশ্যন?
মই: ওম্ …… আছে (ন’ কনফিডেঞ্চ এট অল)।
মামা: দেখাওক।
পলিউশ্যন এক্সুৱেলী নাছিল। বাকী বুজিছেই আৰু। মাচুলটো দিব লগাই হ’ল।

এক্সৰে’ ভিচন কে’চ: এবাৰ ২৫ জানুৱাৰীত ক’ৰবালৈ বন্ধু কেইজনমানৰ লগত বিয়া খাবলৈ গৈ আছিলো। য’ত ত’ত তামাম চেকিং সেইদিনা। গাড়ীৰ আগৰ ফালে মই বহিছিলো। এজনে চলাইছিল আৰু তিনিজন পিছফালে। বাকী কেইজন চিম্পল ড্ৰেচ ক’ডত আছিল কিন্তু মই আকৌ অফ্ হুৱাইট চুট পিন্ধি আছিলো। এম.এল.এ. হোষ্টেলৰ পিছফালে বহা চেকিংটোত আমাক ৰখালে। বাম্পাৰ চেকিং। গাড়ীৰ পৰা সকলোকে নমাই নমাই চেকিং চলি আছে। আমাৰ কেইজনকো নামিবলৈ কোৱা হ’ল। মই নামিবলৈ ওলাওঁতেই মামাৰ ভদ্ৰ ভাষ্য – “নালাগে চাৰ, আপুনি বহি থাকক।“ ওৱা! ইমান ইজ্জত্। তাকো ডিউটিত থকা পুলিচৰ পৰা। মনটো ভাল লাগি গ’ল দেই। এক্সৰে’ কৰি চালে হ’বপায়, যে চুট পিন্ধা মানুহটোৰ লগত পিষ্টল বোমা নাই।

অ’ভাৰস্মাৰ্ট কে’চ: এবাৰ গণেশগুৰিত ধৰিলে। গাড়ীৰ কাগজ ঘৰত থাকি আহিছিল। ফাইন দিব লাগিবই যেন পাইছিলো। কিন্তু বহুত সময়লৈকে বুজোৱাৰ পিছত ফ্ৰিতে যাবলৈ দিলে বাৰু। মই আকৌ অ’ভাৰস্মাৰ্ট যে। গতিকে ঘৰলৈ গৈ কাগজ লৈ আকৌ আহিলো। যাতে আকৌ ক’ৰবাত ঝামেলা নহয়। কিন্তু গণেশগুৰি পাই ৰৈ দিলো।
মই – “দাদা। অথনিযে ধৰিছিলে, মোৰ যে কাগজ নাছিল। এয়া চাওক। মই এইবাৰ লৈ আহিছো। চাব নেকি?”
এজন কাষ চাপি আহিল। কাগজ চাই আনফালে চাই বাকী দুজনমানক মাতিলে – “ঐ কলিতা। এইফালে আহক। এই গোহাঁই মানুহজন বৰ ভাল দেই। গাড়ীৰ কাগজ দেখুৱাবলৈকে ৰৈছে। এতিয়া গোহাঁইৰ পৰা কিবা এটা পাৰ্টি ল’ব লাগে। ঠাণ্ডা এটা লৈ আহক। পইচা লৈ যাওকহি।“ মই দেখিলো কথা বিষম। সেমেনা সেমেনি কৈ ক’লো যে আন এদিন খুৱাম দিয়ক। আজি অলপ লৰালৰি আছে। সিদিনা কথমপিহে বাছিলো।

আল্টিমেট কামোৰ কে’চ: এবাৰ অ’ফিচলৈ গৈ আছিলো। বাইকৰ কাগজো আছে। কিন্তু কিবা এটা চেলু পাই পাকৰাও হ’ব লগা হ’ল। এইবাৰ আকৌ চি আৰ পিও আছে। অলৰেডী অভ্যাস বেয়া হৈছেই যে কথা শুনিয়ে বুজিলো।
চি আৰ পি – “ফাইন ত’ দেনা পৰেগা। য়ঁহা কুছ দে দো নেহী ত’ দিশপুৰ থানা জানা পৰেগা।“মোৰ আকৌ সেইদিনা হাতত সময়ো বহুত আছিল। গতিকে ক’লো যে মই থানালৈকে যাম। মনতে ভাবিলো যে অন্ততঃ এই কেইটাক আজি দান বৰঙনি দিবলৈ নাই।
চি আৰ পি – “থানা জানে চে বহুত লফৰা হোগা। য়ঁহা হি চেটিল কৰ কে নিকাল যাও। পেচা ভী জ্যাদা দেনা পৰেগা।“
ময়ো নাচোৰবান্দা। লাগে থানাই যাম কিন্তু একো নিদিওঁ। যি আছে চালান কাটি হে দিম আজি। বহুত সময়লৈকে বাক-বিতণ্ডা চলাৰ পিছত চি আৰ পি ফায়াৰ হৈ আঁতৰি গ’ল। এইবাৰ ট্ৰেফিক পুলিচ এজন বাইকৰ পিছফালে বহি থানালৈ যাবলৈ ক’লে।
দিশপুৰ থানাত মোক বাহিৰতে ৰ’বলৈ কৈ তেওঁ ভিতৰ পালেগৈ। আহি ক’লে যে চাৰ নাই আৰু লগতে চালান বহীখনো লৈ গৈছে। গতিকে মই তেখেতকে কিবা এটা দি যাব পাৰো। মই ক’লো যে মই অপেক্ষা কৰিম কাৰণ ভুল কৰিছোৱেই যেতিয়া যথাৰীতি ফাইনটো দি যাব খুজিছো। পুলিচজন অপ্ৰস্তুত হ’ল কাৰণ মোৰ লগত সময় নষ্ট কৰা মানেই আনফালে চেকিং পোষ্টত ফাণ্ড কালেক্সন বন্ধ হোৱা আৰু পকেট ঠাণ্ডা। কাৰণ তাত চালান বহী নাই বুলি আগতেই ক’লে। পোন্ধৰ মিনিট মান বেঞ্চ এখনতে বহি থকাৰ পিছত মোক তেওঁ বাহিৰলৈ লৈ গ’ল। চাহ আৰু বিস্কুত খোৱালে। তেল চেল মাৰি লাহেকৈ ক’লে – “দাদা। আপুনি প্লিজ মোকে কিবা এটা দিয়ক আৰু যাওকগৈ আৰু। মোৰ ডিউটিও আছে নহয়।“ আৰু পোন্ধৰ মিনিটমান ৰৈ অৱশেষত তেখেতক ৰিলিজ কৰি দিলো আৰু। অল টুটেল এঘণ্টামান বৰবাদ হ’ল হবপায় তেখেতৰ। ভাবিছে চাগৈ কোন কামোৰৰ পাল্লাত পৰিলো আজি।

এনেকুৱা কে’চ আৰু কেইবা ঠাইত হৈছে। সকলোৰে হয়। আৰু লিখি নাথাকো আৰু। সকলো জানেই তথাপি কৈছো যে গাড়ী চলাওঁতে চিট বেল্ট মাৰিব, বাইক চলাওঁতে হেলমেট পিন্ধিব, সদায় গাড়ীৰ কাগজ লগত ৰাখিব, গাড়ীৰ আইনাত লেমিনেশ্যন নকৰিব, ডি টি অ’ অফিচৰ অৰিজিনেল নম্বৰ প্লেট লগাব আৰু ভালদৰে ট্ৰেফিক আইন মানি চলিব। দেখিব ক’তো চাণ্ডা দিব লগা নহয়। আৰু নিজৰো চেফ্টি থাকে। আৰু প্লিজ ড’ণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ দেই। যি হে ৰাস্তা। বস্তুটো গিলাচৰ পৰা জোকাৰনি খাই চোলা পেণ্ট বা গাড়ীতে পৰিব পাৰে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক