পুলিচ জীৱনৰ ইটো সিটো – সুবোধ চন্দ্ৰ পাঠক

    শিমালতাপুৰৰ ডকাইত আৰু লঘোণৰ এৰাতি৷

১৯৭২ চনত ছেপ্টেম্বৰ মাহত ট্ৰেইনিং শেষ কৰি গোসাইগাঁও থানাত উপ পৰিদৰ্শক হিচাবে জইন কৰিছিলো৷এয়াই আছিল চাকৰিৰ প্ৰথম পোষ্টিং৷
এসপ্তাহ মান যোৱাৰ পাছত এদিন গধূলি ১০/১২জন মান বঙালী সম্প্ৰদায়ৰ লোক থানালৈ আহি জনালে যে তেওঁলোক শিমালতাপু গাঁৱৰ পৰা আহিছে৷তেওঁলোকৰ অভিযোগ ৰাতি হ’লে তেওঁলোক গাঁৱত থাকিবলৈ নোৱাৰা হৈছে৷মাজ ৰাতি কিছুমান দুৰ্বৃত্ত তেওঁলোকৰ গাঁৱলৈ আহি অত্যাচাৰ কৰে৷দাবী-ধমকি দি ভাত খায়, জোৰ-জুলুম কৰে, মাৰধৰ কৰে ৷গতিকে তেওঁলোকক নিৰাপত্তা লাগে৷
ভাৰপ্ৰাপ্ত বিষয়া মহাদয়ে মোলৈ চাই ক’লে,
“আপুনি এটা পাৰ্টী লৈ মানুহবোৰক গাঁৱলৈ লৈ যাওক আৰু আজি ৰাতি পহৰা দি ডকাইত কেইজনক ধৰক৷”
মনত ভয় লাগিছিল যদিও মান্তি হ’লো৷তেতিয়া সময় সন্ধিয়া প্ৰায় সাতমান বাজিছিল৷লগত কেইজনমান চিপাহী আৰু গাঁৱৰ মানুহখিনিক লৈ আমি শিমালতাপুলৈ ৰাওনা হ’লো৷
শ্ৰীৰামপুৰ পাৰ হৈ কিছুদূৰ গৈ আমি গাড়ীৰ পৰা নামি পথাৰেৰে খোজ ল’লো৷পথাৰত মাজে মাজে পানী৷ওচৰৰ স্কুলৰ পৰা ডেস্ক আনি পানীত পাৰি দি দি আমাক গাঁৱলৈ নিলে৷
গাঁওখন জনশূন্য, কেৱল আমাৰ লগত অহা পাঁচজনমান মতা মানুহ হে গাঁৱলৈ আহিল৷বাকীখিনি মানুহ শ্ৰীৰামপুৰতে থাকি গ’ল৷
আমি এঘৰৰ চোতালত এটি কেৰাচিনৰ চাকি জ্বলাই বহিলো৷লাহে লাহে সময় আগবাঢ়িল আৰু আমাৰো ভোক লাগি আহিল, কিন্ত খোৱা যায় কি?
গাঁৱৰে লোক দুজনমানে আমাৰ অৱস্থা বুজি বিচাৰ-খোঁচাৰ কৰি অলপ চাউল আৰু এটা ঠেনু নোহোৱা কেৰাহি যোগাৰ কৰি দিলে৷ বুঢ়া চিপাহী এজনে চোতালতে চৌকা পাতি ৰন্ধাৰ ব্যৱস্থা কৰি লয়৷তৰকাৰি বুলিবলৈ একোৱেই নাই, খালি ভাত খোৱা যায় কেনেকৈ?
এনেতে কোনোবা এজনে পানীত চৰি থকা হাঁহ এটাকে আনি কাটিলে৷পিছে ৰান্ধিবলৈ নিমখৰ বাদে একো নাই৷গতিকে ভাত হোৱাৰ পিছত কলপাততে ভাত কেইটা নমাই থৈ কেৰাহীটোত মাংসখিনি অকল নিমখেৰে সিজালে৷এতিয়া খোৱাহে কথা, এনেতে লাগিল অথন্তৰ ঠেনু নোহোৱা গৰম কেৰাহি কলপাতেৰে ধৰি নমাবলৈ লওঁতেই হাতৰ পৰা পিছলি গোটেই মাংস মাটিত পৰি যায়৷ইয়াকে কয় দাতাই দিলেও বিধাতাই নিদিয়ে৷
উপায়বিহীন হৈ নিমখেৰে সুদা ভাতকে খাবলৈ লৈছিলোহে, এনেতে চাকিৰ পোহৰ দেখি ক’ৰ পৰা জানো এডাল দীঘল সাপ আহি ওলালহি৷সাপ দেখি আমিবোৰে ভাতৰ পাত এৰি আঁতৰি দিয়াত,সাপডালে ভাতৰ পাতবোৰৰ ওপৰতে বগাবলৈ ধৰে৷মাংসতো গ’লেই এইবাৰ ভাতো গ’ল৷সেইৰাতি আমাৰ একো খোৱা নহ’ল৷
তেনেদৰেই ভোকে পিয়াহে আমি ৰৈ থাকোঁতে চাকিৰ তেল শেষ হোৱাত চাকিটোও নুমাই থাকিল৷মনত এটা অজান আশঙ্কাই দেখা দিছিল যেন কিবা যেন অঘটন হ’ব ৷আমি সকলোৱে সতৰ্ক হৈ কাণ পাতি থাকিলো আৰু চিপাহী সকলক ৰাইফলত গুলী ভৰাই ল’বলৈ ক’লো ৷
ৰাতি বাৰমান বজাত পানী ভাঙি কিবা অহা শব্দ হ’ল৷মই চিপাহী সকলক ক’লো যে ডকাইতক ধৰাৰ চেষ্টা কৰিব লাগে, প্ৰথমে গুলীয়াব নালাগে ৷মোৰ কথাখিনি শেষ হ’ল কি নহ’ল এজন চিপাহীৰ ৰাইফলৰ পৰা এক জাই গুলী ফুটিল আৰু প্ৰচণ্ড শব্দ হ’ল ৷কিছুপৰ নিশব্দে থাকি আমি টৰ্চ মাৰি ওচৰ পাজৰে বিচাৰিলো কিন্তু ক’তো একো সম্ভেদ নাপালো৷ৰাতিপুৱা গাঁৱৰ মানুহবোৰ গাঁৱলৈ ঘূৰি আহিল আৰু আমিও থানালৈ ঘূৰি আহিলো৷
মানুহৰ মুখে মুখে এটাই কথা যে, পুলিচে ৰাতি গুলীয়াই ডকাইত খেদিলে৷লক্ষণীয় ভাৱে সিদিনাৰে পৰা গাঁৱখনলৈ ডকাইত আৰু অহা নাছিল৷এতিয়া কথা হ’ল সিদিনা ৰাতি আচলতে ডকাইত আহিছিল নে নাই আজিলৈ নাজানিলো, ৰাইজৰ প্ৰশংসা পিছে ঠিকেই পালো৷
সিদিনা ৰাতিৰ লটিঘটি বিলাক মনত পৰিলে আজিও হাঁহি উঠে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক