পুষ্টিহীনতাৰ দেশত ধৰ্মৰ আখৰা আৰু অন্ধবিশ্বাস- ঋতুপৰ্ণ বৰুৱা

আমি যিখন দেশত জীয়াই আছোঁ, এই দেশ হৈছে উন্নয়নশীল গোষ্ঠীৰ দেশবোৰৰ অন্তৰ্গত৷ এচাম সম্পদশালী লোকৰ বিপৰীতে এই দেশত প্ৰায়বোৰ মানুহেই মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ৷ অৰ্থাৎ অধিকাংশ মানুহেই দৰিদ্ৰ৷ আনহাতে শিক্ষাৰ দিশৰ পৰাও এই দেশৰ অৱস্থা পুতৌজনক৷ শিক্ষাৰ পৰিসৰে ঢুকি নোপোৱা অঞ্চলবিলাকৰ জনবিস্ফোৰণো এই দেশৰ এক গুৰুতৰ সমস্যা৷ যি সমস্যাই দৰিদ্ৰতাৰ সমস্যাক অধিক গুৰুতৰ কৰি তুলিছে৷
এই সমস্যাবিলাকৰ আটাইতকৈ ওপৰত আছে ধৰ্ম আৰু অন্ধবিশ্বাসৰ সমস্যা৷ যিখন দেশত খাদ্য আৰু পুষ্টিহীনতাত শিশুৰ একোটা প্ৰজন্ম কোঙা হৈ পৰিছে, সেই একে সময়তে শিক্ষিতৰ পৰা অশিক্ষিতলৈ, বিত্তশালীৰ পৰা দৰিদ্ৰজনলৈ অলেখ ধৰ্মীয় আখৰাৰে নষ্ট কৰিছে মানৱ উপাৰ্জিত সমল৷ কেইটামান সাধাৰণ উদাহৰণ দাঙি ধৰিছোঁ—-

১)এটা দীঘলীয়া আকৃতিৰ শিলক শিৱ নামৰ এজন ভগৱানৰ লিংগ অৰ্থাৎ গুপ্তাংগৰ নামেৰে নামাকৰণ কৰি সেই লিংগক সন্তষ্ট কৰিবলৈ হাজাৰ হাজাৰ লিটাৰ গাখীৰ ঢালি দিয়া হয়৷ আনহাতে একে সময়তে সহস্ৰ শিশুৱে পুষ্টিহীনতাত ভোগে আৰু ডাষ্টবিনত খাদ্যৰ অন্বেষণ কৰে৷

২)দুৰ্গা নামৰ এগৰাকী দেৱী(goddesss)ৰ কল্পনা কৰি বছৰটোৰ এক বিশেষ সময়ত সেই দেৱীক সন্তুষ্ট কৰিবলৈ ছাগলী, ম’হ,
হাঁহ, পাৰ আদি বিভিন্ন প্ৰাণী বলি নামেৰে বধ কৰা হয়৷ সকলোৱে এই প্ৰাণী বিলাকৰ মাংস ভক্ষণ নকৰাত বহু সময়ত পূজাৰ নামত এইবোৰ অপচয় হোৱা দেখা যায়৷

৩)বিভিন্ন সময়ত অসংখ্য ধৰ্মীয় অনুষ্ঠান পতা দেখা যায়৷ ইয়াৰ ভিতৰত শাওন মাহৰ প্ৰতি দেওবাৰে আয়োজিত ’ব’ল ব’ম’ নামৰ অনুষ্ঠানত ভাং বা গাঞ্জাৰ উন্মুক্ত ব্যৱহাৰ উল্লেখনীয়৷ যি সময়ত এই দ্ৰব্যক আইনযোগে নিষিদ্ধ কৰা আছে তাৰ পিছতো উন্মুক্ত ভাৱে ইয়াৰ ব্যৱহাৰ ধৰ্মৰ নামত চিন্তনীয়৷
এনে অলেখ ধৰ্মীয় অনুষ্ঠান আছে য’ত আমাৰ দৰিদ্ৰতাই আৰু অলপ সাৰ পানী পায়৷ পাৰ্বতী নামৰ কল্পিত দেৱীগৰাকীৰ যোনি অৰ্থাৎ গুপ্তাংগত শিৱৰ স্ফীত লিংগৰ মৰ্দন কল্পনা কৰি সেই সময়ৰ দৃশ্যক শিলত খোদিত কৰি হাজাৰ লিটাৰ গাখীৰ ঢালি দি পূজা কৰা দেশত স্বইচ্ছাই মিলিত হ’ব খোজা কোনো প্ৰেমিক যুগলৰ হত্যাও সম্ভৱ৷ নাৰীক দুৰ্গা ৰূপত পূজা কৰা দেশত ডাইনী ৰূপত নাৰী হত্যাও সম্ভৱ৷ প্ৰকৃত অৰ্থত এই ধৰ্মবিশ্বাসবোৰেই প্ৰকৃত উন্নতিৰ অন্তৰায়৷
ধৰ্মৰ নামত সকলো ধৰ্মই এক অন্ধ ভ্ৰান্ত ধাৰণাৰ গঢ় দিয়াৰ বাহিৰে বেলেগ একো কৰিব পৰা নাই৷ আমাৰ এই অসম ৰাজ্যতে সংখ্যালঘু অধ্যুষিত এনে অঞ্চল আছে য’ত ধৰ্মীয় কাৰণত শিশুক সংগীত সাধনা, নৃত্য আদিৰ পৰা বঞ্চিত কৰা হয়৷ এইবিলাক ইছলাম-বিৰোধী বুলি তেওঁলোকে বিশ্বাস কৰে৷ ইয়াৰ এঢাপ ওপৰত বহু ঠাইত দূৰদৰ্শনৰ অনুষ্ঠান উপভোগ কৰাতো বাধা আছে এই অসমতে৷
আজিৰ দিনতো বহু নিৰক্ষৰ সংখ্যালঘু ইছলাম ধৰ্মাৱলম্বী মানুহে সন্তান জন্ম দিয়াতো পবিত্ৰ কৰ্তব্য বুলি বিশ্বাস কৰাৰ ফলত জনবিস্ফোৰণ হোৱাৰ লগতে দৰিদ্ৰতা পুষ্টিহীনতাই গ্ৰাস কৰিছে৷ এই বিশ্বাসৰ সুযোগ গ্ৰহণ কৰি এচাম সুবিধাবাদীয়ে অনাগত দিনত হ’ব লগা এখন ধৰ্মযুদ্ধৰ কথা কৈ সদায় এই শ্ৰেণীটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি শোষণ কৰি আহিছে৷
প্ৰয়োজনীয় সম্পদতকৈ অধিক মানৱ সম্পদ আহৰণৰ ফলত সামাজিক বিশৃংখলতা বৃদ্ধি পাইছে; চুৰি, ডকাইতি, ধৰ্ষণ নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷

সামৰণি-
এই সমস্যাবোৰৰ সমাধান তেতিয়াহে সম্ভৱ যেতিয়া ধৰ্ম নামৰ অন্ধবিশ্বাসক সমাজৰ পৰা নিৰ্মূল কৰি শিক্ষাৰ প্ৰকৃত পোহৰে আলোকিত কৰিব পৰা যাব৷ সেই শিক্ষা হব লাগিব আধুনিক বৈজ্ঞানিক ধ্যান ধাৰণাৰে পুষ্ট আৰু ধৰ্ম পৰম্পৰা মুক্ত৷ শিক্ষানুষ্ঠান সমূহো ধৰ্মীয় আৱেগৰ পৰা মুক্ত হোৱাৰ লগতে শিক্ষক সকলো ধৰ্মীয় বিশ্বাসৰ পৰা মুক্ত হোৱাতো বাঞ্ছনীয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments