পুৰণি গ্ৰন্থৰ সুবাস- অভিনিবেশ শৰ্মা

“সখীৰ বিয়াত উত্তৰ গুৱাহাটীলৈ গৈছোঁ জোৰণৰ দিনাই৷ কাৰণ আমি দুয়ো নোওৱা-ধুওৱা সখী৷ নাৱৰ পাৰ-ঘাট আছিল বৰ্তমানৰ জাহাজ ঘাটৰ কাষতে৷ আমি আগবাঢ়িছোঁ নামঘৰৰ বাটেৰে খোজ কাঢ়ি৷ তেতিয়াৰ দিনত বৰ্তমান ফটিক কুটীৰৰ পাহাৰটোৰ কাষত কিছুমান সমাজৰ বেয়া মানুহে বাস কৰিছিল৷ সেইপিনে যোৱা আমাৰ মানা৷ ডাঙৰ মানুহে কয়, সেইপিনে সমাজৰ পাপী মানুহ বাস কৰে; সৰু ল’ৰা-ছোৱালী যাব নাপায়৷ সেইদিনা বুঢ়ী বায়ে আমাক সেইপিনে নিয়ে৷ বাধা পোৱা বাটে গৈ বেয়া ঘৰবোৰৰ পিনেই চকু গ’ল৷ দেখিলোঁ কেইজনীমান ধুনীয়া শাৰী পিন্ধা তিৰোতা বাহিৰত বহি আছে৷ এজনীক এটা মানুহে বাউসিত ধৰি ভিতৰলৈ টানি আনি লৈ গ’ল৷ এই দৃশ্যটো দেখি মোৰ মনটো আতঙ্কত কঁপি উঠিল৷ মনতে ভাবিছিলোঁ, কিয় আহিছিলোঁ এই পিনে৷ সদায় পাপৰ কথা শুনি পাপৰ ভয়ত কঁপি উঠিল৷ পাপীৰ ঘৰলৈ চাই পাপ দৃশ্য দেখিলোঁ, মোৰো গাত পাপ লাগিছে৷ এই কথা ভাবি ভাবি মনত শান্তি নাপাওঁ৷ যিমানেই সেই দৃশ্যৰ কথা পাহৰিবলৈ বিচাৰোঁ সিমানেই মনলৈ আহে৷ মনৰ অশান্তি লৈয়েই সখীৰ বিয়ালৈ গ’লোঁ৷ সখীক নোৱাই-ধোৱাই বিয়াৰ শেষত ঘৰলৈ উভতিলোঁ৷ কিন্তু মনৰ পৰা মোৰ সেই অশান্তি দূৰ নহ’ল৷ শেষত উপায় নাপাই আইতাক সকলো কথা কৈ সুধিলোঁ, ’আইতা! মোৰ পাপ লাগিছে নেকি? ’ মোৰ মনৰ দেখোন সেই দৃশ্যটো নুগুচে৷ কি কৰোঁ? আইতাই ক’লে, ’কিয় পাপ লাগিব? নিজে পাপ নকৰিলে তোক কোনো পাপে চুব নোৱাৰে৷ ঈশ্বৰক প্ৰাৰ্থনা কৰিবি, ঈশ্বৰে যেন তোক সকলো পাপৰ পৰা আঁতৰাই ৰাখে৷ এয়া আছিল ১৯০৯ চনৰ কথা৷ “

(গ্ৰন্থ – এৰি অহা দিনবোৰ
ৰচয়িত্ৰী – নলিনীবালা দেৱী)

নলিনীবালা দেৱীয়ে উক্ত মন্তব্য আগবঢ়াইছিল গুৱাহাটীৰ প্ৰথমখন চৰকাৰী অনুমোদন পোৱা গণিকালয়ৰ (brothel) বিষয়ে৷ উজান বজাৰৰ অধুনা বিলুপ্ত Red Light Area বা নিষিদ্ধ এলেকাৰো এক ইতিহাস আছে৷ তাত বসবাস কৰা ’the underbelly of urban life and the outcastes of society’ – বেশ্যাসকলৰ আশা-আকাংক্ষা, জিলিক-মিলিক সাজে ঢাকি ৰখা অবুজ বেদনাই দুই-এজন গল্পকাৰৰ বাহিৰে সৃজনী-প্ৰতিভাৰ গৰাকী আন লোকক আজিলৈকে আকৃষ্ট কৰিব পৰা নাই৷ গুৱাহাটীৰ ইতিহাস প্ৰণয়ন কৰিবলৈ হ’লে কিন্তু এই নিষিদ্ধ এলেকাৰ বিষয়ে উল্লেখ থকাটো বাঞ্ছনীয়৷ মই গল্পকাৰ নহয়, বুৰঞ্জীৰ ছাত্ৰ হিচাপে মোৰ ভাষা খহটা৷ সেয়েহে তেনে এক প্ৰচেষ্টা হাতত লোৱাৰ পৰা বিৰত থাকি নিষিদ্ধ এলেকাটোৰ ইতিহাসৰ বিষয়ে মাথোঁ আভাস দিয়াৰ যত্ন কৰিম৷

প্ৰয়াত কুমুদেশ্বৰ হাজৰিকাই মোক কোৱা মতে এই বেশ্যা পট্টি স্থাপিত হৈছিল চৰকাৰী পৃষ্ঠপোষকতাত – দীৰ্ঘদিন নিজৰ পৰিয়ালৰ পৰা নিলগত থকা জাহাজৰ খালাচী সকলৰ বাবে৷ উনবিংশ শতিকাৰ শেহৰ ফালে স্থাপন হোৱা গণিকালয় সমূহলৈ আহিছিল অবিভক্ত বংগ প্ৰদেশৰ মৈমনসিং জিলাৰ পৰা অহা লোক৷ খালাচী সকলক বহুতে দস্যু প্ৰকৃতিৰ মানুহ বুলিয়েই গণ্য কৰিছিল৷ তেওঁলোকৰ কাণ্ড-কাৰখানাও আছিল ঠিক তেনেকুৱাই৷ পৰিয়ালৰ পৰা দূৰত থকাৰ গইনা লৈ তেওঁলোকে ৰাতিৰ সময়ত নিচাসক্ত অৱস্থাত লতাশিল-উজান বজাৰ এলেকাত অৰাজকতাৰ সৃষ্টি কৰিছিল৷ তিৰোতাসকলৰ চিঞৰ-বাখৰ, কিৰিলি পৰাই উজান বজাৰৰ বাসিন্দাসকলক ব্যতিব্যস্ত কৰি তুলিছিল৷ ইয়াকে লৈ মিউনিচিপেলিটিৰ চেয়াৰমেন মাণিক চন্দ্ৰ বৰুৱাৰ ওচৰত উজান বজাৰৰ সমীপত থকা বাসিন্দাসকলৰ নানা ওজৰ-আপত্তি৷ সকলোৱে একে সুৰতে ক’লে যে সেই ঠাইৰ পৰা গণিকালয় উঠাই দিব লাগে৷ কিন্তু সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি সহৃদয় মাণিক বৰুৱাই প্ৰথমে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কৈছিল – ’নহয়, এওঁলোক থাকক, কিছুমান লোকৰ বাবে এওঁলোক অপৰিহাৰ্য৷ আনহাতে এওঁলোকক আঁতৰাই দিলে সেই শ্ৰেণীৰ লোকে নিৰুপায় হৈ ভদ্ৰ ঘৰৰ নৈতিকতাতো আঘাত কৰিব পাৰে’ (’মাণিক চন্দ্ৰ বৰুৱা’, ড° প্ৰফুল্লদত্ত গোস্বামী)৷ কিন্তু অধিক কোলাহল হোৱাত বৰুৱাই বিকল্প ব্যৱস্থা এটাৰ চিন্তা-চৰ্চা কৰিলে, আৰু কেইদিনমান পিছতেই সেই গণিকালয় পুলিচ ৰিজাৰ্ভ আৰু লাখটকীয়াৰ ৰে’ল লাইনৰ ৩নং গে’টৰ কাষলৈ স্থানান্তৰিত কৰা হ’ল (’যুগ সন্ধিক্ষণৰ গুৱাহাটী’, ড° ভূপেন্দ্ৰ ৰায়চৌধুৰী)৷

বুৰঞ্জী গৱেষক এজনৰ দায়িত্ব হ’ল নিৰপেক্ষ দৃষ্টিৰে অতীতৰ বিষয় এটা চালি-জাৰি চাই তাক উপস্থাপন কৰা – in all its complexities৷ ক’লা-বগা হিচাপে নহয়, উপস্থাপনৰ উদ্দেশ্য হ’ব লাগিব to bring out the infinite shades of gray. And, learn how to infer what drives and motivates human behavior. সেয়েহে হয়তো কোনোবাই কৈছিল – History is not something to be judged, but to be understood contextually. নলিনীবালা দেৱীৰ মন্তব্যটোও আমি ঠিক তেনেদৰেই বিশ্লেষণ কৰি চাব লাগিব, আৰু লগতে গণিকালয়ৰ তিৰোতাসকলক৷ অৱশ্যে এটা কথা মনত ৰাখিব লাগিব যে উজান বজাৰৰ তথাকথিত ভদ্ৰলোকে দুৰ্ব্যৱহাৰ কৰা সাধাৰণ লোকক ’সমাজৰ বেয়া মানুহ’ এই তিৰোতাসকলেই আদৰ-সাদৰ কৰি ৰাখিছিল – তেওঁলোকৰ ’বেয়া ঘৰবোৰত’; হৈছিল দুখৰ সমভাগী৷ অনাথ বুলি ’ভদ্ৰ সমাজৰ’ তুচ্ছ-তাচ্ছিল্যৰ ভুক্তভোগী হোৱা কেইটামান কণমানি ল’ৰাক ’পাপী মনৰ’ বেশ্যাইহে আশ্ৰয় দিছিল৷ নিজেই এক অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ’লেও ল’ৰাকেইটাৰ ফুল- কুমলীয়া মনত তেওঁলোকে আশাৰ সঞ্চাৰ কৰিছিল৷ লক্ষ্ণৌৰ ফালৰ এগৰাকী ইছলামধৰ্মী তিৰোতাই মাক-দেউতাক নথকা অসমীয়া ব্ৰাহ্মণ ল’ৰা এটাক তুলি-তালি, ডাঙৰ-দীঘল কৰাৰ কথা উজান বজাৰৰ জনদিয়েক বয়োজ্যেষ্ঠ ব্যক্তিয়ে জানে৷ ল’ৰাজন পিছলৈ গুৱাহাটীৰ এজন নামজ্বলা ব্যক্তি হয়গৈ৷ কলিকতা, পাটনা, লক্ষ্ণৌ আদি ঠাইৰ পৰা অহা তিৰোতাসকলৰ প্ৰভাৱ উজান বজাৰৰ বাসিন্দাসকলৰ কথা-বতৰাটো পৰিছিল৷ নিজস্ব কথনশৈলী আৰু শব্দ সম্ভাৰেৰে পৰিপুষ্ট উজান বজাৰৰ ভাষা পৰৱৰ্তী সময়ত বেছ জনপ্ৰিয় হৈ পৰিলে৷ তচনচ, নিহিলাবি, কোলাত লোৱা, ৰুকণ-ৰুকণ, চাৰু-পাৰু-নিৰু, ইদিকে ব’ল ইত্যাদি তিৰোতা আৰু খালাচী সকলৰে দান৷

মোৰ মনত পৰিছিল মেৰি এলেন মাৰ্কে তোলা মুম্বাইৰ ফ’ক লেণ্ড ৰ’ড বেশ্যা পট্টিৰ পোহৰ ছবিকেইখনলৈ৷ তেখেতৰ দৃষ্টিভংগীয়ে মোক মোহাচ্ছন্ন কৰিছিল – she looked through the lens of absolute empathy and concern৷ সত্যজিত ৰায়ৰ ভাষাত ক’বলৈ গ’লে – She invests them (photographs) with a palpable humanism.

লেখাটিৰ লগত সংলগ্ন আলোকচিত্ৰখন তুলিছিল প্ৰখ্যাত মাৰ্কিন সাংবাদিক, অগ্ৰণী মহিলা ফট’গ্ৰাফাৰ – মাৰ্গাৰেট বুৰ্ক হোৱাইটে; লাহোৰৰ এখন গণিকালয়, ১৯৪৬ চন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক