পুৰণি চিঠিবোৰ [মূল:শীৰ্ষেন্দু মুখোপাধ্যায়] (ইন্দ্ৰনীল গায়ন)

(১)

এদিন হঠাৎ চহৰখনলৈ এজন ডাকোৱাল আহিল আৰু ডাকোৱালজনে প্ৰথমেই আহি মোৰ ঘৰৰ সমুখত ৰৈ দুৱাৰত টোকৰ মাৰিলে৷ মই চিলমিল টোপনিৰ পৰা সাৰ পাই উঠি দুৱাৰখন খুলি এজন বয়সস্থ মানুহ দেখিলো৷ এমোনা চিঠিৰ সৈতে তেওঁ থিয় দি আছে৷ হাতত দুই এটা চিঠিৰ টোপোলা৷ তেওঁক দেখা সেই সময়খিনি পুৱতি নিশা আছিল৷ জোনৰ পোহৰত মই তেওঁৰ চকুযুৰি দেখিছিলো৷ আস্ ইমান দৰদ!

তেওঁ মোৰ হাতত চিঠিৰ টোপোলাটো তুলি দি গুচি গৈছিল৷ মই লৰালৰিকৈ চিঠিৰ টোপোলাটো খুলিবলৈ আৰম্ভ কৰিলো৷ এয়া দেখোন টোপোলাটোৰ ভিতৰত অজস্ৰ পুৰণি চিঠি, কৰ্টৰ পৰা অহা নথি-পত্ৰ, ইঞ্চিয়ৰেঞ্চৰ ৰিচিপ্ট, বিয়াৰ আগতে প্ৰেয়সীলৈ লিখা চিঠি ইত্যাদি ইত্যাদি৷

কিন্তু তেওঁৰ হাতত এই পুৰণি চিঠিবোৰ! কি আচৰিত! ই কেনেকৈ সম্ভৱ৷ মনতে ভাবিলো৷ এৰা, এসময়ত এই চিঠিবোৰেই মোৰ সুখ দুখৰ লগৰীয়া আৰু জীয়াই থকাৰ সমল আছিল৷

(২)
আস্ ! মই দেখোন ঘামিবলৈ আৰম্ভ কৰিছো৷ কি হৈছে! কি হৈছে মোৰ? হঠাৎ টোপনিৰ পৰা সাৰ পালো৷ আৰে! এয়া কি! মই দেখোন নিজ কোঠাৰ বিছনাতে শুই আছো৷ কাষত প্ৰিয়তমা আৰু মোৰ একমাত্ৰ কন্যা সন্তানটি৷ তেন্তে অলপ আগতে মই দেখি থকাবোৰ কি আছিল?

সপোন?
এৰা, সপোনেই আছিল চাগৈ৷

কেতিয়াবা এনে হয়, সপোনত আমি যি দেখো সেয়া সঁচা হয়৷ তেন্তে মই সপোনত যি দেখিছিলো সেয়া সঁচা আছিল! লাহে লাহে হাতত সাৰে ভৰিত সাৰে মই বিছনাৰ পৰা নামি আহি খিৰিকীখনৰ মুখত থিয় দিলোহি৷ তেতিয়াও পুৱতি নিশাৰ জোন আকাশত উমলি আছিল৷
কিয় জানো মোৰ বুকুৰ বাওঁফালটোত বিষ এটা অনুভৱ কৰিছো৷ টেবুলত থকা গিলাচটোৰ পানীখিনি খাই চিগাৰেট এটা জ্বলাই ল’লো৷ এতিয়া আৰু শোৱাৰ ইচ্ছা অলপো নাই৷ মোৰ যেন ভিতৰি ভিতৰি এক অজান শংকা হৈছে৷ ঘড়ীলৈ চালো, তিনি বাজিছে৷ পোহৰ হ’বলৈ এতিয়াও কিছুপৰ আছে৷ মই অকলশৰে আন্ধাৰতে বহি ৰাতিপুৱালৈ বাট চালো৷

(৩)

প্ৰতিদিনে পুৱা মই মোৰ ছোৱালীজনীক প্ৰাতঃভ্ৰমণলৈ লৈ যাওঁ৷ তাইৰ বয়স মাত্ৰ পাঁচবছৰ৷ তাই মোৰ সৈতে সদায় পুৱা খোজকাঢ়ে আৰু কেতিয়াবা দৌৰে৷ সকলো সময়তে মই তাইৰ লগত ছাঁৰ দৰে লাগি থাকো৷

এদিন তাই মোক ক’লে- দেউতা তুমি মোৰ হাতত নধৰিবাচোন৷ মোক অকলে খোজকাঢ়িবলৈ দিয়া৷

মই উত্তৰত সুধিছিলো – কিয়?

তাইহে আকৌ মোক ওলোটাই সুধিলে- সকলো সময়তে তুমি মোক হাতত কিয় ধৰি থাকা? মই হেৰাই যাওঁ বুলি?

মই অলপ হতচকিত হৈ ক’লো- নাই! নাই! তেনেকুৱা একো কথা নাই, তুমি এতিয়া সৰু হৈ আছা যে! আচলতে মই হেৰাই যাওঁ বুলিহে তোমাৰ হাতত ধৰি থাকো৷

তেতিয়া তাই মোক ক’লে-তুমি জানো সৰু ল’ৰা যে তুমি হেৰাই যাবা? দেউতা, তুমি মোতকৈ সৰু নে মই তোমাতকৈ সৰু? মই দেখোন কাইলৈৰ পৰা স্কুললৈ যাম ! তেতিয়া তোমাৰ লগত কোনে খোজকাঢ়িব?

মই মনতে ভাবিলো তাইতো ঠিকেই কৈছে৷ কাইলৈৰ পৰা তাইৰ নতুন স্কুল৷ কাইলৈৰ পৰা মই কাৰ সৈতে পুৱা খোজকাঢ়িম? কিছুপৰ ভবাৰ পিছত হাঁহি হাঁহি তাইক ক’লো – অ’ মোৰ সোণজনী ! কাইলৈৰ পৰা মই অকলেই খোজকাঢ়িম৷

তাই ক’লে – তুমি যদি হেৰাই যোৱা?

তাইৰ প্ৰশ্নটো শুনি মই থৰ লাগিলো আৰু নিজকে নিজে সুধিছো- যদি হেৰাই যাওঁ! কি হ’ব?

এনেদৰে ভাবি থাকোতে তাইৰ জোতাত বোকা জাতীয় লেতেৰা কিবা এটা লাগিল৷ তাই নিজেই জোতাযোৰ খুলি ৰাস্তাৰ মাজতে বহি লেতেৰা বোকাবোৰ আঁতৰাবলৈ চেষ্টা কৰিছে আৰু তাইৰ আউল বাউল কেঁকোৰা চুলিবোৰে বাৰে বাৰে তাইৰ মুখখন ঢাকি ধৰিছে৷ মই তাইলৈ একেথৰে চাই থাকি ৰাতিৰ ডাকোৱালজনলৈ মনত পেলালো৷ সঁচাকৈয়ে ডাকোৱালজনে মোৰ হেৰুৱা স্মৃতিবোৰ পুনৰ সজীৱ কৰি তুলিলে৷ এনে লাগিছে মই যেন এখন শেষ নোহোৱা সাগৰৰ দৰে আৰু সেই সাগৰৰ ঢৌবোৰৰ মাজত বিলীন হৈ গৈছো৷

(৪)

লাহে লাহে বুজি উঠিছো, তাই ডাঙৰ হৈ আহিছে৷ কথাবোৰো বুজিব পৰা হৈছে৷ এটা সময়ত তাই মোৰ ওচৰ পালত মই খোজ ল’লো, তাই মোলৈ চাই হাঁহিলে৷ ময়ো হাঁহিলো৷ তায়ো অকলে খোজ ল’লে৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক