পুৰস্কাৰ (মানবেন্দ্ৰ কুমাৰ শৰ্মা)

(নলবেইৰা উপভাষাত লিখা গল্প৷ নলবেইৰা বুলি ক’লেও ঠাই বিশেষে শব্দৰ কিছু তফাৎ আছে৷ মোৰ চুবুৰিৰ এটা অংশ নলবাৰী আৰু আনটো অংশ বৰপেটা জিলাৰ অন্তৰ্গত৷ গতিকে ঠিক নলবেইৰা বুলি নকৈ ’টিহু-দক্ষিণ বজালী অঞ্চলৰ কথিত ভাষাত’ বুলিও ক’ব পাৰি৷ )
অৱশেষত খবৰটু আহিল-নৰহৰি মাষ্টৰ আৰু নাই৷
গাউৰ তিনআলিত এয়াক লৈ কথা চলচি৷
“ইমান কষ্ট পাই থাকাতকে ভালে হৈছিদে৷ “
“হে নহবনা সেনা? নালগিবা লাগা জেঙত লাগি থাকলি এনা নহে আৰু কেনা হব? “
“আৰে মাষ্টৰ হলাক বুলি সৱতে ইংকে লাগি থাকবা নালগে নহয়৷ স্কুলতহে মাষ্টৰি, বাইহ্‌ৰত ইমান মাষ্টৰি দেইখলি কুনি ভাল পাবোহা? বৰ একেবাৰে সমাজ শুধ্‌ৰত লাগছিল! পালাক নহয় ইটা মজাটু৷ “
এখান হাতত দা আৰু আনখানত শুখনা বাঁহৰ টুক্‌ৰা এটা লৈ মাষ্টৰৰ ঘৰকলগি যাই থাকা শনে আতায় এগলা কথা শুনি কলাক, “ বাপাহাত, মাষ্টৰে এগলা সৱ গাউখানৰ ভালক লগিহে কৰ্‌ছিল৷ মদ খাই খাই চলিগেলা অধপাতে য দেখিহে শেষৰফালে মদক লৈও ইংকে লাগছিল৷ পিছে তুহুন নুবুজ্‌লি৷ উপ্‌ৰত থাকাজনে কিন্তু সৱ দেখি আছে দে৷ যিয়ে মাষ্টৰৰ মূৰ ইংকে ফাল্‌লাক, তাৰ দিহা একদিন উপ্‌ৰৰজনে লুগবয়ে৷ চাই থাক৷ “
শনে আতাই তাত নৰখি চিধাই খোজ দিলাক মাষ্টৰৰ ঘৰক লগি; শটু আহি পৰ সময় হইছি৷
******
মাষ্টেন্নীৰ মাথাত তেল-পানী দি চুপাৰ তিৰিকেইটাই বিচি আছিল৷
মাষ্টৰৰ জাৱাকে শনে আতাৰ কাষক লগি আহি সুধলাক, “আতৈ কি কৰা যায় ইটা? “
“ময়ো তাকে ভাবি আছুহা বাপা৷ আমিনু এই বুঢ়া দেহাইদি আৰু কিমান কৰিম? চচুন, চেংৰা কেইটাৰ দেখা-দেখিয়ে নাই৷ কামো আছে বহুত, একোৱে হ নাই৷ ইফালে পুৱা যাই দুইপ্ৰাৰ সময় হল৷ ইংকে হলি চখনক কিংকে নিবা? কাষৰ গাউৰ মদৰ ঘাটি উঠবা যাই আচলতে চথাদিনায়ে মৰা মানুহ; এই কেইদিন ডাক্তৰে কিবাকেহে বাচে ৰাখছিল৷ “
মাষ্টৰৰ জাৱাক হ’ল আজিৰ দিনৰ মানুহ৷ তাতে
বুদ্ধিতো বৃহস্পতি, কুনবায় মুখ মেললিয়ে গৰ্ভ দেখে৷ যিংকে নহওক এগলা কাম সময়মতে কৰবায়ে লাগব৷
তেখেত যাই চিধাই গাউৰ তিনআলি পালাক আৰু পইচাৰ বেগটো উললাক৷
পুৱাৰে পৰা তাতে কথা চবে থাকা চেংৰা কেইটাৰ মুখকেইখান পোহৰ হৈ উঠিল৷ মুহূৰ্ততে কামগেলা তাহাৰ মাজত ভাগ কৰি ললাক৷ দুজনক পঠলাক কাষৰ ’সেই’ গাউখানক লগি৷
******
গাউৰে তিৰি কেইটামানে ধৰি ধৰি মাষ্টেন্নীক বাহিৰক লগি আনলাক৷ শটোৰ কাষ পাইয়ে মাষ্টেন্নী মাষ্টৰৰ ভৰিত বাগ্ৰি পৰিল৷ আৰো একবাৰ কান্দানৰ ৰাউচি উঠলাক৷
একপাকত তাহুন ধৰা-ধৰি কৰি মৰা মাষ্টৰৰ ভৰিৰ বুঢ়া আঙলিটুৰে মাষ্টেন্নীৰ কাপ্লোৰ সেন্দূৰ মুচি দিলাক!
“পলম হৈছি, পলম হৈছি, সোনকালে চখনক নিবা লাগে “ বুলি গাউৰ চেংৰামাখাই দাউৰা-দাউৰি লুগেছিল৷
( সেনা-তেনেকুৱা, এনা-এনেকুৱা, কেনা-কেনেকুৱা, ইংকে-এনেকৈ, এগলাখান-এইবোৰ, চলিগেলা-যুৱকসকল, তুহুন-তহঁত, জাৱাক-জোঁৱাই, ইটা-এতিয়া, চেংৰা-ডেকা, দুইপ্ৰা-দুপৰীয়া, চখন-শ্মশান, তাহুন-তেওঁলোক, চথাদিনা-পৰহিৰ আগদিনা )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments