পুৰুষ: উচ্চজিৎ কলিতা

(১)
যুগৰ সন্ধান চলে
মোৰ আত্মাই আত্মাই,
আৰু মোৰ স্নায়ুৰ চেতনাত শুনা পাওঁ
তাৰ অহৰহ গৰ্বৰ ধ্বনি ।
কাৰণ মই যে পুৰুষ,
পৃথিৱীৰ আদিতম সৃষ্টিৰ কীট-বীজ
অংকুৰিত হ’ল মোৰেই প্রাণৰস পাই ।
সেই গৌৰৱতে উটি-ভাঁহি
পাহৰি গ’লোঁ মই
মোৰ সীমাৰ সাগৰ ।
সাগৰৰো সীমা আছে,
তথাপি সজালোঁ নিজকে অনন্ত মহাসাগৰ
মহাদেশ আগুৰি থকা এক লক্ষ্মণ-বলয় ।
পৌৰুষৰ অন্ত হ’ল তাত
জন্ম হ’ল আত্মচেতনাৰ
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
সেয়ে মই মনু
কালৰ স্বয়ম্ভূ সংবাদদাতা
অথবা স্তম্ভলেখক ।
সেয়ে মই কংস
ভগ্নীৰ ভ্রূণ নষ্ট কৰা,
কাৰণ মই যে স্বাৰ্থী, মই আৰ্থী ।
প্রেম আৰু কৰুণা পাৰ হৈ
প্রাণৰ অৰ্ঘ্য বিচাৰোঁ
ক্ষণজন্মা বালকৰ কেঁচা ৰক্তত ।
সময়ে শিকাই যায়
যাতনা, আশীৰ্বাদ আৰু
মৃত্যুভয় অথবা ক্ষমতাৰ
কাৰাগাৰৰ গভীৰ আন্ধাৰ ।
মোৰ পিতৃ বন্দী হয় তাত
ঘাতকৰ হাতত প্রাণৰ আহুতি দিওঁ
মোৰ ভ্রাতৃৰ,
সেয়া উগ্রসেন, সেয়া বিম্বিসাৰ
অথবা চাহজাহান ।
কাৰণ মই যে ঘাতক
মই যে জাতক
মই ঔৰংজেৱ, মই অজাতশত্রু ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
সেয়ে মই ৰাম ।
মই যুধিষ্ঠিৰ ।
মোৰ সন্মানৰ বেদীত
বলি দিওঁ
কত যে সীতা আৰু দ্রৌপদী
অগ্নিৰ বুকুত অথবা ক্রীড়াৰ মঞ্চত ।
(২)
পৌৰুষৰ শেষ হয় য’ত
তাতেই আৰম্ভণি নাৰীত্বৰ
তাকেই চাবুক মাৰি
সজালোঁ মোৰ জীৱনৰ যাদুঘৰ,
কাৰণ মই যে দুৰ্বল
মই যে প্রবল
মই এক স্বয়ম্ভূ ক্ষমতা ।
মোৰ অহংকাৰৰ দুৰ্গত
স্বয়ংবন্দী মই ।
স্বেচ্ছা আত্মগোপন ।
তাত চেতনাৰ পোহৰ নাই
আছে যাতনাৰ অন্ধকাৰ ।
তথাপি পুৰুষ মই,
যুগে যুগে এক কাঠিন্যৰ নাম ।
তাত প্রেম আছে,
ভিক্ষা আছে ।
হয়তো তথাপিও আছে
কামনাৰ অত্যুগ্র আহ্বা্ন ।
সেয়ে মই লালায়িত বীৰ্য ।
তথাপি ময়েতো কৃ্ষ্ণ;
কামনাৰ ৰেখ নাই,
প্রেমৰ পৱিত্রতা আছে
আৰু আছে অপেক্ষাৰ দীঘল বাট ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
যদিও অসংখ্যবাৰ বহুতো নাৰীয়ে পায়
পুৰুষৰ সত্ত্বাৰ অন্ধকাৰ,
যদিও ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
পুৰুষৰ অহংকাৰে জন্ম দিছে
হেজাৰ মৃত সূৰ্য
যাৰ বাবে কোনো আকাশ নাই;
তথাপি পুৰুষ আছে নাৰীৰ প্রেমৰ,
তথাপি পুৰুষ আছে সীমাহীন কাব্যৰ,
অথবা পুৰুষ আছে আত্মাৰ স্পৰ্শৰ ।
সন্দেহ আছে তাত,
তথাপি সঁচা সেয়ে ।
তেনে নাৰী আছে
সেয়া সঁচা,
সেয়ে তেনে পুৰুষো আছে
দ্বিধাৰ ডাৱৰে তাক নোৱাৰে ঢাকিব ।
আদিম পুৰুষৰ চালাকি
সেয়ে বুজি পালোঁ আজি মই ।
জ্ঞানৰ বিষফল আদমে ঈভৰ কথা মানি খালে,
তাকে কৈ তাহানিৰ আৰু আজিৰ মনুবোৰে
দ্বিতীয় শ্রেণীৰ যাত্রী সজালে
পুৰুষৰ সাধনাৰ সমস্ত চেতনাক ।
পুৰুষে পুৰুষক কৰা অন্যায়ৰ
সেয়ে মই আজি কৰোঁ প্রতিবাদ ।
পুৰুষো মানুহ
যেনে মানৱী নাৰী ।
পুৰুষো দানৱ
যেনে দানৱী নাৰী ।
কিন্তু পুৰুষ দেৱতা নহয়
সমস্ত শঠতাৰ,
নাৰী যেনে দেৱী নহয়
সমস্ত চলনাৰ ।
(৩)
মই পুৰুষ
সেয়ে মই প্রেমিক ।
মোৰো মন আছে
জীৱনৰ বাটচ’ৰা
প্রেমৰ সেউজীয়াৰে সজোৱাৰ ।
তাৰ মাজতে থাকে
সান্নিধ্য বিচৰাৰ এক জটিল আৱেগ ।
আৰু আছে জীৱনৰ খলাবমা,
কোনো সুৰে গান কৰি নোতোলা
কিছুমান কবিতা ।
ফ্রয়ডক লগ পালে সুধিম,
পুৰুষ হোৱাৰ যন্ত্রণা কিমান ।
সিমানেইনে
সুখৰো অতীত এক নিচা বিচৰাৰ যিমান ।
উত্তৰ নাথাকিব ফ্রয়ডৰো,
কাৰণ মোৰ প্রশ্নও যে
এক নিমিলা উত্তৰ ।
নাৰী আছে,
সেয়ে প্রেম আছে পুৰুষৰ ।
আজি পুৰুষ হৈ
মই গৰ্বেৰে ঘোষণা কৰিছোঁ
আৰু মোৰ জটিল প্রজ্ঞাৰে,
জ্ঞানৰ সমস্ত দুৱাৰ
মুকলি নহ’ব পাৰে আজিও পুৰুষৰ,
তথাপি নাৰী মন যেনে
পুৰুষৰো সেই মন ।
আঁহ ফলা বিচাৰত
পুৰুষে সজালে নিজকে পৰাধীন,
নাৰীত্বৰ অপমানে
পুৰুষক কৰিলে স্বাৰ্থপৰ ।
তাৰ পৰা মুক্তি নাই
সেই সমস্ত মৃত আৰু জীৱিত পুৰুষৰ ।
মই সেয়ে কওঁ
মই যে পুৰুষ,
যন্ত্রণাৰ আদিতম ৰূপ ।
পদে পদে সন্দেহৰ অগণি স্বৰূপ ।
তাৰ পৰা মুক্তি যদি আছে
নাৰীৰ প্রেমত আছে ।
সেই নাৰী দেহাতীত
সেই পুৰুষো কামাতীত ।
তথাপি
জীৱনৰ খুচুৰা হিচাপ কৰি
স্থূলতাৰ মুখা পিন্ধি
সেই পুৰুষ আৰু নাৰী
বিষাদৰ একেখনি নদীৰ
নিমিলা দুটি পাৰ ।
তাত ফ্রয়ড নাই,
আছে চিৰন্তন অপেক্ষা ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক