পূজনীয় বটল (ৰুপাংকৰ চৌধুৰী)

pujonio botol

আয়োজন। বৃহৎ আয়োজন। সতীৰ্থ সন্মিলন কালি কিন্তু প্ৰস্তুতি সদায় আগত। স্কুলীয়া বন্ধুবৰ্গৰ সতীৰ্থ সন্মিলন কাইলৈ। কোনোবা যদি আহিছে আফ্ৰিকাৰ পৰা কোনোবাজন অৰুণাচলৰ জংগলৰ পৰা। আন কোনোবা জন যদি নামজ্বলা মহাবিদ্যালয়ৰ অধ্যাপক, কোনোবা এজন তৈলক্ষেত্ৰত কৰ্মৰত। কোনোবা এজন যদি ঔষধীয় কোম্পানীৰ উচ্চ পদস্থ বিষয়া আন কোনোবাজন বিখ্যাত চিকিৎসক আৰু কোনোবা এজন নামকৰা অভিযন্তা। স্কুলত থাকোতে কাৰোবাৰ যদি সপোন আছিল ৰাজনীতিবিদ হোৱাৰ সেইজন যেনিবা কোনোবা নামী বেংকৰ উচ্চ পদস্থ বিষয়া। মুঠতে এক বিশাল আয়োজন।

কমলৰ ঘৰতে আজিৰ বিশেষ আয়োজন। সিয়েই দায়িত্ব লৈছে সতীৰ্থ সন্মিলনৰ আগ নিশাৰ এই মিলন সন্মিলনৰ। সি আন এক বিশেষ দায়িত্বও লৈছে। স্কুলীয়া জীৱনৰ আমাৰ পূজনীয় শিক্ষাগুৰুজন সপৰিয়ালে আহিছে কাইলৈ আমাৰ বিদ্যালয়ৰ চৌহদত হ’ব অনুষ্ঠিত হ’বলগীয়া সন্মিলনৰ মুখ্য অতিথিৰূপে। তেখেতৰ থকা-মেলাৰ ব্যৱস্থা তাৰ ঘৰতেই। মোক ফোন কৰিলে কমলে-

-ক’ত আছ? মাছ-মাংসৰ বজাৰ একোৱেই হোৱা নাই দোষ্টী!
– মই ঘৰতে আছোঁ। তই আহি থাক বজাৰলৈ। তাতে লগ হ’ম আৰু বজাৰো কৰিম একেলগে।
– অকে। আহ জল্দি।

মই ততাতৈয়াকৈ সাজু হ’লো বজাৰ অভিমুখে যাবলৈ। ইয়াৰ দাদাগিৰি এতিয়াও একেই আছে। দীৰ্ঘ সময়লৈ আমাৰ আবাসিক বিদ্যালয়ৰ অধিনায়ক আছিল কমল। কমল পাটোৱাৰী। প্ৰয়োজনীয় সামগ্ৰী কিনি কমলৰ ঘৰ অভিমুখে গৈ আছোঁ। কমলে বাইক চলাই গৈ আছে আৰু মই বাইকৰ পিছ চিটত।

– আব্বে দোষ্টী। এটা বস্তু থাকি গ’ল লবলৈ!!!
– কি থাকিল?
– বটল?
– ধেই। ঘৰত একুৱাগাৰ্ড আছে। পানীৰ বটল কিনি খাব লগা বেয়া দিন অহা নাই আমাৰ ইয়াতে!
– হা!!!

কমলে বদমাচি কৰিছিল। কিন্তু আমাৰ দৰে অঘাইতং নাছিল। তাতে ইমান দিনৰ মুৰত লগ পাইছোঁ। বটলৰ অৰ্থ সি ভদ্ৰ ভাৱে মানি লোৱা বাবে মই আৰু কথা আগ নবঢ়োৱাই শ্ৰেয় বুলি ভাবিলোঁ। মনতে ভাল লাগিল। সি যে এতিয়াও আমাৰ দৰে অঘাইতং হোৱা নাই! ভালেই। মইহে কি এটা বনি গ’লোঁ! তাতে আকৌ মই বিবাহিত সি বৰলা! চেহ! পত্নীৰ মুখখন চকুৰ সন্মুখলৈ আহিল। আৱেগিক হৈ পৰিলোঁ!

এজন দুজনকৈ গোট খাই আছে। কমল আৰু মই মিলি ইতিমধ্যে খানাৰ যো-জা আৰম্ভ কৰি দিলোঁ। কমলৰ মা আৰু দেউতাক কিমান দিনৰ পিছত যে লগ পালোঁ! বাইদেউ জনীও একেই আছে! একেই আছে সেই আন্তৰিকতা। বয়সৰ চাপ পৰিছে খুৰা আৰু খুৰীৰ। সেয়া স্বাভাৱিক। কমলৰ মাক মানে খুৰীয়ে মৰমেৰে সুধিলে-
– তোমালোকে প্ৰায় কেইজনে একোজনী গোটালা। আমাৰ ই বা কি ভাবি আছে!
-খুৰী।। সময় আছে দিয়ক। ই ভাল এজনী পাব। ই ভাল ল’ৰা।

এৰা! বটলৰ কথা কওঁতে একুৱাগাৰ্ডৰ পানী ঘৰত আছে বুলি কোৱাজন মোৰ হিচাপত সকলো পিনৰ পৰাই ভাল ল’ৰা! আকৌ এবাৰ ঘৰত এৰি অহা পত্নী, মা-বাবা আৰু পঢ়ি থকা ভন্টিৰ সৰল মুখ কেইখন মনলৈ আহিল। চেহ! মায়ে কিমান যে আশা কৰিছিল! ল’ৰাৰ বিয়া হ’ব! সকলো পিনৰ পৰা ভাল আৰু পৰিপক্ক এজন হৈ উঠিব! খুৰীৰ লগত কথা পাতি থাকোতে মনত খেলি আছিল- ‘খুৰী মোক যি উদ্দেশ্যেৰে ঘৰৰ মানুহে বিয়া পাতি দিছিল, আপোনাৰ ল’ৰাই বিয়া নপতাকৈ সেই বিষয়ত সি পৈনত। সি ‘বটল’ বুলিলে আজিও পানীৰ ‘বটল’ বুলি হে বুজি পাই!

সময় আগবাঢ়ি আছে। হাঁহি-ফূৰ্তি চলি আছে। কমলে তাৰে মাজতে মাছৰ আঞ্জাখন বনালে। আমাৰ লগৰ আটাইকেইজন প্ৰায় উপস্থিত। বহুত দিনৰ মুৰত লগ পোৱা ডাক্তৰ বন্ধুও হাজিৰ। ডাক্তৰ বাবুই মোক একাষৰীয়াকৈ মাতি নি সুধিলে-
– ইমান দিনৰ মুৰত লগ হৈছোঁ! মাছ-মাংস খায়েই পেট ভৰাম নেকি?
– কিয়? তই অনুকুল হ’লি নেকি?
– ধেই? একো বন্দোৱস্ত কৰা নাই নেকি? ‘বটল’ নাই?

ডাক্তৰ বন্ধুৰ কথা শুনি জিভালৈ পানী আহিল। পত্নী, মা-বাবা আৰু ভন্টিৰ মুখ কেইখন কষ্ট কৰি পাহৰি থাকিবলৈ চেষ্টা কৰি আছোঁ।
– অ। তাকেই। কমলক কৈছিলোঁ। সি ধমকি দিলে। ঘৰতেই হেনো একুৱাগাৰ্ড আছে!
-ধেই। এনেকে কি হ’ব? ব’ল এপাক মাৰি আহোঁ বজাৰৰ পৰা।

ডাক্তৰ বন্ধুৰ গাড়ীত ওলাই গ’লোঁ। ৰাস্তাত সুখ-দুখৰ বহুতো কথা! বটল উঠালোঁ! উভতি কমলৰ ঘৰ। মেহফিল জমি আছে। আমাৰ স্কুলীয়া শিক্ষাগুৰুই পুৰণি দিনবোৰ সোঁৱৰাই সকলোৰে চকুৰ গুৰি সেমেকাই তুলিছে। তৈলক্ষেত্ৰত কৰ্মৰত তুষাৰে আমাৰ পিনে ভেলেকা-ভেলেককৈ চাই আছে। কমল ব্যস্ত মাংস আঞ্জাত। সুন্দৰকৈ পাগ উঠিছে আঞ্জাৰ! ডাক্তৰ বাবুই পানীৰ বটলত বটলৰ ঔষধ মিহলাই আছে এচুকত। ঔষধীয় কোম্পানীত কৰ্মৰত কমলৰ নাকত বটলৰ বিশেষ গোন্ধ ভাহি আহিল কিজানি।

-কি ও? ডাক্তৰ কি ঔষধ বনাই আছ’? মোক জুতি লৈ চাব দে।
মই হতচকিত! তাৰমানে কমল বদমাচ হৈ থকা নাই? অঘাইতং হ’ল ইও? মই এনেয়েহে খুৰীক তাৰ ভাল ল’ৰাৰ চাৰ্টিফিকেট দিলোঁ! কমলে এচুমুক দিলে বটলত। তাৰ সেই স্কুলীয়া দিনিৰ দাদাগিৰি আৰম্ভ। মোৰ পিনে চাই সি ক’লে-
– তই খালী বটলতো তোৰ প্ৰকাণ্ড জেকেটৰ পকেটত সুমুৱাই ল। পিছপিনে পেলাই দিবি।
– ঠিক আছে দে। ব’ল জুইৰ কাষত অলপ বহি গা গৰম কৰোঁ!
– উহহ। বটলেদি কৰিলি দেখোন গা গৰম!

তথাপি আগবাঢ়ি গ’লোঁ। জুইকুৰাক কেন্দ্ৰ কৰি আটাই কেইজন বহি আছোঁ। খুহুটীয়া কথা ওলাল স্কুলীয়া দিনৰ। হাঁহিৰ কোবত মই হাউলি পৰিলোঁ। তেনেতে ঘটিল অঘটন। মোৰ জেকেটৰ পকেটৰ পৰা ওলাই পৰিল – বটল।
বাহিৰত অলপ আন্ধাৰ আছিল। জুইৰ ক্ষীণ পোহৰত মোৰ জেকেটৰ পৰা ওলাই পৰা বটলটো কিহৰ হয় নিৰূপণ কৰিব নোৱাৰিলে কোনেও। আফ্ৰিকাৰ পৰা আহি উপস্থিত হোৱা বন্ধুই ক’লে-
– ইচচ! কমলে দিয়া ঔষধৰ ভিটামিনৰ ‘চেম্পল’ লগত লৈ কিয় ফুৰিছা তুমি? কৰবাত থৈ আহা।
মই তৎক্ষণাৎ বটলটো নি মাংসৰ আঞ্জাৰ কাষত থৈ আহিলোঁ! স্কুলীয়া শিক্ষাগুৰু অলপ পিছত আহি পাকঘৰ পালেহি! পিয়াহ লাগিছে তেখেতৰ। মই লগে-লগে সাউৎকৰে পোৱা পানীৰ বটল আগবঢ়াই দিলোঁ তেখেতক। পানী খাই তেখেতে মুখ বিকটাই ক’লে-
-পানীত কিবা বেয়া গোন্ধ এটা পাইছোঁ।
– অ ছাৰ। কমলহঁতৰ একুৱাগাৰ্ড বেয়া হৈ আছে বহুত দিন ধৰি।
লগে-লগে মনলৈ আহিল- অলপ আগতে এই পানীৰ বটলত ডাক্তৰ বন্ধুৱে বটলৰ পনীয় মিহলাইছিল! তাৰ মানে আমাৰে সৌভাগ্য নে দুৰ্ভাগ্য! পূজ্য শিক্ষাগুৰুৰ লগত একেলগে খালোঁ পানীৰ ‘বটল’!
কমলহঁতৰ খুৰীক যোৱাৰ সময়ত ক’লোঁ-
– অ খুৰী। ইয়াক জল্দি গতি লগাই দিব লাগিব।
– মই কৈছোঁৱেই দেখোন তোমাক! মনৰ দুখত সি সদায় কিবা খাই থাকে ৰাতি ৰাতি!
– কি খাই?
– নাজানোঁ। দুখ পাতল কৰা ঔষধ বুলি কয়। উলিয়াই উলিয়াই খাই- বটল!

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments