পূজনীয় সৰুকণ ককাইদেউ (নিভা গগৈ)

পূজনীয় সৰুকণ ককাইদেউ,

আজি মাঘ বিহুৰ উৰুকা নিশা পৰিয়ালৰ সকলোটিয়ে মিলি ভোগৰ ভোজ খাইছে,,আমি তিনিটি প্ৰাণীহে ঘৰতে আছো ৷ আই সজতনাই দিয়া ভাত কেইটা খাই পিতাই বিচনাত পৰি আছে ৷ জান’ সৰুকণ ককাইদেউ ,পিতাই ভাত মুঠি মুখত দিবলৈ লৈ ৰৈ দিলে,বোলে সৰুকণ যদি থকাহেঁতেন আজিৰ ভাতকেইটা সোদাকৈও তৃপ্তি পালো হেঁতেন ৷ পুত্ৰৰ বিৰহ কিমান বেদনা,,পুত্ৰ হেঁৰুৱা পিতৃৰ বাহিৰে আনে নুবুজে ৷ এনেই ৰাম বনবাসলৈ যাওঁতে পিতৃ মৃত্যুক সাৱতি লৈছিলনে ৷ আই কথাখিনি শুনি ফেকুৰি উঠিল,পিতাইৰ কঁপা কঁপা থুতৰিত তেতিয়া চকুলো বৈ আহি তিতি পৰিছিলহি ৷ মৰো দুচকুত হেঁচি ৰাখিব নোৱাৰি বোৱতী নৈ দৰে বৈ আহিল চকুলো,,বৰ তপত এই চকুলো ককাইদেউ,,মেজিৰ জুইৰ দৰেই তপত ৷

তই আহিবি বুলি পুহি ৰখা ৰঙা কুকুৰাটো বুঢ়াই হ’ব ধৰিছিল,পিতাই সেইটোকেই আজি ৰান্ধিবলৈ ক’লে ৷ ভাত কেইটা খালো তিনিও, ইজনে সিজনক চাবহে নোৱাৰিলো,চালেই কিজানি ধৰা পৰি যোৱাৰ ভয়,,তই নাই যদিও আমাৰ মাজতে আছ’ অ’ ককাইদেউ,তয়ো যেন আমাৰ লগতে একেলগে ভাত খাইছ’, মোলৈ আগমঙহ এটুকুৰ দলি মাৰি দিছ আৰু মই তপকৈ মুখত ভৰাই তোলৈ চাই হাঁহি মাৰি দিছো ৷ তোলৈ বৰ মনত পৰিল,সেয়েহে শেষ বাৰলৈ চিঠিখন লিখিলো,নিলোখো বুলি ভাবো,কিন্তু নোৱাৰো ৷ দুখ বোৰ বুকুত সাগৰৰ ঢৌৰ দৰে যেতিয়া কোবাই তোলৈ মই চিঠি লিখিবলৈ মন যায় ককাইদেউ,তয়ে ক’চোন,মোৰ মনৰ কথা বুজি পোৱা আৰু নো কোন আছে !!

জা -জলপান আগৰ দৰে নাই কৰা,আই আজি কালি হেঁপাহ নকৰে সেইবোৰলৈ ৷ আগতে আই মুৰি ফুটালে তই কৰবাৰ পৰা আহি এমুঠি লৈ দৌৰ মাৰ,কৰাই কৰিলেও মুঠিয়ে মুঠিয়ে খাৱ,পিঠা পুৰি থাকোতেও আইক আমনি কৰি খুজি খুজি খাৱ,,আৰু যে মই এবাৰ নাৰিকলৰ লাড়ু বনাই লুকুৱাই থৈছিলো,তই কোন মূহূৰ্তত আহি মনে মনে গোটেই লাড়ুবোৰ চুৰ কৰি খাইছিলি,,আৰু মই গম পাই যে তোক মাৰিবলৈ খেদি গৈছিলো ৷ তই একেজাপে জেওৰা পাৰ হৈ পথাৰ পালিগৈ আৰু মই ফলাশিলত পৰি আঠুৰ ছাল চিঙি ঘৰলৈ কান্দি কান্দি আহিছিলো ৷ আঠুৰ ঘাঁ টুকুৰা এতিয়াও চিন আছে,দেখিলেই তোলৈ খেদি যোৱা কথাখিনি মনত পৰে,চকুৰ আগত ভাহি আহে সকলো দৃশ্য ৷ এতিয়া তই নাই ককাইদেউ,কথাটো ভাবিলে নিজকে কিবা আচৰিত লাগে অ’ ককাইদেউ,,তই আহিলে নাৰিকলৰ লাড়ু বনাম,যিমান মন যায় তই খাবি,আৰু মই তোলৈকে কেৱল চাই থাকিম ৷ কিমান দিন যে তোক দেখা নাই,তোৰ বাৰু মোলৈ মনত পৰে নে ? মোলৈ নেলাগে আই পিতালৈকে মনত পেলাইছনে আজিৰ বিহুৰ দিনা ? বৰ সুধিব মন যায় জান’ ককাইদেউ ৷

চহৰত আমাৰ গাঁৱৰ দৰে ভোগালী উৎসৱ পাতেনে ককাইদেউ,গোটেই নিশাটো যে আমি গাঁৱৰ ডেকা গাভৰুহঁতৰ লগত কটাই পাৰ কৰি দিছিলো,,জেওৰা চুৰ কৰিব গৈ তই যে এবাৰ খালত পৰি আছিলি,মই তোক বিচাৰি কান্দি আছিলো আৰু বহু দেৰিৰ মূৰত আহি তই মোৰ চকুলো মচি দিছিলি ৷ অ’ ককাইদেউ,আহ না এবাৰলে মোৰ চকুলো বোৰ মচি দিবি, তোৰ বুকুত মূৰ থৈ তোক সাৱতি থাকিম ৷ তই নথকাৰ বাবে আমাক বহুতে বহু কথা শুনাই জান’,মোকো বহুত ঠাট্টা কৰে মানুহে ৷ বন্ধুবোৰো যেন শত্ৰু হৈ পৰিছে,মই আনকে দেখোৱাই যিমান কঠিন হ’লেও আচল মানুহজনী বৰ দূৰ্বল বুলি জানই ককাইদেউ ৷ সামান্য স্বাৰ্থৰ বাবে মই মোক কোনো দিন বিক্ৰী কৰিব নোৱাৰিম ককাইদেউ, তই ভয় নকৰিবি মোৰ বাবে তই কোনো দিন আনৰ আগত লাজ নাপাৱ,,,মই মোৰ চৰিত্ৰক কোনো দিন বজৰুৱা নকৰো ৷

আজিলৈ চিঠি সামৰিলো,বহু নিশা হ’বৰ হ’ল ৷ মানুহবোৰ সাৰে আছে,আজি ওৰে নিশা সাৰে থাকিব ৷ আমিও সাৰে থাকিম,বুকুত জ্বলি থাকিব মাথো মেজিৰ জুইৰ দৰে একুৰা জুই,,তোৰ স্মৃতিৰে পাৰ কৰিম পুনৰ এটা নিশা, বিহুৰ উৰুকা নিশা ৷ বৌ আৰু পোনা দুটালৈ অযুত মৰম,তোলৈ বহু শ্ৰৰ্দ্ধাৰে বিহুৰ শুভেচ্ছা জনালো,,,,

ইতি
তোৰ সৰু ভনী তৰামাই

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments