পূজাৰ কাপোৰ~মৃদুল কুমাৰ শৰ্মা

“পূজাত কি কাপোৰ দিলে ঔ তোমালোকক?”, কচুৰী এটা মুখত সুমুৱাই জিলাপী এখনত কামোৰ মাৰি শৰ্মানীয়ে বোমাটো ফুটালে৷

“নিদিলে মোক৷ মাইনাক পালাজ’ আমাজনৰ পৰা পঠাই দিলে৷ মোৰ হেনো গডৰেজ ঠাহ খাই আছে”, দত্তনীয়ে শব্দকেইটা এটা এটাকৈ উচ্চাৰণ কৰিলে৷ উপস্থিত এওঁৰ মুখখনলৈ চালে জাতি, ধৰ্ম, লিংগ নিৰ্বিশেষে সকলোৰে এটাই কথা মনলৈ আহিব- ’ফুলালুচী’ নামৰ কবিতাটো চাগে পাতাল কুমাৰে এওঁক চায়ে অনুপ্ৰেৰিত হৈ লিখিছিল৷

“আমাৰ এওঁৰ হেনো কৰ্মতকৈ কাপোৰ ডাঙৰ নহয়৷ চাৰিওফালে শুৰপোক নে কিবা পোক এবিধ ওলাইছে হেনো৷ তাকেই মাৰি ঘূৰি ফুৰিছে গাঁৱে গাঁৱে”, বৰানীয়ে খুৰমা দুটা মুখত ভৰাই চাহ এঢোক গিলিলে৷

“মোক ছিল্ক হাউচৰ পৰা সূতাৰ চাদৰ এখন আনি দিলে বাৰু৷ বিহুতহে ভালকৈ দিব হেনো৷ তলৰ পৰা ওপৰলৈ সজাই দিব৷ চেণ্ডেলৰ পৰা ডিঙিৰ হাৰলৈকে চব দিব৷”- মুখখন বিকটাই হোৱাটচএপত মেছেজ এটা ছেণ্ড কৰি কলিতানীয়ে বেৰৰ ফালে চাই ক’লে৷

“মোক কি দিলে সোধা আক’! মুগাৰ মেখেলা চাদৰৰ ছেট এটা৷ নিজ খুচীমতে বাছিবলৈ দিলে”, শৰ্মানীয়ে দাঁত নিকতাই হাঁহি ক’লে৷
-কি ?
-কি ?
-কি ?
বাকীসকলে যেন কোৰাচহে গালে৷

“উম! নিদি পাৰেনে৷ নিদিওঁ বুলি কৈছিল বাৰু৷ কিন্তু মই মইহে৷”

-কিন্তু কেনেকে খীৰালা ঔ? কোৱাচোন৷

একেলগে দুখন জিলাপী মুখত সুমুৱাই কোৱাৰিৰ ফাঁকেৰে বৈ অহা ৰসকণ মচি শৰ্মানীয়ে ক’লে, “চোৱা, দুমাহ আগতেই মই কৈছিলোঁ‌ যে মোক এইবাৰ মুগাৰ কাপোৰযোৰ লাগিব্বই, কিমান দিনৰ পৰা আশা কৰি আছোঁ‌। কিন্তু এওঁৰ কথা হ’ল কাপোৰযোৰত পোন্ধৰ বিশহেজাৰ টকা খৰচ কৰাতকৈ ক’ৰবাৰ পৰা ফুৰিয়েই আহো৷ হাৰে বাবা, নুবুজানো কেলেই? কাপোৰযোৰ নহ’লে কি পিন্ধি ফুৰিবলৈ যাম? দুদিনমান কন্দা কটাও কৰি চালোঁ‌৷ নাই, নুশুনেহে নুশুনে৷ মই বোলো এই কথাই কথা নহয়৷ কান্দোনৰ অস্ত্ৰপাত বেছিকৈ ব্যৱহাৰ কৰাই কাম নিদিয়া হ’লগে৷ ৰ’ বাপ্পেকে৷ মোৰোতো বুদ্ধি কম নহয়, দেখাতহে হেবাং৷ পূজাৰ তিনিদিন আগত এওঁ অফিচৰ পৰা আহি চাৰ্টটো খুলি বাৰাণ্ডাত মেলি থৈছিল৷ মই গৈ লাহেকৈ চাৰ্টটোৰ বুকুত অলপ লিপষ্টিক লগাই দিলোঁ‌ আৰু চুলি এডাল চিঙি চাৰ্টটোৰ কলাৰত ফঁচাই লগাই থলোঁ‌৷”

বাকীখিনি ইতিহাস এতিয়া৷ ম্যেই জো চাহতা হ্যু ও মেই ছীনকে লেতা হ্যু’৷

দত্তনী, বৰানী আৰু কলিতানীয়ে হা কৈ মুখকেইখন মেলি শৰ্মানীৰ ফালে চাই ৰ’ল৷

……………………….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক