পূজাৰ চোলাটো – জিতু দত্ত

মোৰ জন্মৰ এবছৰ পিছত ভাইটিৰ জন্ম৷ ছোৱালীবিহীন আমাৰ ঘৰখনত সকলোৱে ছোৱালী এজনীৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল৷ সেয়েহে সকলো লাজ- মান একাষৰীয়াকৈ ৰাখি আইতাই দেউতাক মাতি নি আমাৰ ঘৰত লক্ষ্মী এজনীৰ বৰ প্ৰয়োজন বুলি ব্যক্ত কৰাত দ্বিতীয়টো সন্তান জন্ম দিবলৈ গৈ মোৰ ভাইটিক পৃথিৱীলৈ লৈ আহিল৷ এবছৰৰ ব্যৱধানত আমাৰ বয়সবোৰ নিৰূপণ কৰা হ’ল৷ সৰু কাৰণে ভাইটিয়ে সকলোৰে পৰা মৰম, আদৰ-সাদৰ পোৱা হ’ল৷ কোনোবাই কিবা এটা বস্তু মৰমতে আমাক দুইজনকে দিলেওঁ মই মোৰ বস্তুটো আচুতীয়াকৈ ৰাখি ভাইটিৰ বস্তুটো চল চাতুৰি খটুৱাই লৈ আহো৷ সহজ সৰল ভাইটিয়ে মোক সহজভাৱে সকলো দি দিয়ে৷ দেউতাই আমাৰ দুয়োটাৰে কাৰণে যদি দুটা কলম লিখিবৰ বাবে লৈ আহে তেতিয়া আকৌ মোৰ ভাইটিৰ কলমটোতহে চকুত পৰে৷ সেয়ে লৈ আহো৷ সৰল অন্তৰৰ ভাইটিয়ে মোক কলমটো দি দিয়ে৷ ৰাতি পঢ়িবলৈ বহিলে মোক কেতিয়াবা টোপনিয়ে হেচি ধৰে৷ ভাইটিয়ে সুন্দৰভাৱে পঢ়ি থাকে৷ সি পঢ়ি থাকে মই টোপনি মাৰিম৷ দেউতা-মায়ে দেখিলে মই পিটন খোৱাতো নিৰ্ঘাত৷ গতিকে ভাইটিক মই তেল মাৰি মাৰি টোপনি অহাৰ ভাও জুৰি টোপনি মাৰিব কওঁ৷ অনিচ্ছাসত্ত্বেও সি মোৰ বাবেই শুই পৰে৷ ৰাতিপুৱা ভাইটিয়ে সোনকালে সাৰ পাই মুখ হাত ধুই পঢ়িবলৈ বহে৷ পিছে তেতিয়ালৈ মোৰ টোপনি ভঙাৰ নামেই নলয়৷ শুই থকা বাবে সদায় পিটন দেউতাৰ খাওঁ৷

: তোতকৈ সৰু লৰাটোৱে সোনকালে উঠি ইমান ধুনীয়াকৈ পঢ়া শুনা কৰি থাকে আৰু তই শুই থাক’৷ যা, তাক এবাৰ চাগৈ৷ সি মোৰ লক্ষ্মী লৰা হ’ব৷ দেউতাই কয়৷

ভাইটিৰ প্ৰতি মোৰ হিংসা হয়৷ তাক নমতাকৈ থাকো৷ সি মই তাক নমতাকৈ থকাৰ কাৰণটো বুজি পায়৷ মোৰ ওচৰত আহি শেঁতাপৰা মুখখনৰে সি কয়, “দাদা, কালিৰ পৰা তই শুব পাৰিবি দে৷ মই ৰাতিপুৱা সাৰ পালেওঁ টোপনিৰ ভাও জুৰি বিছনাতে বাগৰি থাকিম৷ তই উঠিলেহে ময়ো উঠিম৷”

তাৰ সৰলতা, মূৰ্খামিবোৰত মই মুখ টিপি টিপি হাঁহি থাকো৷ দিনটোৰ কৰ্মব্যস্ততাৰ অন্ততঃ মজুৰি হিচাপে যিখিনি টকা দেউতাই পায়, সেই আটাইখিনিয়েই মাৰ হাতত দিয়ে৷ দেউতাই আৰ্জে আৰু মায়ে ঘৰখন চলায়৷ মায়ে খুচুৰা পইচাবোৰ খৰচ নকৰে৷ আমাৰ দুইটাকে সমানে ভগাই দিয়ে৷ দেউতাই আনি দিয়া মাটিৰ বাচন দুটা মানে বেংকটোত থৈ দিবলৈ কয়৷ আমি থওঁ আৰু প্ৰতিবছৰ দুৰ্গাপূজাৰ আগেয়ে মায়ে বাচন দুটা ভাঙি টকাবোৰ একেলগ কৰি মোৰ আৰু ভাইটিৰ বাবে পূজাৰ কাপোৰ কিনি দিয়ে৷ সাঁচতীয়া সেই টকাখিনি বাদ দি আমাৰ কাপোৰৰ বাবে কোনো ধৰণৰ বেলেগ ৰাস্তা নাথাকে৷ তদুপৰি সঞ্চয়ৰ প্ৰতি আমাৰ তাগিদাটো বৃদ্ধি হৈ গৈ থাকে৷ মা আৰু দেউতাৰ মুখতো হাঁহি বিৰিঙে৷

মোৰ মাটিৰ বাচনটোৰ মুখখন মই এদিন মা-দেউতা আৰু ভাইটিয়ে গম নোপোৱাকৈ এনেকৈ বহল কৰি ৰাখিলো যাতে মোৰ কেতিয়াবা টকাৰ দৰকাৰ হ’লে আঙুলি দুটি সুমুৱাই দি দহ-পাঁচ টকা উলিয়াই আনিব পাৰো৷ মায়ে যদি মোক থবলৈ দহ টকা দিয়ে মই পাঁচ টকা উলিয়াই আনো৷ স্কুলত লৰা-ছোৱালীবোৰৰ আগত গজা, চাহ, বিস্কুট ইত্যাদি খাওঁ৷ এনেকৈ সদায় পইচাবোৰ এটা দুটাকৈ নি থকাত মোৰ মাটিৰ বাচনটোত এইবাৰ পইচা নোহোৱা হ’ল৷ মায়ে দুয়োটাৰে বাচন দুটা ভাঙি ভাইটিতকৈ মোৰ বাচনটোত দহগুণ কম পালে৷ মাৰ খঙে মোৰ চুলিৰ আগ পালে৷ কান্দি কান্দি মায়ে মোক পিটিব ধৰিলে আৰু ক’লে, ’ তই এইবাৰ পুৰণি কাপোৰ পিন্ধি পূজাত যাবি৷ ইমান অঘাইতং লৰাই পূজা নাচালেও হব৷ মাৰ মাৰত মই বৰ দুখ পালো৷ কান্দি কান্দি একো নোখোৱাকৈ বিছনাত পৰি থাকিলো৷

পিছদিনাখন দেউতাই ভাইটিৰ কাৰণে পেণ্ট আৰু এটা ফুটুকীয়া চোলা কিনি আনিলে৷ ভাইটিক পিন্ধাই দিয়াত সকলোৱে কব ধৰিলে, ‘ইমান মৰম লাগিছে বাবাক!’

মায়ে কলে, ‘চোলাটো বেচি ভাল লাগিছে সৰুক৷’

কোনোবাই সুধিলে ‘ডাঙৰ বাবা ক’ত?”

: তাক এইবাৰ একো নিদিলো আৰু নিদিও৷ সি পূজাটো যাব নোৱাৰে৷ চিধা কথা৷ – মায়ে ক’লে৷

মই আনটো কোঠালিৰ পৰা কথাখিনি শুনি ফেঁকুৰি থাকিলো৷ মোক কাপোৰজোৰ কিনি নিদিয়া বাবে ভাইটিয়ে কাপোৰজোৰ পাই অইন বছৰৰ দৰে ফুৰ্তি কৰা দেখা নাপালো৷ মনটো মাৰি সিওঁ বিছনাখনত পৰি থাকিল৷

যিকোনো খাদ্য একেলগে লগ হৈ খোৱা নিয়মটো আমাৰ ঘৰত ককা-আইতাৰ দিনৰে পৰা চলি অহা৷ এজনৰ অনুপস্থিতিত আন এজনে কেতিয়াও খোৱা নাযায়৷ ৰাতি ভাত খাবৰ সময়ত মায়ে মোক চিঞৰি আছে৷ ভাইটিয়েও মোক ভাত খাবলৈ টানি ধৰিছে৷ তাক ধমকি দি মই ভাত নাখাও বুলি তাক পঠিয়াই দিলো৷ গোটেই ঘটনাটো দেউতাই মনে মনে লক্ষ্য কৰি আছিল৷ কোনোদিনে খং নুঠা মানুহজনে খঙত টিঙিৰিতুলা হৈ মোক বিছনাৰ পৰা এক প্ৰকাৰ টানি আজুঁৰি নি এক চৰ সোধাই ভাতৰ টেবুলত বহাই ক’লে, “ভাত খা, যেতিয়ালৈকে মোৰ ঘৰত থাকিবি এনেকুৱা ভেম মোৰ আগত নেদেখুৱাবি বুজিছ’৷”

দেউতাৰ মাৰ খাই মই ফেঁকুৰি ফেঁকুৰি ভয় ভয়কৈ ভাত খাব বহিলো৷ হঠাৎ ভাইটিয়ে ভাতৰ টেবুলৰ পৰা আঁতৰি গৈ ঘৰৰ ভিতৰৰ পৰা নতুন চোলাটো লৈ আহিল৷ দেউতা- মাক উদ্দেশ্যি সি কবলৈ ধৰিলে, “মা, দেউতা, তোমালোকক এটা অনুৰোধ কৰিম, না নকৰিবা প্লিজ৷ এই চোলাটো মই দাদাক দিম৷ এই চোলাটো সি পিন্ধিলেহে মোতকৈ তাক বেছি ভাল লাগিব৷ তদুপৰি মোৰ যোৱাবছৰ লোৱা চোলাটো নতুন হৈ আছে মা৷ মই সেইটো পিন্ধিয়েই পূজালৈ চাব যাম আৰু দাদাই এই চোলাটো পিন্ধিয়েই যাব!”

ভাইটিয়ে চোলাটো আনি মোৰ হাতত একপ্ৰকাৰ গুজি দিলে৷ লও নলওকৈ তাৰ হাতৰ পৰা মই চোলাটো ললো৷ মায় দেউতাক চবজি এবাটি দি কৰচখন টেবুলতে থৈ “আই অ’ মোৰ সোণামুৱা” বুলি কৈ ভাইটিক সাবটি ধৰি চকুদুটা চলচলিয়া কৰিলে৷ আৰু মই, ভাইটিয়ে দিয়া চোলাটো ভাত খাবলৈ বহা চকীখনত থৈ ভৱিষ্যতে কেতিয়াও মা-দেউতাৰ মনত আঘাত দিয়া কাম নকৰো বুলি কান্দি কান্দি মাৰ ভৰিত দীঘল দি পৰিলো৷ মায়ে লাহেকৈ মোক উঠাই দি ক’লে, “যা, কেতিয়াও বেয়া কাম নকৰিবি৷ আমি অভাৱী, খাটিখোৱা, সংগ্ৰামী মানুহ৷ আমাৰ আৰ্জনৰ প্ৰতিটো পইচাৰে মূল্য আছে৷ অবাবত, অনাহকত কেতিয়াও এক টকাও খৰচ নকৰিবি বোপাইহঁত৷ যা, ভাত খাই শুই থাক৷ ভৱিষ্যতৰ দিনবোৰত দুয়ো ভায়ে সদায় মিলা- প্ৰীতিৰে থাকিবি৷ মনত ৰাখিবি – একতাই মানুহৰ শক্তি৷”

ভাইটিৰ হাতখনত ধৰি মাৰ কথাবোৰ মই একান্ত বাধ্য ছাত্ৰৰ দৰে শুনি থাকিলো৷

: “দাদা, চোলাটো এবাৰ পিন্ধি চাবি ব’ল৷: – ভাইটিয়ে মোৰ হাতখনত ধৰি খেচখেচাব ধৰিলে৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক