পূজাৰ পূজা (পলাশ বৰা)

পলাশ বৰা
 
মোৰ নাম পূজা কিয় ৰাখিছিলি তইহে জান পিতাই 
মোক সেই নামেৰে ইয়াত কোনেও নাজানে-সেয়াহে জানো মই।
পুৱাৰ পিঠিত উঠি ৰাতি কেতিয়া হয় গমেই নাপাওঁ
কেনেকৈ গম পাম পূজা আহিল নে নাহিল
শেৱালিৰ সুবাস পুৰণি হ’ল, চিনিব নোৱাৰো নিয়ৰৰ উজ্জ্বলতা
বাগানত পুৱালৈকে চোৱা চিনেমা, গৰম জেলেপীৰ সোৱাদ
হেঁপাহৰ দুহাত মেলি চুবযে নোৱাৰা সেই সোণালী অতীত!!
পিতাই, ডাঙৰ ঘৰত থকা মানুহবোৰ ডাঙৰ নহয়, মনবোৰ বৰ ঠেক
‘ড্ৰয়িং ৰূম’ত আৰম্ভ হৈ ‘বেড ৰূম’ত জীৱনবোধ শেষ
ইহঁতে হেঁপাহেৰে ল’ব নোৱাৰে জীৱনৰ উশাহ
মূৰ তুলি কেতিয়াও চাব নোখোজে চিনাকি আকাশ!!
পিতাই, চাৰিটা পূজা পাৰ হৈ গ’ল-হেঁপাহৰ ঘৰলৈ মই যোৱাই নাই
কেনেকৈ কওঁ তোক-ক্ৰমশঃ বাঢ়ি আহিছে মোৰ বুকুৰ ওজন
গাত লাগি থকা কাপোৰবোৰ কেতিয়ানো চুটি হ’ল
মালিকৰ সন্মুখলৈ যাবলৈ হয় হাজাৰ-বিজাৰ সংকোচ
কিয় জানো ভাব হয়-
তেওঁৰ বুকুতো যেন বাঢ়িছে লাজ লগা সপোন।
পূজাৰ আগতে এদিন আহিবি পিতাই
মালিকনীয়ে কৈছে-তিনিমাহৰ দৰমহা হেনো এইবাৰ একেলগে দিবই
কিন্তু মোৰ শপত-
ভাইটিক স্কুললৈ আকৌ পঠিয়াবি
তাক ক’বি-বেলুন আৰু পিষ্টলেৰে জীৱন গঢ়িব নোৱাৰি।
নিজৰ সপোনৰ পৃথিৱী গঢ়ি লোৱাত সি কৰিব নালাগিব ভুল
তইতো জান, সেয়ে শিকিব লাগিবই সি জীৱনৰ ভূগোল!!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক