পূজা তেতিয়াৰ,পূজা এতিয়াৰ (অৰিন্দম তালুকদাৰ)

সেয়া আছিল বিগত শতিকাৰ সত্তৰ,আশীৰ দশকৰ কথা৷ আমাৰ দেউতাই চাকৰি সূত্ৰে অসমৰ বিভিন্ন মফছলীয় ঠাইত কাৰ্য্যনিৰ্বাহ কৰা বাবে আমিও আমাৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ কিছুসময় অসমৰ বিভিন্ন মফছলীয় ঠাইত কটাব লগীয়া হৈছিল৷ আমি উৎসৱ বা স্কুল,কলেজৰ বন্ধৰ দিনকেইটাতহে গুৱাহাটীৰ মামাহতঁৰ ঘৰ আৰু দেউতাহতঁৰ পাঠশালাৰ গাঁৱৰ ঘৰলৈ প্ৰায়েই আহিছিলোঁ৷ মা- দেউতাই যিকোনো উৎসৱৰ সময়ত দুয়োখন ঘৰতে দুই তিনিদিন মানকৈ থকাকৈ আহিছিল৷ স্বাভাৱিকতে মাঘৰ বিহুৰ বাহিৰে বাকী সকলো উৎসৱৰ দিনত আমি পাঠশালাতকৈ গুৱাহাটীত থাকি বেছি ভাল পাইছিলোঁ৷ মহানগৰীৰ ব্যস্ত জীৱন,জাক-জমককৈ অনুষ্ঠিত কৰা উৎসৱসমূহ, বজাৰ-সমাৰ, গাড়ী-মটৰৰ সমাহাৰ ইত্যাদিয়ে আমাক গুৱাহাটীৰ প্ৰতি বাৰুকৈ আকৃষ্ট কৰিছিল৷ দূৰ্গা পুজা ৰ সময়ত আমি ঘাইকৈ অষ্টমী বা নৱমীলৈকে গুৱাহাটীৰ যোৰপুখুৰীৰ পাৰৰ মামাহতঁৰ ঘৰত থাকিছিলোঁ৷ গুৱাহাটীলৈ আহিয়েই মাহঁতে আমাক ফাঁচীবজাৰৰ পৰা নতুন কাপোৰ কিনি দিছিল আৰু মামাহঁতে পিষ্টল আৰু গুলী কিনি দিছিল৷ পিষ্টলৰ অবিৰত গুলী বৰ্ষণৰ ফলত গুলীবোৰ সোনকালেই শেষ হৈছিল, নহবনো কিয় পিষ্টলৰে ফুটোৱাবোৰতো ফুটিলেই বাকী দুৰ্বল কেইটামান শিলগুটিৰে পিটি পিটি ফুটাইছিলো! সেইসময়ত পিষ্টল লৈ গুলী ফুটাওঁতে মনত কিন্তু কোনো হিংস্ৰ চিন্তা অহা নাছিল৷ গুলী ফুটি শব্দটো ওলালেই আমাৰ সন্তুষ্টি ৷ দুৰ্গা পূজাত গুৱাহাটীলৈ আহিলেই আমি পূজাৰ কেইদিনত উগ্ৰতাৰা মন্দিৰ দৰ্শন কৰিছিলোঁ। আৰু খোজ কাঢ়ি উজান বজাৰ বাৰোৱাৰীৰ পূজাখনলৈ গৈছিলোঁ৷ শাৰদীয় বতৰত পূজা-অৰ্চনা, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ধুলীয়া,ঢাকী ৰ শব্দই পূজাথলীখনত কি যে এক অনন্য পৰিবেশৰ সৃষ্টি কৰিছিল! পৰৱৰ্তী সময়ত লতাশিল খেল পথাৰতে দুৰ্গা পূজা আৰম্ভ হোৱাত আমি তালৈকেও পূজা চাবলৈ খুব গৈছিলোঁ৷ সেই সময়ত আমাৰ দেউতাৰ জীপ গাড়ী আছিল৷ গতিকে গুৱাহাটী আহি পালেই মাহীহঁতে (তেতিয়া কলেজৰ ছাত্ৰী) ভিনিহিয়েকক জীপ গাড়ীৰে পূজা দেখুওৱাৰ বাবে খাটনি ধৰিছিল৷ আমিও আটায়ে নিশা নমান বজাত পূজা চাবলৈ ওলাইছিলোঁ৷ আমিবোৰে জীপৰ পিচপিনে বহি পিচফালৰ হুডটো উঠাই লৈছিলো আৰু এফালৰ পৰা পূজাবোৰ চাই গৈছিলোঁ৷ মায়ে গুৱাহাটীৰ বিখ্যাত পূজাবোৰৰ নাম কৈ কৈ আমাক সেই পূজাবোৰ দেখুৱাইছিল৷ শিলপুখুৰী, চানমাৰী, গণেশগুৰি,মণিপুৰী বস্তি, এ টি ৰোড, ফটাশিল ইত্যাদি পূজাবোৰ চাই উঠি নিশা দেৰিকৈ আমি পান্ডুলৈ গৈছিলো, সেইসময়তো নিশাৰ ভাগত পাণ্ডুৰ পূজাথলীসমূহত খুউব ভিৰ হৈছিল, পূজা থলীসমূহত আৰতি প্ৰতিযোগিতা চলিছিল, বাহিৰত আছিল আনন্দমেলা আৰু মিনাবজাৰ৷ টিভি চেনেলৰ গাড়ী, ডি জেৰ ফুল ব্লাষ্ট মিউজিক, ডি এচ এল আৰ কেমেৰা ,ম’বাইল চেলফি লৈ পূজা চোৱা এইবোৰৰ যুগ অহাই নাছিল৷পাণ্ডুত পূজাচাই আমি পূজাথলীৰ কাষৰ দোকানবোৰত মোগলাই পৰঠা,চপ কাটলেট আৰু চানাৰ মিঠাই খাইছিলোঁ৷ আশীৰ দশকৰ আগভাগত এবাৰ দুৰ্গা পূজাত আমাক দেউতাই জীপ গাডীৰে শ্বিলংলৈ লৈ গৈছিল৷ পৰৱতী সময়ত আমি বহুবাৰ শ্বিলংলৈ গৈছো যদিও আশীৰ দশকৰ সেই শ্বিলং যাত্ৰাৰ স্মৃতি এতিয়াও আমাৰ মনত সজীৱ হৈ আছে৷ তেতিয়া গুৱাহাটী-শ্বিলং পথ টি আজিৰ দৰে নাছিল৷ ছিংগল লেন পথ,বৰ্ণিহাটৰ পৰাই পথটি বিপদসংকুল হৈ পৰিছিল, বতৰে ৰূপ সলাইছিল৷ আমাৰ মনত আছে নংপোত চাহ খাই গাডীত উঠাৰ আগে আগে দেউতাই চুৱেটাৰ এটা পিন্ধি লৈছিল আৰু আমাকো গৰম কাপোৰ পিন্ধিব দিছিল৷ জীপখনে পাহাৰীয়া পথেৰে বগাব লওঁতে ফেৰফেৰিয়া ঠান্ডা বতাহ আমাৰ গাডীৰ ভিতৰলৈ সোমাই আহিছিল৷ জাৰৰ কোবত আমি জীপৰ হুড বন্ধ কৰি লব লগা হৈছিল৷ আজি কালি শ্বিলঙলৈ গলে আমি গাড়ীৰ এ চি চলাই যাওঁ, তাত গৈ এচি ৰূমত থাকো৷ সময়ৰ লগে লগে জলবায়ুৰ কি সাংঘাটিক পৰিবৰ্তন! শ্বিলংৰ বাঙালী তথা অইন শাক্তপন্থীসকলে বৰ ধুম-ধামকৈ পূজা পতা আমি দেখিথিলোঁ৷ পূজা বুলি এক উখল-মাখল পৰিবেশ৷ ৰঙীন মণ্ডপ,বেলুন, পেঁপা, ঢোল,শংখ ঘন্টাৰ শব্দ৷ ফিৰফিৰীয়া বতাহ,খিচিৰি, লুচি-ভাজিৰে আপ্যায়ন! কি যে ভাল লাগিছিল৷ এইবোৰৰ শেষত পুলিচ বজাৰ, তৰকাৰী বজাৰ আৰু আদা আৰু চূণ সৰহকৈ দিয়া একোখন তামোল৷
পূজাৰ সময়ত আমি পিতৃ গৃহলৈ গৈ বৰ বিশেষ মজা পোৱা নাছিলো৷ পাঠশালা নগৰত মাথো এখনেই পূজা হৈছিল আৰু গুৱাহাটীৰ তুলনাত তাৰ জাকজকমতা তেনেই কম আছিল৷ সি যিয়েই নহওক সেইকেইদিন কিন্তু আমাৰ গাৱঁৰ ঘৰত থাকি বৰ স্ফূৰ্তি লাগিছিল কিয়নো বন্ধ বুলি আপোন ঘৰলৈ খুড়া, পেহীহঁতৰ পৰিয়ালৰ আটাইবোৰ নিজ ঘৰলৈ আহিছিল আৰু আমি ভাই-ভনীসৱে মিলি খুউব স্ফূৰ্তি কৰিছিলোঁ৷ গধুলি গোটেইবোৰ একেলগে পূজা চাব গৈছিলোঁ৷ পূজাথলীৰ পৰা দেউতা খুড়াহঁতে নকুলদানা, খুৰমা, গজা, নিমকি আৰু এসোপা জিলাপী কিনি আনিছিল৷ আইতা, মাহঁতে গৰম গৰম লুচি বনাই এটা ডাঙৰ খৰাহীত উলিয়াই দিছিল আৰু ডাঙৰ চালনী এখনত কিচিম কিচিম জিলাপী যেনে,মাহৰ দাইলৰ,ময়দাৰ জিলাপী আৰু অইন মিঠাইবোৰ ডাঙৰ-সৰু সকলোৱে লপালপে গিলিছিল৷ তেতিয়া কাৰোৰে মুখত ডায়বেটিচ ৰোগটোৰ কথা তেনেকৈ শুনা নাছিলোঁ৷ বিজয়াদশমীৰ দিনা গাঁৱৰ নামঘৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষ্যে হোৱা নাম প্ৰসংগলৈ আমাৰ ককা সদায় গৈছিল আৰু আমিও ককাৰ লগত গৈছিলোঁ৷ আমি কলপাতত প্ৰসাদ খাইছিলোঁ আৰু ককাই অলপ খাই বাকীখিনি ৰূমালেৰে টোপোলা বান্ধি আইতানৈ লৈ আনিছিল!!
অৱশ্যে আমি প্ৰত্যেকবাৰে পূজাৰ বন্ধ দেউতাৰ কৰ্মস্থলীৰ পৰা আতঁৰি আহিব পৰা নাছিলোঁ ৷তেতিয়া আমি সেই ঠাইবোৰতে পূজা চাইছিলোঁ৷ সেই ঠাইবোৰৰ ভিতৰত মোৰ বিশেষকৈ কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, বিলাসীপাৰা, নগাওঁ, হোজাই, ডিব্ৰগড় আৰু তিনিচুকীয়াত পূজা চাই বৰ ভাল লাগিছিল৷ তাঁহানিৰ অবিভক্ত গোৱালপাৰা ,ধুবুৰী জিলাৰ পূজামণ্ডপসমুহৰ নিৰ্মাণ শৈলী, দেৱীপ্ৰতিমাৰ মূৰ্তি নিৰ্মাণৰ নান্দনিক শিল্প কৰ্মই আমাক বাৰুকৈয়ে আকৃষ্ট কৰি আহিছে৷ বিশেষকৈ কুহিলা, শোলাপীঠ আৰু টেৰাকোটা শৈল্পিক শৈলী প্ৰয়োগ কৰি সজাই তোলা মণ্ডপ আৰু প্ৰতিমাবোৰে আমাৰ মনত গভীৰ সাঁচ বহুৱাই থৈ গৈছে৷ ইয়াৰ উপৰিও পশ্চিম অসমৰ পূজাথলী সমূহত আমি এক বংগীয় প্ৰভাৱো দেখিবলৈ পাইছিলোঁ৷ তেনেদৰে নগাওঁ, হোজাই, পুৰণিগুদামৰ পূজাথলীসমূহতো বৰ সুন্দৰ কলাসুলভ চানেকী দেখিবলৈ পোৱা গৈছিল৷ আনহাতে তিনিচুকীয়াৰ পূজাথলী সমূহত এক সৰ্বভাৰতীয় চৰিত্ৰ প্ৰত্যক্ষ কৰিছিলোঁ৷ আমি তিনিচুকীয়াত থাকোঁতে চাহবাগিছাবোৰৰ পূজা সমূহ লৈ গৈ এক সুকীয়া মাদকতা অনুভৱ কৰিছিলোঁ৷ দুৰ্গা পূজাৰ কিছুদিন আগৰে পৰা মজদুৰ ভাই-ভনী সকলৰ মাজত পূজাৰ উথপথপ লাগিছিল৷ বাগিছাৰ পৰা চাইকেল লৈ বহু ডেকা-বুঢ়া চাহ মজদুৰ ভাই-ককাই তিনিচুকীয়ালৈ পূজাৰ বজাৰ কৰিবলৈ আহিছিল৷ কান্ধত ৰেডিঅ, চকুত চচমা, উগ্ৰ ৰঙা নীলা পোছাক, পকেটত ব’নাছৰ টকা আৰু চাইকেলৰ পিচপিনে একোজনী চামেলি বা লচ্মী ! আ: পূজাৰ আনন্দত মাতাল হব ওলোৱা কি যে এক প্ৰাণৱন্ত জাতি৷ পূজাৰ কেইদিনত ডুলীয়াজান, ডুমডুমা ইত্যাদিৰ ফালে ফুৰিব যাওঁতে আমি দেখিছিলো কিদৰে চাহ বাগিছা বোৰত অনুষ্ঠিত কৰা পূজা বোৰলৈ ৰঙবিৰঙী পোছাক পৰিধান কৰি অহা জাক-জাক ভক্তিপৰায়ণ ৰাইজ সমবেত হৈছিল, কিদৰে পূজাৰ আনন্দত মাতাল হৈ তেওঁলোকে নাচ-গান কৰিছিল৷ কোনে জানো কৈছিল অসমত পূজাৰ মজা লব লাগিলে বাগিছালৈ যাবা৷ কথাষাৰ সত্যাসত্য আমি এতিয়াও অনুভৱ কৰোঁ৷
বৰ্তমান মহানগৰীৰ এখন উল্লেখনীয় পূজাৰ আয়োজনৰ লগত আমি যৎকিঞ্চিত জড়িত হৈ থাকি বৰ্তমান সময়ত পূজা উদযাপনৰ ক্ষেত্ৰত অহা পৰিবৰ্তন বোৰ খুব ওচৰৰ পৰা দেখিছো, সময়ৰ ধাম-খুমীয়াত এনে পৰিৱৰ্তন সমূহ অৱধাৰিত যদিও কৰ্পৰেট গোষ্ঠী, বৈদ্যুতিন প্ৰচাৰ মাধ্যম আৰু ভোগবাদী সংস্কৃতিৰ ধামখুমীয়াত আগৰ সেই নিৰ্ভোজল ভক্তিৰসেৰে সংপৃক্ত হৈ থকা আধ্যাত্মিক পূজাৰ পৰিবেশতো যেন অলপ বাধাগ্ৰস্থ হৈছে৷ সেয়ে দেৱীক দুৰৰ পৰা প্ৰণাম যাঁচি ওচৰলৈ আহি দেৱীৰ পিনে পিঠি দি মবাইল বা কেমেৰাটো উলিয়াই এখনৰ পিছত এখন চেলফি লৈছে আৰু পূজা কমিটিৰ মানুহক সুধিছে, ”পূজা মল্ডপত ৱাই-ফাই আছে নেকি? মোৰ চেলফিটো আপলোড কৰিব লাগে!” পূজা পিছত চেলফি আগত! ৰাতিপুৱা যদি মেখেলা চাদৰ,কূৰ্তা পাইজামাৰে চেলফি,আবেলি আকৌ পালাজো,ফ্ৰক আৰু জীন পেন্ট বা কাৰগো পিন্ধি চেল্ফি! মা কচম লাগিছে আৰু দেই! এই বিলাক যিয়েই নহওঁক কিয় আমাৰ দৰে মানুহৰ বাবে পূজা সদাই আগৰ দৰেই থাকিব, যুগৰ লগত মিলাই গ্ৰহণ কৰিব লগাখিনি লম, অপ্ৰয়োজনীয় খিনি বাদ দিম৷ তথাপিও শৈশৱ-কৈশোৰৰ সেই পূজাৰ আনন্দবোৰ সদায়েই মনত থাকিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক