পূজা – মহীকান্ত নাথ

ক্ৰেচ্ …
অকস্মাৎ গাড়ীৰ ব্ৰেকত প্ৰাঞ্জলৰ ভৰিৰ হেঁচা৷ সমুখত ফটা-ছিঙা মলিয়ন পোছাক পৰিহিত দাড়ি চুলিৰে ভোবোকাৰ বৃদ্ধ এজন৷ হাতত লাখুঁটি, কান্ধত কাপোৰৰ লেতেৰা মোনা এখন৷
প্ৰচণ্ড খঙেৰে প্ৰাঞ্জলৰ ধমকি- “কাণেৰে নুশুনে, চকুৰে নেদেখে, ৰাস্তাত আকৌ খোজ কাঢ়ে৷ নিজেও মৰিব আনকো মাৰিব৷ যত সৱ দিগদাৰ মুঠতে৷ “
ধমকনিত বৃদ্ধগৰাকীয়ে উচপ খাই প্ৰাঞ্জলৰ পিনে থৰ লাগি চায়৷ মাতষাৰ তেওঁৰ খুউব চিনাকি চিনাকি লাগিল৷ বৃদ্ধলোকগৰাকীৰ অন্তৰত মাতষাৰে খুন্দিয়াই৷ এয়া নিবাৰণৰ পুতেক বাপুকণ নহয়তো!

ধৈৰ্যৰ সীমা পাৰ হৈ যায় প্ৰাঞ্জলৰ৷ ঘৰত বিশ্বকৰ্মা পূজা পাতিছে৷ অলপতে চাৰিচকীয়া এখন লৈছে৷ পত্নীৰ বৰ আবদাৰ৷ অপায় অমংগলৰ পৰা হাত সাৰি থাকিব লাগে৷ যাতে তেওঁলোকৰ ওপৰত ভগৱানৰ কুদৃষ্টি নপৰে৷ পূজাখন ভালকৈ কৰিব লাগে৷ পুৰোহিতো সোনকালেই অহাৰ কথা৷ ইফালে পূজাৰ সকলো সামগ্ৰী প্ৰাঞ্জলৰ গাড়ীত৷ নাই, আজি সি পত্নীৰ পৰা ৰেহাই নাপায়৷ ধমকনিৰ সুৰ উচ্চ হয় প্ৰাঞ্জলৰ- “চাওঁ, আঁতৰি দিয়ক সমুখৰ পৰা৷ কিনো খুঁটা এটাৰ দৰে ৰৈ আছে৷ “

বৃদ্ধগৰাকীয়ে কিন্তু আঁতৰি নাহি তাৰপৰাই অস্ফুট স্বৰেৰে মাতে-
“বাপুকণ৷ “

’বাপুকণ, বাপুকণ, বাপুকণ…’
শব্দটো কেইবাবাৰো প্ৰতিধ্বনিত হয় প্ৰাঞ্জলৰ কৰ্ণকুহৰত৷ মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ আগলৈ এই শব্দটো তাৰ খুউব পৰিচিত আছিল৷ আপোনৰো আপোন আছিল৷ কিমান দিন পিছত শুনিছে তাহানিতে শুনা সেই আপোন শব্দটি৷ শব্দটিৰ আঁত ধৰি প্ৰাঞ্জল উভতি যায় সোণোৱালী শৈশৱ তথা কৈশোৰলৈ৷ একমাত্ৰ এজনেই প্ৰাঞ্জলক ’বাপুকণ’ বুলি মাতিছিল৷ সেয়াতো.. সেয়াতো আন কোনো নাছিল৷ সেয়াতো আছিল হৰিলাল কাইটি৷ তেন্তে এই বৃদ্ধগৰাকী সেই হৰিলাল কাইটিয়ে নহয়তো? এশএবুৰি প্ৰশ্নই প্ৰাঞ্জলক জুমুৰি ধৰিলে৷ প্ৰাঞ্জলে নিজতে আওৰাব ধৰিলে- সৰুতে কোঁচত বহুৱাই চকলেট দি দি চুলি কাটি দিয়া হৰিলাল কাইটি এওঁৱেই নহয়তো? টাউনৰ পৰা শুকান বুটভজা আনি খুওৱা এওঁৱেই সেই মৰমৰ আপোন কাইটিজন নহয়তো? এওঁৱেই সেইজন, চকুৰ সমুখতে নিজপুত্ৰৰ গুলীবিদ্ধ নিথৰ শৰীৰটো চাই নিৰ্বাক হোৱা হৰিলাল কাইটি নহয়তো? কাইটিৰ বয়স পৰি অহাৰ বাবে নিজপুত্ৰক গাঁৱৰ আপোন মানুহখিনিৰ স’তে আপোনত্বৰ এনাজৰীডাল মজবুত কৰিবলৈ লগতে পুত্ৰকো কৰ্মমুখী কৰি তোলাৰ বাবে গাঁৱলৈ লৈ আহিছিল৷ কিন্তু স্বাধীন অসম বিচৰা সেনানীৰ পাশৱিকতাত কাইটিয়ে আপোন গাঁৱতে নিজ পুত্ৰক হেৰুৱাইছিল৷ সঁচা-মিছাৰ কোনো বিচাৰ নকৰি চোৰাংচোৱাগিৰিৰ সন্দেহতে এটা কৰ্মঠ শৰীৰক চিৰদিনৰ বাবে বিদায় দিছিল৷ সেইদিনৰ কটা ঘাঁ বুকুত সাৱটি গাঁও এৰা হৰিলাল কাইটি এইগৰাকী বৃদ্ধই নহয়তো?

প্ৰাঞ্জলৰ ভাৱগধুৰ, ম্লান পৰা চিন্তাক্লিষ্ট মুখাবয়ৱ দেখি বৃদ্ধই পুনৰবাৰ সেই একেই অস্ফুটস্বৰে মাতিলে- “বাপুকণ, তই নিবাৰণৰ পুতেক বাপুকণ নহৱনে? “ মই হৰি কাইটি, তোৰ সেই মৰমৰ কাইটি৷ তই হ’বলা মোক চিনিয়ে পোৱা নাই? “

এইবাৰ প্ৰাঞ্জল ৰৈ থাকিব নোৱাৰিলে৷ একেকোবেই গাড়ীৰ দৰ্জা খুলি লোকজনৰ কাষ পালেগৈ৷ অশ্ৰুসিক্ত নয়নেৰে থোকা-থুকি মাতেৰে ক’বলৈ ধৰিলে- “হয় অ’ কাইটি, ম– ময়েই তোৰ সেই বাপুকণ৷ মোক ক্ষমা কৰি দে অ’ কাইটি৷ মই মানুহ হ’ব নোৱাৰিলোঁ অ’ কাইটি৷“ কথাখিনি কৈয়েই প্ৰাঞ্জলে বৃদ্ধ হৰিলালৰ ভৰিত পৰি হুকহুকাই কান্দি উঠে৷

তৎমুহূৰ্ততে বৃদ্ধ হৰিলালে প্ৰাঞ্জলক উঠাই বুকুত সাৱটি মূৰে-গালে হাতফুৰাই দিয়ে আৰু প্ৰাঞ্জলেও বুকুৰ তাপত তাপিত হৈ হেৰোৱা প্ৰাঞ্জলক আৱিষ্কাৰ কৰে৷
অলপ সময় তেনেদৰে থাকি প্ৰাঞ্জলে হৰিলালক সোধে- “কাইটি, এই শৰীৰেৰে তইনো যাৱ ক’লৈ? “

সেপ ঢুকি হৰিলালে ক’বলৈ ধৰিলে- “ভোক, ভোক বিচাৰি ওলাইছিলোঁ অ’৷ জানোচা মোৰ কেঁচী-খুৰখিনি বিক্ৰী কৰি দুসেৰমান চাউল পাওঁৱেই৷ মোৰ ওচৰলৈ কোনো নাহে অ’ বাপুকণ৷ চকুদুটাৰেও ভালকৈ মনিব নোৱৰা হৈছোঁ৷ তিনিদিনে পেটলৈ খুদকণ এটিও…৷“

প্ৰাঞ্জলে কথাখিনি সম্পূৰ্ণ কৰিবলৈ নিদি হৰিলালক জোৰ কৰি গাড়ীত উঠাই তেওঁৰ জুপুৰীলৈ দৌৰিলে আৰু পূজাৰ বাবে ক্ৰয় কৰা সকলো সামগ্ৰী হৰিলালক অৰ্পণ কৰি চিধাই ঘৰলৈ বাট পোনালে৷

ক্ৰেচ…
নঙলামুখত গাড়ীৰ শব্দ শুনি পত্নী মীৰা দৌৰ মাৰি নঙলামুখ পায় আৰু সামগ্ৰীখিনি নমাবলৈ উদ্যত হয়৷ কিন্তু গাড়ীত পূজাৰ কোনো বয়-বস্তু নেদেখি উৎকণ্ঠিত স্বৰে প্ৰাঞ্জলক সোধে- “গাড়ীখন খালী যে? “

প্ৰাঞ্জলৰ সলসলীয়া উত্তৰ- “পূজা মোৰ ইতিমধ্যে হৈ গ’ল৷ প্ৰাণহীন বিশ্বকৰ্মাৰ পূজা মই আৰু নকৰোঁ৷ আজি কটূক্তিৰে বিষ নাঢালিবি৷ মোক অলপ জিৰণি ল’বলৈ দে৷“

পত্নী মীৰাৰ মুখখন বায়ুভৰ্তি বেলুনটোৰ দৰে ফুলিল যদিও প্ৰাঞ্জলৰ নৱৰূপ দেখি সেমেনা-সেমেনিকৈ তেওঁ ভিতৰত সোমাল৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক