পূবৰ বেলি পশ্চিমৰ ৰঙ … আৰু এটি মধ্যাহ্নৰ আলসুৱা সাধু — নাজমা বেগম

এই কেইদিনৰমানৰ পৰা বাবামণিৰ মনটো বৰ ভাল নহয় । প্ৰথম অৱস্থাত খুউব ভাল লাগিছিল তাৰ । বাহ্ স্কুল বন্ধ, কিবা বোলে বেমাৰ এটা আহিছে । ক’ৰ’না । চীন দেশৰ পৰা আহিছে বুলি মাকহঁতে কোৱাকুই কৰা শুনিছিল । ককাক, আইতাকহঁতক দেউতাকে চুপি খোৱা কিবা টেবলেটৰ পৰা আৰম্ভ কৰি এসোপামান ঔষধেৰে টেবুল ভৰাই দিছিল । গেটৰ বাহিৰলৈ ওলোৱা বন্ধ কৰা দেউতাকৰ হুকুমত আইতাকে ভোৰভোৰাইছিল
: অ’ আই এনেনো কি বেমাৰ আহিল অ’ ৰাস্তালৈ ওলালেও বেমাৰ গাত লাগি আহিব !
কিন্তু কথাবোৰ বুজিবলৈ বেছি সময় নালাগিলেই। জনতা কাৰ্ফিউৰ দিনা বাবামণিয়ে ককায়েক ধনমণিৰ লগ হৈ ছাতৰ ওপৰৰ পৰা সিহঁতৰ সন্মুখৰ শূন্য হৈ থকা পথটো চালে । তাৰ পিছতে লাহেকৈ আৰম্ভ হ’ল লক ডাউন । সুখেই সুখ বাবামণিৰ । ধলপুৱাতে বিছনা এৰাৰ চিন্তা নাই । মাকৰ ওফোন্দা মুখ চাই চাই সোপাসোপে ভাত এসোপা গিলি মাকৰ পিছে পিছে দৌৰি গৈ বাছত উঠাৰ চিন্তা নাই । বাছত বহিয়েই খিৰিকীৰে মাকৰ হাঁহিভৰা মুখখন দেখিলেই বাবামণিৰ মনটো এনেয়ে পাতল লাগি যায় । যেন ডাৱৰ ফালি ওলাই অহা এচমকা পোহৰহে । হাঁহিলে ইমান মৰমলগা মাকজনীয়ে কঁপালখন কিয় থূপ খুৱাই থয় এই কথা জানে বাবামণিয়ে, কাৰণ ককায়েক ধনমণি আৰু তাক চম্ভালি থকা অলপ কথা নহয় । মাকৰ খঙ উঠক বুলি সি একো নকৰে কিন্তু ধনমণিৰ লগত তাৰ কিবা কামবোৰ নিমিলে । লাগি যায় দূৰ্বাদল কাজিয়া, আৰু ফলশ্ৰুতিত মাকৰ চাটৌপ চাটৌপ এচাৰিৰ কোব এটা হ’লেও ধনমণিৰ ভাগত কমকৈ পৰি বাবামণিৰ তাত যোগ হৈ যায় ।
: ত‌ই সৰুটো হৈ আগে আগে লাগি লৱ কিয় ? ককায়েৰক চাবি কিমান শান্ত সি । ত‌ই তাৰ কি এটা গুণো পাইছনে? নে এটা ছবি আঁক ? নে পঢ়াশুনাত কিবা কৰি পাইছ আজিলৈ ? কেৱল কাজিয়া লাগিবলৈ শিকিলি । —এচাৰিৰ চাটৌপ চাটৌপ কোবত বাবামণিৰ চেকচেকনি নুঠে, কথাই প্ৰতি মাকে ককায়েকৰ লগত ৰিজনি দি থকা কথাষাৰ একেবাৰে হজম নহয় তাৰ ।
সকলোবোৰৰ পৰা মুক্ত হ’লেও বাবামণিয়ে কিন্তু লকডাউনৰ সময়তো এই তুলাচনীৰ বৃত্তৰ পৰা ৰেহাই নাপালে । ধনমণিয়ে পুৱাই দেউতাকৰ লগত উঠি ব্যায়াম কৰে, মাকক পাকঘৰত সহায় কৰে, আইতাকৰ-ককাকৰ নখ কাটি দিয়ে নাইবা গছৰ গুৰি খুচৰি পানী দিয়ে কিন্তু বাবামণিৰ কাম হ’ল ৰাতিপুৱা উঠিয়েই ৰিম’ট দুটা বিচাৰি হাহাকাৰ লগোৱা । ঘৰখনত সি ধনমণিৰ ওলোটা কামবোৰ কৰিয়েই সুখী হয় । মাক দেউতাকৰ চকুত সি বেয়া ল’ৰা হৈয়েই ভাল পায় ।
: উঠিয়েই লগাই ল’লি ন এইটো ? তোৰ দুয়োটা বেটেৰী কোনদিনা যায় আৰু । ধনমণিক চাগৈ যা কি ধুনীয়া ছবি আঁকিছে , কালি এখন ম‌ই ফেচবুকত আপলোড কৰিছিলো কিমান লাইকচ, কমেণ্ট এবাৰ চাবি? —ৰুটিৰ প্লেটখন টেবুলত থ’বলৈ আহোঁতে মাকে জোৰ জোৰকৈ কথাকেইটা ক’লে বাবামণিক ।
: নাচাও সেইবোৰ দৰকাৰ নাই মোৰ –বাবামণিয়ে ভেঁকাহি মাৰিলে ।
: লাজ পাৱ যে কিয় চাবি ন? –মাকে বেঁকাকৈ হাঁহিলে ।
: নহয় , তুমি যে সিদিনা কাৰোবাক ফোনত কৈ আছিলা তাইক ইমান ভুতুনী যেন লাগিছে কিন্তু ফেচবুকত কমেণ্ট এটা নিদিলে নহয় বাবে ছ’ কিউট লিখি দিছোঁ বুলি হা হাকৈ হাঁহি থকা নাছিলা জানো ? —বাবামণিৰ গোল গোল চকু দুটা জ্বলি উঠিল এক অবুজ আনন্দত ।
: ত‌ই ডাঙৰে কি কথা পাতিছোঁ সেইবোৰ শুনি থাক নহয়, চুপ একদম চুপ –দৌৰ মাৰি ওলাই যোৱাদি যাওঁতে ড’ৰমেটখনত উজুটি খোৱাৰ দৰে হ’ল তেওঁ।
: চম্ভালকে যানা মাম্মি —ৰুটি এডোখৰত কামোৰ মাৰি বাবামণিয়ে ডৰেমনৰ পৰা চেনেলটো সলাই নি নিনজা হাতুৰীত লগাই দিলে । কেতিয়াবা তাৰ বৰ মন যায় ডৰেমনহঁতৰ লগত গুচি যাবলৈ । ককাকৰ বাদে ঘৰখনত প্ৰতিজনেই তাক ধনমণিৰ লগত তুলনা কৰি থাকে । বিৰক্ত হয় সি, কেতিয়াবা অতিষ্ঠ হয় । ধনমণিৰ মুখত অনবৰতে লাগি থকা অহংকাৰী ভাবটোৱে বাবামণিক ক্ৰমান্বয়ে দূৰলৈকেহে আনে ।
:তুমি ঈশ্বানুৰ ভাইটি নোহোৱা জানো ? মাই গড্ হি ইজ চ’ টেলেন্টেড বাট য়ু ? –স্কুলত প্ৰায় প্ৰতিগৰাকী শিক্ষকৰ ৰঙা চকুত ওলমি থাকে তুলাচনীখন ।
বাবামণিৰ চকু দুটা পোৰে।
বাবামণিৰ বুকুখন বিষায় ।
বাবামণিৰ হাতৰ মুঠি দুটা টান হয়।
দহবছৰীয়া অবুজ মনটোৰ চকুপানীখিনি টয়লেটৰ চাৰিখন বেৰৰ বাহিৰে কাকো নেদেখুৱায় সি ।
সেই সময়বোৰ সলনি হৈছে । ক’ৰণাটো শেষ নহ‌ওক বুলিয়েই মনে প্ৰাণে প্ৰাৰ্থনা কৰা বাবামণিৰ ক্ৰমান্বয়ে অসহ্য হৈ আহিছে এই বন্দীত্ব । অনবৰতে মাকৰ থূপ খাই থকা কঁপালখনৰ বাদে হাঁহি এমোকোৰা নেদেখা হ’ল । গধূলি সময়ত দীঘলীয়াকৈ কাৰোবাৰ লগত কথা পাতি থকা মাকৰ দিনটোৰ অভিযোগৰ টুকুৰা টুকুৰ কথাবোৰ টি ভি চাই থকাৰ সময়তো বাবামণিৰ কাণত পৰে।
: সঁচাই দেই বিৰাট ব’ৰ হৈছোঁ, এইডাল মানে কি যে বেমাৰ আহিল ঐ দিনটো পাকঘৰটোতে গৈছে জাননে ? কেৱল খোৱা খোৱা আৰু খোৱা । সৰুটো টিভিৰ পোক ,ডাঙৰটোৱে অনলাইনত ঢেৰ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছেতো । প্ৰাইজ পাব‌ই সি । —তাৰ পিছৰখিনি বাবামণিয়ে নুশুনে টি ভিৰ ৰিম’টৰ ভলিউমৰ বাটনটোত হেঁচা এটা মাৰি দিয়ে সি । অলপ পিছতে মাকে পিঠিত ঢকা এটা মাৰি কৈ যায়
: এইডালৰ উৎপাতত শান্তিকৈ কথা অকণমান পাতিব নোৱাৰোঁ ।
ককাকৰ ওচৰত কেতিয়াবা বহি বাবামণিয়ে ঢেৰ কথা সুধি থাকে । তেওঁলোকৰ দিনৰ মুকলিমুৰীয়া জীৱনৰ কথাবোৰে বাবামণিক অপাৰ সুখ দিয়ে । ফ্লেটৰ বন্দী জীৱনত অসহায় হৈ পৰা ককাক আইতাকৰ মনৰ দুখবোৰ বাবামণিৰ বুকুলৈকে বৈ আহে কেতিয়াবা ।
: বুমন খুড়াৰ লগত গাঁওৰ ঘৰত তোমালোক থকা হ’লে ময়ো গৈ তাতেই থাকিলোঁ হয় । ইয়াত কিমান সোমাই থাকিম আৰু । –বাবামণিয়ে ককাকৰ আঠু দুটাত মূৰটো পেলাই দিয়ে ।
: জীৱনটো বৰ বিচিত্র বোপাই, নিজ হাতে গঢ়ি লোৱা ঘৰখন এৰি এই বাকচটোৰ মাজত থাকিবলগা হৈছেহি । সময়বোৰ একে নাযায় অ’ । –ককাকৰ হুমুনিয়াহৰ লগে লগে বাগৰি অহা চকুপানী দুটোপাল বাবামণিৰ গালত পৰে । ধৰফৰাই উঠে বাবামণি ।
: কান্দিছা নেকি তুমি ?
: নাই অ’ অপাৰেচনটো হোৱাৰ পিছৰে পৰা সঘনাই চকুপানী ওলাই থাকে, ত‌ই জান‌ই দেখোন । –ককাকৰ অভিনয় ধৰিব পাৰে বাবামণিয়ে । লাহেকৈ ককাকৰ ওচৰৰ পৰা আঁতৰি সি গেটখনৰ ওচৰত ৰৈ থাকে । কাকো নেদেখে । আকৌ উভতি টি ভিটো লগাও বুলি যাওঁতে পাকঘৰত মাকে দেউতাকক কৈ থকা শুনে সি
: জন্ম কি অকল আপোনাকে দিছিল নে ? আৰু চাকৰি কি অকল আপুনিয়ে কৰিছে? গাঁওৰ ঘৰত চাউল, মাছ , তামোল , পাণ কি কিনিব লাগে ? নে ঘৰ ভাড়া দিব লাগে ? লক ডাউন খুলিলেই থৈ আহিবগৈ। নোৱাৰোঁ ম‌ই । –মাকৰ কথাবোৰ নুশুনা ভাও ধৰি বাবামণি পাৰ হৈ যায় কিন্তু মনটোত খুন্দিয়াই প্ৰতিটো কথাই । বাবামণিৰ মাক দেউতাকে তাক আৰু ককায়েক ধনমণিক তুলনা কৰাৰ দৰে দেউতাক আৰু বুমন খুড়াকো চাগে তুলনা কৰিছিল । সেইকাৰণে বুমন খুড়াই ককাক আইতাকক বেয়া পাই ইয়াত থৈ গ’ল । হঠাতে বাবামণিৰ মনটো মাক দেউতাকৰ প্ৰতি বিতৃষ্ণাৰে ভৰি পৰে ।
দেউতাকৰ কলেজ খুলিছে, নিয়মিতভাৱে কলেজলৈ যোৱা দেউতাকে বৰ সাৱধানতাৰে কলেজলৈ গৈছে, আহিছে । সকলোৰে পৰা কিছূ দূৰৈত তেওঁ বহিছে, শোৱনি কোঠাত বিছনা বেলেগে লৈছে তেওঁ । বাবামণিয়ে দূৰৈৰ পৰা দেউতাকক সোধে
: আমাৰ স্কুল কেতিয়া খুলিব দেউতা ?
: উ আই পঢ়া শুনাৰ নাম গোন্ধ নোহোৱা ল’ৰাটোৰ যে স্কুললৈ মনত পৰিল? –মাকে হাঁহে ।
: ডাঙৰখিনিৰ খুলিব সম্ভৱতঃ কিন্তু তহঁতৰ চাগে বছৰটো এনেকৈয়ে যাব । –হুমুনিয়াহ এটা এৰি দেউতাকে দিয়া উত্তৰটোত বাবামণি জপিয়াই উঠিব বুলি মাক দেউতাকে কৰা অনুমানটোক ভুল প্ৰমাণিত কৰি সি ফেঁকুৰি উঠিল
: কিমান দিন যে ফ্ৰেণ্ডচখিনিক দেখা নাই, কিমান দিন মিছৰ গালি শুনা নাই , ফিল্ডখনে চাগে আমাক মিছ কৰি আছে। কেতিয়া দিনবোৰ আগৰ দৰে হ’ব দিতা ? কেতিয়া ? –হুকহুকাই কান্দি উঠা বাবামণিক মাকে বুকুৰ মাজত ভৰাই ল’লে । দিনটো ঘৰতে থাকে বুলিয়েই দহবছৰীয়া বাবামণিটোক কেৱল গালি শপনিকে পাৰি থাকে । কোনোবাখিনিত অকলশৰীয়া হৈ গৈছে সি ।
: ধন, ইয়াৰ লগত দিনত ত‌ইতো অকণ খেলিব পাৰ । –মাকে জানেই দুয়োজন ল’ৰাৰে ভাললগাবোৰৰ মাজত যে অকণো মিল নাই । তথাপি বাবামণিৰ মনটো ভাল লাগক বুলিয়েই মাকে কথাষাৰ ক’লে ।
: তাৰ লগত খেলাতকৈ ম‌ই বহি থাকিম অকলে । চবতে তাৰেই ওস্তাদি । ভণ্টি এজনী থকা হ’লেই ভাল আছিল মোৰ । মোৰ লগৰ বিবেকৰ ভণ্টিজনীয়ে তাক কিমান ভালপায় ! মা, তুমি নমোৰ ঘৰৰ পৰা মোলৈ ভণ্টি এজনী আনি দিব পাৰিবা নেকি ? —টোপনিয়ে জোকোৱা বাবামণিয়ে শেহলৈ দীঘলীয়াকৈ হামি দুটামান মাৰি মূৰটো বেৰৰ ফালে ঘূৰালে ।
ৰাতিপুৱা মাকে ফোনত চিঞৰি চিঞৰি কথা পাতোতেহে বাবামণিৰ চকু মেল খালে । আঠ বাজি পাৰ হৈ গ’ল । লাহেকৈ চেণ্ডেলযোৰ চোচোৰাই নামি আহোঁতে ধনমণিয়ে বেঁকাকৈ বাবামণিলৈ চাই হাঁহি এটি মাৰিলে
: অনলাইন ড্ৰয়িঙ কম্পিটিশ্যনত ফাৰ্ষ্ট প্ৰাইজ পালোঁ । –ধনমণিয়ে কোৱা কথাষাৰ শুনিও নুশুনাৰ ভাও ধৰি বাবামণিয়ে বেচিনটোৰ ওচৰত দাঁত ঘঁহিবলৈ লাগিল । চিন্তা এটাই খাই মাৰিব ধৰিলে তাক, ধনমণিয়ে কোৱা কথাটো যদিহে সঁচা তেনেহ’লে আজি দিনটো তাৰ সুখেৰে নাযায় । কম্পেয়াৰ নামৰ শব্দটোকে সি সবতকৈ বেয়া পায় । মাকে চাগে এতিয়া ফোনত চিঞৰি চিঞৰি গোটেইখনকে শুনাই আছে । কেতিয়াবা এই মৰমলগা মাকজনীকো বাবামণিৰ দেখিবলৈ মন নাযায়, যেতিয়া কথাই কথাই ধনমণিৰ লগত তাক তুলনা কৰে, ককাক আইতাকক গাঁওৰ ঘৰত থৈ আহিবলৈ দেউতাকৰ লগত কাজিয়া কৰে, ভাতৰ বাচনকেইখন ককাক আইতাকৰ সন্মুখত ঠেকেচি থৈ আহে তেতিয়াই বাবামণিৰ মাকক ৰাক্ষসিনীৰ দৰে লাগে । দিনৰ দিনটো মুখ শুকাই বহি থকা ককাক আইতাকৰ লগত মাকে কাষত বহিও এষাৰি কথা পতাও আজিলৈকে দেখা নাই বাবামণিয়ে । সময় অকণ পালেই মাকে ম’বাইলটোত সোমাই যাওঁ যাওঁ কৰে ।
: তোৰ দাঁতত গোবৰ লাগি আছেনে, ইমান দেৰি কি কৰিছ ?–মাকৰ চিঞৰত মূৰটো টিঙটিঙাই গ’ল বাবামণিৰ । বেচিনৰ পানীবোৰ এনেয়ে খুলি দি চটিয়াই থাকিল সি । খঙ উঠিলে এনেকুৱা কাম কৰি সি বহুত ভাল পায় । পানী শেষ হ’লে মাকে ধৰফৰাই ফুৰিব, আৰু সি মজা পাব।
: পানীসোপা চটিয়াই আছ কিয় অ’ ? সেইবোৰ কিনি অনা পানী । তোক লাগে ৰাতিপুৱাই ? এপৰলৈ শুবি, উঠি এইবোৰ অত্যাচাৰ । এইটোৰ উৎপাত সহি থকাতকৈ স্কুলখন খোলাই ভাল । —মাকৰ চিঞৰ শুনি আইতাক বেচিনৰ ওচৰ পালেহি ।
: সোনকালে মুখখন ধুই আহা বাবা । মায়ে আজি আলু পৰঠা বনাইছে । –আইতাকৰ মৰমৰ মাতষাৰত সি পমি গ’ল । লৰালৰিকৈ মুখখন ধুই পাকঘৰত সোমাই বিস্কুটৰ টেমাটো একেটানে লৈ বাবামণি ডাইনিঙত বহিল ।
: বিস্কুটৰ টেমাটো কিয় আকৌ ? পৰঠা খাবিয়েই নহয় । –দেউতাকে মাতটো প্ৰয়োজনতকৈ সৰুকৈ ক’লে । মাকে শুনিলেই আকৌ চিঞৰ বাখৰ লগাব ।
: ম‌ই মানে বিস্কুট এটাও মৰ্জিমতে খাবলৈ নাপাওঁ ন ? –জোৰকৈ বিস্কুটৰ টেমাটো সি ঠেকেচি দিলে টেবুলত । সেইখিনি সময়ত মাকেও পৰঠাৰ হটকেচটো লৈ সোমালেহি ।
: কি হৈছে তোৰ ? বস্তু ঠেকেচিবলৈ কিহে পাইছেনো ৰাতিপুৱাই । কিবা খঙ উঠিব পিঠি ফালি পেলাম । –মাকে হাত এখন দাঙি বাবামণিৰ ফালে খেদি আহিল ।
: হ’ব দিয়া মনে মনে থাকাচোন । খালেই যেনিবা বিস্কুট এটা কিনো হ’ল । তহঁতো মানে —ককাক একমাত্ৰ মানুহ যিয়ে বাবামণিক কেতিয়াও ভুল নেদেখে ।
: এনেকৈ মূৰৰ ওপৰত উঠাই উঠাই ইয়াক বৰবাদ কৰাৰ গুৰিতে আপুনি । সকলো কথাতে তাকেই কিয় শুদ্ধ দেখে? –মাকৰ মাতত পৃথিৱীৰ সমস্ত তিতা ।
: ত‌ই এনেকৈ থাকোঁতেই যাব, ককায়েৰে প্ৰাইজ পাইছে আৰ্ট কম্পিটিশ্যনত । –মাকৰ বকলা আৰম্ভ হোৱাৰ আগতেই বাবামণি খোৱা টেবুলৰ পৰা উঠি গ’ল ফোঁ ফোঁৱাই ।
: খোৱা বোৱাৰ সময়কণো ল’ৰাটোক শান্তি নিদিয়ে । –বাবামণিৰ পিছে পিছে পৰঠাৰ প্লেটখন লৈ ককাক উঠি আহিল ।
বাবামণি চিধাই গৈ ককাকৰ বিছনাত বহিল । নাকৰ ফুলি উঠা পাহি দুটা , চলচলীয়া চকু দুটা আৰু চেপি ৰখা ওঁঠৰ মুখখনে ককাকৰ বুকুখন বিষাই তুলিলে । পৰঠাৰ টুকুৰা এটা চিঙি ককাকে বাবামণিৰ মুখৰ আগত দাঙি ধৰিলে । সি মুখখন ঘূৰাই দিলে ।
: খোৱা বস্তুৰ লগত কেতিয়াও খঙ কৰিব নাপায় , খোৱা টেবুলত বহি কাজিয়া কৰিব নাপায় আৰু ডাঙৰৰ কথাত মুখে মুখে উত্তৰ দিয়া বেয়া কথা , এইবোৰ সকলো জানিও এনে কিয় কৰা বাবা ? –ককাকৰ মিঠা মাতষাৰত বাবামণিৰ সৰো নসৰো চকুপানী দুটোপাল দুগালেৰে বাগৰি আহিল ।
: মায়ে সদায় দাদাৰ লগত মোক কম্পেয়াৰ কৰে । ম‌ই ছবি আঁকি বেয়া পাওঁ, পঢ়ি বেয়া পাওঁ, গান গাব নাজানো, গীটাৰ দেখিলেই মোৰ খঙ উঠে । এইবোৰ কি জানিব‌ই লাগিব নেকি ? —বাবামণিয়ে পৰঠাৰ টুকুৰাটো চোবালে ।
: জানিব‌ই লাগিব বুলি কোনো কথা নাই যদিও এতিয়া দিনকাল বহুত বেলেগ বাবা । কম্পিটিশ্যনৰ যুগ এতিয়া । আমি জীয়াই থাকিবলৈ, সুন্দৰ জীৱন যাপন কৰিবলৈ কিছুমান বস্তু শিকিবলৈ চেষ্টা কৰাটো ভাল । আৰু মাক দেউতাকে কেতিয়াও সন্তানৰ অহিত নিচিন্তে বাবা । হা ম‌ই মানো কম্পেয়াৰ কৰাটো বেয়া কথা কিন্তু । –বাবামণিৰ মুখত দ্বিতীয়টো পৰঠাৰ টুকুৰা ভৰালে ককাকে ।
: ময়ো কিবা এটা বনিব খোজো ককা । দাদাতকৈ বেলেগ । মায়ে ভালপোৱা ।
: চেষ্টা কৰিলে কিয় নোৱাৰিবা ? তুমি তোমাৰ ভাললগা কাম এটা কৰাচোন এইকেইদিনতে । ইমান সৰু সৰু কথাত কিয় খঙ কৰা বাবা? খঙ বৰ বেয়া বস্তু ।
: নাজানো ককা । আগতে মোৰ ইমান জল্ডি খঙ নুঠে দেখোন । –পৰঠাৰ টুকুৰা এটা বাবামণিয়ে ককাকৰ মুখতো ভৰাই দিলে ।
ককাকে একো নামাতিলে, ঘোলা দৃষ্টিৰে গ্ৰীলৰ বাহিৰলৈ চাই ভাবি থাকিল তেওঁ আজি ছয় সাতমাহে চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থকা বিপন্ন সময়ৰ বাবামণিহঁতৰ কথাবোৰ । কেৱল টিভি, ম’বাইল, অনলাইন ক্লাছকেইটাৰ বাদে মনৰ কথাবোৰ ভগাবলৈ আছে কোন সিহঁতৰ ? মাক যদি পাকঘৰত ব্যস্ত, দেউতাকে কলেজৰ কামত অনবৰতে লেপটপ লৈ ব্যস্ত । ধনমণিয়ে প্ৰতিটো সময়ত বাবামণিক তলত ৰাখিব বিচৰা স্বভাৱটোৰ বাবেই সি ধনমণিক বৰ এটা ভাল নাপায় । এনে পৰিস্থিতিত শিশুৰ মানসিক অৱস্থাটোৰ উমান প্ৰতিগৰাকী অভিভাৱকে কৰা উচিত । তাৰ সলনি যদি সিহঁতক আনৰ লগত তুলনা কৰা, গুৰুত্ব নিদিয়া নাইবা গালি শপনি পাৰি থকা হয় তেনেহ’লে মনবোৰ বিদ্ৰোহী নহৈ কি হ’ব !
এইকেইদিন বাবামণিৰ মনটো বৰ ভাল । ককাকে ভাড়াঘৰটোৰ খালি ঠাইখিনিত কটাৰী এখনেৰেই খুচিবলৈ শিকাই দিছে, তেওঁ খন্টি এখনৰে মাটিবোৰ গুৰি কৰিছে । দেউতাকে বজাৰৰ পৰা লাইগুটি আনিছে, ধনীয়াৰ গুটি দুটামানো তিয়াই ৰাখি বাবামণিক চটিয়াবলৈ দিলে । এতিয়া বাবামণিৰ এটাই কাম, অনবৰতে ঠাইখিনি জুপি থকা । খিঙখিঙীয়া ল’ৰাটোৱে এইকেইদিন কাকো আমনি কৰা নাই, টুল এখন পাৰি ককাকৰ লগত খেতিৰ কথা পাতি থাকে । সপোন দেখে সি ডাঙৰ পথাৰ এখনৰ, য’ত মাথো কেৱল সেউজীয়া।
অনলাইনত ধনমণিৰ পুৰস্কাৰটো আহি পোৱাৰ পিছতে মাকে ধনমণিক পুৰস্কাৰ সহিতে ফটোশ্বুট কৰিলে । ফেচবুকত আপলোড কৰাৰ পিছতে মাকৰ ফোনৰ ৰিঙ বন্ধ নোহোৱাই হ’ল । সকলোৱে মাকৰ লগত অকণমান কথা পাতিয়েই ধনমণিক বিচাৰে, ধনমণিয়ে কেৱল থেংক ইউ থেংক ইউ কয় আৰু বাবামণিলৈ চায় । বাবামণিয়ে নুশুনা ভাও ধৰে । তাৰ চকু কেৱল ধনীয়া আৰু লাইৰ গুটিৰ ওপৰত ।

বাবামণিৰ চিৎকাৰত ৰাতিপুৱা সকলোৰে টোপনি ভাগিল । ককাকক বিছনাৰ পৰা টানি নমাই আনিলে সি । বাকী সকলো আহি নিজেই উপস্থিত হ’ল আগফালে । বাবামণিৰ কণমানি খেতিডৰাত লাইৰ অকণ অকণ গুটিবোৰৰ পৰা বেঁকাকৈ ঠাৰি এডালৰ পৰা মেলো নেমেলোকে দুপতীয়া পাতবোৰ লুকাই আছে, অকণ অকণ সেউজীয়া দেখি তিৰবিৰাই উঠা বাবামণিৰ চকুদুটা চাই ককাকে এসোঁতা চকুপানী মচিলে ।
: ই মোৰ মাটিৰ ল’ৰা অ । মাটিৰ ল’ৰা । –উচুপি উঠিল তেওঁ ।
হঠাতে মাকে গৈ ভিতৰৰ পৰা ম’বাইলটো আনি বাবামণিক ক’লে
: ত‌ই কাষতে ৰৈ থাক, মোৰ ল’ৰা খেতিয়ক বুলি ফটো এখন তুলি ফেচবুকত দিওঁ ।
: মা সকলো কথাই ফেচবুকত জনাব লাগিব বুলি একো নিয়মতো নাই ন? –বাবামণিয়ে ম’বাইলটো মাকৰ হাতৰ পৰা লৈ হাঁহি এটা মাৰি ক’লে ‌।
মাকে সেমেনা সেমেনি কৰি ভিতৰলৈ গ’ল । ধনমণিও পিছে পিছে সোমাই গ’ল । বাবামণি লাহেকৈ দেউতাকৰ কাষলৈ আহিল আৰু ক’লে
:দেউতা, দাদাই চাকৰি কৰিব আৰু যদি ম‌ই খেতি কৰোঁ তোমাৰ কিবা আপত্তি থাকিব নেকি ?
: খেতি কৰিবলৈকো ভালকৈ পঢ়িব লাগিব আকৌ । মোৰ অকণো আপত্তি নাথাকে বাবা । –দেউতাকে মিঠাকৈ হাঁহিলে ।
: দাদা চাকৰি কৰি টাউনত থাকিব আৰু ম‌ই গাঁৱত থাকিম । তোমালোক কাৰ লগত থাকিবা কোৱা ? –দেউতাকৰ কোচত বহি ল’লে সি ।
: ম‌ই তোমাৰ লগত থাকিম দেই, মা কাৰ লগত থাকে নাজানো । –দেউতাকে বাবামণিৰ গালখনত নিজৰ গালখন ঘঁহাই দিলে ।
: মায়ে চাগে দাদাৰ লগতে থাকিব । দাদাক বেছি ভালপায় যে । –বাবামণিৰ কথাখিনি মাকে শুনিলেহি। হঠাতে মনৰ মাজত এখিনি দুখে তেওঁক হেঁচা মাৰি ধৰিলে । গাঁওৰ পৰিৱেশত ল’ৰা বেয়া হ’ব বুলি মানুহজনক জোৰকৈ তেওঁ চহৰমুখী ঠিকেই কৰিলে কিন্তু বাবামণিক তেওঁ শিপাৰ পৰা বিছিন্ন কৰিব নোৱাৰিলে । চহৰত থাকিও তাৰ মনটো এতিয়া সেউজীয়াৰ সৈতে দৌৰে । ধেমালিতে ধনমণিৰ সৈতে তুলনা কৰা সময়বোৰে তাৰ শিশু মনটোত তেওঁৰ প্ৰতি জগোৱা বিৰাগখিনি আঁতৰাই মৰমখিনি প্ৰকাশ কৰাত কুণ্ঠাবোধ কৰিব নালাগিব আৰু । লকডাউনৰ সময়ত চহৰৰ ভাড়াঘৰত গোটেই পৰিয়ালটোৱে পোৱা কষ্টখিনিৰ সময়ত গাঁওৰ ভৰপূৰ ঘৰখনে অলপো আমনি কৰা নাছিল তেওঁক । গাঁৱৰ ঘৰত থাকিও ল’ৰা দুটাক চহৰৰ স্কুলত পঢ়ুৱাৰ কথাটোৱে এচমকা পোহৰ সিঁচি গ’ল বাবামণিৰ মাকৰ বুকুত । লাহেকৈ তেওঁ বাবামণিৰ ওচৰলৈ আহি ক’লে
: আমি সকলোৱে গাঁওৰ ঘৰত একেলগেই থাকিম দে । আৰু তোক ম‌ই ধনমণিতকৈ কেতিয়া কম ভালপাওঁ বুলি ক’লো হু ? বাবামণিক কাণখনত চেপা এটা দিলে যদিও আজি সি খঙ নকৰি মাকৰ পেটত মূৰটো গুজি দিলে ।
কুমলীয়া ৰ’দকণত কণমানি লাইৰ পুলি কেইটাই মিচিকিয়াই হাঁহিলে যেন ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments