পূৰ্ণতা – নাজিফ হাজৰিকা

পৰিক্ৰমাটো আৰম্ভ হয় ৮ – ৯ বছৰ মান বয়সত৷ বিয়াঘৰত ডাঙৰ মানুহ এজনে চিগাৰেট হুপি থকা দেখি দিগন্তৰো মন যায় হুপি চাবলৈ৷ খুৰাকৰ ল’ৰা, মোমায়েকৰ ল’ৰাকেইটাক লগত লৈ মনে মনে সিহঁতে অভিযান আৰম্ভ কৰে৷ সৰু সৰুকৈ কাগজ ফালি পকাই পকাই নুৰা বনাই এফালে জুই লগাই হুপি চাই, নিজকে হিৰ’ হিৰ’ যেন অনুভৱ কৰে৷
দিন যোৱাৰ লগে লগে দিগন্তহঁতে গম পাই যে কাগজৰ ভিতৰত ধঁপাত থাকে৷ ১২ বছৰ মান বয়সত ১ টকা লৈ অলপ সাহস গোটাই দিগন্তই গোবিন্দৰ দোকানৰ পৰা ৬টা বান্দৰ বিড়ি কিনি আনে৷ লগৰকেইটাক লৈ ঘৰৰ বাঁহনিৰ চুকত বিড়ি হুপিবলৈ প্ৰেক্টিছ কৰে৷ লাহে লাহে সিহঁতৰ মাজলৈ এদিন flake চিগাৰেটৰ আগমন ঘটে৷ প্ৰথমবাৰ চিগাৰেট হুপিবলৈ লৈ কাহি কাহি সিহঁতৰ অৱস্থা কাহিল হৈ যায়৷ কিন্তু সময়ৰ লগে লগে সিহঁত অভিজ্ঞ হৈ পৰে৷
লাহে লাহে দিগন্ত কলেজ পাইগৈ৷ এতিয়া তিনিআলিৰ চুকৰ ৰামলালৰ গুমতিখনৰ সি পাৰ্মানেণ্ট কাষ্টমাৰ হৈ পৰে৷ দোকানৰ কাষত চিগাৰেট হুঁপি থাকে, কোনোবা ডাঙৰ মানুহক দেখিলে গুমতিখনৰ পিছফালে লুকাই দিয়ে৷

লাহে লাহে দিগন্তই চাকৰিত সোমাই৷ এতিয়া সি অফিচৰ নিজৰ লেভেলৰ কেইটাৰ আগত বিন্দাচ চিগাৰেট হুঁপিব পৰা হয়গৈ৷
এই গোটেই পৰিক্ৰমাটোত আচলতে পৰিৱৰ্তন একো নহয়৷ চিগাৰেটটোৱে মাথোঁঁ লাজ, ভয়, দুখবোৰ লুকুৱাই ৰখাত সহায় কৰে৷

* * *

আজিও দিগন্তই চিগাৰেটটো শেষ কৰি ফাইলটো লৈ নিজৰ কিউবিকলৰ পৰা উঠি গীতাশ্ৰীৰ কিউবিকল পালেগৈ৷

ঃ শুনচোন গীতাশ্ৰী, কথা এটা৷

ঃ অ’ দিগন্ত, কোৱা৷

লেপটপটো আধা জপাই তাই দিগন্তক বহিবলৈ দিলে৷

ঃ মেকানিকেল মেইনটেনেন্সৰ বিলখন তুমি ফাইনেন্সলৈ পঠিওৱা নাই নেকি?

ঃ নাই পঠিওৱা৷ কিয় সুধিলা?

ঃ মোক মেকানিকেলৰ মানুহকেইটাই কামোৰ দি আছে৷ পইচা পেণ্ডিং হৈ আছে বোলে৷

ঃ সেইখন ফুকন ছাৰে ষ্টে’ কৰিব কৈছে৷ অলপ জেং লাগি আছে বোলে৷

ঃ হয় নেকি? মই তেন্তে সিহঁতক সেইটোকে কম ন?

ঃ উম, তাকে কৈ দিবা৷

দিগন্ত ওলাই গ’ল৷ গীতাশ্ৰীয়ে দিগন্ত যোৱাৰ ফালে গভীৰভাৱে চাই থাকিল৷ তাৰ গাৰ ওলাই অহা চিগাৰেটৰ গোন্ধটো তাইৰ নাকত লাগিল৷
গীতাশ্ৰীয়ে দিগন্তক বুজি পাই৷ পুৰুষ নামৰ প্ৰাণীটোৰ প্ৰতি গীতাশ্ৰীৰ আজিও ঘৃণা আছে যদিও দিগন্তক তাই সেই ঘৃণাৰ স্থানত নাৰাখে৷ দিগন্ত খাৰাংখাছ, দিগন্ত চিধা-চাধা৷ অফিচৰ বাকীবোৰ পুৰুষৰ দৃষ্টি আৰু দিগন্তৰ দৃষ্টিৰ মাজত পাৰ্থক্য তাই বুজি পাই৷ কিন্তু পুৰুষক তাই আজিও ঘিণ কৰে৷

* * *

সম্পূৰ্ণ এটা বছৰ text মেছেজ, WhatsApp মেছেজ, ফোনত লেকচাৰ মাৰি মাৰি পাৰ কৰাৰ পিছত অংকুৰ আৰু গীতাশ্ৰীয়ে আজি কিছু সময় নিবিড়ভাৱে পালে৷
ভৰলু পাৰ্কত অংকুৰে ধৰো-নধৰোঁকৈ গীতাশ্ৰীৰ হাতখন ধৰিলে ৷ তায়ো বাধা নিদিলে, মাথোঁঁ লাজকুৰীয়া হাঁহি মাৰি তললৈ চাই থাকিল৷ লাজত তাইৰ গালখন ৰঙা পৰি গৈছিল৷
সেয়াই আৰম্ভণি৷ দিন যোৱাৰ লগে লগে অংকুৰৰ হাতখন আগবাঢ়ি গৈ থাকিল, গীতাশ্ৰীয়েও বাধা নিদিলে৷ লাহে লাহে অংকুৰৰ হাত দুখনে গীতাশ্ৰীৰ সৰ্বস্ব কাঢ়ি লৈ গ’ল, তাই বাধা নিদিলে৷
দিন যোৱাৰ লগে লগে অংকুৰে তাইক অৱহেলা কৰিবলৈ ধৰিলে৷ গীতাশ্ৰী কান্দি-কাটি, আউলী- বাউলী হৈয়ো অংকুৰক বুজাব নোৱাৰিলে৷ এদিন তাই গম পালে অংকুৰৰ এতিয়া বেলেগ প্ৰেমিকা আছে, গীতাশ্ৰীৰ প্ৰয়োজন নাই তাক৷

লাহে লাহে গিতাশ্ৰীয়ে নিজৰ কান্দোন সামৰিলে৷ নিজেকে দৃঢ় কৰিলে তাই৷ পুৰুষ জাতিক আৰু কোনোদিন প্ৰশ্ৰয় নিদিয়াৰ শপত খাই জীৱনক আগুৱাই লৈ গ’ল তাই৷

* * *

কিন্তু তাই নোৱাৰিলে৷ সম্পূৰ্ণ দহবছৰৰ পিছত দিগন্তৰ প্ৰেমত পৰিল আকৌ৷ দিগন্তও পৰিল তাইৰ প্ৰেমত৷
দিগন্ত কিন্তু খাৰাংখাছ, প্ৰেম-পিৰীতি কৰি থকাতকৈ চিধা-চিধি বিয়াৰ কথা কব তাইক৷ আজি সি তাকে কবলৈ তাইক মাতিলে৷

ঃ শুনচোন গীতাশ্ৰী৷
ঃ কোৱা দিগন্ত৷
ঃ তোমাৰ লগত অলপ কথা আছিল৷
ঃ কোৱা৷ ( তাই বুজিলে )
ঃ ইয়াত নহয়, ওপৰলৈ যাবা নেকি, 3rd ফ্ল’ৰ৷
ঃ হয় নেকি, ব’লা৷

সিহঁত দুয়ো ওপৰলৈ গ’ল৷ লগৰ মিতালীয়ে চকু টিপ মাৰি গীতাশ্ৰীক জোকালে, তাই মিচিকিয়াই হাঁহিলে৷

ঃ উম আহিলোঁ, কোৱা এতিয়া৷ – তাই কলে৷

ঃ মানে কথাটো হ’ল, মই তোমাক এটা প্ৰস্তাৱ দিব বিচাৰোঁ৷

ঃ কোৱা৷

ঃ তোমাৰ যদি আপত্তি নাথাকে, মই তোমাক বিয়া কৰাব বিচাৰোঁ৷

গীতাশ্ৰীয়ে একো নকৈ তলমূৰ কৰি থাকিল৷

ঃ একো নক’লা যে?
ঃ ৰ’বা কৈ আছোঁ৷
ঃ উম ..

কিছু সময়ৰ পিছত তাই ক’লে –
ঃ বাৰু ঠিক আছে, হ’ব৷
ঃ হব? সঁচা?
ঃ উম৷

মনৰ আনন্দত দিগন্তই তাইৰ হাতখনৰ অনামিকা আঙুলিটো তুলি ল’লে নিজৰ হাতত৷ তাই চক্ খাই উঠিল৷ গৰজি উঠিল তাই৷

ঃ Don’t touch me . নুচুবা মোক৷ Touch কিয় কৰিছা?
ঃ নহয় মানে!
ঃ তোমালোক পুৰুষবোৰে চল পালে touch কিয় কৰা? নালাগে মোক চুব, নকৰোঁ মই বিয়া৷
দিগন্তই পৰিস্থিতি চম্ভালি ল’লে৷
ঃ ok ok নালাগে বিয়া কৰাব৷ কিন্তু ইমান চিঞৰিছা কিয়? শান্ত হোৱা৷ শান্ত হোৱা৷

অলপ চিঞৰ বাখৰ কৰি তাই গ’লগৈ৷ দিগন্তই অলপ সময় তভক মাৰি নিজকে চম্ভালি ললে৷ চিগাৰেট এটা উলিয়াই মুখত ভৰালে৷ চিগাৰেটটো হুপি হুপি সি বেক পকেটত হাত ভৰালে৷ তাইক প্ৰপ’জ কৰি পিন্ধাম বুলি অনা আঙুঠিটো উলিয়াই আনি ভালকৈ চালে৷ আঙুঠিটোলৈ চাই কৈ উঠিল –
“ তোক পিন্ধাম বুলিহে তাইৰ হাতখন ধৰিছিলোঁ৷ তোৰ কাৰণে এনেই গালি খালোঁ মই, অপমান পালোঁ৷ তোৰ প্ৰয়োজন নাই মোক৷ “

* * *

দিগন্ত আহি নিজৰ কিউবিকলত বহিল৷ আকৌ এটা চিগাৰেট জ্বলাই ললে৷ অফিচৰ চকীদাৰ ধনীৰাম আহি তাক মাতিলে ৷
ঃ ছাৰ ..
ঃ অ, ধনী৷ কোৱা৷
ঃ ছাৰ নিমন্ত্ৰণ এটা দিবলৈ আহিলোঁ৷ গম পাইছেই নহয়৷
ঃ অ ধনী, পাইছোঁ পাইছোঁ গম৷ তোমাৰ ছোৱালীৰ বিয়া নহয় ন?
ঃ হয় ছাৰ৷ এই ব’হাগতে৷
ঃ বিয়াৰ যোগাৰ হৈছেগৈনে?
ঃ হৈছে অলপ ছাৰ৷ কিন্তু…
ঃ কিন্তু কি?
ঃ দৰা ঘৰৰ ডিমাণ্ড বহুত৷ অমুক লাগে, তমুক লাগে ….
ঃ আজিকালিৰ যুগতোনো যৌতুক বিচৰা মানুহ আছেনে?
ঃ এ কি ক’ব আৰু ছাৰ …

অলপ সময় দুয়ো মনে মনে থাকিল৷ হঠাৎ দিগন্তই পকেটৰ পৰা সোণৰ আঙুঠিটো উলিয়াই আনি ধনীৰামক দিলে৷
ঃ এইটো লোৱা৷
ঃ ছাৰ?
ধনীয়ে একো নুবুজি দিগন্তলৈ চালে৷

ঃ এইটো ভঙাই যি পইচা পাবা, বিয়াত খৰচ কৰিবা৷
ঃ ছাৰ মই একো বুজি পোৱা নাই৷
ঃ বুজিব নালাগে৷ যি কৈছোঁ তাকে কৰা বুজিলা৷

লওঁ – নলওকৈ ধনীয়ে আঙুঠিটো ললে৷
দুখ-সুখ মিহলি নাম নথকা অনুভূতি এটা লৈ ধনী ওলাই গ’ল৷

দিগন্ত চিগাৰেটটোলৈ চাই চাই কলে –
“ কাৰোবাৰটো বিয়াখন হবগৈ “ ….

গীতাশ্ৰীয়ে দূৰৰৈ পৰা কথাবোৰ মনে মনে শুনি আছিল, দিগন্তই গম পোৱা নাছিল৷
সি আৰু এটা চিগাৰেট জ্বলালে৷ চিগাৰেটলৈ চাই ভাবিলে –
হয়, এই গোটেই পৰিক্ৰমাটোত আচলতে পৰিৱৰ্তন একো নহয়৷

চিগাৰেটটোৱে মাথোঁঁ লাজ, ভয়, দুখবোৰ লুকুৱাই ৰখাত সহায় কৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক