পূৰ্ণশিল্পম্– জীৱনমুখী এক যাত্ৰা ( দেৱাংগ পল্লৱ শইকীয়া )

 

মনৰ কথা দুআষাৰ

আমাৰ এটা সপোন আছিল৷ সপোন আছিল কিবা এটা কৰাৰ৷ কিবা এটা মানে ভাত-কাপোৰৰ বাবে কৰা একঘেয়ামী কচৰৎৰ পৰা বাহিৰত, যান্ত্ৰিকতাৰ পৰা অলপ দূৰত অবস্থান কৰি কিবা এটা কৰাৰ যি “কিবা“ টোৰ পৰা আমাৰ ব্যক্তিগত লাভালাভত কৈ সামান্য হ’লেও বেলেগৰ বাবে কিবা হওক, আমাৰ আত্মাই প্ৰশান্তি লাভ কৰক সেই কামৰ দ্বাৰা যি প্ৰশান্তি সাধাৰণতে আমাক বস্তুবাদী প্ৰাপ্তিয়ে দিব নোৱাৰে৷ আমি জানিছিলো সাংঘাতিক কিবা এটা কৰিব নোবাৰিলেও সামান্যই হওক কিবা এটা কৰিব পাৰিম দেৰিকৈ হ’লেও, নিজৰ আত্মাৰ প্ৰশান্তিৰ বাবে, সমাজৰ বাবে, সময়ৰ বাবে৷ আমি কিবা এটা কৰিব খুজিছিলো কলা আৰু সংস্কৃতিৰ মাধ্যমেৰে৷

 

মই দিল্লীত আছিলো৷ চাকৰি আছিল বহুজাতিক প্ৰতিষ্ঠানত৷ সকলো সুবিধা আছিল মাত্ৰ মাজে মাজে মোক মাটিৰ গোন্ধই, এই কিবা এটা কৰাৰ সপোনটোৱে অহৰহ খেদি ফুৰিছিল৷ তাৰ মাজতে এদিন ঘৰৰ পৰা দিল্লীলৈ ওভতাৰ পথত গুৱাহাটীত বান্ধৱ দিগন্ত মাধৱ গোস্বামীৰ ঘৰত ভাত এসাজঁ খোৱাৰ দিনা মোৰ সপোনটোৱে আৰু অকণমাণ প্ৰাণ পাই উঠিছিল৷ দিগন্তৰ ঘৰত তেওঁ নিজ হাতেৰে গঢ় দিয়া জীৱন্ত মূৰ্তিবোৰ দেখি, তেওঁ অঁকা ছবিবোৰ দেখি, তেওঁ শিল্পৰ প্ৰতি থকা স্ৰদ্ধা আৰু হেপাঁহ দেখি মই সন্মোহিত হৈ নিজকে সুধিছিলোঁ – দিগন্তৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাই থকা এই শিল্পৰ হাবিয়াস আৰু মোৰ সপোন যদি কোনোবা এটা ক্ষণত একলগ হ’লহেতেন! !

12961490_665254193613229_4299284765589741512_n

 

 

তাৰ মাজতে এদিন গম পালোঁ দিগন্তই ছেন্দ এনিমেশ্যন কৰে৷ তেওঁ বহু ঠাইত ইতিমধ্যে ছেন্দ এনিমেশ্যনৰ কলা প্ৰদৰ্শন কৰিছে৷ ছেন্দ এনিমেশ্যনে ইতিমধ্যে পৃথিৱীৰ বিভিন্ন দেশত কলাৰ এক শক্তিশালী মাধ্যম হিচাবে পৰিগণিত হৈছে৷ ভাৰততো ছেন্দ এনিমেশ্যনে লাহে লাহে জনপ্ৰিয় হৈছে যদিও অসমত এতিয়ালৈ প্ৰসাৰ লাভ কৰা নাই৷ অসমত দিগন্তই প্ৰথম ব্যক্তি ছেন্দ এনিমেশ্যনৰ৷ মই মাজে মাজে লিখা মেলা কৰোঁ কাকতে পত্ৰই বা ইণ্টাৰনেটৰ মাধ্যমত৷ মাজে মাজে গাবলৈও চেষ্টা কৰোঁ৷ সংগীত আৰু সাহিত্যৰ প্ৰতি আছে মোৰ এক আত্মাৰ টান৷ লাহে লাহে ভাবিবলৈ আৰম্ভ কৰিলোঁ ছেন্দ এনিমেশ্যন, সাহিত্য আৰু সংগীত- এই তিনিওটা একেলগ কৰি কিবা এটা কৰিব নোৱাৰিনে? ? দিগন্তই একে আষাৰে কলে- পাৰি, পাৰিম৷

 

এদিন দিল্লী এৰি মই অসমলৈ ওভতি আহিলোঁ৷

 

পূৰ্ণশিল্পম্

দিগন্তৰ লগত বহি আমাৰ এই সপোনৰ যাত্ৰাৰ বিষয়ে আলোচনা কৰিছিলোঁ৷ যাত্ৰাৰ নাম দিছিলোঁ পূৰ্ণশিল্পম্৷ আমি সিন্ধান্ত লৈছিলোঁ আমি আমাৰ কলা-সংস্কৃতি অকণমান বেলেগ ধৰণেৰে মানুহৰ মাজলৈ লৈ যাম ছেন্দ এনিমেশ্যন, এখন আলেখ্য আৰু গানৰ মাজেৰে৷ মঞ্চত এফালে একেলগে আলেখ্য খনৰ পাঠ চলি থাকিব, গীত পৰিবেশন হৈ থাকিব আৰু একেখন মঞ্চতে সেই আলেখ্য আৰু গীতক প্ৰকাশ কৰা হ’ব ছেন্দ এনিমেশ্যনৰ দ্বাৰা৷ কাঁচৰ এটা বাকচত বালিৰে এনিমেশ্যন কৰা হ’ব আৰু এটা ভিডিও কেমেৰাই সেই এনিমেশ্যনক এটা প্ৰজেক্টৰৰ সহায়ত এখন ডাঙৰ স্ক্ৰীণত দেখুৱাব দৰ্শকে সুন্দৰকৈ দেখাকে৷ গতিকে দৰ্শকে একে সময়তে একেখন মঞ্চতে আলেখ্য শুনিব, গীত উপভোগ কৰিব আৰু উপভোগ কৰিব অসমৰ মঞ্চত কোনোদিন নেদেখা ছেন্দ এনিমেশ্যনৰ কলা৷ অসমৰ মঞ্চত ৰাইজে ছেন্দ এনিমেশ্যন দেখা নাই, টিভিত দেখিছে৷ গতিকে ছেন্দ এনিমেশ্যনৰ মাধ্যমেৰে যদি আমি আমাৰ কলা-সংস্কৃতিৰ বিষয়ে এখন আলেখ্য আৰু আমাৰ জাতিৰ পিতৃ-পিতামহ সকলৰ বিষয়ে এক চমূ আভাস ৰাইজৰ মাজলৈ লৈ যাওঁ, ৰাইজে হয়তু নতুন মাধ্যম দেখি অকণমান গভীৰকৈ বুকুত ল’ব৷ সাধাৰণ ৰাইজক পূৰ্ণশিল্পম্ ৰ এই যাত্ৰাৰ মাধ্যমেৰে এক বাৰ্তা দিয়াৰ সপোন দেখিছিলোঁ আমি৷ এই বাৰ্তা প্ৰেমৰ, শান্তিৰ৷ এই বাৰ্তা ভাতৃত্ববোধৰ, এই বাৰ্তা সাম্প্ৰদায়িক সম্প্ৰীতিৰ৷ এই বাৰ্তা যান্ত্ৰিকতা আৰু বস্তুবাদিতাৰ পৰা সাময়িকভাবে হ’লেও দূৰত অৱস্থান কৰি জীবনটো নতুনকৈ এবাৰ চোৱা৷ এই বাৰ্তা মানুহৰ বাবে মানুহক ভবাই তুলিবলৈ কৰা প্ৰয়াসৰ৷ সেয়ে আমি কৈছিলোঁ পূৰ্ণশিল্পম্ ৰ এই যাত্ৰা জীবনমুখী, এই যাত্ৰা হৃদয়ৰ পৰা হৃদয়লৈ৷

 

পোন্ধৰ দিন আমি দিন ৰাতি একাকাৰ কৰিলো সপোনটো স্পৰ্শ কৰি৷ নতুনকৈ শংকৰ-মাধৱ, বিষ্ণু-জ্যোতি, ভূপেন দাৰ বিষয়ে পঢ়িলোঁ, গীতবোৰ ভালকৈ শিকিবলৈ যত্ন কৰিলোঁ৷ শিকিলোঁ জাতীয় সংগীত৷ লিখিবলৈ আৰম্ভ কৰিলোঁ এখন আলেখ্য৷ আলেখ্য লিখাত সহায় কৰিলে পূৰ্ণশিল্পম্ ৰ সপোনটোক জীয়ন দিয়া আমাৰ আন এগৰাকী সদস্যা মেঘনাই যি ইতিমধ্যে কেবাখনো আলেখ্য লিখি নিজৰ প্ৰাঞ্জল ভাষাৰে ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে৷ অধ্যয়নত সহায় কৰিলে পূৰ্ণশিল্পম্ ৰ আন এগৰাকী সদস্যা লীনাই৷

 

দিগন্তই বালিৰ মাজত আঙুলি বুলাই বুলাই সপোনটোক আলফুলে ঠন ধৰি উঠাবলৈ লাগি গ’ল৷ বালিত জিলিকি উঠিল বিষ্ণু-জ্যোতি, ভূপেন দাৰ ছৱি, সত্ৰীয়া সংস্কৃতিৰ ছৱি৷ শৈলেন ভৰালী উঠি পৰি লাগিল আৱহ সংগীতত৷

 

আৰু এনেদৰেই সপোনটোক আলফুলে বুকুত বান্ধি তেজপুৰলৈ ৰাওনা হ’লো – পূৰ্ণশিল্পমৰ প্ৰথম প্ৰদৰ্শন৷ লগত সংগী হ’ল বহু শুভাকাংক্ষীৰ স্নেহ, শুভেচ্ছা আৰু আশিষ আৰু অন্তৰাত্মাৰ সেই আহ্বান- কিবা এটা কৰিব লাগিবই৷

 

তাৰ পিছতেই মঞ্চত শংকৰ- মাধৱ, বিষ্ণু-জ্যোতি, অসমৰ কথা কৈ গ’লোঁ, গীত গাই গ’লো৷ মেঘনাই মিঠা কণ্ঠেৰে কৈ গ’ল আমাৰ অসমৰ সংস্কৃতিৰ কথা৷

 

প্ৰতিটো শব্দত প্ৰাণ দিলে দিগন্তই বালিৰে৷ ছেন্দ এনিমেশ্যনেৰে৷ দৰ্শকে স্ক্ৰীণলৈ চাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে আমাৰ সপোনটো জীয়াই তুলিলে৷

 

পূৰ্ণশিল্পম ৰ সপোনটোৰ কুঁহিপাতটো ঠন ধৰি উঠিল তেতিয়াই৷

 

এইয়া পূৰ্ণশিল্পমৰ আৰম্ভণিহে৷ শিল্প-সংস্কৃতিৰ জীৱমমুখী এই যাত্ৰাত বিভিন্ন দিশৰ সামাজিক দায়িত্ব পালন কৰিবলৈও পূৰ্নশিল্পম্ এ অহোপুৰুষাৰ্থ চেষ্টা চলাব৷

13227178_681587755313206_5332005113861526124_n

 

আমাৰ সাংস্কৃতিক যাত্ৰা পূৰ্ণশিল্পম্ ৰ উদ্যোগত শিল্পী বান্ধৱ দিগন্ত মাধৱ গোস্বামী আৰু বিনোদ বৰাৰ প্ৰত্যক্ষ সহযোগত আমি এক নতুন প্ৰকল্প হাতত লৈ ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ৷ অসমৰ ভিতৰুৱা অঞ্চলৰ অতি নিপুন হাতৰ কিন্তুু অৰ্থনৈতিকভাৱে দূৰ্বল আৰু নিজৰ কলাৰ স্বীকৃতিৰ ক্ষেত্ৰত সামান্য পিছপৰি ৰোৱা চাৰুকলা/ভাস্কৰ্য্য/মৃণ্ময় শিল্পী কেইজনমানক আমি অৰ্থনৈতিকভাৱে সকাহ আৰু তেখেতসকলৰ কষ্ট তথা কলাক স্বীকৃতি দিয়াৰ প্ৰয়াসেৰে পূৰ্ণশিল্পম্ ৰ ছাঁত আমি তেখেতসকলৰ হাতেৰে বিভিন্ন প্ৰকাৰৰ মূৰ্তি, জাতীয় সংস্কৃতিৰ লগত জড়িত গৃহসজ্জাৰ সামগ্ৰী, অসমৰ কলা, সাহিত্য, সংস্কৃতি জগতৰ মনিষী সকলৰ প্ৰতিমূৰ্তি, অসমৰ কলা-সংস্কৃতিৰ স্বাক্ষৰ বহন কৰা (যেনে গঁড়, জাপি, গৰুগাড়ী, গছ, পথাৰ, ঢুলীয়া, নাচনী, সত্ৰীয়া নৃত্য, বাদ্য, আদি)বিভিন্ন প্ৰকাৰৰ চানেকি তেখেতসকলৰ হাতেৰে গঢ়িবলৈ এই প্ৰকল্প আৰম্ভ কৰিছোঁ৷ এই কাৰ্য্যত প্ৰত্যক্ষভাৱে হাতৰ পৰশ দিছে সকলোৰে সমাদৃত চাৰুকলা/ভাস্কৰ্য্য শিল্পী বিনোদ বৰা আৰু দিগন্ত মাধৱ গোস্বামীয়ে৷

 

ৰাইজৰ আশীৰ্বাদক মূলধন হিচাবে লৈ পূৰ্ণশিল্পম্ ৰ নিজা কাৰখানাত মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ হৈছে৷ ৰাইজে আমাক সহযোগ কৰিব বুলি হেপাহেৰে আমি এই সপোনৰ যাত্ৰা আৰম্ভ কৰিছোঁ৷ আমাৰ শিল্পী, সমল, অনুভৱ সকলো নিজা৷

 

আকৌ কৈছোঁ এইয়া পূৰ্ণশিল্পমৰ আৰম্ভণিহে৷ সমুখত বহুযোজন বাট৷ আৰু লগতে সামাজিক দায়িত্ব৷ কিন্তুু আপোনালোকৰ এই উৎসাহ, প্ৰেৰণাই আমাক কিবা এটা কৰাৰ বাবে সদায়েই সাহস যোগাব৷ সমাজক কিবা এটা বাৰ্তা দিয়াত পূৰ্ণশিল্পম প্ৰতিশ্ৰুতিবদ্ধ৷ ই আমাৰ দায়িত্ব৷ আমাৰ সেউজ সপোন৷ ই এক জীবনমুখী যাত্ৰা৷ পূৰ্নশিল্পম্ ৰ এই যাত্ৰা হৃদয়ৰ পৰা হৃদয়লৈ!

 

আমাৰ ফেচবুকৰ পৃষ্ঠাঃ https: //www.facebook.com/PURNASHILPAM

ইউটিউবত আমাৰ প্ৰথম প্ৰদৰ্শনৰ কিয়দাংশ চাবলৈ ছাৰ্চ কৰক: PURNASHILPAM

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments