পৃথিৱীৰ অন্তিম নিশাটো (ডাঃ উদ্দীপ তালুকদাৰ)

(মূলঃ The Last Night of the World, লেখকঃ Ray Bradbury)

“ধৰি লোৱা আজিৰ ৰাতিটোৱেই পৃথিৱীৰ অন্তিম ৰাতি, তেন্তে তুমি কি কৰিবা?”
“মই কি কৰিম; কি বলকিছা এইবোৰ?”
“মই ছিৰিয়াছভাৱেই কৈছোঁ।”
“মই নাজানো — কেতিয়াও ভাবি চোৱা নাই মই।” তাই ৰূপৰ কফিৰ-পাত্ৰটো তাৰফালে আগবঢ়াই দিলে আৰু কফিৰ কাপ দুটা দুয়োৰে মাজত দুখন পিৰিছত ৰাখিলে।
সি অলপ কফি বাকি ল’লে। পিছফালে দুজনী সৰু সৰু ছোৱালীয়ে কাঠৰ টুকুৰাৰে খেলি আছিল। সেউজীয়া হাৰিকেন লেম এটাই সিহঁতৰ খেলৰ ঠাইখিনি পোহৰাই ৰাখিছিল। সন্ধিয়াৰ নিৰ্মল বতাহত কফিৰ ফুৰফুৰীয়া এটা উম লগা গোন্ধ ভাঁহি ফুৰিছিল।
“বাৰু, এতিয়া ভাবিবলৈ আৰম্ভ কৰা,” সি ক’লে।
“তুমি ধেমালি কৰিছা?” ঘৈণীয়েকে ক’লে।
সি মূৰ জোকাৰিলে।
“যুদ্ধ লাগিছে?”
সি মূৰ জোকাৰিলে।
“নহ’লে হাইড্ৰ’জেন বা এটম ব’ম?”
“নহয়।”
“বা জৈৱিক অস্ত্ৰ?”
“এইবোৰৰ এটাও নহয়,” সি ক’লে, হাতৰ কফিৰ কাপটো লাহে লাহে জোকাৰিলে আৰু তাৰ তলিলৈ চাই থাকিল। “কিন্তু..ধৰি লোৱা কিতাপখন বন্ধ কৰাৰ লগে লগে।”
“মই একো বুজা নাই।”
“নাই, ময়ো ভালদৰে বুজা নাই। এটা মাত্ৰ অনুভৱ; কেতিয়াবা ই মোক ভয় খুৱাই দিয়ে, কেতিয়াবা আকৌ একেবাৰে ভয় নালাগে — বৰং মনলৈ শান্তি আনে।” সি ছোৱালীদুজনীৰ ফালে চালে। সিহঁতৰ সোণালী চুলিখিনি উজ্জ্বল লেমৰ পোহৰত জিলিকি উঠিছে। “মই তোমাক আজিলৈ একো কোৱা নাই। ইয়াৰ প্ৰথম আৰম্ভণি হৈছিল চাৰি মাহৰ আগতে।”
“কি?”
“মই এটা সপোন দেখিছিলোঁ। সপোনত দেখিছিলোঁ সকলো শেষ হৈ যাবলৈ ওলাইছে আৰু এটা কণ্ঠই মোক তাকেই কৈ আছিল; কেনেকুৱা মাত এতিয়া একো মনত নপৰে, কিন্তু কাৰোবাৰ কণ্ঠ আছিল সেয়া, আৰু সেই কণ্ঠই কৈ আছিল এই পৃথিৱীৰ সকলো ইয়াতে ৰৈ যাব। সেইদিনা ৰাতিপুৱা সাৰ পাই উঠি মই একো ভবা নাছিলোঁ, কিন্তু যেতিয়া কামলৈ গ’লোঁ দিনটো মোৰ মনত সেই অনুভৱটো ৰৈ গ’ল। সেইদিনা আবেলি ষ্টেন ৱিলিছে খিৰিকীৰে বাহিৰলৈ চাই আছিল আৰু মই কৈছিলোঁ, ‘ষ্টেন, কি ভাৱি আছা?’ আৰু সি কৈছিল, ‘কালি ৰাতি এটা সপোন দেখিলোঁ’ আৰু সি তাৰ সপোনটো কোৱাৰ আগতেই মই জানিছিলোঁ তাৰ সপোনটো কি আছিল। ময়েই তাক তাৰ সপোনটো ক’ব পাৰিলোহেঁতেন, কিন্তু সি কৈ গ’ল আৰু মই শুনি গ’লোঁ।
“একেটা সপোনেই?”
“অ’ একেটাই। মই ষ্টেনক ক’লোঁ যে ময়ো দেখিছোঁ। সি আচৰিত নহ’ল। বৰং স্বস্তিহে পালে। তাৰ পাছত আমি অফিচতে খোজ কাঢ়িবলৈ লাগিলোঁ, এনেয়ে, কোনো কাৰণ নোহোৱাকৈ। আমি ইজনে সিজনক ‘ব’লা খোজ কাঢ়োঁ’ বুলি কোৱা নাছিলোঁ। নিজে নিজেই আমি খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, আৰু সকলোতে দেখিছিলোঁ মানুহবিলাকে নিজৰ টেবুললৈ বা হাতলৈ বা খিৰিকীৰে বাহিৰলৈ চাই আছে, কোনেও সন্মুখত পৰি থকা কামত মনোযোগ দিয়া নাছিল। মই কেইজনমানৰ লগত কথা পাতিছিলোঁ; ষ্টেনেও পাতিছিল।”
“আৰু সকলোৱে সপোন দেখিছিল?”
“আটায়েই। গোটেইকেইজনে একেটা সপোনকে দেখিছিল, কোনো সালসলনি নাছিল।”
“তুমি সপোনটোত বিশ্বাস কৰিছা নেকি?”
“কৰিছোঁ। মই ইমান নিশ্চিত আগতে কেতিয়াও নাছিলোঁ।”
“আৰু কেতিয়া এই সমস্ত শেষ হৈ যাব? মানে আমাৰ পৃথিৱীখন।”
“আমাৰ কাৰণে ৰাতিৰ সময়তে, তাৰ পাছত, যিমানে ৰাতিটো পৃথিৱীৰ বুকুৰে আগবাঢ়ি যাব, সিমানে শেষ হৈ গৈ থাকিব। সকলো শেষ হ’বলৈ চৌব্বিছটা ঘণ্টা লাগিব।”
সন্মুখত পৰি থকা কফিৰ কাপ কেইটা স্পৰ্শ নকৰাকৈ দুয়ো বহু সময় বহি ৰ’ল। তাৰ পাছত হঠাতে উঠি কাপকেইটা তুলি লৈ ইজনে-সিজনলৈ চাই কফিখিনি শেষ কৰিলে।
“এয়া বিচৰা-নিবিচৰাৰ কথা নহয়, এইবাৰ মাত্ৰ কামবিলাক ভালকৈ নহ’ল বাবেই। মই লক্ষ্য কৰিছোঁ তুমি আনকি বিষয়টোৰ ওপৰত তৰ্ক নুজুৰিলা। কিয়?”
“মই ভাবোঁ তাৰ এটা কাৰণ আছে,” তাই ক’লে।
“অফিচৰ সকলোৰে যিটো কাৰণ সেইটোৱেই?”
তাই মূৰ দুপিয়ালে। “মই একো ক’ব খোজা নাছিলো। কালি ৰাতি দেখিছিলোঁ। এই ব্লকৰ মহিলাবিলাকৰ মাজত আলোচনা চলিছিল, নিজৰ মাজতে।” তাই আবেলিৰ বাতৰিকাকতখন আগবঢ়াই দিলে। “কিন্তু বাতৰিকাকতত একো লিখা নাই।”
“নাই। কাৰণ সকলোৱে জানেই, গতিকে লিখাৰ দৰকাৰ কি?” সি কাকতখন ল’লে আৰু চকীত বহিল, এবাৰ ছোৱালীদুজনীলৈ চালে, তাৰ পাছত তাইৰ ফালে। “ভয় লাগিছে নেকি?”
“বিজ্ঞানীবিলাকে যে কৈ থাকে সেই আত্ম-সংৰক্ষণৰ দেৱতাজন ক’ত?”
“মই নাজানো। কথাবিলাক যেতিয়া যুক্তিপূৰ্ণ হৈ থাকে তুমি বেছি উত্তেজিত নোহোৱা। এই ঘটনা যুক্তিপূৰ্ণ। আমি যিদৰে জীৱন কটাইছোঁ এইটোৰ বাহিৰে আন একো হোৱাৰ উপায় নাছিল।”
“আমি ইমান বেয়াও নাছিলো, আছিলো জানো?”
“নাছিলো, কিন্তু বৰ ভালো নহ’লোঁ। মোৰ বোধেৰে সেইটোৱেই অসুবিধা। আমি আমাৰ বাহিৰে আন একোৱেই নাছিলো, আনহাতে পৃথিৱীৰ বেছি ভাগ অংশই ব্যস্ত আছিল বেয়া কিবা এটাত।”
ছোৱালীদুজনীয়ে খেলা ঠাইতে হঠাতে হাঁহি উঠিল আৰু সিহঁতে হাতেৰে সাজি থকা কাঠৰ টুকুৰাৰে সজা ঘৰটো নিজেই ভাঙি পেলালে।
“মই ভাবিছিলোঁ এনে সময়ত মানুহে ৰাস্তাই-ঘাটে চিঞৰি-বাখৰি দৌৰি ফুৰিব।”
“মই তেনেকৈ নাভাৱোঁ। নিষ্ঠুৰ বাস্তৱ যেতিয়া সন্মুখ পায়হি তেতিয়া মানুহে হায়ৈ-বিয়ৈ নলগায়।”
“তুমি জানা নে, তোমাক আৰু ছোৱালী দুজনীৰ বাহিৰে আন একোৰে বাবেই মোৰ দুখ নালাগে। মই কেতিয়াও এই চহৰ বা গাড়ী-মটৰ বা কল-কাৰখানাবোৰ বা মোৰ কাম একোকে ভাল নাপাইছিলোঁ, একমাত্ৰ তোমালোক তিনিজনৰ বাহিৰে। মোৰ পৰিয়ালটোৰ বাহিৰে আন একো হেৰোৱাৰ বাবে মোৰ দুখ নালাগে অৱশ্যে ঋতুৰ সাল-সলনি, গৰম দিনৰ এগিলাছ শীতল পানী আৰু টোপনিৰ আমেজকণৰ বাবে অলপ দুখ লাগিব। একেবাৰে সৰু সৰু বস্তুবিলাকৰ বাবে। আমি বাৰু কিয় ইয়াত একেলগে বহি কথা পাতিছোঁ?”
“কাৰণ কৰিবলৈ আৰু একো নাই।”
“হয়তো সেইটোৱেই, কাৰণ কৰিবলৈ কিবা থাকিলেই আমি সেইটো কৰিলোহেঁতেন। এইবাৰেই কিজানি প্ৰথম বাৰৰ বাবে বিশ্ব ইতিহাসত এইটো সম্ভৱ হৈছে যে প্ৰতিজনেই জানিছে শেষ ৰাতিটোত তেওঁলোকে কি কৰি থাকিব।”
“মই ভাবি পোৱা নাই বাকীবোৰ মানুহে এতিয়া কি কৰিব, এই সন্ধিয়াটো, আহিবলগীয়া কেইটামান ঘণ্টা তেওঁলোকে কেনেকৈ কটাব।”
“কিবা অনুষ্ঠান চাবলৈ যাব, ৰেডিঅ’ শুনিব, টিভি চাব, তাচ খেলিব, ল’ৰা-ছোৱালীক বিচনাত শুৱাই নিজেও বিচনালৈ যাব, আনদিনাৰ দৰেই।”
“নিজে গৰ্বেৰে কৰিবপৰা কামবোৰ কৰিব — আগতে কৰাৰ দৰেই।”
“আমাৰ সকলোৱেই বেয়া মানুহ নহয়।”
সিহঁত কিছু দেৰী বহি থাকিল আৰু তাৰপাছতে সি আৰু অলপ কফি বাকী ল’লে। “তুমি কিয় ভাৱিছা যে আজিয়েই সেই ৰাতি?”
“কাৰণ..”
“যোৱা শতিকাৰ শেষ দশকৰ যিকোনো এটা ৰাতি হ’ব পাৰিলেহেঁতেন, বা পাঁচ বা দহটা শতিকাৰ আগৰ ৰাতি এটা?”
“বোধকৰোঁ কেতিয়াও দিনটো ৩০ ফেব্ৰুৱাৰী ১৯৫১ অহা নাছিল, আনকি ইতিহাসে গৰকা দিনৰ আগতেও। এইবাৰেই আহিছে আৰু এই ৰাতিটোৱেই সেই ৰাতি। কাৰণ এই দিনটোৱে বাকী দিনবোৰতকৈ বেলেগ কিবা অৰ্থ বুজায় আৰু এইটো বছৰতেই পৃথিৱীখন সমগ্ৰ পৃথিৱীজুৰি যেনেকৈ থাকিব লাগে তেনেকুৱা হৈ যায় আৰু সেই কাৰণেই আজি ৰাতিটোৱেই হ’ব অন্তিম ৰাতি।”
“সাগৰৰ দুয়ো ফালেই বোমাৰু বিমান সাজু হৈ আছে। তেওঁলোকৰ কোনেও আৰু কেতিয়াও মাটি দেখা নাপাব।”
“কাৰণবোৰৰ এটা অংশ সেইটোও।”
“বাৰু,” সি ক’লে, “এতিয়া কি কৰা যায়? বাচনখিনি ধুই থওঁ?”
দুয়ো মিলি বাচনখিনি ধুলে আৰু থাক-থাককৈ ধুনীয়াকৈ সজাই থ’লে। চাৰে আঠ বজাত ছোৱালী দুজনীক বিছনালৈ নিয়া হ’ল। একোটাকৈ চুমা দি সিহঁতৰ কোঠাৰ কম পোহৰৰ লাইট কেইটা জ্বলাই দিয়া হ’ল দুৱাৰখনো সামান্য ফাঁক কৰি ৰখা হ’ল।
“মই ভাৱোঁ,” দুৱাৰখনৰফালে এবাৰ ঘূৰি চাই গিৰিয়েকে হাতত পাইপডাল লৈ ক’লে।
“কি?”
“দুৱাৰখন একেবাৰে বন্ধ কৰি দিওঁ নে অকণমান খোলা ৰখা ভাল হ’ব ? যদি সিহঁতে ৰাতি মাতে তেন্তে শুনিবলৈ পাম।”
“ছোৱালী কেইজনীয়ে বাৰু জানে নে — কোনোবাই সিহঁতক কৈছে নে নাই জানো?”
“কোনেও কোৱা নাই চাগৈ। নহ’লে সিহঁতে আমাক সুধিলেহেঁতেন।”
দুয়ো বহিল আৰু পঢ়িবলৈ বাতৰি-কাকত কেইখন মেলি ল’লে। কাণত বাজি থাকিল ৰেডিঅ’ৰ মিঠা সংগীত। তাৰ পাছত দুয়ো আহি ঘৰ উমাবলৈ থকা জুহালখনৰ কাষত বহিল। জ্বলি থকা অঙঠালৈ চাই থাকোঁতেই চাৰে দহ বজাৰ ঘণ্টা পৰিল, তাৰ পাছত এঘাৰ বজাৰ, তাৰ পাছত চাৰে-এঘাৰ বজাৰ। সিহঁতে পৃথিৱীৰ বাকী মানুহৰ কথা ভাৱিলে, চবেই কিজানি সিহঁতৰ দৰেই আজিৰ সন্ধিয়াটো অতি বিশেষ কৰি ৰাখিবলৈ যত্ন কৰিছে।
“তোমাক..” এই বুলি কৈ সি তাইক দীঘলীয়াকৈ এটা চুমা খালে।
“যি নহওক, আমি দুয়ো ইজন-সিজনৰ লগত মিলি গৈছিলোঁ।”
“তোমাৰ কান্দিবৰ মন গৈছে নেকি?” সি সুধিলে।
“নাই যোৱা।”
দুয়ো কোঠালীয়ে কোঠালীয়ে গৈ লাইটবোৰ বন্ধ কৰিলে, দুৱাৰত তলা লগালে, তাৰ পাছত শোৱনী কোঠালৈ আহিল আৰু শীতল আন্ধাৰ ৰাতিটো কটাবলৈ শোৱাৰ সময়ৰ সাজ পিন্ধিলে। তাই বিছনাৰ ওপৰত পাৰি থোৱা চাদৰখন উঠাই ভালকৈ জাপি চকী এখনত থ’লে, সদায়েই যিদৰে থয়। “বিছনাচাদৰ কেইখন কেনে শীতল আৰু চাফা আৰু সুন্দৰ হৈ আছে,” তাই ক’লে।
“মোৰ ভাগৰ লাগিছে।”
“আমাৰে দুয়োৰে ভাগৰ লাগিছে।”
দুয়ো বিচনাত উঠিল আৰু বাগৰ দিলে।
“এক মিনিট ৰ’বা,” তাই ক’লে।
তাই বাহিৰলৈ ওলাই ঘৰৰ পাছফালে গ’ল, সি শুনিলে পাছফালৰ দুৱাৰ এখন খুট্‌কৈ খোলা গৈছে। অলপ পাছতে তাই উভতি আহিল। “পাকঘৰৰ টেপটো খুলি থৈ আহিছিলোঁ,” তাই ক’লে। “সেইটো বন্ধ কৰি থৈ আহিলোঁ।”
কিবা এটা যেন কৌতুক সোমাই আছিল। সি হাঁহি দিলে।
তায়ো হাঁহিলে, কাৰণ তাই জানিছিল তাই যিটো কৰি আহিলে সেইটো হাঁহিবলগীয়া কথাই। অৱশেষত দুয়োৰে হাঁহি বন্ধ হ’ল আৰু শীতল ৰাতিটোৰ বাবে বিচনাত পৰিল। দুয়ো হাতত হাত ৰাখিলে, দুয়োৰে মুখ দুখন ওচৰ চাপি আহিল।
“শুভ ৰাত্ৰি,” খন্তেক ৰৈ সি ক’লে।
“শুভ ৰাত্ৰি,” তাই উত্তৰ দিলে, তাৰ পাছত লাহেকৈ যোগ দিলে, “প্ৰিয়তম…”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments