পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহজন -জেহিদুল ইছলাম মিৰ্ধা

 

এখন অতি ভিতৰুৱা গাওঁ৷ গাওঁখনত এজন আদহীয়া ব্যক্তি বাস কৰে৷ আপোন বুলিবলৈ একমাত্ৰ নিজৰ মৰমৰ পুত্ৰজনেই৷ ব্যক্তিগৰাকীৰো সপোন, নিজ পুত্ৰক এদিন ডাঙৰ মানুহ হিচাপে গঢ়ি তুলিব৷ সেইবুলিয়ে দিন ৰাতি একাকাৰ কৰি কপালৰ ঘাম মাটিত পেলাই মাতৃহাৰা ল’ৰাটোক লিখা-পঢ়া কৰোৱাইলে৷ যেতিয়া যি সা-সুবিধাৰ প্ৰয়োজন কোনোটোতেই পিতৃগৰাকীয়ে কাৰ্পণ্য নকৰিলে৷ ল’ৰাজনেও মনযোগেৰে লিখা-পঢ়া কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’ল৷ তাৰ পিছত উচ্চ শিক্ষাৰ বাবে চহৰমুখী যাত্ৰা৷ চহৰলৈ গৈ ভাল কলেজত পঢ়ি তাতো সুখ্যাতিৰ ধাৰা অক্ষুণ্ণ ৰাখিলে৷ ল’ৰাজনৰো ভাগ্যৰ চকৰি ঘূৰি গ’ল৷ সেই চহৰৰে বহু ডাঙৰ কোম্পানী এটাত চাকৰি হৈ গ’ল৷ পিছপৰা ভিতৰুৱা গাওঁ এখনৰ পৰা যোৱা সেই গাঁৱলীয়া যুৱকজন আজি চহৰৰ নামী দামী ব্যক্তিসকলৰ এজন হৈ পৰিল৷ চাকৰি পোৱাৰ পিছৰ পৰাই গাঁৱত থকা দেউতাকলৈ মাহে মাহে টকা-পইছা পঠিয়াই আছে৷ পুত্ৰৰ চাকৰিৰ টকা পাই পিতৃও বেছ সুখে সন্তোষে দিন পাৰ কৰি থাকিল৷
এদিন হঠাতে পিতৃৰ মন গ’ল চহৰত থকা পুতেকৰ ওচৰলৈ যাবলৈ৷ পুতেকে ক’ত চাকৰি কৰে, ক’ত থাকে এইবোৰ এবাৰ নিজ চকুৰে চাই আহিব৷ কথামতেই কাম৷ এদিন পিতৃ ওলাল পুত্ৰৰ কাষলৈ আৰু চহৰত গৈ উপস্থিত হ’ল৷ বিভিন্নলোকক সোধ-পোছ কৰি এটা সময়ত পুত্ৰই চাকৰি কৰা সেই বৃহৎ অট্ৰালিকাটো বিচাৰি পালে৷ ভিতৰলৈ সোমাব খোজোতেই লাগিল কেনা৷ দাৰোৱানে ভিতৰত সোমাব নিদিয়ে৷ নিজ পুত্ৰই ইয়াত চাকৰি কৰে বুলি কোৱাৰ পিছতো দাৰোৱানে মানি নলয়৷ পিছত দাৰোৱানে ভিতৰৰ পৰা গৈ অনুমতি লৈ অহাৰ পিছতহে লোকজনক সোমাব দিলে৷ ভিতৰলৈ সোমাই গৈ পোনে পোনে পুত্ৰৰ কাষত গৈ থিয় হ’ল৷ পুত্ৰয়ো বহুদিনৰ মুৰত পিতৃক দেখা পাই আথে -বেথে নি বহিবলৈ দিলে৷ ইফালে অফিচতো কামৰ ভিৰ পৰিছে৷ ল’ৰাজনৰ তলতীয়া প্ৰায় চাৰিশ কৰ্মচাৰীৰে ভৰ্তি এক বিশাল কাৰ্যালয়টো৷ কামৰ হেঁচাত মুৰ তুলি চোৱাৰো সময় নোহোৱা অৱস্থা হৈছে৷ তাৰ মাজতে পিতৃয়ে লাহেকৈ উঠি গৈ পুত্ৰৰ পিছপিনে গৈ থিয় হৈ ৰ’ল৷ কিবা এটা ভাবি মানুহজনে পুত্ৰৰ কান্ধত হাত থৈ সুধিলে, “বাবা কোৱাচোন এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহজন কোন? “
পুত্ৰই কামৰ পৰা মুৰ নোতোলাকৈয়ে উত্তৰ দিলে, “এই মুহুৰ্তত ময়েই পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিজন ময়েই৷“
পুত্ৰত কথা শুনি পিতৃয়ে মনটো বেজাৰ কৰি তাৰ পৰা ওলাই আহিল আৰু ঘৰলৈ যাবলৈ ওলাল৷ যোৱাৰ সময়ত কেৱল ভাৱি আছে পুত্ৰই কোৱা কথাষাৰকে ভিতৰি ভিতৰি পাগুলি আছে৷ ইফালে পিতৃক দেখা নাপাই কাৰ্যালয়ৰ পৰা দৌৰি ওলাই আহিল আৰু লক্ষ্য কৰিলে যে দেউতাক ঘৰমুৱা৷ পিছে পিছে দৌৰি গৈ দেউতাকক সুধিলে যে তেওঁ কিয় তাৰ পৰা গুছি আহিল৷
উত্তৰত দেউতাকে কলে, বাবা, মই তোক এটা প্ৰশ্ন সুধিছিলো যে এই পৃথিৱীত আটাইতকৈ শক্তিশালী মানুহজন কোন? কিন্তুু তই একো নভৱা নিচিন্তাকৈ ঘপকৈ তোৰ কথা কৈ দিলি কিয়? ’
সেইবোৰ পিছত কম দেউতা৷ আগতে তুমি মোৰ ৰুমলৈ বলা৷ ’ এইবুলি কৈ পুতেকে দেউতাকক নিজৰ থকা ঠাইলৈ লৈ যাব বিচাৰিলে৷
কিন্তুু দেউতাকৰ সেই একেই প্ৰশ্ন, তেনেহ’লে এতিয়া ক’চোন এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহজন কোন?
পুতেকে ক’লে, “সেইজন তুমিয়ে দেউতা৷“ তই মোক ভালৰি লগাবলৈ আহিছ নহয়? দেউতাকে পুতেকলৈ সন্দেহৰ দৃষ্টিৰে চাই ক’লে৷
’নহয় দেউতা, সঁচাকৈয়ে কৈছো৷ মোৰ দৃষ্টিত এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহজন তুমিয়েই৷’ পুতেকে পিতৃৰ পিনে চাই এইদৰে উত্তৰ দিলে৷ এইবাৰ পিতৃৰ পুনৰ প্ৰশ্ন, ’তেনেহলে তেতিয়া কিয় তোৰ কথা কলি যে এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহজন তয়েই বুলি? ’
পুত্ৰই তেতিয়া সজল দৃষ্টিৰে পিতৃৰ মুখলৈ চাই ক’লে, সেই মুহুৰ্তত সেই শক্তিশালী মানুহজন ময়েই আছিলো দেউতা৷ কাৰণ সেই মুহুৰ্তত তোমাৰ এই হাতদুখন মোৰ কান্ধৰ ওপৰত আছিল৷ আৰু তোমাৰ দৰে এগৰাকী পিতৃৰ হাত যদি পুত্ৰৰ কান্ধৰ ওপৰত থাকে, সেইজন পুত্ৰৰ সমান শক্তিশালী মানুহ এই পৃথিৱীত আন কোনে হব পাৰে দেউতা? ’ এই কথা শুনাৰ লগে লগে পিতৃয়ে আনন্দৰ চকুলো টুকি নিজৰ পুত্ৰক সাৱটি ধৰিলে৷ পুত্ৰয়ো মৰম আৰু শ্ৰদ্ধা মিশ্ৰিত চকুলো টুকিলে আৰু পিতৃক নিজ গৃহলৈ লৈ গ’ল৷
(যোৱা ২৯ জুলাই তাৰিখে বৰপেটাৰোডত অনুষ্ঠিত এখন সভাত এগৰাকী বক্তাই যুৱ প্ৰজন্মক উদ্দেশ্যি প্ৰদান কৰা এটি ভাষণত গল্পটি কৈছিল৷ সেয়াই থুলমুলকৈ লিখিত ৰূপত আপোনালোকলৈ আগবঢ়ালোঁ৷ পঢ়ি কেনে পালে জনাবচোন৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jahidul Islam Mirdha
1 month ago

সম্পাদনা সমিতিলৈ অশেষ ধন্যবাদ জনালোঁ ৷