পৃথিৱীৰ কিছু বিপদজনক খেল আৰু ক্ৰীড়া – ভাগ্যৱান কোঁৱৰ

শচীন টেণ্ডুলকাৰক বিশ্ব ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয় । সেই শচীন টেণ্ডুলকাৰে ১৬ বছৰ বয়সত ১৯৮৯ চনত পাকিস্তানৰ শিয়ালকুট ক্ৰিকেট ষ্টেডিয়ামত পঞ্চম বেটছমেন হিচাপে প্ৰথম অভাৰ খেলোতে বলাৰ ৱাকাৰ ইউনিছৰ দ্বিতীয়টো বল বাউঞ্চাৰ হোৱাত তেওঁৰ নাকত আঘাত কৰাত নাকেৰে জোৰেৰে তেজ ববলৈ ধৰে। কিন্তু তথাপিও তেওঁ ফিজিওথেৰাপিৰ জিৰণিৰ পৰামৰ্শ আওকাণ কৰি ” মে খেলেগা মে খেলেগা ” বুলি খেলিছিল। আচৰিতভাৱে তাৰ পাছতেই শচীনে ক্ৰিকেট খেলক এক বিশেষ মাত্ৰা প্ৰদান কৰি তেওঁ বহু বিশ্ব অভিলেখ স্থাপন কৰে ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছু ক্ৰিকেট খেলুৱৈক ( ভাৰতৰ ৰমন লাম্বাকে ধৰি ) বলে আঘাত সনাৰ বাবে মৃত্যুও হৈছে। তথাপিও ক্ৰিকেট খেলক অতি কম বিপদজনক খেল বুলিয়ে ধৰা হয়। কিন্তু এই পৃথিৱীতে বহুত বেছি বিপদজনক খেলো আছে। যিবোৰ খেলত শিহৰণৰ লগে লগে মৃত্যুও আছে। এই খেলবোৰ খেলোতে বহু ধৰণৰ নিৰাপদ সঁজুলি ব্যৱহাৰ কৰা হয় যদিও এতিয়াও দুৰ্ঘটনা হ্ৰাস কৰিব পৰা নাই।

চাৰ্ফিং :- এই খেল সাগৰৰ ঢৌৰ সৈতে খেলা হয়। ওখ ওখ ঢৌৰ সৈতে এই খেলত খেলুৱৈ সকলে চাৰ্ফবোৰ্ডৰ সহায়ত থিয় হৈ সাগৰৰ পানীত গতি কৰি খেলে। এনে পানীৰ বৃহৎ ঢৌৰ বাবে খেলুৱৈজন পানীত পৰি যোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। কেতিয়াবা কিছু খেলুৱৈ পানীত সোমাই গৈ কঠিন বস্তুৰ সৈতে খুন্দা খাই বা ডাঙৰ মাছেও এই খেলুৱৈসকলক আক্ৰমণ কৰাৰ ফলত তেওঁলোকৰ মৃত্যুও ঘটে। কিন্তু পৰ্টুগালত ২০১৩ চনত গেৰেট মেকনমাৰা নামৰ লোকজনে ১০০ ফুট বৃহৎ ঢৌৰ লগত চাৰ্ফিং কৰি বিশ্ব ৰেকৰ্ডো গঢ়ি থৈছে।

বুল ৰাইডিং : এই খেলটো স্পেইন আৰু ইয়াৰ দাঁতিকাষৰীয়া দেশবোৰত খেলা হয়। এই খেলটোত খেলুৱৈসকলক এটা দৈত্যাকৃতি ষাঁড় গৰুৰ পিঠিত উঠি ষাঁড় গৰুটোক দৌৰাবলৈ দিয়া হয়। কিন্তু এই খেলটো ৰোমাঞ্চকৰ কৰিবলৈ ষাঁড়টোৰ পিঠিত কিছু আঘাত কৰি তেজ উলিয়াই দিয়া হয় যাতে খেলুৱৈজনে সহজতে ষাঁড় গৰুটোক বশ কৰি দৌৰাব নোৱাৰে। শৰীৰৰ আঘাতৰ বাবে ষাঁড়টোৱে খেলুৱৈজনক শত্ৰু বুলি ভাবি লয় আৰু ফলত পিঠিৰ পৰা নমাই ষাঁড়টোৱে খেলুৱৈজনক আক্ৰমণ কৰিব বিচাৰে। সেইবাবে এই খেলটো অতি বিপদজনক হৈ উঠে আৰু কেতিয়াবা ষাঁড়ৰ আক্ৰমণত খেলুৱৈজন নিহতো হয়।

বেছ জাম্পিং :- এই খেলটো অতি ওখ পাহাৰ , বিল্ডিং আদিৰ পৰা জঁপিয়াই খেলা হয়। যিসকলে দুঃসাহসিক খেল ভাল পাই তেওঁলোকৰ বহুতেই এই খেল খেলি ভাল পায়। যেতিয়া ওখ পাহাৰ বা বিল্ডিঙৰ ওপৰৰ পৰা খেলুৱৈসকল জঁপিয়াই তেতিয়া তেওঁলোকে বতাহৰ মাজেৰে তীব্ৰগতিত ভূমিলৈ আহি থাকোঁতে শৰীৰত দুঃসাহসিকতাৰ শিহৰণ লাভ কৰি ৰোমাঞ্চিত হৈ উঠে আৰু ভূমিত নমাৰ কিছু সময়ৰ আগত পেৰাছুট খুলি সফলতাৰে ভূমিত খোজ দিয়ে। তথাপিও কেতিয়াবা পেৰাছুট সময়মতে খোল নোখোৱাৰ বাবে কিছু খেলুৱৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লব লগা হয়।

পৰ্বতাৰোহন :- এই বিধ ক্ৰীড়াও বহুত বেছি বিপদজনক। পৰ্বতাৰোহন কৰিবলৈ দুঃসাহস , বুদ্ধিমত্তা , মানসিক দৃঢ়তা আৰু শক্তিশালী শৰীৰৰ প্ৰয়োজনতাৰ লগতে প্ৰকৃতিৰ সহায়ৰো অতি প্ৰয়োজন হৈ পৰে। এই বিধ ক্ৰীড়াৰ বাবে পৰ্বতাৰোহীসকলে থিয় ওখ পাহাৰ , পৰ্বত বগাব লাগে। কেতিয়াবা পৰ্বতাৰোহীসকল দুৰ্ভাগ্যজনক ভাবে পিছলি , ৰছী খোল খাই , শিল-মাটি ওপৰৰ পৰা খহি বা বৰফৰ পাহাৰত ধুমুহা আদিৰ বাবে আঘাতপ্ৰাপ্ত হয় আৰু কিছুমানৰ মৃত্যুও হয়।

ফুটবল :- ফুটবল খেল ভাল নোপোৱা লোক হয়তো এই পৃথিৱীত নাই। সকলো দেশৰ মানুহৰ অতি লোকপ্ৰিয় খেল ফুটবল যদিও এই খেলত দুৰ্ঘটনাৰ পৰিমানো বেছি । দুভৰিৰ যাদু দেখুৱাওঁতে খেলুৱৈসকলে ইজনৰ ওপৰত সিজনে হঠাতে বাগৰি পৰিব লগা হয়। কিন্তু কিছু খেলুৱৈয়ে জানি বুজিও বিপক্ষৰ খেলুৱৈক আঘাতপ্ৰাপ্ত কৰে। ফলত কেতিয়াবা কিছু খেলুৱৈৰ ভৰি ভঙাৰ লগতে গুৰুতৰ ভাৱে আঘাত পাবলগীয়া হয়। ফুটবলখেলত খেলপথাৰতে কিছু খেলুৱৈ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ মৃত্যু মুখতো পৰিছে।
ওপৰোক্ত খেলবোৰত শিহৰণ , ৰোমাঞ্চ সকলো আছে আৰু বহু বেছি সাৱধানতাও লোৱা হয় কিন্তু কেতিয়াবা দুৰ্ভাগ্যবশত দুৰ্ঘটনা ঘটি যায় । মই কৰ্মৰত প্ৰতিষ্ঠানটোৰ বছেৰেকীয়া খেলৰ সময়তো শৰীৰলৈ গাৰু দলিয়াই দিয়া খেলত এজন কৰ্মচাৰীয়ে মূৰত আৰু এজনে তিনি জাপ মৰা খেলত ভৰিত গুৰুতৰ ভাবে আঘাত পাইছিল আৰু দুয়োৰে অস্ত্ৰোপচাৰো কৰোৱা হৈছিল । খেলত দুৰ্ঘটনাৰ চিকাৰ হোৱাসকলৰ এইয়া দুৰ্ভাগ্য বুলিয়ে কব লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments