পৃথিৱীৰ বৈৰী (ৰহস্য গল্প) -যুগল চন্দ্ৰ বৰা

পৃথিৱীৰ বৈৰী (ৰহস্য গল্প)

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘটি থকা ঘটনাৱলীক লৈ কেৱল অসম, উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবোৰতেই নহয়, সমগ্ৰ বিশ্বতেই এক প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ নুঠিবনো কিয়? ইয়াত আইন শৃংখলা ইমানেই শিথিল যে কাৰোবাৰ দৰকাৰ হৈছে অভয়াৰণ্যত প্ৰৱেশ কৰি দিন দুপৰতে গঁড় মাৰি তাৰ খৰ্গটো কাটি নিছে, আন কাৰোবাৰ মন গৈছে কাৰোবাক অপহৰণ কৰি লৈ গৈছে৷ কিমান যে পুৰুষ-মহিলা, যুৱক-যুৱতী ক’ৰবালৈ কোনো কামত ওলাই গৈ ঘৰলৈ ঘূৰি নাহি ক’ত যে হেৰাই গৈছে তাৰ এতিয়া হিচাপেই নোহোৱা হৈছে৷ লাহে লাহে যেতিয়া হেৰাই যোৱা লোকৰ তালিকাখন দীঘলীয়া হ’ব ধৰিলে তেতিয়া তাত কেৱল ভাৰতীয়ই নহয় বিদেশী পৰ্য্যটকৰো নাম সন্নিবিষ্ট হ’ল৷ এতিয়া য’তেই দুজন বা ততোধিক মানুহ গোট খায় তাতেই কেৱল এইবোৰ কথাৰ চৰ্চা হয়৷
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আইন-শৃংখলা আৰু পৰিস্থিতি ইমানেই ভয়ংকৰ তথাপিও ইয়ালৈ দেশী বিদেশী অনেক লোকৰ প্ৰৱেশ কিছু দিনৰ পৰা বৃদ্ধিহে পাইছে৷ ইয়াৰ আঁৰত নিশ্চয় কিবা ৰহস্য লুকাই আছে৷ কোনোবা এজনে দিয়া মন্তব্যৰ উত্তৰ দি আন কোনোবাজনে কয়, ও আছে৷ ৰহস্য কি তাক জানি ব্যৱস্থা গ্ৰহণ কৰিব পৰা ক্ষমতা থকা সকলে তাক গাপ দি ৰাখি তাৰ পৰা মুনাফা লুটাৰ সুযোগ লৈছে আক’৷ সোণ! সোণ! সোণৰ দাম ইয়াত বহুত কম৷ পিছে তাহানিখনৰ সোণোৱাল কছাৰীসকলে সোৱনশিৰি নদীত সোণ কমাই সোণেৰে উপচাই দিয়া নাই৷ এই সোণ ক’ৰ পৰা কেনেকৈ আহিছে কোনেও আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰা নাই৷ মাথোঁ সোণ যিমান পাৰে গোটাইছে৷ ইয়াৰ বহুতো মানুহে এতিয়া সোণৰ বেপাৰত ধৰিছে৷ সোণ কিনোতাৰো সীমা সংখ্যা নোহোৱা হৈছে৷ সোণ পুলিচে কিনিছে, আয় কৰ বিভাগৰ আমোলাই কিনিছে, অন্য চাকৰিয়ালে কিনিছে, ব্যৱসায়ীয়ে কিনিছে, কৃষকে কিনিছে, সোণ কোনে কিনা নাই? মন্ত্ৰী, বিধায়ক আৰু হাকিম-উকিল সকলোৱে কিনিছে৷ এৰা, ঠিকেই কৰিছে৷ সময়ৰ শৰ মাৰিব নোৱাৰিলে বোলে শৰ পহুৰ মঙহ খাব নোৱাৰি৷
সোণ কিনা-বেচা, মানুহ অপহৰণ আৰু যেতিয়াই তেতিয়াই গঁড় নিধন- এইবোৰ কথা ৰাজ্য চৰকাৰবোৰৰ বাবে ডাঙৰ কথা কিবা কাৰণত নহ’বও পাৰে; কিন্তু বহুতো কাৰণত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দ্দেশ দি আছিল৷ ৰাজ্য চৰকাৰ বিফল হোৱাত চি বি আইক তদন্ত কৰিবলৈ দায়িত্বভাৰ দিয়া হল৷ তদন্তৰ বাবে দুজন উচ্চ পদস্থ বিষয়া আহিল৷ দুদিনৰ পিছতে দুয়োজন নিখোঁজ হ’ল৷ ভালেমান দিনলৈ বিষয়া দুজনৰ অনুসন্ধান চলি থাকিল; কিন্তু কোনেও তেওঁলোকৰ সন্ধান উলিয়াব নোৱাৰিলে৷
০০০০০০০০০০০০০০০০০০০০০০০
মুখ্যমন্ত্ৰী আনন্দ বৰাৰ বাসভৱন৷ ৰাজ্যৰ উদ্বেগজনক পৰিস্থিতিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠক অনুস্থিত কৰা হৈছে৷ মুখ্যমন্ত্ৰীৰ লগত আছে তেওঁৰ ৰাজনৈতিক উপদেষ্টা আৰু দুজন বিশ্বস্ত মন্ত্ৰী তথা অসমৰ আৰক্ষী-আয়ুক্ত সীমান্ত বৰুৱা৷ এই বৈঠকলৈ আমন্ত্ৰিত কৰি অনা হৈছে বিখ্যাত প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাক৷
“বৰুৱা, আপুনিতো অভিযান চলাই গঁড় হত্যাকাৰীক হাতে-লোতৰে ধৰাই দিলেই আৰু ইয়াৰ অন্তৰালত থকা ব্যক্তি সকলৰ বিষয়েও আমাক জনালে৷” মুখ্যমন্ত্ৰীয়ে ৰতন বৰুৱাক উদ্দেশ্যি কলে,  “চৰকাৰেও সিহঁতক কৰায়ত্ত কৰাৰ বাবে চেষ্টা চলাই আছে; কিন্তু প্ৰমাণৰ অভাৱত সেয়া হৈ উঠা নাই৷ এতিয়া আগতকৈ বেছিকৈহে গঁড় হত্যা কৰিব ধৰিছে৷ অন্যহাতে আচৰিত কথা হ’ল এয়ে যে ক’ৰ পৰা কেনেকৈ ইয়ালৈ সোণ আহিছে নাজানো; কিন্তু মানুহবোৰ সোণৰ লগত এক প্ৰকাৰ বলিয়াই হৈ পৰিছে৷ খেতিয়কে খেতিৰ কাম এৰিছে, ৰিক্সাৱালা, ঠেলাৱালাই ৰিক্সা-ঠেলা চলোৱা বাদ দিছে, মিস্ত্ৰী যোগালী আৰু বনুৱাই নিজৰ কাম এৰিছে, পুলিচ-মিলিটেৰী, কেৰাণী-মহৰী, শিক্ষক-প্ৰৱক্তাই নিজৰ চাকৰিলৈ পিঠি দিছে আৰু সকলোৱে দুদিনতে চহকী হ’বৰ বাবে সোণৰ কাৰবাৰত নামি পৰিছে৷ উন্নয়নমূলক কামবোৰ স্তব্ধ হৈ পৰিছে৷ ৰাজ্যখনৰ বহুতো মানুহ অলপ দিনৰ ভিতৰতে চহকী হৈ পৰিছে৷ ৰাজ্য দেশী বিদেশী বহিৰাগত লোকেৰে ঠাহ খাই পৰিছে-সকলোৱে চহকী হোৱাৰ স্বপ্ন লৈ আহিছে৷ ৰাজ্যখনত নিতৌ অপহৰণৰ ঘটনা ঘটিয়ে আছে; কিন্তু তালৈকো কোনেও কেৰেপ কৰা নাই, যেন অপহৰণ, মৃত্যু এইবোৰ কোনো ডাঙৰ কথা নহয়, ধনী-মানী হ’ব পৰাটোহে আচল কথা আৰু তাতেই এই জীৱনৰ সাৰ্থকতা লুকাই আছে৷ কেন্দ্ৰীয় চৰকাৰে আমাক হেঁচা দিছে, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব লাগে, অপহৃত চি বি আই বিষয়া দুজন আৰু অন্যসকলৰ সন্ধান উলিয়াই তেওঁলোকক উদ্ধাৰ কৰিব লাগে৷ আমি কি কৰিম কওক বৰুৱা? আমিতো যাদুকৰ নহয় যে পানী জাৰি দিম আৰু মানুহ কেইটা ওলাই আহিব৷ স্বয়ং চি বি আইৰ বিষয়াই হেৰাই গৈছে৷ হুঁহ, আমি কিডাল কৰিম হে৷ পিছে আপোনাৰ কথা সুকীয়া দেই বৰুৱা, এই বিষয়ত আপোনাক সম্পূৰ্ণ দায়িত্ব মই গৃহ বিভাগৰো মন্ত্ৰী হিচাপে অৰ্পণ কৰিলোঁ৷”
“ধন্যবাদ ছাৰ৷” ৰতন বৰুৱাই কৃতজ্ঞতা প্ৰকাশ কৰি কলে, “এনে গুৰুত্বপূৰ্ণ কামৰ ভাৰ দি মোৰ ওপৰত আপোনালোকে ভৰষা ৰাখিছে যেতিয়া ময়ো কৰ্ত্তব্যত অলপো হেলা নকৰি ৰহস্য উৎঘাটন কৰিম৷ অপহৃত ব্যক্তিসকলৰ তালিকা আৰু কাক কেনে পৰিবেশত অপহৰণ কৰা হ’ল, এইবোৰ বিষেয়ে যিমান দূৰ সম্ভৱ কথাবোৰ জনাব লাগিব৷ সোণবোৰ ইয়ালৈ ক’ৰপৰা কেনেকৈ আহিছে সেই বিষয়ে কিবা সম্ভেদ পাইছে যদি মোক তাকো জনালে ভাল হ’ব৷ গঁড় নিধনৰ বিষয়ে মোক একো নজনালেও হ’ব৷ মই এই বিষয়ে সকলো কথা জানো৷”
মুখ্যমন্ত্ৰীৰ নিৰ্দ্দেশত পুলিচ আয়ুক্ত সীমান্ত বৰুৱাই সকলো আৱশ্যকীয় তথ্য পাতি ৰতন বৰুৱাক দি অভিযানৰ বাবে শুভেচ্ছা জনাই ক’লে, “বৰুৱা ডাঙৰীয়া, আপোনাৰ অভিযানলৈ মোৰ কেৱল শুভেচ্ছায়েই নহয় আপুনি যেতিয়াই বিচাৰে তেতিয়াই সহায়ৰ হাত আগ বঢ়াবলৈ  অসম পুলিচ প্ৰতি মুহূৰ্ততে সাজু থাকিব বুলি প্ৰতিশ্ৰুতিও থাকিল৷”
ৰতন বৰুৱাই ধন্যবাদ জনালে আৰু দুয়ো কৰমৰ্দন কৰিলে৷ মুখ্যমন্ত্ৰীকে ধৰি সমবেত সকলোৱেই ৰতন বৰুৱাক তেওঁৰ অভিযানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলে৷ ৰতন বৰুৱাই বিনম্ৰভাৱে সকলোকে ধন্যবাদ জনালে৷
০০০০০০০০০০০০০০০০০০০০০০০
ৰতন বৰুৱাই মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা ওলায়েই বাল্যবন্ধু শৰতলৈ ফোন কৰিলে৷ শৰৎ অৰ্থাৎ ড° শৰৎ গোস্বামী ঘৰতে আছিল৷ ৰতন বৰুৱাক তেওঁ ঘৰলৈ নিমন্ত্ৰণ জনালে৷ ৰতন বৰুৱাই ভবা কথাটো অতি সহজতে হৈ যোৱাত ভালেই পালে৷ লগে লগে তেওঁ ড° শৰৎ গোস্বামীৰ ঘৰ পালেগৈ৷
“কিহে ডিটেকটিভ, কপালৰ ৰেখাবোৰ বেছিকৈ জিলিকি আছে যে, কিবা গধূৰ বোজা বব লগা হৈছে নেকি?” ৰতন বৰুৱাক দেখা পায়ে শৰতে তেনেদৰে কোৱাত ৰতন বৰুৱাই এক প্ৰকাৰ থতমত খাই গল৷
“এৰা দেই, তুমি মোৰ প্ৰকৃত বন্ধু৷ প্ৰকৃত বন্ধুৱেহে চেহেৰা দেখিয়ে বন্ধুৰ মনৰ ভাৱ বুজিব পাৰে৷” ৰতন গোস্বামীয়ে ক’লে৷
“অ’, তেনেহলে তুমি মোক আগতে প্ৰকৃত বন্ধু বুলি গণ্যই কৰা নাছিলা, নহয় জানো?” শৰতে ইতিকিং সুৰত কোৱা কথাষাৰত ৰতন বৰুৱাই লাজ পালে যদিও সেয়া লুকাই ৰাখিলে৷
“মোৰ ওপৰত পৰা গধূৰ ভাৰখনৰ কথা গম পাইছা যেতিয়া তাক পাতল কৰি দিলেহে প্ৰকৃত বন্ধু বুলি খাটাংকৈ ধৰি ল’ব পাৰিম৷”
ৰতন বৰুৱাই হাঁহি হাঁহি কোৱা কথাৰ শৰতেও হাঁহি হাঁহি উত্তৰ দিলে, “তেনেহলে কোৱা বন্ধু, তোমাৰ সমস্যাৰ কথা কোৱা৷”
ৰতন বৰুৱাই লোৱা নতুন কামৰ বিষয়ে শৰতক কোৱাত তেওঁ শুনিয়েই হতভম্ব হ’ল৷ তথাপিও যথাসাধ্য সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে৷
“তুমি অৰ্থনীতিৰ প্ৰৱক্তা, এই সোণৰ কাৰবাৰটোৰ বিষয়ে নিশ্চয়ে কিবা ধাৰণা কৰিছা তাকে মোক বুজাই দিয়াচোন৷” ৰতন বৰুৱাই ক’লে৷
“এৰা, সোণৰ প্ৰাচুৰ্য্যই যি সমস্যাৰ সৃষ্টি কৰিছে তাক লৈ বৌদ্ধিক সমাজখন উদ্বিগ্ন হৈ পৰিছে”,  ড° শৰৎ গোস্বামীয়ে কলে, “সমাজৰ এচাম অৰ্থলোভীয়ে ধন সোণ সংগ্ৰহত নামি পৰিছে আৰু আন এচামে বয়-বস্তুৰ জুই ছাই দামৰ বাবে জলাকলা দেখিছে৷ ১৮৫৪ চনত কেলিফৰ্ণিয়াৰ কালাভেৰাচ প্ৰদেশৰ কাৰচন পৰ্বতত ১৬০ পাউণ্ড সোণ পাইছিল৷  তেতিয়া হঠাৎ ধনী হোৱাৰ লোভে কেলিফৰ্ণিয়াত দ্ৰুত গতিত অনিয়ন্ত্ৰিত হাৰত জনসংখ্যা বৃদ্ধি কৰিছিল৷ বয়-বস্তুৰ দাম আকাশলঙ্ঘী হৈছিল৷ সোণৰ হুৰামুৰাৰ ধামখুমীয়াত পৰি তাৰ স্থায়ী বাসিন্দাসকল বিভ্ৰান্ত হৈ পৰিছিল৷ তাৎক্ষণিকভাৱে চহকী হোৱাৰ তাৰণাত পৰি নাৱিক, সৈনিক আৰু ভূমিহীন কৃষক ইত্যাদি সকলোৱে নিজৰ কাম ত্যাগ কৰিছিল৷ আনকি আমেৰিকা আৰু অন্যান্য দেশৰ লোকেও হঠাতে ধনী হ’বলৈ কেলিফৰ্ণিয়ালৈ আহিছিল আৰু সেই সম্পদ ভোগ কৰিবলৈ স্বদেশলৈ ঘূৰি গৈছিল৷ এটা সময়ত তাত সোণৰ আহৰণ বৃদ্ধি পাই সৰ্বোচ্চ সীমা পালে আৰু ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিলে৷ অৰ্থনীতিবিদোসকলে হিচাপ কৰি দেখিছে যে ১৮৪০-১৯৪০ চনৰ ভিতৰত  দেশখনে আহৰণ কৰা সোণৰ মূল্য দেশখনৰ ১৯৬০ চনৰ বছৰটোৰ কৃষি উৎপানৰ মূল্যতকৈও কম৷”
“তুমি যে সোণ আহৰণৰ কথা ক’লা, ধাৰণা কৰিব পাৰি নেকি যে আমাৰ ইয়াতো ক’ৰবাত সোণৰ খনিত গোপনে সোণ আহৰণ কৰি থকা হৈছে?” ৰতন বৰুৱাই ক’লে৷
“বজাৰত যেতিয়া ইমান সোণ বিক্ৰী হৈছে তেন্তে তাৰ উৎসটোক সোণৰ খনি বুলি নকৈ কি বুলি ক’বাহে?”
“এৰা হে, কথাটো মিছা নহয়৷ ৰতন বৰুৱাই ক’লে৷ তেন্তে প্ৰথম কাম হ’ব সোণৰ উৎসৰ সন্ধান উলিওৱা, নহয় জানো বন্ধু?”
“কামটো জটিল; কিন্তু তুমি সমাধা কৰিব পাৰিবা বুলি বিশ্বাস আছে বন্ধু, শুভেচ্ছা থাকিল৷” শৰৎ গোস্বামীয়ে ক’লে৷
“ধন্যবাদ বন্ধু৷ আজিলৈ বিদায়৷”
০০০০০০০০০০০০০০০০০০০০০০০
ৰতন বৰুৱাই এক জৰুৰী বৈঠকৰ আহ্বান কৰি দলৰ সকলো সদস্যকে মাতি পঠালে৷ নতুন কামৰ বিষয়ে সকলোকে জনাই তাৰ বিভিন্ন দিশবোৰ আলোচনা কৰিলে৷ আলোচনাত সোণ আৰু গঁড় নিধন কাৰ্যৰ মাজত কিবা যোগসূত্ৰ থাকিব পাৰে নেকি তাকো চৰ্চা কৰা হ’ল৷ অপহৰণ কাণ্ডৰ ওপৰতেই অধিক সময় ধৰি আলোচনা চলিল৷ অপহৰণ কৰা পিছত বৰ্তমানলৈকে কোনো শুং-সূত্ৰ নোলোৱা সকলৰ এখন তালিকা বেলেগে তৈয়াৰ কৰা হ’ল৷ এখন দীঘলীয়া তালিকা ৷
“এতিয়া আমাৰ প্ৰধান কাম হ’ল গুৱাহাটীত বেছি পৰিমাণৰ সোণ কাৰ লগত জমা আছে তাক অনুসন্ধান কৰি উলিওৱা৷ দুই এদিনৰ ভিতৰতে এই কাম সমাধা কৰিব লাগিব৷ এই কামৰ ভাৰ কোনোবা এজন বা দুজনে ল’ব নালাগে, আমি সকলোৱেই এতিয়াৰ পৰাই কামত লাগি যাওঁ৷” ৰতন বৰুৱাই ক’লে৷
কথামতেই কাম৷ সকলোৱেই উৎসাহেৰে কৰ্মক্ষেত্ৰত নামি পৰিল৷ সমগ্ৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগত কথা-বতৰা পাতি ৰতন বৰুৱা আৰু তেওঁৰ দলৰ সদস্যসকলে সোণৰ ব্যৱসায় সন্দৰ্ভত কিছুমান খা-খবৰ সংগ্ৰহ কৰিলে৷ তেওঁলোক পুনৰ লগ হৈ আলোচনাত বহিল৷ তেওঁলোকে সিদ্ধান্তত উপনীত হ’ল যে লাখটকীয়াৰ ব্যৱসায়ী সুন্দৰমল চাহুৰ লগতেই সৰ্বাধিক সোণ জমা আছে৷ তেওঁ প্ৰকৃততে আলু-পিয়াজৰ পাইকাৰী ব্যৱসায়ী; কিন্তু কিছু দিনৰ আগৰে পৰা তেওঁ জুৱেলাৰী ব্যৱসায়ত নামিছে আৰু মহানগৰীৰ বিভিন্ন স্থানত কেইবাখনো ডাঙৰ জুৱেলাৰী দোকান খুলিছে৷
“আমাৰ এতিয়া প্ৰধান কাম হ’ল সুন্দৰমল চাহুক অনুসৰণ কৰা আৰু তেওঁ সোণ ক’ত পায় তাক বিচাৰি উলিওৱা৷” ৰতন বৰুৱাই দলৰ সকলোকে উদ্দেশ্যি ক’লে আৰু তাৰ পিছতে তেওঁৰ সহযোগীসকলে কোনে কি কাম কৰিব লাগিব বুজাই দিলে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০
সীমাই বিউটিপাৰ্লাৰৰ পৰা সুন্দৰীজনী হৈ ওলাই বাহিৰে বাহিৰে লাখটকীয়াত থকা সুন্দৰমল চাহুৰ ‘জানকী জুৱেলাৰী’লৈ গ’ল৷
“আহক, আহক, বহকচোন” জানকী জুৱেলাৰীৰ ডেকা মেনেজাৰে সীমাক বেছ সম্ভ্ৰমেৰে মাতি তেওঁৰ টেবুলৰ সমুখৰ আসনতে বহিবলৈ দিলে – যেন বহুদিনৰ পূৰ্বৰে পৰা দুয়োৰে ভাল চিনাকি৷ সীমা বহাৰ পিছত কেনে ধৰণৰ জুৱেলাৰী লাগে বুলি মিচিকীয়া হাঁহি মাৰি এনে ভাৱত মেনেজাৰে সুধিলে, যেন প্ৰেয়সীকহে উপহাৰ দিবৰ বাবে প্ৰেমিকে সুধিছে৷
“মই গহনা কিনিবৰ বাবে অহা নাই, অন্য এক জৰুৰী কামৰ বাবেহে আপোনাৰ ওচৰলৈ আহিছোঁ৷”
“কওকচোন কেনে ধৰণৰ জৰুৰী কামত আহিলে৷”
“আপোনাৰ দোকানৰ বাবে এগৰাকী পৰিচাৰিকা লাগে বুলি জানিব পাৰি সেই কামত মোক নিয়োগ কৰিব নেকি সুধিবলৈ আহিছোঁ৷”
“অ’ হয় নেকি? তেনে হ’লে বৰ ভাল কথা ৷”ডেকা মেনেজাৰে কথা কেইটা ইমানেই উৎফুল্লিত হৈ ক’লে যে তেওঁৰ গালে মুখে ৰোমাঞ্চৰ ৰংবোৰ বিয়পি পৰা সীমাই স্পষ্টকৈ দেখা পালে৷
তেওঁ আকৌ ক’লে, “পিছে এই দোকানখন মোৰ নহয়, মই ইয়াৰ মেনেজাৰহে৷ মোৰ নাম মানস হালৈ৷ আপোনাৰ নামটো জানিব পাৰোঁনে?”
“মোৰ নাম সীমা ডেকা৷”
“আমাৰ দোকানৰ মালিকক আপুনি চিনিয়েই পাব চাগৈ৷ সুন্দৰমল চাহু৷ বৰ মৰমীয়াল মানুহ৷ কৰ্মচাৰীক ভাল দৰ্মহা দিয়ে৷ ৰ’ব মই ফোন এটা কৰি কথাটো সুধিয়েই চাওঁ বাৰু৷ পিছে আপোনাৰ ঘৰ ক’ত বুলি ক’ম?”
“আচল ঘৰ নলবাৰীত; কিন্তু থাকো চানমাৰিত৷”
“ইয়ে আচৰিত কথা, মোৰো আচল ঘৰ নলবাৰীতহে৷ হাঁদলীত৷ গাঁৱৰে আপী৷” কথাষাৰ উৎসাহেৰে কৈ মানসে মহাজনলৈ ফোন কৰিলে৷ ফোনত মহাজনক সীমাৰ বিষয়ে ক’লে যে তাই মানসৰ পেহীয়েকৰ ছোৱালী আৰু নলবৰীতেই ঘৰ৷ এনে বিশ্বাসী আৰু ভাল ছোৱালী পোৱা টান৷ গতিকে মহাজনে যেন কথাটো বিবেচনা কৰে৷
মহাজনৰ লগত ফোনত কথা পতাৰ পিছত সীমালৈ চাই বিশ্ব জয় কৰাৰ দৰে গৌৰৱেৰে হাঁহি এটা মাৰি আপুনি সম্বোধন বিসৰ্জন দি ক’লে, “তোমাৰ কাম হৈ যাব৷ মহাজনে তোমাক তেখেতৰ দোকানলৈ মাতিছে৷ অলপ দূৰ যদিও খোজ কাঢ়িয়েই যাব পাৰি৷ কথাবোৰ মোৰ কথাৰ লগত মিলাই মহাজনক ক’বা দেই৷”
মানসে মহাজনৰ দোকানৰ ফালে গৈ থকা সীমালৈ বহুপৰ একেৰাহে চাই থাকিল৷
মানসে সীমাৰহৈ দিয়া চৰিত্ৰৰ প্ৰমাণ পত্ৰই কাম কৰিলে৷ সুন্দৰমলে সীমাৰ কথা বতৰাত খুউব ভাল পালে আৰু পাণবজাৰত নতুনকৈ খোলা ‘সীতা জুৱেলাৰী’ৰ মেনেজাৰ হিচাপে নিয়োগ কৰিলে আৰু পিছদিনাৰ পৰাই কামত যোগদান কৰিবলৈ ক’লে৷
সীমাই মানসৰ দোকানত সোমাই খবৰটো দিয়াত মানসে দেহ মনত এক বুজাব নোৱাৰা পুলক তথা অনুভূতি অনুভৱ কৰিলে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
“আয়িয়ে, আয়িয়ে ভাইচাহেব, বোলিয়েজী৷ বোলিয়ে ক্যা চাহিয়ে আপকো?” আগন্তুকক আথে–বেথে বহিবলৈ দি সীমাই ক’লে, “ঠাণ্ডা য়া গৰম কুচ —-৷”
আগন্তুকে আসন গ্ৰহণ কৰিলে আৰু দোকানৰ ইফালে সিফালে চাই মানুহ–দুনুহ নেদেখি হাঁহি হাঁহি ক’বলৈ ধৰিলে, “বাঃ সীমা বাঃ৷ তোমাক কিন্তু মানিলোঁ দেই, মেনেজাৰ এনেকুৱাহে হ’ব লাগে৷ সেয়েহে ৰতন বৰুৱা ছাৰ তোমাৰ প্ৰসংশাত পঞ্চমুখ৷
সেইটো যে নিজৰে সহযোগী বাহাদুৰ, মাতত হে সীমাই চিনিব পাৰিলে৷
“তুমিও কম মানুহ নহয় দিয়া, সাইলাখ শেঠজী৷ কোনেও সন্দেহ নকৰে যে তুমি ডিটেকটিভ ৰতন বৰুৱাৰ সহযোগী৷”
তাৰ পিছত দুয়ো কিছু গোপন কথা আলোচনা কৰিলে৷
সীমাই শেঠজীৰ আগমনৰ কথা মহাজনক জনাই ক’লে যে তেওঁ প্ৰায় দহ কোটি টকাৰ সোণ কিনিব৷ খবৰটো পোৱাৰ লগে লগে নিজে গাড়ী লৈ আহি শেঠজীক নিজৰ ঘৰলৈ লৈ গ’লহি৷ শেঠজীৰ লগত সোণৰ দাম-দৰ চিঙি দুদিনৰ পিছতে লেন-দেন কৰাৰ সিদ্ধান্ত ল’লে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০
সুন্দৰমল চাহুৱে সঘনাই তেওঁৰ ট্ৰাকচালকবোৰ সলনি কৰি থাকে৷ কথাটো জানিব পাৰি সীমাই ৰতন বৰুৱাক ফোনযোগে ক’লে৷ ৰতন বৰুৱাই ইন্দ্ৰজিতক ট্ৰাক চালকৰ চাকৰি ল’বলৈ সুন্দৰমলৰ ওচৰলৈ পঠাই দিলে৷ সঁচাকৈয়ে ইন্দ্ৰজিতে সহজতে ট্ৰাক চালকৰ চাকৰি পালে৷
ইন্দ্ৰজিতক মহাজনে তিনিচুকীয়াত থকা তেওঁৰ দোকানলৈ পঠাই দিলে৷ ট্ৰাক ভৰ্তি আলু-পিয়াজ লৈ সি হেণ্ডিমেন ল’ৰাটোৰ সৈতে তিনিচুকীয়াৰ পৰা অৰুণাচললৈ যাত্ৰা আৰম্ভ কৰিলে৷ বিহাৰী ল’ৰাটোৰ (হেণ্ডিমেন) লগতে ইন্দ্ৰজিতে হিন্দীতে কথা পাতি পাতি দূৰণিবটীয়া যাত্ৰাৰ আমনিদায়ক নিৰৱতাবোৰ খেদিব খুজিলে৷ হেণ্ডিমেন হৰিশংকৰ মহাজন সুন্দৰমল চাহুৰ প্ৰশংসাত পঞ্চমুখ৷ বিহাৰত মহাজন আৰু তাৰ ঘৰ ওচৰা-ওচৰি৷ সেয়ে সুন্দৰমলে হেনো তাক নিজৰ ল’ৰাৰ দৰে মৰম কৰে আৰু বিশ্বাস কৰে৷ ড্ৰাইভাৰে মাথোঁ গাড়ীখন চলাই নিবহে লাগে, বাকী বাটে-পথে, চেকগেটত বা অন্য ঠাইত উদ্ভৱ হোৱা সমস্যাবোৰ হৰিশংকৰেই সমাধান কৰে৷ সেইবোৰ কামৰ বাবে প্ৰয়োজন হোৱা ধন-বিট যি প্ৰয়োজন হয় সেয়া মহাজনে তাৰ হাততে দি থয়৷ দুয়ো কথা–বতৰা পাতি গৈ থাকোতে এটা পুলিচ চেক প’ষ্ট পালেগৈ৷ ট্ৰাকখন ইন্দ্ৰজিতে ৰখাই দিয়াৰ লগে লগে হৰিশংকৰ গাড়ীৰ পৰা টপকৰে নামি গৈ ডিউটিত থকা  পুলিচ কেইজনক লগ কৰি  মাননি জমা দি ঘূৰি আহি গৌৰৱোজ্বল চেহেৰা এটা লৈ গাড়ীত বহি পৰিল৷ ৰাতি এঘাৰ বজাতে সিহঁত গৈ তেজু পালেগৈ৷ তাৰে এখন ডাঙৰ লাইন হোটেলৰ চৌহদত গাড়ীখন পাৰ্ক কৰিলে৷ দুয়োটাই মাছে-মঙহেৰে পেট পূৰাই ভাত-ৰুটি খাই দুখন খাট দখল কৰি মুকলি আকাশৰ তলতে শুই পৰিল৷ পিছে ইন্দ্ৰজিতৰ চকুত টোপনি নাই৷ সি হৰিশংকৰলৈ চালে, বেচেৰাটো টোপনিত লালকাল দিলে৷ হৰিশংকৰে ইতিমধ্যে ইন্দ্ৰজিতে চলাই অহা ট্ৰাকখনৰ চাবিকোছা হোটেলতে সিহঁতৰ বাবে বাট চাই থকা এজন ড্ৰাইভাৰক চমজাই দিলে৷ যিহেতু তেজুৰ পৰা মিচিমি পাহাৰৰ যি ঠাইত আলু–পিয়াজ নমাব লাগিব তালৈকে সেইজন ড্ৰাইভাৰে ট্ৰাকখন লৈ যাব৷ কাৰণ, ৰাস্তা ভাল নহয় আৰু সেই অঞ্চলৰ পুলিচৰ লগত সেইজন ড্ৰাইভাৰ আৰু তেওঁৰ হেণ্ডিমেনটোৰহে ভাল সম্পৰ্ক আছে৷
কিছু সময়ৰ পিছত নতুন ড্ৰাইভাৰ-হেণ্ডিমেনে খোৱা-বোৱা কৰি  ট্ৰাকত লফিয়াই উঠি বহি লৈ চাবিত পাক দি ইঞ্জিন ষ্টাৰ্ট দিলে৷ অন্ধকাৰৰ সুযোগ লৈ ইন্দ্ৰজিতে ট্ৰাকৰ পিছফালে উঠি লৈ আলু-পিয়াজৰ বস্তাৰ মাজত লুকাই পৰিল৷ অকোৱা-পকোৱা ওখ চাপৰ বাটেৰে মিচিমি পাহাৰক ধিয়াই গাড়ীয়ে গতি কৰিব ধৰিলে৷ তিনিচুকীয়াত ট্ৰাকখনত আলু-পিয়াজৰ বস্তাবোৰ উঠাই থাকোতে লগতে চাৰিটা কাৰ্টুন উঠাই দিয়া কাৰ্য ইন্দ্ৰজিতৰ নজৰত পৰিছিল৷ সি সেই কাৰ্টুনকেইটা বিচাৰিবলৈ ধৰিলে৷ বহু কষ্টৰ মূৰত কাৰ্টুন কেইটা বিচাৰি উলিয়াবলৈ সি সক্ষম হ’ল৷ তাৰে এটা সাৱধানে খুলি চাই দেখে-তাত কেইটামান গঁড়ৰ খৰ্গ আলফুলীয়াকৈ পেকেট কৰি ভৰাই থোৱা আছে৷ কাৰ্টুনটো পুনৰ আগৰ দৰেই বন্ধ কৰি পূৰ্বে য’ত যেনেকৈ আছিল ঠিক তেনেদৰে থৈ ৰতন বৰুৱালৈ ফোন কৰিবলৈ তেওঁৰ ম’বাইলত ফোনত নম্বৰ ডায়েল কৰিব ধৰিলে৷
০০০০০০০০০০০০০০০০০০০০০০০
ট্ৰাকখন গৈ চাৰিওফালে  সুউচ্চ পকী বেৰা দিয়া এক জেইল সদৃশ  বৃহৎ এলেকাৰ ভিতৰত সোমাই পৰিল৷ সেয়া এক গো-শালা নে গৱেষণাগাৰ নে অন্য কিবা অফিচ বা অনুষ্ঠান  ইন্দ্ৰজিতে  একো অনুমান কৰিব পৰা নাই৷ ট্ৰাকখন বহুদূৰ সোমাই গৈ এটা দুমহলীয়া ঘৰৰ সমুখত ৰ’লগৈ৷ লগে লগে ইন্দ্ৰজিতেও  গাড়ীৰ পৰা নামি সুবিধাজনক স্থানত আত্ম-গোপন কৰি গতি বিধি লক্ষ্য কৰি থাকিল৷ ট্ৰাকখন ৰখোৱাৰ লগে লগে ঘৰৰ ভিতৰৰ পৰা এটা যন্ত্ৰ-মানৱ (ৰবট) ওলাই আহিল৷ গাড়ীৰ হেণ্ডিমেনে গাড়ীৰপৰা গঁড়ৰ খৰ্গ থকা কাৰ্টুন এটা আনি ৰবটটোক দিলে আৰু  সেইটো নি সি ঘৰৰ ভিতৰত থৈ পুনৰ ওলাই আহিল আৰু হেণ্ডিমেনে অন্য এটা কাৰ্টুন তাক দিলে৷ এইদৰে চাৰিটা কাৰ্টুন কঢ়িয়াই শেষ কৰাৰ পিছত ৰবটটোৱে ঘৰৰ ভিতৰৰ পৰা চাৰিটা বেলেগ কাৰ্টুন আনি এটা এটাকৈ হেণ্ডিমেনক দিলেহি৷ হেণ্ডিমেনে কাৰ্টুনবোৰ আলু-পিয়াজৰ বস্তাৰ তলত লুকুৱাই পেলালে৷ তাৰ পিছত সি গাড়ীত উঠি খিড়িকীৰ ওচৰৰ তাৰ নিৰ্দ্দিষ্ট আসনত বহাৰ লগে লগে গাড়ী চলিবলৈ আৰম্ভ কৰিলে৷ লগে লগে ইন্দ্ৰজিতেও ট্ৰাকৰ পিছফালে জঁপিয়াই উঠি লৈ আলু-পিয়াজৰ বস্তাৰ মাজত অদৃশ্য হৈ পৰিল৷ গাড়ীখনে আকৌ অহা বাটেৰেই ঘূৰি তেজুৰ ফালে গতি কৰিব ধৰিলে৷ ইন্দ্ৰজিতে ততালিকে ৰতন বৰুৱাক খবৰটো দিবৰ বাবে ম’বাইল ফোনত নম্বৰ ডায়েল কৰিলে৷ ভাগ্য ভাল যে নেটৱৰ্কে ঢুকি পোৱা ঠাইতে সিহঁতৰ গাড়ীখন আছিল৷
০০০০০০০০০০০০০০০০০০০
কিছুদূৰ অহাৰ পিছত পুলিচে টৰ্চৰ পোহৰ পেলাই গাড়ীখন ৰখাবলৈ ইংগিত দিলে৷ গাড়ী ৰখোৱাৰ লগে লগে হেণ্ডিমেনে গাড়ীৰ পৰা নামি পুলিচৰ ওচৰ পালেগৈ আৰু এশটকীয়া নোটৰ বাণ্ডিল এটা আগ বঢ়াই দিলে৷ নোটৰ বাণ্ডিল তাৰ হাততেই থাকিল, পুলিচে তাৰ হাতত হাতকেৰেয়া লগাই দিলে৷ কথা বিষম দেখি ড্ৰাইভাৰে গাড়ীৰ পৰা জাপ মাৰি নামি জংগলৰ ফালে দৌৰি পলাব খোজোতেই বন্দুকধাৰী পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে ঘেৰি ধৰি তাক কৰায়ত্ত কৰি হাতত হাতকেৰেয়া লগাই দিলে৷
ৰতন বৰুৱা, সঞ্জয়, মতিন আৰু বাহাদুৰহঁতে তেওঁলোকৰ সতীৰ্থ ইন্দ্ৰজিতৰ সন্ধান চলাই দেখে যে, তেওঁ আলু-পিয়াজৰ বস্তাবোৰ আঁতৰাই তাৰ তলৰ পৰা কেইটামান কাৰ্টুন উলিওৱাত ব্যস্ত৷ ইতিমধ্যে অৰ্ধসামৰিক বাহিনী আৰু পুলিচৰ উচ্চ পদস্থ বিষয়া সকলো আহি ৰতন বৰুৱাহঁতৰ লগ লাগিছিলহি৷
“কেইটা কাৰ্টুন আছেহে ইন্দ্ৰজিত?” ৰতন বৰুৱাই সুধিলে৷
“চাৰিটা ছাৰ, আটাইকেইটা সোণৰ বিস্কুটেৰে ভৰ্তি৷”
সোণৰ বিস্কুটেৰে পৰিপূৰ্ণ কাৰ্টুনকেইটা অৰ্ধসামৰিক বাহিনীৰ বিষয়াৰ জিম্মাত দি তেওঁলোকৰ ভানত তুলি দিয়া হ’ল৷ ইন্দ্ৰজিতে হেণ্ডিমেনৰ চিটত বাহাদুৰক বহাই লৈ ট্ৰাকখন চলাই নিলে৷ আগৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক পুলিচৰ ভানত উঠাই ল’লে৷ সিহঁত  দুটাক সুধি আলু-পিয়াজ য’ত নমাব  লগা আছিল তাতেই নমোৱা হ’ল৷ সেই সময়ত ড্ৰাইভিং চিটত হাতত হাতকেৰেয়া লগাই থোৱা ড্ৰাইভাৰটোকে বহাই থোৱা হৈছিল৷ আলু-পিয়াজ নমাই শেষ কৰি বনুৱা কেইটাই ট্ৰাকখনৰ বস্তাবোৰ জাপি থোৱা স্থানৰ পৰা কেইখনমান তক্তা আঁতৰাই পেলালে আৰু দুফুটমান তলত থকা অন্য তৰপ তক্তাৰ ওপৰত আগৰ কাৰ্টুনবোৰৰ নিচিনা গধূৰ গধূৰ কিছুমান কাৰ্টুন উঠাই দি পুনৰ তক্তাকেইখন  যথাস্থানত খাপ খুৱাই বহাই দিলে৷ বনুৱাবোৰে কাম শেষ কৰি গুচি যোৱাৰ লগে লগে ট্ৰাকখনৰ ড্ৰাইভাৰৰ আসন গ্ৰহণ কৰিলে ইন্দ্ৰজিতে আৰু গাড়ী ষ্টাৰ্ট কৰিলে৷ হাতত হাতকেৰেয়া লাগি থকা ড্ৰাইভাৰ আৰু হেণ্ডিমেনক পুলিচে পুনৰ নিজৰ ভানত উঠাই ল’লে৷ এইবাৰ কিন্তু এমখা অৰ্ধসামৰিক বাহিনীৰ জোৱান আৰু পুলিচ ট্ৰাকখনৰ পিছফালে উঠি ল’লে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০
তেজুৰ লাইন হোটেলৰ যি ঠাইত পাৰ্ক কৰাৰ পৰা ট্ৰাকখন লৈ যোৱা হৈছিল তাতেই নি ইন্দ্ৰজিতে ট্ৰাকখন ৰখাই দুবাৰমান হৰ্ণ বজাই দিলে৷ হৰিশংকৰ বোলা হেণ্ডিমেনটোৱে থতমত খাই সাৰ পাই গ’ল আৰু চকু-মুখ মোহাৰি খৰধৰকৈ আহি ট্ৰাকত উঠি তাৰ আসনত বহি ল’লে৷ পিছফালে যে এমখা অৰ্ধসামৰিক বাহিনীৰ জোৱান আৰু পুলিচ উঠি আছে, সি গমেই নাপালে৷ ইন্দ্ৰজিতে গুৱাহাটী অভিমুখে তীব্ৰ বেগে গাড়ী দৌৰাব ধৰিলে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০
গুৱাহাটীৰ লাখটকীয়াৰ সুন্দৰমল চাহুৰ ঘৰৰ চৌহদত ইন্দ্ৰজিত আৰু হেণ্ডিমেন হৰিশংকৰে ট্ৰাকখন পাৰ্কিং কৰা মুহূৰ্ততে ন্যায়ধীশক লগত লৈ আয়কৰ বিভাগৰ বিষয়া, পুলিচ বিষয়া আৰু সশস্ত্ৰ পুলিচ বাহিনী সুন্দৰমলৰ বাস ভৱনৰ চৌহদত প্ৰৱেশ কৰিলে৷ তালাচী চলাবৰ বাবে যাৱতীয় ৱাৰেন্ট লগত লৈয়ে গৈছিল৷ সুন্দৰমল চাহু এনে আকস্মিক পৰিবেশৰ বাবে অলপো প্ৰস্তুত হৈ থকা নাছিল৷ ঘৰৰ বাহিৰে ভিতৰে চৌদিশে পুলিচে পিনা-পিনাই ঘূৰি ফুৰা দেখি মানুহটো ঘামি–জামি আহৰি হ’ল৷ যেতিয়া দেখিলে পুলিচে  তেওঁৰ ড্ৰাইভাৰ ইন্দ্ৰজিৎ আৰু হেণ্ডিমেন হৰিশংকৰৰ হাতত হাতকেৰেয়া লগাই দিলে, তেতিয়া সুন্দৰমলে কথা বিষম হ’ব ভাবি হৰিশংকৰক চকুৰ টিপতে কিবা বুজাবলৈ যত্ন কৰিলে৷ পুলিচৰ ধমকি খাই হৰিশংকৰেও তাৰ মহাজনৰ চকুলৈ চাবলৈকে আহৰি নাপালে৷ সুন্দৰমলে দেখিলে ইন্দ্ৰজিৎ আৰু হৰিশংকৰ দুয়োটাই মিলি ট্ৰাকৰ ডলা নমাই মাল বোজাই কৰা মজিয়াখনৰ পৰা কেইচটামান তক্তা আঁতৰাই দিছে আৰু তাৰ তলৰ পৰা গধূৰ গধূৰ কাৰ্টুনবোৰ নমাব ধৰিছে৷
এজন পুলিচ বিষয়া আহি সুন্দৰমল চাহুক সুধিলে, “কাৰ্টুনবোৰত কি আছে?”
“সেইটো মই কি জানিম? ড্ৰাইভাৰ হেণ্ডিমেনেহে জানিব৷”
“অ’ হয় নেকি, আপুনি হেণ্ডকাফডাল পিন্ধি লওক আৰু আমাৰ লগত আপোনাৰ গুদাম ঘৰলৈ ব’লক৷”
কনিষ্টবল এজনে আহি সুন্দৰমল চাহুৰ হাতত হেণ্ডকাফ লগাব ধৰোঁতেই তেওঁ চিৎকাৰ কৰি উঠিল আৰু ক’লে, “এক মিনিট, কমচে কম মোক মিনিষ্টাৰ বৰবৰুৱা ছাৰৰ লগত ফোনত একবাৰ কথা পাতি ল’বলৈ দিয়ক৷” কথাষাৰ কৈয়ে পকেটৰ পৰা ম’বাইল ফোনটো উলিয়াব খুজিছিল; কিন্তু পুলিচ বিষয়া জনে তেওঁক সেই সুযোগৰ পৰা বঞ্চিত কৰি কনিষ্টবলজনক হেণ্ডকাফ লগাবলৈ আদেশ দিলে৷ অন্যহাতে ড্ৰাইভাৰ ইন্দ্ৰজিতৰ হাতৰ পৰা হেণ্ডকাফডাল খুলি দিবলৈ ক’লে৷ মুক্ত হৈ ইন্দ্ৰজিতে হৰিশংকৰৰ ওচৰ চাপি আহিল৷
“ড্ৰাইভাৰজী, মোৰ কি কচুৰ আছে?  মোকো এৰি দিবলৈ কহক না৷” হৰিশংকৰে ইন্দ্ৰজিতক ক’লে৷
“সেই এইটো, উৎপাতখন কৰিছ কেলৈ”, ইন্দ্ৰজিতে ক’লে, “তোৰ পকেট চেকিং হ’ল জানো? ৰ’চোন অলপ৷” হৰিশংকৰে মেহেঙা-মেহেং কৰি ৰ’ল৷ লগে লগে এজন পুলিচ বিষয়াই কনিষ্টবলক হৰিশংকৰৰ সৰ্বশৰীৰ তালাচী কৰিবলৈ ক’লে৷ তাৰ আন্দাৰ-পেন্টৰ ডাঙৰ ডাঙৰ পকেট দুটাৰ পৰা প্ৰায় এক লাখ মান টকা ওলাল৷
“ইমানবোৰ টকা তই ক’ত পাইছ?” পুলিচ অফিচাৰে সুধিলে৷
“সুন্দৰমল বাবুৱে দিছে৷”
“কিয় দিছে?”
“ৰাস্তাত পুলিচে ধৰিলে দিবৰ বাবে৷”
০০০০০০০০০০০০০০০০০০০০০০০০০০
লাখটকীয়াৰ এক নম্বৰৰ ধনী ব্যৱসায়ী সুন্দৰমল চাহুৰ গুদামত আৰু তেওঁৰ ট্ৰাকত বহু হেজাৰ কোটি টকাৰ সোণৰ বিস্কুট পোৱা গ’ল, সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ল- এইবোৰ কথা বাতৰি কাকত, টিভিৰ গৰম গৰম খবৰ হ’বলৈ নিদি তদন্তৰ খাতিৰত গোপনে ৰখা হ’ল৷
সুন্দৰমল চাহু, তেওঁৰ গাড়ী ড্ৰাইভাৰ আৰু হেণ্ডিমেন দুটাক আদালতত হাজিৰ কৰাই পুনৰ পুলিচে নিজৰ জিম্মাত লৈ সিহঁতক বেলেগে বেলেগে জেৰা আৰম্ভ কৰি দিলে৷ প্ৰয়োজন সাপেক্ষে থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰা হ’ল৷ মাৰথান জেৰাৰ অন্তত সিহঁতে সঁচা কথাবোৰ ক’বলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ ভাষ্য অনুযায়ী গঁড়ৰৰ খৰ্গৰ পৰা হেনো মানুহক দীৰ্ঘায়ু কৰা ঔষধ প্ৰস্তুত কৰে৷ কেৱল গঁড়ৰ খৰ্গৰ বিনিময়তে নহয়, মানুহৰ বিনিময়তো সোণৰ সৰবৰাহ কৰা হৈ আছে৷ এইবাৰ অভিযান পুনৰ আৰম্ভ কৰিবলৈ ডিটেক্টিভ ৰতন বৰুৱাই ভালেমান নতুন সূত্ৰ পাই গ’ল৷
০০০০০০০০০০০০০০০০০০০০০০০
অন্ধকাৰ জগতৰ ৰজাজনে সাক্ষাৎকাৰ লোৱাৰ পিছতহে আব্দুল শ্বেখে ড্ৰাইভাৰৰ চাকৰিটো লাভ কৰিলে৷ বচৰ মাতষাৰহে শুনিলে আব্দুলে; পৰ্দাৰ সিপাৰে থকা বচক দেখা নাপালে৷
“আব্দুল ভাই, কামবোৰ কেনেকৈ কৰিব লাগিব বুজিলানে?” অন্ধকাৰ জগতৰ সেনাপতি ৰজতে সুধিলে৷
“ৰজত ভাই, বচে কৈছে তুমিহে সকলো শিকাই দিবা হেনো৷” আব্দুলে ক’লে৷
“ঠিক আছে তেন্তে, মোৰ কথামতে কাম কৰি যাবা, দুদিনৰ ভিতৰতে ক্ৰোৰপতি বনি যাবা৷ এতিয়া এই ইণ্ডিগ’ কাৰখন ড্ৰাইভ কৰা, কোনো নিৰ্দ্দিষ্ট ঠাইলৈ নহয়, মহানগৰীৰ উপকন্ঠ অঞ্চলৰ যি কোনো ঠাইত মানুহ দেখিলে চাই বুজি মই গাড়ী ৰখাবলৈ ক’ম আৰু তুমি ৰখাবা৷”
আব্দুলে ঠিকনাবিহীনভাৱে গাড়ীখন মহানগৰীৰ উপকন্ঠ অঞ্চলত ঘূৰাই ফুৰিব ধৰিলে৷ এঠাইত ৰজতৰ ইংগিতত আব্দুলে গাড়ীখন ৰখাই দিলে৷
পথৰ দাঁতিত গাড়ীৰ বাবে অপেক্ষা কৰি থকা পুৰুষ-মহিলা এহালক দেখি ৰজতে মাত লগালে৷
“ক’ত যাব?”
“কলিয়াবৰ৷” পুৰুষজনে উত্তৰ দিলে৷
“উঠক তেন্তে,” গাড়ীৰ দৰ্জা খুলি দি ৰজতে ক’লে, “আমি জখলাবন্ধালৈকে যাম৷”
মানুহহাল গাড়ীত উঠাৰ পিছত তীব্ৰ বেগে গাড়ীখনে গতি কৰিব ধৰিলে৷ নগাঁও পোৱাৰ আগে আগে এখন লাইন হোটেলৰ সমুখত গাড়ীখন ৰৈ গ’ল৷
“ইয়াত বৰ ভাল চাহ-মিঠাই বনায়৷ যাওক আপোনালোকে চাহ–তাহ খাই লওক৷ ৰজতে যাত্ৰী দুজনক ক’লে৷
মানুহ হাল হোটেললৈ সোমাই যোৱাৰ পিছত ৰজতে এটা সৰু বটল আৰু কিছু কপাহ আব্দুলৰ হাতত দি কেনেকৈ কি কৰিব লাগিব সকলো শিকাই বুজাই দিলে৷ মানুহহাল হোটেলৰ পৰা ঘূৰি আহি নিজৰ আসনত বহিল৷ কিছু দূৰ আহি নিৰ্জন ঠাই পোৱাৰ লগে লগে গাড়ীখন ৰৈ গ’ল-যেন ইঞ্জিনৰ কিবা বিজুতিহে ঘটিল৷ ড্ৰাইভাৰ আব্দুলে ৰজতে শিকোৱা মতে কাম কৰি গ’ল৷ পিছৰ আৰোহী দুজন বহা আসনৰ তলত গাড়ী ভাল কৰিবলৈ ৰেঞ্চ–পাতি কিবা বিচৰাৰ চলেৰে দৰ্জাখন খুলি দুয়োজন আৰোহীৰ নাকত কপাহেৰে স্পৰ্শ কৰিলে৷ লগে লগে দুয়োজন আৰোহী অচেতন হৈ চিটতে ঢলি পৰিল৷ আব্দুল আহি পুনৰ ড্ৰাইভিং চিটত বহিল আৰু ৰজতৰ নাকত ক্লৰ’ফৰ্মেৰে ভিজি থকা কপাহ লগাই হেঁচি ধৰিলে৷ ক্ষন্তেকতে ৰজত বেহুচ হৈ পৰিল৷
“চোৰকে মোৰে পালে, নহয়নে বোলো ড্ৰাইভাৰ আব্দুল শ্বেখ ওৰফে মতিন কাইটি?”
মতিনে পিছৰ চিটৰ ফালে হাঁহি মাৰি ঘূৰি চালে আৰু হাঁহিমুখে বহি থকা পতি-পত্নী সঞ্জয় আৰু নিৰ্মলাক ক’লে, “এৰা, অন্ধকাৰ জগতৰ সেনাপতি এই ৰজতৰ পৰাই জানিব পৰা যাব তোমালোক দুজনক ক’লৈ চালান দিব বিচাৰিছিল৷”
০০০০০০০০০০০০০০০০০০০০০০০০০০
পাণবজাৰ আৰক্ষী থানাৰ লক-আপৰ ভিতৰত থাকোঁতেহে ৰজতৰ চেতনা ঘূৰি আহিল৷ তাৰ পিছত তাক পুলিচে থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰি মাৰথান জেৰা কৰিব ধৰিলে৷ ৰজতৰ মুখৰ পৰা মাত উলিয়াবলৈও পুলিচৰো যথেষ্ট কষ্ট কৰিব লগা হ’ল৷ ৰজতে কয় সি মুখ খুলিলে সিহঁতে তাক মাৰি পেলাব৷ পুলেচে তাক অভয় প্ৰদান কৰি ক’লে যে সি যদি সকলো কথা মুকলিকৈ কয় তেন্তে সিহঁত এটাকো এৰি দিয়া নযাব গোটেইমখাকে জেলত ৰখা হ’ব; সেয়ে তাৰ ভয় কৰিব লগীয়া একো নাই৷
“ইমান ধনী প্ৰৱল প্ৰতাপী মন্ত্ৰীজনক জানো আপোনালোকে বলে পাৰিব ছাৰ?” ৰজতৰ মুখেদি লাহে লাহে মাত ওলাব ধৰিলে৷
“তই বাতৰি কাকত নপঢ় নেকি অ’ ৰজত?” এজন পুলিচ অফিচাৰে ক’লে, “আজিকালি প্ৰধান মন্ত্ৰী, অন্য মন্ত্ৰী বা ডাঙৰ বিষয়া যিয়েই নহওক লাগে অপৰাধ কৰিলে কোনো সাৰি যাব নোৱাৰে৷ নাম কৈ দে তই, একো চিন্তা কৰিব নালাগে৷”
অৱশেষত ৰজতে যিজন ভব্য-গব্য ব্যক্তিৰ নাম উচ্চাৰণ কৰিলে শুনি কাৰো কথাষাৰ বিশ্বাস কৰিবলৈ ভাল নালাগিল৷ তেওঁ অসমৰ নাম উজ্বলাই ৰাখি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ আসন শুৱনি কৰি আছে৷ সকলোৰে সন্মানীয় সেই ব্যক্তিজন হ’ল তথ্য, প্ৰযুক্তি তথা মহাকাশ দপ্তৰৰ মন্ত্ৰী ৰৱীন্দ্ৰ মোহন বৰবৰুৱা৷ এনে এজন ব্যক্তি অপহৰণৰ দৰে ঘৃণনীয় কামৰ লগত জড়িত থকা বুলি ভাৱিবলৈকে টান লাগে ; কিন্তু ৰজতে এতিয়া বাৰে বাৰে ক’ব ধৰিছে যে হয়, হয়, সি সঁচা কথাকেই কৈছে৷ এটা মানুহৰ বিনিময়ত হেনো কোটি টকাৰ ওপৰত সোণ পাব পাৰি৷ সোণ যোগান ধৰা দলটোৰ মন্ত্ৰীৰ লগত চুক্তি হৈছে৷ ৰজতৰ শাস্তি ৰেহাই দিয়া হ’ব বুলি কোৱাত সি আৰু বহুতো গোপনীয় তথ্য যোগান ধৰিলে৷
০০০০০০০০০০০০০০০০০০০০
ৰতন বৰুৱাৰ অনুৰোধত অসমৰ মুখ্য মন্ত্ৰীয়ে এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰিলে৷ সেই বৈঠকত পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া কেইজনমান আৰু প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱা উপস্থিত আছিল৷ বৈঠকত ৰতন বৰুৱাই তেওঁৰ কামৰ অগ্ৰগতিৰ সম্পূৰ্ণ খটিয়ান ডাঙি ধৰি মুখ্যমন্ত্ৰীক উদ্দেশ্যি ক’লে, “ছাৰ, এতিয়া সকলো কথা পৰিষ্কাৰ হৈ পৰিল আৰু আমাৰ কামো শেষ হৈছে; এতিয়া আইন প্ৰয়োগ কৰিব লাগে আৰু পুলিচ তথা অৰ্ধসামৰিক বাহিনীয়েই বাকীবোৰ কাম কৰি যাব পাৰিব৷”
মুখ্যমন্ত্ৰীয়ে ক’লে, “এৰা, কথাটো হয় বৰুৱা, আপোনাক অশেষ ধন্যবাদ জনালো৷ পিছে মিচিমি পাহাৰৰ কিবা যন্ত্ৰমানৱৰ ৰহস্য এটা এতিয়াও ভেদ কৰিবলৈ বাকী আছে বুলি আপুনিয়েই কৈছিল দেখোন৷ সেই ৰহস্যটোও উলিয়াই কামটো একেবাৰে জইন মাৰি দিয়ক আৰু৷ সাপ মাৰি নেগুৰত বিষ থ’ব লাগেছেনো কিয়, নে কি কয় বৰুৱা?”
“ছাৰ, সেই ৰহস্যটোৰ লগত মন্ত্ৰী মহোদয় অৰ্থাৎ ৰৱীন্দ্ৰ মোহন বৰবৰুৱা জড়িত হৈ আছে৷ এতিয়াও আমাৰ দুজন সহযোগী মিচিমি পাহাৰৰ গাঁওবোৰত থাকি সেই ৰহস্য ভেদ কৰা কামত লাগিয়ে আছে৷ তেওঁলোকে মোক জনোৱা মতে মিচিমি পাহাৰৰ কাষতে অৰুণাচল চৰকাৰৰ পৰা হেজাৰ বিঘা ভূমি লৈ কেইজনমান বৈজ্ঞানিকে কিবা গৱেষণাগাৰ পাতি কাম চলাই আছে৷ তাত তেওঁলোকে মানুহৰ সলনি ৰবটক কাম-কাজৰ বাবে নিয়োগ কৰিছে৷ আনকি যুদ্ধ-বিগ্ৰহৰ বাবে ৰবট সেনা-বাহিনীও সাজু কৰি ৰাখিছে৷ গৱেষণাগাৰটো থকা অঞ্চলটোলৈ কোনো মানুহ যাবলৈ সাহস নকৰে৷ ভূত-প্ৰেত কিবা দেখি, বেমাৰ-আজাৰ হৈ বহুজনৰ প্ৰাণ নাশ হৈছে হেনো৷ গৱেষণা কেন্দ্ৰটোৰ পৰা কিছু দূৰত পাহাৰৰ গহ্বৰত হেনো ভূত-প্ৰেত আৰু দেৱতাই বাহ লৈছে ৷ মানুহে সেইফালে চকু দিবলৈকে ভয় কৰে৷ আমাৰ সহযোগী দুজনে যিমান সম্ভৱ সিমান ওচৰলৈ গৈ দূৰৱীক্ষণ যন্ত্ৰেৰে  যন্ত্ৰ মানৱৰ দৰে দুই এক ছাঁয়া মূৰ্ত্তি মাজে মধ্যে দেখিবলৈ পাইছে৷ তেওঁলোকে সেইবোৰৰ দুই এখন ফটো তুলিবলৈও সক্ষম হৈছে৷ সকলোতকৈ আচৰিত কথা কি জানে ছাৰ, আপোনালোকে হয়তো বিশ্বাসেই নকৰিব; পিছ নিশা তেওঁলোকে কেতিয়াবা কাঁহিখনৰ দৰে যান এখন হঠাৎ আকাশত দেখা পায় আৰু নিমিষতে দূৰ দূৰণিলৈ আঁতৰি গৈ অদৃশ্য হৈ পৰে৷ গতিকে, পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে অতি সাৱধানতাৰে গৱেষণাগাৰ আৰু প

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক