পৃথিৱীৰ বয়স আৰু মেগীত সীহ (ডা৹ উদ্দীপ তালুকদাৰ)

পৃথিৱীৰ বয়স কিমান? চুটি-চাধা-চাধা প্ৰশ্ন! উত্তৰটো? ইমান সহজে নিদিও। কাৰণ এইটো উত্তৰ বিচাৰি প্ৰায় দুশ বছৰ অতিবাহিত হৈছে, আৰু বৰ্তমান যিকেইটা উত্তৰ আছে, তাৰে এটাক বহুতো বিজ্ঞানীয়ে মানে। আৰু কেইটামানক ধাৰ্মিক কিছুমানে মানে। দুশ বছৰ নলগালেও অন্তত: দহ মিনিট ল’মেই ল’ম।
১৬৫০ খ্ৰীষ্টাব্দত আয়াৰলেণ্ড গীৰ্জাৰ আৰ্চবিশ্বপ জেম্‌ছ আশ্বাৰে গণি-পিতি চাই ঘোষণা কৰিছিল যে পৃথিৱীৰ সৃষ্টি হৈছিল ৪০০৪ খ্ৰীষ্ট পূৰ্বৰ ২৩ অক্টোবৰ তাৰিখে দুপৰীয়া বাৰ বজাত। আৰু বৰ ডাঙৰ প্ৰশ্ন এটাৰ সমাধান পোৱাত বহুতেই সন্তষ্টিৰ হাঁহি মাৰিছিল। কাৰণ তেতিয়ালৈ পৃথিৱীৰ জন্মৰ সময় বহুতে গৱেষণা কৰি খ্ৰী.পূ. ৫৫০১-ৰপৰা ৩৮৩৬-ৰ ভিতৰত কেবাটাও বেলেগ বেলেগ সংখ্যা পাইছিল।[১] হোৱাৰ কথাই, কাৰণ তেওঁলোকৰ গৱেষণাৰ মূল সমল আছিল বাইবেল। অল্ড টেষ্টামেণ্টৰ কাহিনীভাগৰ কাৰণে কিমান সময় লাগিব পাৰে, সেয়া অংক কৰাটোহে তেওঁলোকৰ মূল কাম আছিল। কিন্তু সমস্যা হ’ল জীৱাশ্মবোৰ আৱিষ্কাৰ হোৱাৰ পাছতহে। ডাইন’ছ’ৰৰ কংকাল পৃথিৱীৰ জন্ম হোৱাৰ আগতেই আহিল কেনেকৈ?
পৃথিৱীৰ বয়স অন্বেষণৰ বৈজ্ঞানিক ধাৰাৰ আৰম্ভণি হৈছিল নিক’লাছ ষ্টেনো নামৰ এগৰাকী প্ৰত্বতত্ববিদে আগবঢ়োৱা জীৱাশ্ম আৰু শিলাখণ্ডৰ স্তৰৰ মাজৰ সম্পৰ্কলৈ আঙুলিয়াই দিয়াৰ পাছত। শিলাস্তৰ চাই ১৭৯০-৪ সময় চোৱাত প্ৰথমবাৰৰ বাবে জন ফিলিপছ নামৰ এগৰাকী বিজ্ঞানীয়ে অনুমান কৰিছিল যে পৃথিৱীৰ বয়স প্ৰায় ৯৬ নিযুত বছৰ।[২] জীৱাশ্মৰ বাহিৰেও আন পদ্ধতিৰে পৃথিৱীৰ বয়স নিৰ্ধাৰণৰ চেষ্টা কৰা হৈছিল। যেনে, কাউণ্ট ডু বুফনে প্ৰায় একে সময়তে পৃথিৱীসদৃশ পদাৰ্থৰে গঠিত গোলক ঠাণ্ডা হ’বলৈ কিমান সময় লাগে, সেয়া হিচাপ কৰি পৃথিৱীৰ বয়স পাইছিল ৭৫ হাজাৰ বছৰ।
ডাৰউনৰ তত্বৰ প্ৰচলনৰ পাছত পৃথিৱীৰ বয়সৰ ওপৰত নতুন ধৰণে আলোচনা হ’ল। কাৰণ যাদৃচ্ছিক ভাৱে বংশগতিৰ সলনি হৈ বৰ্তমানৰ অৱস্থা পাবলৈ ন্যূনতম কিমান সময় লাগে, তাৰ এটা ধাৰণা কৰা সম্ভৱ হৈছিল। দেখা গৈছিল এই হিচাপৰ পৃথিৱীৰ বয়স ৩.৫ৰপৰা ৩.৮ নিযুত বছৰৰ কম হ’ব নালাগিব।
কিন্তু ১৮৬০ চনত, তাপ গতিবিজ্ঞানৰ দিশেৰে বিশ্লেষণ কৰি বিজ্ঞানী লৰ্ড কেলভিনে ঘোষণা কৰে যে পৃথিৱীৰ বয়স ২০ৰপৰা ৪০০ নিযুত বছৰৰ ভিতৰত।[৩] ২০ ৰপৰা ৪০০ বিশাল পৰিসৰ একোটা হ’লেও ডাৰউনৰ তত্বৰ বাবে ই কমেই আছিল। তাতো কেলভিনে নিজৰ অংকত সংশোধন কৰি ১৮৯৭ চনত পৃথিৱীৰ বয়স ২৪ নিযুত বছৰহে বুলি নিৰ্ধাৰণ কৰে। সমসাময়িক ভাৱে আন আন পদ্ধতিৰেও পৃথিৱীৰ বয়স নিৰ্ধাৰণৰ পদ্ধতি প্ৰয়োগ কৰা হৈছিল, যেনে, সাগৰৰ মিঠা পানী এটা ভূ-খণ্ডৰ ক্ষয়ৰ ফলত ধীৰে ধীৰে লুণীয়া হৈ আজিৰ গাঢ়তাৰ লুণীয়া অৱস্থালৈ আহিবলৈ কিমান সময় লাগিব, তাৰ আধাৰত গৱেষণা কৰি জন জলীয়ে সিদ্ধান্ত লৈছিল যে পৃথিৱীৰ বয়স প্ৰায় ৮০ৰপৰা ১০০ নিযুত বছৰ। চাৰ্লছ ডাৰ্‌উইনৰ জ্যোতিৰ্বিজ্ঞানী পুত্ৰ জৰ্জ ডাৰউইনে প্ৰকল্প আগবঢ়াইছিল যে গলিত লাভা অৱস্থাত থাকোঁতেই পৃথিৱী আৰু চন্দ্ৰ পৃথক হৈছিল, সেয়ে চন্দ্ৰৰ মহাকৰ্ষণৰ ফলত পৃথিৱীৰ নিজ কেন্দ্ৰত ঘূৰ্ণনকাল প্ৰায় ২৪ ঘণ্টা হ’বলৈ কিমান সময় লাগিব সেয়া গণনা কৰিলেই পৃথিৱীৰ বয়স পোৱা যাব। আৰু সেই গণনাৰপৰা পৃথিৱীৰ বয়স ৫৬ নিযুত বছৰ বুলি ধাৰণা কৰা হৈছিল।
লৰ্ড কেলভিন তেখেতৰ সময়ৰ তাৰকা বিজ্ঞানী আছিল, আৰু তেখেতে আগবঢ়োৱা মত পট্‌কৈ নস্যাৎ কৰিবলৈ অসুবিধা আছিল। কিন্তু, লৰ্ড কেলভিনে নজনাকৈয়েই ৰৈ যোৱা এটা বিষয় আছিল তেজষ্ক্ৰিয় বিকিৰণ। যিটো গণনাত তেওঁ এৰি গৈছিল। আৰু তেজস্ক্ৰিয় বিকিৰণৰপৰাই পৃথিৱীৰ বয়স নিৰ্ধাৰণৰ নিৰ্ভৰযোগ্য পদ্ধতি এটা বিকশিত হয়। কাৰ্বন ডেটিং পদ্ধতিৰ বিষয়ে আমি নৱম-দশম শ্ৰেণীৰ পাঠ্যপুথিতে পঢ়িছোঁ। তেজস্ক্ৰিয়ভাৱে সক্ৰিয় মৌল এটাই তেজস্ক্ৰিয় বিকিৰণ এৰি দি থকাৰ ফলত ই নিজে সীহত পৰিণত হয়। আৰু মৌল এটাই কিমান সময়ত তেজস্ক্ৰিয় বিকিৰণ এৰি আধা আধা পৰিমাণৰ সীহ আৰু মৌলবিধ হ’বগৈ সেয়া এটা ধ্ৰুৱক সময়। সেয়ে, কোনো শিলত কিমান তেজস্ক্ৰিয় মৌল এটা আৰু কিমান সীহ আছে, তাৰ অনুপাত হিচাপ কৰিব পাৰিলেই সেই শিলটোৰ বয়স আমি কৈ দিব পাৰো। কাৰ্বন ডেটিং পদ্ধতিত তেজস্ক্ৰিয় মৌলবিধ লোৱা হয় কাৰ্বন-১৪, জৈৱিক বস্তুৰ বাবে গঠনত কাৰ্বন থাকেই বাবেই কাৰ্বন ডেটিং পদ্ধতি প্ৰথমে ব্যৱহাৰ কৰা হৈছিল। তাতে কাৰ্বনৰ তেজস্কিয় হাফ-লাইফ হৈছে ৫৬০০ বছৰ, সেয়ে দীঘলীয়া সময় জুখিবৰ বাবে সুবিধা। এই পদ্ধতিৰ আৱিষ্কাৰক উইলাৰ্ড লিবি-লৈ ন’বেল পুৰস্কাৰো যচা হয়। ‌
তেজস্ক্ৰিয় বিকিৰণৰ ফলত তেজস্ক্ৰিয় মৌলবিধ অকল সীহেই নহয়, আন এটা মৌল আৰ্গনলৈও সলনি হ’ব পাৰে। পটাছিয়াম-৪০ নামৰ তেজস্ক্ৰিয় পটাছিয়াম তেজস্ক্ৰিয় বিকিৰণৰ ফলস্বৰূপে আৰ্গনত পৰিণত হয়। আনহাতে ইউৰেনিয়াম আৰু থৰিয়াম পৰিণত হয় সীহত। এই পৰিঘটনাৰে পৃথিৱীৰ বয়স নিৰ্ণয় কৰাৰ এটা তুলনামূলকভাৱে সহজ উপায় পোৱা যায়। মূল নীতি ওপৰ পেৰেগ্ৰাফত কোৱাই হৈছে। পৰীক্ষাৰদ্বাৰা শুদ্ধভাৱে গণনা কৰি উলিয়াব লাগে মাত্ৰ সীহ আৰু তেজস্ক্ৰিয় মৌলবিধৰ অনুপাত। তেনেকৈ বিভিন্ন শিলাখণ্ড পৰীক্ষা কৰি যিটো আটাইতকৈ পুৰণি শিলাখণ্ড পোৱা যায়, সেইটোৱেই হ’ব পৃথিৱীৰ বয়স! বুজিবলৈ মূল নীতিটো সহজ হ’লেও আচল কামটো সহজ নাছিল।
এই পদ্ধতিৰে পৃথিৱীৰ বয়স নিৰ্ধাৰণ কৰাৰ প্ৰথম উপায় উদ্ভাৱন কৰিছিল বিজ্ঞানী ৰাডাৰফ’ৰ্ডে। ৰাডাৰফ’ৰ্ডে পৰমাণুৰপৰা নিৰ্গত হোৱা আলফা কণা শিলাখণ্ডত হিলিয়াম হিচাপে ৰৈ যাব বুলি ধাৰণা কৰিছিল, আৰু ১৯০৮ চনত এই ধাৰণা সত্য বুলি প্ৰমাণিত হয়। সেয়ে, শিলাখণ্ডত হিলিয়ামৰ পৰিমাণ গণনা কৰি উলিয়াব পাৰিলেই, পৃথিৱীৰ বয়স পোৱা যাব। এই পদ্ধতিৰে নিজৰ হাতত থকা শিলৰ বয়স ৰাডাৰফোৰ্ডে নিৰ্ণয় কৰিছিল। গৱেষণা পত্ৰ পাঠৰ দিনা লৰ্ড কেলভিনো উপস্থিত আছিল, পাঠৰ আৰম্ভণিৰ সময়ত বৃদ্ধ কেলভিন টোপনিয়াই আছিল যদিও পৃথিৱীৰ বয়সৰ কথা শুনি হেনো সাৰ পাইছিল, আৰু ৰাডাৰফোৰ্ডে বৰ কায়দাৰে কৈছিল যে, “সন্মানীয় লৰ্ড কেলভিনে নতুন কোনো পদ্ধতি অবিহনে পৃথিৱীৰ বয়স ২৪ নিযুত বছৰ বুলি সীমাবদ্ধ কৰিলেও, সেই মহান বিজ্ঞানীয়ে ভৱিষ্যৎ বাণী কৰি যোৱা সেই নতুন পদ্ধতি এতিয়া বিকশিত হ’ল, আৰু সেই বিজ্ঞানীৰে নতুন পদ্ধতি মতে পৃথিৱীৰ বয়স ৪০ নিযুত বছৰ। আৰু সেই নতুন পদ্ধতিৰ এটা উদাহৰণ হ’ল ৰেডিয়াম!” ৰাডাৰফোৰ্ডৰ কথা শুনি লৰ্ড কেলভিন যে সন্তুষ্ট হৈছিল সেয়া নিশ্চিত।
কিন্তু, ৪০ নিযুত বছৰো যথেষ্ট কম, আৰু আঁৰত আছিল দুটামান ডাঙৰ গণ্ডগোল। কাৰণ ৰাডাৰফোৰ্ডৰ পৰীক্ষাত ৰেডিয়ামৰ ক্ষয়ৰ যিটো হিচাপ লোৱা আছিল তাত আছিল ভুল, লগতে তেওঁ ধৰি লৈছিল যে শিলাখণ্ডত হিলিয়াম সেই হিচাপেই ৰৈ যাব। আনহাতে আন এগৰাকী বিজ্ঞানী বল্টউডে তেজস্ক্ৰিয় ক্ষয়ৰ পদ্ধতি লক্ষ্য কৰি দেখিছিল যে তেজস্ক্ৰিয় বিকিৰণ কৰি কৰি ৰেডিয়াম শেষত সীহ হিচাপেহে ৰৈ যায়। ৰাডাৰফৰ্ডে বল্টউডৰ লগত যোগ দিয়ে আৰু তাৰ আঁৰৰ ৰাসায়নিক কাৰণ বিশ্লেষণ কৰে। বল্টউডে এইবাৰ সীহক শেহ পদাৰ্থ হিচাপে লৈ পুনৰ ২৬টা শিলৰ বয়স গণনা কৰে, আৰু দীৰ্ঘতম বয়স ৫৭০ বছৰ নিৰ্ণয় কৰে। কিন্তু, বল্টউডে এই গৱেষণাৰ ফল প্ৰকাশ কৰা নাছিল, আৰু হয়তো নকৰি ভালেই কৰিছিল, কাৰণ তাতো আছিল এটা ডাঙৰ ভুল। কাৰণ তেতিয়ালৈ ৰেডিয়াম ক্ষয়-কাল সঠিক হোৱা নাছিল। অৱশ্যে আৰু ভাল ধৰণে পৰীক্ষা কৰি পৃথিৱীৰ বয়স ৪১০ নিযুতৰপৰা ২.২ নিযুত নিযুত (বিলিয়ন) বছৰ হ’ব পাৰে বুলি জনা গৈছিল। এই পৰীক্ষাৰ ফলাফল প্ৰকাশ হৈছিল যদিও তাতো এটা গণ্ডগোল থাকি গ’ল। বল্টউডে তেখেতৰ ফলাফল প্ৰকাশ কৰিছিল ভূতাত্বিক বিভাগৰ এখন গৱেষণা আলোচনীত, আৰু ভূতত্বৰ মানুহে তেজস্ক্ৰিয়তাৰ বিষয়ে বিশেষ আকৰ্ষণ দেখুওৱা নাছিল। গতিকে তেখেতৰ গৱেষণাৰ ফলাফল প্ৰায় কোনেও নজনাকৈয়েই ৰৈ গ’ল। বল্টউডে পৃথিৱীৰ বয়সৰ গৱেষণা কৰিবলৈ এৰি আন বিষয় ধৰিলে, ৰাডাৰফৰ্ডেও সিমান আগ্ৰহ দেখুওৱা নাছিল।
আনফালে পৰমাণুৰ বিষয়ে নিত্য নতুন কথা জানিবলৈ পোৱা হৈছিল, আৰু প্ৰতিটো নতুন তথ্যৰ লগতে তেজস্ক্ৰিয়তাৰ আৰু সঠিক বাখ্যা পোৱা গৈছিল। তেজস্ক্ৰিয় বিকিৰণৰ পথেৰে পৃথিৱীৰ বয়স নিৰ্ধাৰণত হাত দিছিল আন এগৰাকী বিজ্ঞানী আৰ্থাৰ হোম্‌ছে। হোম্‌ছে তেজস্ক্ৰিয়তাৰ তাত্বিক গৱেষণাৰ অগ্ৰগতিৰ লগত নিজৰ পদ্ধতিৰ বিকাশ সাধন কৰি পাইছিল যে শিলাখণ্ডৰ তেজস্ক্ৰিয়তাৰপৰা নিৰ্ণয় কৰা পৃথিৱীৰ বয়স হোৱা উচিত কেই বিলিয়ন বছৰ, অন্তত এক বিলিয়নৰ তলত হ’বই নোৱাৰে। পৰমাণু বিজ্ঞান, আইনষ্টাইনৰ আপেক্ষিকতাবাদ, কোৱাণ্টাম তত্ব আদি আৱিষ্কাৰৰ মাজত ব্যস্ত বিজ্ঞানীমহল আৰু প্ৰথম বিশ্বযুদ্ধৰ ধামখুমীয়াৰ মাজত হোম্‌ছে আগবঢ়োৱা মতবাদ বেছিভাগ বিজ্ঞানীৰ চকুতে নপৰিল। ১৯১৩ চনৰপৰাই গৱেষণাত নিমগ্ন হৈ থকা হোম্‌ছৰ পদ্ধতিত প্ৰথম মানুহৰ চকু পৰে ১৯২১ চনতহে, আৰু বিজ্ঞানীসকলে পৃথিৱীৰ বয়স কেইটামান বিলিয়ন বছৰ হ’ব বুলি সৰ্বসন্মত মত গ্ৰহণ কৰে। কিন্তু কেই বিলিয়ন বছৰ মানত সন্তুষ্ট থকা প্ৰাণী কোনো বিজ্ঞানীয়েই নহয়। গতিকে সোনকালেই (১৯৩১) আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিয়ে পৃথিৱীৰ বয়সৰ সমস্যাটো নেফানেফ কৰিবলৈ এখন সমিতি গঠন কৰি দিয়ে, আৰু আৰ্থাৰ হোম্‌ছ সেই সমিতিৰ এগৰাকী মুখ্য সদস্য আছিল। সমিতিয়ে পৃথিৱীৰ বয়স ১.৬ বিলিয়ন বছৰ বুলি সিদ্ধান্ত দিয়ে।
পিছে, তেজস্ক্ৰিয় বিকিৰণৰদ্বাৰা নিৰ্ধাৰিত পৃথিৱীৰ বয়স আৰু সঠিক হোৱাৰ অৱকাশ আছিল। কাৰণ, এই ডেটিং পদ্ধতিৰ বিভিন্ন আসোঁৱাহ, আৰু ইয়াৰ বাবে নতুন নতুন প্ৰসুক্তিৰ বিকাশ হৈয়েই আছিল। তাতকৈ ডাঙৰ সমস্যা আছিল উপযুক্ত শিলাখণ্ড পোৱাটো। পৃথিৱীৰ সকলোবোৰ শিলাখণ্ড ডেটিং কৰি তাৰ মাজৰপৰা আটাইতকৈ পুৰণিটো লোৱাটো সম্ভৱেই নাছিল। সেয়ে, অইন এবিধ শিলৰ ডেটিং কৰাৰ কথা চিন্তা কৰে বিজ্ঞানী ক্লেয়াৰ কেমেৰন পেটাৰছনে। ১৯৪৮ চনত ছাত্ৰ বিজ্ঞানী হিচাপে এই্ কাম ক্লেয়াৰে হাতত লয়। তেখেতে পৃথিৱীৰ বয়স নিৰ্ধাৰণৰ বাবে পৃথিৱীত আহি পৰা উল্কাখণ্ডৰ শিলৰপৰা পৃথিৱীৰ বয়স নিৰ্ধাৰণৰ কথা স্থিৰ কৰে। ইয়াৰ কাৰণো আছিল। পৃথিৱীতে থকা শিলসমূহত আন বিভিন্ন উৎসৰপৰা সীহ আদি অশুদ্ধি লাগি থাকিব পাৰে, গতিকে শিলাখণ্ড কিমান পুৰণি তাৰ সঠিক হিচাপো পৃথিৱীৰ সঠিক বয়স নহ’ব পাৰে। কিন্তু, উল্কাখণ্ডসমূহৰ গঠন কাল আছিল সৌৰ জগতৰ লগতেই, গতিকে বয়স হ’ব পৃথিৱীৰ সমানেই, আনহাতে উল্কা যিহেতু বহু পিছতহে আহি পৃথিৱীত পৰিব, সেয়ে তাত অশুদ্ধিৰ পৰিমাণ হ’ব তেনেই কম। এই যুক্তিৰে উল্কাপাতৰ আশ-পাশৰ শিল সংগ্ৰহ কৰে, আৰু তাৰ ডেটিং কৰি পৃথিৱীৰ বয়স নিৰ্ধাৰণ কৰে। ১৯৫৩ চনত পেটাৰছনে নিজৰ গৱেষণাৰ ফলাফল প্ৰকাশ কৰে, আৰু দেখুৱায় যে পৃথিৱীৰ বয়স হৈছে ৪.৫৫০ বিলিয়ন বছৰ। ৭০ নিযুত বছৰৰ ইফাল-সিফাল হ’ব পাৰে। বৰ্তমান আৰু উন্নত পদ্ধতিৰে নিৰ্ধাৰণ কৰা পৃথিৱীৰ বয়স ৪.৫৪ +_ ১% বিলিয়ন বছৰ। মানৰ শুদ্ধতালৈ মন কৰিলে, ক্লেয়াৰছনেই প্ৰথমে পৃথিৱীৰ বয়স শুদ্ধকৈ নিৰ্ণয় কৰিবলৈ সক্ষম হৈছিল বুলি বুজি পাব পাৰি, সেয়ে পৃথিৱীৰ বয়স আৱিষ্কাৰৰ সন্মানো তেখেতকেই দিয়া হয়।
পিছে, পৃথিৱীৰ শুদ্ধ বয়স ওলাল যদিও ঘমঘণ্ট লাগিল আন ফালেহে। বিজ্ঞানী এডউইন হাবলে (হাবল টেলিস্কোপ এখেতৰ নামেৰেই নামকৰণ কৰা হৈছে) বিভিন্ন তাৰকাৰাজ্যৰ আঁতৰি যোৱা বেগৰ গণনা কৰি ১৯২৯ চনত ব্ৰহ্মাণ্ডৰ বয়স ২ বিলিয়ন বছৰ বুলি নিৰ্ধাৰণ কৰে। এতিয়া সমস্যাটো হ’ল পৃথিৱীৰ বয়স যি ৪.৫৫ বিলিয়ন বছৰ, তেন্তে ব্ৰহ্মাণ্ডৰ বয়স পৃথিৱীতকৈ কম কেনেকৈ হ’ল? উত্তৰটো তেনেই সহজ, হাবলে এটা সাংঘাতিক ভুল কৰি আছিল, যিটো ইমানদিনে কাৰো চকুতেই পৰা নাছিল। সেয়া হ’ল, ব্ৰহ্মাণ্ডৰ বয়স গণনাৰ বাবে বিভিন্ন তাৰকাৰাজ্যৰ মাজৰ দূৰত্ব গণনা কৰাটো এটা প্ৰাথমিক কাম আছিল, কিন্তু হাবলৰ দিনৰ পদ্ধতিৰে সেই গণনা কৰোঁতে সঠিক দূৰত্বতকৈ বহু কম দূৰত্ব পোৱা হৈছিল, যিটোৰ বাবে হাবলৰ মূল নীতি সঠিক হ’লেও পোৱা উত্তৰটো আছিল ভুল।
কিন্তু, পেটাৰছনে ব্ৰহ্মাণ্ডৰ বয়সতকৈ ডাঙৰ এটা গণ্ডগোল ৰাইজৰ চকুলৈ উলিয়াই আনিলে। যাৰ বাবে সমগ্ৰ পৃথিৱীয়েই তেখেতৰ কৃতজ্ঞ। প্ৰথম অৱস্থাত শিলত থকা সীহৰ পৰিমাণ গণনা কৰি ডেটিং কৰিবলৈ যাওঁতে পেটাৰছনে এটা আচৰিত কথা মন কৰিছিল যে তেখেতৰ হাতত পৰা প্ৰতিটো শিলতে সীহৰ পৰিমাণ সদায়ে প্ৰয়োজনতকৈ বেছি আছিল। কোনো প্ৰাকৃতিক পৰিঘটনাৰদ্বাৰা ইয়াৰ বাখ্যা পোৱা হোৱা নাছিল। পেটাৰছনে অনুমান কৰিছিল এই সীহ আহিছে বায়ুমণ্ডলৰপৰা, আৰু বায়ুমণ্ডলত সীহৰ মাত্ৰা বেছি হোৱাৰ এটা মূল কাৰণ হ’ব পাৰে, সেই সময়ত পেট্ৰ’লত ব্যৱহৃত টেট্ৰাইথাইল লেড (চমুকৈ টেল)। টেট্ৰাই্থাইল লেড পেট্ৰলত মিহলোৱা হৈছিল ইঞ্জিনত নকিং কমাবৰ বাবে। বায়ুমণ্ডলত সীহৰ বৰ্ধিত পৰিমাণ পৰিবেশ আৰু জীৱ-জগতৰবাবে বিনাশকাৰী হ’ব পাৰে, তাৰ অনুমানো পেটাৰছনে লগাইছিল। কাৰণ ৰসায়নৰ ছাত্ৰ হিচাপে স্বাস্থ্যৰ ওপৰত সীহৰ ঋণাত্মক প্ৰভাৱৰ বিষয়ে তেওঁ ভালকৈয়ে জানিছিল।
কিন্তু, টেলৰপৰাই এই সীহ আহিছে বুলি নিশ্চিত হ’বলৈ তেওঁ বহু হেজাৰ বছৰ জুৰি বৰফৰ কেইবা মিটাৰ জোৰা তৰপৰ তলত সোমাই থকা গ্ৰীণলেণ্ডৰ শিলৰ নমুনা সংগ্ৰহ কৰিছিল। আৰু পৰীক্ষাৰ দ্বাৰা নিশ্চিত হৈছিল যে তেখেতৰ প্ৰথমৰ নমুনাত পোৱা বৰ্ধিত সীহ আচলতে বায়ুমণ্ডলৰপৰাই আহিছে। আন এটা ভয় লগা কথা আছিল যে ঘাইকৈ আমেৰিকা আদি ধনী দেশৰ গাড়ী-মটৰৰপৰাই সীহ নিৰ্গত হৈছিল যদিও সেই সীহ সমগ্ৰ পৃথিৱীৰ বায়ুমণ্ডলত বিয়পি পৰিছিল আৰু পৃথিৱীৰ মুক্ত উপৰিভাগৰ সকলোতে সীহৰ মাত্ৰা বৃদ্ধি হোৱা তেখেতে লক্ষ্য কৰিছিল।
পৃথিৱীৰ বয়স আৰু মেগীৰ কাহিনীটোৰ নায়কজন এই ক্লেয়াৰ কেমেৰন পেটাৰছনেই হ’ব বুলি নিশ্চয় ধাৰণা কৰিব পাৰিছে। কিন্তু কাহিনী আৰু আগবঢ়াৰ আগতে চমুকৈ ইয়াৰ খলনায়কজনকো চিনাকি কৰাই দিওঁ। এই কাহিনীৰ খলনায়কো এজন বিজ্ঞানী। তেখেতৰ নামটৌ থমাছ মিজ্‌লে, কনিষ্ঠ। তেখেতে অধ্যয়ন কৰিছিল মেকানিকেল ইঞ্জিনীয়াৰিং, কিন্তু পাছলৈ ৰসায়নবিদ হিচাপেহে কাম কৰে। জলবায়ু দূষিত কৰাত এখেতৰ সমান অৱদান আৰু এককভাৱে আৰু কোনো মানুহেই দিব পৰা নাই বুলি আমি নিশ্চিত। কাৰণ ১৯২১ চনত তেওঁ জেনেৰেল মটৰছ কোম্পানীত কাম কৰাৰ সময়ত তেখেতে ইঞ্জিনত হোৱা নকিং নোহোৱা কৰিবলৈ টেট্ৰাইথাইল লেড আৱিষ্কাৰ কৰে। কিন্তু লেড বা সীহৰ বিষাক্ত ধৰ্মটো ৰা‌ইজৰ চকুত পট্‌কৈ ধৰা নপৰিবলৈ কোম্পানীয়ে বজাৰত ইয়াক অকল ইথাইল নামেৰেই্ বিপণন কৰিবলৈ আৰম্ভ কৰে। কিন্তু মিজ্‌লেক অকল আৱিষ্কাৰৰ বাবেই দোষ দিয়া হোৱা নাই। সীহৰ পৰা স্বাস্থ্য বিপন্ন হ’ব পাৰে বুলি তেতিয়া উঠা জনৰৱ নিৰসনৰ বাবে তেও্ সাংবাদিকৰ হাতত টেল ঢালি ‘তাক’ ৰুমালত লৈ নাকেৰে টানি লৈ দেখুৱাইছিল, আৰু কৈছিল যে এনে ধৰণে তেওঁ গোটেই জীৱনটো কৰি থাকিলেও তাৰ কোনো প্ৰভাৱ তেখেতৰ স্বাস্থ্যৰ ওপৰত নপৰে। কিন্তু, তেখেতে একমাত্ৰ ব্যৱসায়ৰ খাতিৰত মিছা কথা কৈছিল। সীহৰ পৰা হ’ব পৰা স্বাস্থ্য ক্ষতিৰ বিষয়ে তেতিয়াই ভালকৈ জনা গৈছিল, কাৰণ ইতিমধ্যে টেল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীৰ মাজত তাৰ প্ৰভাৱ দেখা গৈছিল, পাঁচজনকৈ শ্ৰমিকৰ মৃত্যুও ঘটিছিল, কিন্তু কোম্পানীয়ে সেয়া অতিমাত্ৰা কাম কৰাৰ ফল বুলি প্ৰচাৰ চলাইছিল। খোদ মিজ্‌লে চাহাবৰ দেহতে সীহৰ পৰা হোৱা বেমাৰৰ লক্ষণ দেখা গৈছিল। পিছে, অকল এইখিনিতে শেষ হ’লেও মিজ্‌লেক আমি খলনায়ক নুবুলিলোহেঁতেন। ১৯২০ চনত তেখেতে সেই সময়ত শীতল-যন্ত্ৰত ব্যৱহৃত এমোনিয়া, প্ৰপেন আদিৰ জেগাত নতুন শীতক ৰসায়ন আৱিষ্কাৰৰ কামত হাত দিয়ে, আৰু আৱিষ্কাৰ কৰে ক্ল’ৰ’ফ্লুৰ’কাৰ্বন বা ফ্ৰিঅ’ন গেছ, বহু পাছত ফ্ৰিঅ’ন গেছ বায়ুমণ্ডলৰ অজন স্তৰৰ ক্ষতিসাধন কৰা মূল ৰসায়নিক পদাৰ্থ বুলি প্ৰমাণিত হয়। মিজ্‌লেই যদি ৰসায়নবিদ হ’বলৈ নাহি মেকানিকেল ইঞ্জিনীয়াৰ হৈয়েই থাকিলহেঁতেন, তেন্তে পৃথিৱীৰ বাবে মংগলময় হ’লহেঁতেন তাত সন্দেহ নাই। টেল আৰু ফ্ৰিঅ’ন গেছৰ আৱিষ্কাৰৰ বাবে মিজ্‌লেক বহু পুৰস্কাৰেৰে সন্মানিতও কৰা হৈছিল। ১৯৪০ চনত মিজ্‌লে প’লিঅ’ ৰোগত আক্ৰান্ত হয়, আৰু খোজকঢ়াৰ শক্তি হেৰুৱাই পেলায়। নিজকে বিছনাৰপৰা উঠা-নমাত সহায় কৰিবলৈ তেওঁ এটা যন্ত্ৰ সাজি লৈছিল। কিন্তু ১৯৪৪ চনৰ ৰাতিপুৱা সেই যন্ত্ৰৰ কিবা বিজুতি ঘটি সেইটোৰ ৰছীৰ মাজত জোতা-পুতি লাগি শোকাবহ ভাৱে তেখেতৰ মৃত্যু ঘটে। কিন্তু, মিজ্‌লেৰ মৃত্যু ঘটিলেও তেখেতৰ ‘টেল’ বায়ুমণ্ডলত তেতিয়াও বৰ্তি আছিল, আৰু বহু কাললৈ থাকিও যাব, কাৰণ বায়ুত মিহলি থকা সীহৰ কণা আঁতৰাৱাৰ কোনো ফলদায়ক পদ্ধতি এতিয়ালৈ ওলোৱা নাই।
কিন্তু, ক্লেয়াৰ কেমেৰন পেটাৰছনে বায়ুমণ্ডলত পৰা সীহৰ প্ৰভাৱ কমোৱাৰ বাবে প্ৰায় অকলশৰেই ‘টেল’ৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। ১৯৬৫ চনত সীহৰ প্ৰভাৱৰ বিষয়ে এখন গ্ৰন্থ লিখি তেখেতে সীহৰ ঋণাত্মক প্ৰভাৱৰ বিষয়ে সাধাৰণ জনতাক অৱগত কৰায়। কিন্তু, তেখেতৰ এই সংগ্ৰামক বহুতেই সমৰ্থন কৰা নাছিল। আনকি কোম্পানীসমূহে তেখেত জড়িত থকা কোনো গৱেষণাতে বৰঙণি নিদিয়া হৈছিল। কিন্তু, পেটাৰছনৰ নিৰলস প্ৰচেষ্টাত লাহে লাহে জনসাধাৰণ সজাগ হৈ আহে, আৰু চৰকাৰৰ ওপৰত সীহৰ ব্যৱহাৰ বন্ধ কৰিবৰ বাবে চাপ পৰে। টেল-নিৰ্মাতা কোম্পানীসমূহে ইয়াৰ একো বিকল্প নাই বুলি মিছাকৈয়ে চৰকাৰক জনায়। কাৰণ বিকল্প আছিল, মাত্ৰ সেই টেল আছিল আটাইতকৈ কম খৰচত নিৰ্মাণ কৰিব পৰা। ১৯৭১ চনত প্ৰথমবাৰলৈ চৰকাৰে পৰিবেশত সীহৰ প্ৰভাৱৰ ওপৰত অধ্যয়ন কৰিবলৈ এখন সমিতি গঠন কৰি দিয়ে। সেই সময়ত এই বিষয়ত আটাইতকৈ আগৰণুৱা বিশেষজ্ঞ আছিল পেটাৰছন, পিছে সেই সমিতিত তেওঁ স্থান নাছিল।
যি নহওক, ১৯৭৫ চনত আমেৰিকাত নতুনকে নিৰ্মিত গাড়ীত সীহ বিহীন গেছ’লিনহে ব্যৱহাৰ কৰাৰ নিয়ম কৰা হয়। পেটাৰছনৰ যুদ্ধ অব্যাহত থাকে, আৰু ১৯৮৬ চনত সাধাৰণ ৰাইজৰ ব্যৱহাৰযোগ্য সকলো সামগ্ৰীতে সীহৰ ব্যৱহাৰ কমাই অনাৰ বাবে নিয়ম কৰা হয়। এই ঘোষণা কাৰ্যকৰী হোৱাৰ চাৰি বছৰৰ ভিতৰতে আমেৰিকাবাসীৰ তেজত ৮০%লৈ সীহৰ পৰিমাণ নামি আহে। কিন্তু, বায়ুমণ্ডলত থকা সীহ ইমান সহজে আঁতৰি নাযাব, তথাপিও সীহৰ কমি অহা ব্যৱহাৰে স্বাস্থ্যৰ প্ৰতি ইয়াৰ ভাবুকি বহুখিনি কমাই আনে। এই ঘোষণা কাৰ্যকৰী হোৱাৰ চাৰি বছৰৰ ভিতৰতে আমেৰিকাবাসীৰ তেজত ৮০%লৈ সীহৰ পৰিমাণ নামি আহে।
আমেৰিকাত ১৯৯৬ চনতহে টেলৰ ব্যৱহাৰ একেবাৰে নিষিদ্ধ কৰা হয়। ইউৰোপত ২০০০ চনৰ পহিলা জানুৱাৰীত ইয়াক নিষিদ্ধ কৰা হয়। কিন্তু, টেল-ৰ নিৰ্মাতা কোম্পানীসমূহৰ ইয়াক তৃত্বীয় বিশ্বৰ দেশত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে, আৰু প্ৰয়োজনবোধে টেলৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিৰূদ্ধে লবীও্ গঢ়ি তোলে। ভাৰতত ২০০০ চনৰপৰা সীহযুক্ত পেট্ৰলৰ ব্যৱহাৰ নিষিদ্ধ কৰা হয়। সীহৰ বিৰূদ্ধে ৰাষ্ট্ৰসংঘৰ পৰিবেশ সংৰক্ষণ এজেন্সীয়ে সীহযুক্ত পেট্ৰ’ল ব্যৱহাৰৰ বিৰুদ্ধে কাম হাতত লয়, আৰু ২০১৩লৈ মাত্ৰ ছয়খন দেশতহে সীহযুক্ত পেট্ৰ’লৰ ব্যৱহাৰ হৈ আছে, তাৰেও কেউখনেই ক্ৰমান্বয়ে সেয়া কমাই অনাৰ বাবে অংগীকাৰবদ্ধ হৈছে। বৰ্তমান আলজিৰিয়াকে ধৰি আফ্ৰিকাৰ কেইখনমান দেশতহে টেলৰ প্ৰচলন আছে। আমোদজনক কথাটো হ’ল, টেলৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈ আহিছে যদিও টেল নিৰ্মাণ কৰা প্ৰতিষ্ঠান এতিয়াও আছে, আৰু তেওঁলোকৰ লক্ষ্য হৈছে তৃত্বীয় বিশ্বৰ অনুন্নত দেশ আৰু বিভিন্ন সন্ত্ৰাসবাদী ৰাষ্ট্ৰ।
যি নহওক, ২০১১ চনত ৰাষ্ট্ৰসংঘই সীহযুক্ত পেট্ৰ’লত ব্যৱহাৰ কমাই অনাত সফলতা লভা বুলি ঘোষণা কৰে, য’ত কোৱা হয় ‘সীহযুক্ত পেট্ৰলৰ ব্যৱহাৰ কমাই অনাৰ বাবে বাৰ্ষিক ২.৪ ট্ৰিলিয়ন লাভ হোৱাৰ লাগতে, ১.২ নিযুত অকালতে হোৱা মৃত্যু কমাব পৰা গৈছে, সমগ্ৰ পৃথিৱীতে মানুহৰ বুদ্ধমত্তাৰ হাৰ বাঢ়িছে, আৰু মুঠ ৫৮ নিযুত হ’বলগীয়া অপৰাধ নিৰসন কৰিবপৰা গৈছে।’ অকাল-মৃত্যু, শিশুৰ বিকাশৰ স্থবিৰতা, মানসিক অৱস্থা অৱনতিৰ বাবে অপৰাধ আদি সীহৰপৰা হোৱা বিভিন্ন সমস্যা।
কাহিনী প্ৰায় শেষ হ’বৰ হ’ল, কিন্তু পাঠকে মন কৰিছে কিজানি যে শিৰোনামত উল্লেখ কৰা মেগীৰ সীহৰ বিষয়ে একো লিখাই নহ’ল। আচলতে মেগীৰ সীহৰ বিষয়ে এই লেখাটো নহয়েই, কিন্তু এই যে কেইটামান পৰীক্ষাগাৰত মেগীৰ সীহৰ মাত্ৰা বেছিকৈ পালে, পাছত ক’ৰবাত কম হ’ল, তাৰ এটা কাৰণ বাৰু বায়ুমণ্ডলৰ সীহ পৰীক্ষাত কেনেবাকৈ সোমাল, সেইটো হ’ব পাৰে নেকি? পেটাৰছনে শিলত পোৱা সীহৰ দৰে? বা মেগীৰ সীহৰ ক্ষেত্ৰতো বাৰু বহুজাতিক কোম্পানীৰ লবীকেন্দ্ৰিক নীতিয়ে কাম কৰি গ’ল নেকি? এই দুটা চিন্তাৰপৰাই লেখাটোৰ জন্ম হৈছিল। আৰু অকল পৃথিৱীৰ বয়স বুলিলে ৰাইজে পঢ়িবলৈ বেছি মন নকৰিব বুলিয়েই ‘মেগীৰ সীহ’টো সুমুৱাই দিলো। বেয়া-চেয়া নাপাব।
[১] https://answersingenesis.org/age-of-t…/how-old-is-the-earth/
[২]Burchfield, Joe D. (1998). “The age of the Earth and the invention of geological time”. Geological Society, London, Special Publications 143 (1): 137–143.
[৩]England, P.; Molnar, P.; Righter, F. (January 2007). “John Perry’s neglected critique of Kelvin’s age for the Earth: A missed opportunity in geodynamics”. GSA Today 17 (1): 4–9
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments