পেছোৱাৰৰ শিশু সকললৈ অশ্ৰুসিক্ত নয়নৰে (জোনালী দত্ত)

পেছোৱাৰৰ শিশু সকললৈ অশ্ৰুসিক্ত নয়নৰে

বুকুখনত হাত থৈ নিৰলে উচুপে Jonali Dutta poem
হেঁপাহবোৰক লিৰিকি বিদাৰি চৌপাশে তমসাচ্ছন্ন
তেজৰ আস্বাদন কৰি গুজৰে কুকুৰনেচিয়াই
বিয়পিছে পাৰ ভাঙি টোপা টোপে তেজৰ কৰাল
শীতল বুকুত নিমজ্জিত ধ্বংস তাণ্ডৱে
দুখৰিত কৰিলে বহু মাতৃৰ বুকু
নিমিষতে সলনি হ’ল
ৰৌদ্ৰোজ্জ্বলত চিকমিকাই থকা সোনোৱালী পথাৰ
বিষবাষ্পই বোৱোৱা তেজৰ নৈয়ে ইতিহাসত কলংক ৰচে
সন্ত্ৰাসবাদীৰ অহংকাৰে মোহাৰিলে
কত ফুলনিৰ সুশোভিত ফুলৰ কলি
চিৰশান্তিত ৰওক সেই ফুলৰ পাপৰি
যোৱাৰ বাটেৰে আৰু নাহে যে উলটি
মাতৃৰ বুকুত উম দিবলৈ
সেই মাতৃৰ হিয়াভঙা কান্দোনৰ পুঞ্জিভুত লাভাই
কৰিব নিশ্চয় তোকো চাৰখাৰ
প্ৰতিধ্বনি মোৰ দেশৰ পদুলিতো
সেই একেই আতৰ্নাদ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments