পেট্ৰ’ল, আই-টুৱেন্টি আৰু ‘হামাৰা বাজাজ’: দিগন্ত কুমাৰ ভট্টাচাৰ্য

গল্প

পেট্ৰ’ল, আই-টুৱেন্টি আৰু ‘হামাৰা বাজাজ’

দিগন্ত কুমাৰ ভট্টাচাৰ্য

পেট্ৰ’লৰ আকৌ দাম বাঢ়িল! দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিব নেকি? বৰুৱাই মুখতে হিচাপ এটা কৰি চালে৷ নাই, তেনেকৈ নপৰে৷ মুম্বাইত এনেয়েও তেওঁলোকে দূৰলৈ গ’লে বাচ বা লোকেল ট্ৰেইনতে যায়৷ বজাৰ কৰিবলৈ বা ওচৰৰ ঠাইলৈ যাবলৈ তেওঁৰ অসমৰপৰা অনা বাজাজ চুপাৰখন আছেই। এতিয়া ‘আমাৰ বিল্ডিঙৰ সকলোৰে ফ’ৰ হুইলাৰ আছে, আমাৰ যে কেতিয়া হ’ব..’ বুলি পত্নীয়ে মুখখন মেলিলে পেট্ৰ’লৰ দাম বঢ়াৰ যুক্তি দি কথাষাৰৰ লগে লগে ওলাই আহিব খোজা হুমুনিয়াহটোক পুনৰ ঠেলি থ’ব পাৰিব৷
‘হেৰা শুনিছা, মায়াক অহামাহৰ পৰা হেনো এশ টকাকৈ বেছি দিব লাগিব’৷ সেয়া পাকঘৰৰ পৰা বৰুৱাপত্নী সুলেখাৰ চিঞৰ৷ মায়া কাম কৰা বাই, বৰুৱাহঁতৰ ঘৰত পুৱা কাম কৰে৷
‘কি? হঠাতে পইচা বঢ়ালে কিয় তাই? আমিতো পোন্ধৰশতে ঠিক কৰিছিলোঁ৷’
‘পেট্ৰ’লৰ দাম বঢ়া নাই জানো? তাই স্কুটি চলাই কামলৈ আহে৷ অহা-যোৱাৰ খৰছ বাঢ়ি গৈছে হেনো তাইৰ’৷
‘তাই স্কুটি লৈ আহে? কি কোৱা? গমেই পোৱা নাছিলোঁ৷ পেট্ৰ’লৰ দাম পাঁচ-ছয় টকাহে বাঢ়িছে৷ সেইবুলি এতিয়া সকলোৰে পৰা দৰমহা এশ টকাকৈ বেছি ল’ব নে?’
‘কৈছিলো ময়ো। তাই ক’লে তাইৰ কাৰণে আৰু দুঘৰ হেনো ৰৈ আছে৷ আমি দিব নোৱাৰিলে নাহে আৰু অহামাহৰ পৰা৷ ..কথাটো হয়৷ তাইৰ কাম ভাল আৰু সেয়েহে ডিমাণ্ডো বেছি৷ তাই ৰাতিপুৱা আমাৰ চাৰিঘৰত কাম কৰে, পোন্ধৰশকৈ৷ দিনটো কাৰোবাৰ কেচুৱা ৰখে, চাৰিহাজাৰ পায় হেনো। ৰাতি পাঁচ ঘৰত ভাত ৰান্ধে, প্ৰতিঘৰে তিনিহাজাৰকৈ….’৷
‘হ’ব দিয়া, কিনো বেলেগৰ পইচাৰ হিচাপ কৰি আছা হে?’ বৰুৱাৰ শংকা হ’ল তেওঁৰ ঘৰত কামকৰা বাইৰ মুঠ দৰমহা তেওঁৰ দৰমহাতকৈ বেছি হৈ নাযায়তো!
‘আৰু শুনা, তাইক অহামাহত তিনিমাহৰ এডভান্স দিব লাগিব বোলে৷ কিবা কিনিব হেনো৷ ‘
‘কি? ইহঁতবোৰ যে আৰু, মুম্বাইত থকা সকলোকে কড়োৰপতি বুলি ভাবে….কি নো কিনে তাই?’
‘ডাউন পে’মেন্ট দিবলৈ লাগে হেনো…গাড়ী কিনিব…আই-টুৱেন্টি..!!’ সেমেনা-সেমেনিকৈ ক’লে সুলেখাই৷

*****
দুপৰীয়া বৰুৱাৰ লগৰে অসীমে ভাত খাবলৈ নিমন্ত্ৰণ কৰিছে৷ তালৈ যাবলৈ ওলাল৷ ৰাতিপুৱাই নাৰিকল তেলেৰে ঘঁহি-পিহি চিকচিকিয়া কৰি থৈছে তেওঁৰ বাজাজ স্কুটাৰখন৷ ‘দেতা দেতা, খোজ নাকাঢ়োঁ, ভয়ি বিখাইছে..কুলাত লুৱা’ সৰু ল’ৰা-ছোৱালীয়ে হঠাতে ওফোণ্ড পতাৰ দৰে তেওঁৰ এই স্কুটাৰখনে কিন্তু কেতিয়াও মাজ ৰাস্তাত ‘যিমান কিক মাৰ মাৰি থাক, নহওঁ যা ষ্টাৰ্ট, মেৰি মৰ্জি, নে মোক এতিয়া ঠেলি ঠেলি..’ বুলি ভেম দেখুওৱা নাই৷ সেই কাৰণেই আজি পোন্ধৰবছৰ পিছতো মৰম কমি যোৱা নাই এই বাজাজখনলৈ৷ কাৰোবাৰ ঘৰলৈ এনেকৈ স্কুটাৰৰ পিছফালে বহি যাব লগা হ’লেই সুলেখাৰ চাৰিচকীয়া এখনৰ প্ৰতি আবদাৰটো বেছি হয়৷ পাটৰ মেখেলা-চাদৰেই কেনেদৰে চম্ভালিব, মুখৰ মেক-আপ নষ্ট নোহোৱাকৈ গন্তব্য স্থান কেনেকৈ পাব- সুলেখাৰ চিন্তা বাঢ়ে ৷ বৰুৱাই কথাটো বুজে বাবে নিমাত হৈ ৰয়৷

অলপ দূৰ যোৱাৰ পিছতে দেখিলে সন্মুখত পুলিচৰ চেকিং৷ বৰুৱাৰ মনত পৰিল আজি তেওঁ স্কুটাৰৰ কাগজ-পত্ৰ অনা নাই৷ মাৰাঠী ‘মামা’হঁতে আকৌ বাহিৰা ৰাজ্যৰ গাড়ী দেখিলে কাগজ, এন.অ’ চি সকলো বিচাৰে৷
‘ছাৰ, মানে সকলোবোৰ আছে। কিন্তু ঘৰত।’ পুলিচজনাই নামানে৷ ‘লিগেলি’ ৩০০ টকা ফাইন, নহ’লে হাতৰ টিপত দিব খুজিলে ফিফটি পাৰচেন্ট ডিস্কাউন্ট। বৰুৱাই পঞ্চাশ টকাৰপৰা মতা আৰম্ভ কৰিলে৷ পুলিচজনে একো কথাই নুশুনে৷ পেট্ৰ’লৰ দাম বাঢ়ি গৈছে কাৰণে মানুহে হেনো বাইক-গাড়ী চলোৱা কম কৰিছে আৰু সিহঁতৰো বিজিনেছ বেয়া৷ গতিকে ডেৰশ টকা ফাইনেল ৰেট৷ বৰুৱাই সুলেখালৈ চালে৷ দুপৰীয়াৰ তীক্ষ্ণ ৰ’দ আৰু শ্ৰীমতীৰ লাহে লাহে উঠি অহা খঙটোৰ মাজত যেন চলিছে এক তীব্ৰ প্ৰতিদ্বন্দ্বিতা- কোনে কিমান বেছিকৈ শ্ৰীমতীৰ মুখখন ৰঙা কৰিব পাৰে৷ বৰুৱাৰ তাত আৰু বেছি দেৰি ৰৈ থকাৰ সাহস নহ’ল৷ ডেৰশ টকা পুলিচজনৰ হাতত দি তাৰপৰা আঁতৰিল৷
অসীমহঁতৰ ঘৰ পালে। ইতিমধ্যে উপস্থিত সকলে ষ্টাৰ্টাৰ খোৱা আৰম্ভ কৰিলেই। ষ্টাৰ্টাৰত চিকেন ল’লিপপ আৰু লগতে অসীমৰ আই-টুৱেন্টিৰ ওপৰত ভাষণ- দুয়োটা গিলিব লগা হৈছে সকলোৱে। বৰুৱাই তেতিয়াহে গম পালে অসীমে আই-টুৱেন্টি কিনা বুলি আৰু সেইবাবেই আজি এয়া দুপৰীয়াৰ লান্স! সুলেখাই কলেজীয়া দিনৰ বান্ধৱী নীলাক পাই আপোনপাহৰা হৈ পৰিল। বৰুৱাই ৰৈ আছে কেতিয়ানো ভাত দিয়ে আৰু ঘৰলৈ গৈ দেওবৰীয়া এঘুমটি দিব পাৰে।
‘কি কথা কৈছ? স্কুটাৰত আহিছ? পাটৰ কাপোৰ পিন্ধি কেনেকৈ পাৰ অ’ স্কুটাৰত বহি আহিব?’ বৰুৱাই শুনিলে সেয়া নীলাই সুধিছে তেওঁৰ পত্নীক৷
‘শুন, আমিতো সেইফালেই থাকোঁ, উভতি যাওঁতে আমাৰ লগতে যাব পাৰিবি গাড়ীত… ৷’
‘আজি ঘৰ গৈ পোৱাৰ পিছত চাৰিচকীয়াৰ ওপৰত ভাল তৰ্ক-যুদ্ধ এখন হ’ব, চিওৰ৷ ‘ বৰুৱাই ভাবিলে৷
খোৱা-বোৱা শেষ হ’ল৷ ‘খানে কে বাদ কুছ মিঠা’ৰূপে অসীমে আই-টেন’তকৈ আই-টুৱেন্টিৰ এডভান্টেজৰ ওপৰত এক ‘সৰস’ বিশ্লেষণ সকলোৰে কাণে কাণে বিলাই দিলে৷
‘হেৰা, মই নীলাহঁতৰ গাড়ীতে যাওঁ দিয়া৷ বৰকৈ জোৰ কৰিছে’৷

বৰুৱা স্কুটাৰখনৰ ওচৰত ৰৈ সুলেখাই গাড়ীত উঠা চাই থাকিল৷ কেতিয়াও তিনি-চাৰিটা কিক নামাৰিলে ষ্টাৰ্ট নোহোৱা স্কুটাৰখন আজি এটা কিকতে মৃদু শব্দ কৰি ষ্টাৰ্ট হ’ল৷ এক নম্বৰ গীয়েৰ লগাই যাবলৈ ওলাইছিলহে, বৰুৱাই দেখিলে পত্নীয়ে দৌৰা-দৌৰিকৈ গাড়ীৰপৰা নামি আহিছে৷ আহিয়ে স্কুটাৰত বহি ক’লে ‘ব’লা, তাইক আমাৰ এঠাইত কিবা কাম আছে বুলি মিছা কৈ আহিলোঁ..’৷
‘কিন্তু কিয়? গাড়ীতে যাব পাৰিলাহেঁতেন আৰামত৷ এ.চি আছে…আউজি বহি যাব পৰাকৈ সুকোমল ছিট আছে..মিউজিক চিষ্টেম আছে…গান আছে…এ.চিৰ বতাহত উৰা সুগন্ধি আছে…..’ ৷
‘তুমি যে নাই ….’৷ সুলেখাই দুহাতেৰে পিছফালৰ পৰা বৰুৱাক সাৱটি ধৰিলে জোৰেৰে৷ এক, একৰপৰা দুই..তিনি..চাৰি…গীয়েৰ সলনি হ’ল৷ যুদ্ধজয়ী বীৰৰ দৰে বাজাজ চুপাৰখন আগুৱাই গৈ থাকিল৷
বৰুৱাৰ পাঁচবছৰৰ আগৰ সুলেখাক বিয়াৰ আগত প্ৰথমদিনা এই বাজাজ ছুপাৰ খনত উঠোৱাৰ কথা মনত পৰি গ’ল৷ সেইদিনাই প্ৰথম অনুভৱ কৰিছিল সুলেখাৰ হাতৰ পৰশ৷ লগৰবোৰে উপদেশ দিছিল, ‘মাজে মাজে ব্ৰেক মাৰি গৈ থাকিবি…তাই ওচৰ চাপিব..মৰম বাঢ়িব..’৷

বৰুৱাই স্কুটাৰৰ মিৰ’ৰ খনত চালে, নীলাহঁতৰ গাড়ীখন বহুত পিছত৷ বৰুৱাই স্পীড বঢ়াই দিলে। লাহে লাহে তেওঁলোকৰ গাড়ীখন নেদেখা হৈ আহিল৷ আবেলিৰ বতাহজাকে শাঁত পেলাই গ’ল সুলেখাৰ দেহ-মন….এ.চিৰ বতাহতকৈও যেন বেছি শীতল এই বতাহচাটি৷ সুলেখাই বৰুৱাৰ কান্ধত আলফুলে মূৰটো থলে, সেয়া যেন নীলাহঁতৰ গাড়ীৰ ছিটটোতকৈও সুকোমল, এনে লাগিল সুলেখাৰ…..বতাহজাকৰ ফাঁকে ফাঁকে কাণলৈ বাগৰি অহা চৌপাশৰ গাড়ীৰ হৰ্ণ, মানুহ-প্ৰকৃতিৰ কোলাহলতো যেন তাই বিচাৰি পালে সাতোটি সুৰ…৷ বৰুৱাই মিৰ’ৰ খন ঘূৰাই পত্নীৰ মুখখন চালে। এক গভীৰ প্ৰশান্তিত মুদ খাই আহিছে চকুহাল…. গুনগুনাইছে জিংগলটো- ‘…….হামাৰা কাল, হামাৰা আজ..বুলন্দ ভাৰত কি বুলন্দ তছৱীৰ… হামাৰা বাজাজ!!’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments