পেপে-কেলেকেলীৰ সংসাৰ …….(- অমিতাভ মহন্ত)

……………..
আজি ৰবিবাৰ। ৰমেন বাবুৰ আজি ছুটি। অলপ পলমকৈ উঠিব বুলি ভা‌ৱিছিল। পিছে পুৱাই পুৱাই নোদোকা মহ কেইটাৰ উপদ্ৰ‌ৱত সোনকালে উঠিবলৈ বাধ্য হ’ল।
ফলস্বৰূপে ৰমেন বাবু এতিয়া আগফালৰ বাৰাণ্ডাৰ চোফাখনত বহি পেপাৰ পঢ়াত ব্যস্ত। দেওবৰীয়া সম্ভাৰখনত চকু ফুৰাইছে।
এইফালে ৰমেন বাবুৰ পৰিবাৰ স্মিতা দেওবৰীয়া স্পেচিয়েল ব্ৰেকফাষ্ট তৈয়াৰ কৰাত ব্যস্ত। কামৰ মাজে মাজে ল’ৰা-ছোৱালী দুটাক টোপনিৰ পৰা উঠিবলৈ চিঞঁৰি আছে। সেই দুটা এনেয়ে টোপনি মৰাত ভাল । তাতে আজি আকৌ ৰবিবাৰ । কেতিয়া উঠে ঠিক নাই। কেতিয়াবা সন্দেহেই হয় এই দুটা নিজৰেই সন্তান নে কুম্ভকৰ্ণৰ।

সকলোৰে অৱস্থানবোৰ এবাৰ সাৱধানেৰে চাই আহিল কেলকেলীয়ে।
অ’ কেলকেলীৰ কথা ক’বলৈ পাহৰিছিলোৱেই। কেলকেলী হৈছে ৰমেন বাবুৰ ফ্লেটৰ ভেন্টিলেটৰত থকা মহৰ পৰিবাৰটোৰ গৃহকর্তী। এবছৰ আগতে তাই পেপেৰ সৈতে বিয়া হৈ ইয়ালৈ আহিছে। পেপে বৰ মৰমিয়াল। বিয়াৰ পিছতেই দুয়ো হানীমুন কৰিবলৈ গৈছিল… হোটেল গ্ৰেণ্ড ষ্টাৰলাইনৰ ২০৬ নম্বৰ কোঠাটোৰ বাথৰুমত। কি সুন্দৰ পৰিবেশ।
পেপে প্ৰায়েই কেলকেলীক ফুৰাবলৈ লৈ যায়। পেপে সদায়েই ভাল ভাল ঠাইতেই নিয়ে, পিছে কেলকেলীৰ আটাইতকৈ প্ৰিয় ঠাই কনচেপ্ট কোচিং চেন্টাৰ। হেঁপাহ পলুৱাই তেজ পোৱা যায় তাতে। বেচেৰাহ’তে ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ সপোনত চেঁচাপানী পৰাৰ ভয়তে কেলকেলীহ’তৰ কামোৰত কেটকুটেই নকৰে।
আৰু ভেৰাইটী এক্সেলেন্ট!!!!
ঘিউ,মৌ,মাছে,মঙহে খাই প্ৰায় গোটেইবোৰ একোটা একোটা তেজাল চেম্পল।
সিঁহতৰ কথা ভাবিলেই জিভালৈ পানী আহি যায় কেলকেলীৰ।
সাধাৰণতে দুয়ো চিটি বাছতেই ঘুৰে। পিছে এবাৰ তিনি নম্বৰ বাছত উঠি কেলকেলীৰ যিহে অৱস্থা। মানুহ বাদেই, মহৰেই উশাহ বন্ধ হোৱাৰ উপক্ৰম হয় তাতে।
ৰাইনোখন ভাল পিছে এই ক্ষেত্ৰত। আহল বহল।
কিন্তু যেতিয়াৰ পৰা ৰমেন বাবুৰ ফ্লেটৰ ফুলৰ টাবত কেলকেলীৰ ছোৱালী দুজনীৰ জন্ম হ’ল তেতিয়াৰ পৰা ঘুৰাফুৰা কমি গৈছে।
কন্যা ৰাশি পৰিছে। ডাঙৰ জনীৰ নাম ৰাখিছে পেনপেন আৰু সৰুজনীৰ নাম পিনপিন।
দুয়োজনী লাহে লাহে ডাঙৰ হৈ আহিছে। উৰিবলৈও শিকিছে।
মাকক বাহিৰৰ পৰা ঘুৰি অহা দেখি পেনপেনে মাত দিলে, ‘ইমান দেৰি ক’ত গৈছিলা মা? বিৰাট ভোক লাগিছে, ব্ৰেকফাষ্ট কৰি আহো’?
‘তঁহত দুয়ো একেবাৰে বাপেৰৰ ফুটতে উঠিছ। কেৱল খোৱাৰ ধান্দা।ক’তো যাব নোৱাৰ। সেয়া এটোপোলা তেজ থৈ দিয়া আছে। তাৰেই ব্ৰেকফাষ্ট কৰ’।
‘নাখাও মই সেই বাহী তেজবোৰ’।
‘চা পেনপেন, জেদ নধৰিবি। থলৌ থলৌ মাৰ বহুৱাই দিম। বাপেৰে কৈছিলে নে যে এতিয়া আমাৰ অফ পিক হাৱাৰ। ৰাতি সকলো শুলে আমাৰ পিক হাৱাৰ আৰম্ভ হয়। এই ঘৰৰ মূৰ্খ মানুহবোৰে এচি চলাই আঠুৱাৰ ভিতৰত শুই ভা‌ৱে যে আমি সিহঁতক কামুৰিব নোৱাৰিম। তেতিয়াই তেজ পিবলৈ সুবিধা, মানুহবোৰ চালানী মাছৰ দৰে পৰি থাকে। তেতিয়া আঠুৱাৰ ফাঁকেৰে সোমাই হেঁপাহ পলুৱাই তেজ পিব পাৰিবি।
এই সময়খিনি ভাল নহয় পেনেপেন মা, ক্ষণিক অসতৰ্কতাৰ বাবে গোটেই জীৱন কান্দিব লগা হ’ব পাৰে। এই বেলাটো বাহী তেজেৰেই কাম চলাচোন। ৰাতিলৈ দেখা যাব।
এইফালে পিনপিনে চিঞৰ আৰম্ভ কৰিলে,
‘মা, দেউতা ক’ত? আজি আমাক মহ পাৰ্কলৈ লৈ যাম বুলি কৈছিল। কিন্তু ৰাতিপুৱাৰ পৰা দেখোন দেউতাৰ দেখা দেখিয়েই নাই’।
কেলকেলীয়ে অভিমান ভৰা কন্ঠেৰে ক’লে,
‘বাপেৰে “নিৰাপদ জীৱনৰ সন্ধানত” নামৰ কনফাৰেন্সত গৈছে। সংসাৰৰ সমস্ত বোজা মোৰ মূৰত দি আজিকালি বাপেৰে সেইবোৰতেই ঘুৰি ফুৰা হৈছে। মই চাইহে আছো, কোনোবাদিনা চোনিয়াৰ ৰুপ লম, বাপেৰে সুৰসুৰাই মনমোহনৰ দৰে ঘৰত সোমাই থাকিবহি। এইফালে বজাৰত ডেঁঙ্গু-মেলেৰিয়া ৰোগৰ জীবাণুৰ দাম দিনে দিনে বাঢ়িছে, সেইবোৰত মতি গতি নাই বাপেৰৰ। কেইবাৰ যে ক’লো ছোৱালী দুজনীক ত্ৰানিফিলিছৰ বেজীটো দি আনক, সেইবোৰত খবৰ খাতি নাই। সংসাৰৰ চিন্তা থাকিলেহে’।
তুলনামূলক ভা‌ৱে পেনপেনতকৈ পিনপিন ঠাণ্ডা-মুণ্ডা। এইফালে শিল্প সংস্কৃতিৰ দিশটো তাইৰ খুব নিচা। যোৱা সপ্তাহত কেলকেলীয়ে “মচকুইটোজ গ’ট টেলেন্ট” প্ৰতিযোগিতাৰ বাবে পিনপিনৰ নাম ৰেজিষ্টাৰ কৰি আহিছে। কাইলৈ তাৰেই অডিচন ৰাউণ্ড। তাকে লৈয়েই পিনপিন ৰাতিপুৱাৰ পৰা গানৰ ৰেৱাজত ব্যস্ত আছিল।
এইবাৰ পিনপিনে লাহেকৈ গৈ মাকক ক’লে,
‘ মা মা, ৰমেন বাবুৰ ল’ৰাটো এইমাত্ৰ টোপনিৰ পৰা উঠিছে। তাক এবাৰ গৈ “গুণ গুণ গুণ গুণ গানে গানে”টো শুনাই আহো ‘?
নালাগে পিনু, সি বৰ বদমাছ। মনত নাই সেইদিনা পইতাচোৰা আন্টিৰ ঠেংত ৰচী বান্ধি কেনেকৈ ঘুৰাই ফুৰাইছিল? তাৰ ওচৰলৈ যোৱাৰ কোনো দৰকাৰ নাই। তাতকৈ তুমি ৰমেন বাবুৰ জীয়েকৰ ওচৰলৈ যোৱা। তাই সেই প্ৰকাণ্ড ফোনটো লৈ ফেচবুক কৰি আছে, ইমান মন কাণ নিদিব তাই। তথাপি অলপ দূৰৰ পৰা গাই আহিবা দেই। বিপদ কোনফালৰ পৰা আহে ঠিক নাই।
দুয়োৰে কথা শুনি পেনপেন খেদা মাৰি আহিল। আহিয়েই ভনীয়েকক ক’লে,
‘কোনো দৰকাৰ নাই তোৰ গান গাবলৈ যোৱাৰ। মই এইফালে ভোকত ৰ’ব পৰা নাই, আৰু এইফালে তই গান গাবলৈ যাব নালাগে। তোৰ টেলেন্ট চাবলৈ সেইজনী কিৰণ খেৰ নহয় বুজিছ। এক থাপ্পৰত জীউ বাহিৰ কৰি দিব, তেতিয়া গম পাবি।
আগতে মই চুপ চাপ গৈ খাই আহো। তাৰ পিছত তই যি কৰ কৰি থাক। তোৰ সেই হিমেশৰ দৰে মাতটোৰে গান গাই মোৰ ৰাষ্টাটো বন্ধ কৰাৰ দৰকাৰ নাই’।
বায়েকৰ ধমকি খাই পিনপিন তাতেই পেঁপুৱা লাগিল।
ইতিমধ্যে পেপে আহি সকলো দেখি আছিল। ডেংগুলালৰ ভাষণ শুনি আহি সি ইতিমধ্যে অত্যন্ত সাহসী হৈ আছে। উদাত্ত কন্ঠেৰে পেপে ক’বলৈ আৰম্ভ কৰিলে,
‘ভয় কৰি এই জীৱনত আমি টিকি থাকিব নোৱাৰিম কেলকেলী। সংগ্ৰামেই জীৱন, এই সংগ্ৰামৰ মাজতে আমি জীয়াই থাকিব লাগিব’।
যা পেনপেন, ভয় নকৰিবি। তই গৈ ৰমেন বাবুক আক্ৰমণ কৰগৈ। তেওঁৰ এখন হাতত চাহৰ কাপ আৰু আনখন হাতত বাতৰি কাকত। কোনো চিন্তা নাই যা। এনেও এই ৰমেনৰ ওপৰত খং উঠি আছে মোৰ৷ সেইদিনা পেপে বুলি এটাক ৰেড কাৰ্ড দেখুৱাওতে খুব ফুৰ্তি বেটাৰ’৷
‘কিন্তু দেউতা, তুমিয়েই দেখোন সেইদিনা মাক কৈ আছিলা যে ভেটী খাই খাই ৰমেন বাবুৰ চামৰা গঁড় পেহাৰ ছালৰ দৰে হৈ গৈছে। যদি মোৰ শুং ভাঙি যায়? তাতকৈ মই স্মিতা আন্টীৰ তালৈ যাওঁ নেকি’?
‘নালাগে নালাগে। সেইজনী বৰ খৰ। কেতিয়া কি কৰে ধৰিবই নোৱাৰি’।
সেইফালৰ পৰা কেলকেলীয়ে মাত লগালে,
‘বেলেগৰ তিৰোতাৰ খবৰ খুব ৰাখে আজিকালি। মন কৰিহে আছো মই’।
‘হেৰা এনেই যি তি বকি মূৰটো গৰম নকৰিবা হে। এনেই টেনশ্যন কম হৈছেনে জীৱনত। আজি বোলে আকৌ সেই ধোঁৱা-গাড়ীখন আহিব, ক’লৈ পলাও তাকে ভা‌ৱি তত পোৱা নাই’।
‘জানো জানো। কথা সলনি কৰাত কোনেও নোৱাৰে তোমাক’৷
মাক বাপেকৰ কাজিয়াৰ মাজতে পেনপেন উৰি গৈ ৰমেন বাবুৰ সুবিশাল পিঠি খনত লেণ্ড কৰিলে। মজা কৰি তেজ পি আছিল পেনপেনে। আস কি মজা।
হঠাৎ এখন জেট প্লেন অহাৰ শব্দ। চটৌপ চটৌপ। পেনপেনে ধোঁৱা-কোঁৱা দেখিলে। সৰ্বশৰীৰত তীব্ৰ বিষ অনুভব কৰিলে পেনপেনে। কোনোমতে ধলং পলংকৈ আহি মাক-দেউতাকৰ ওচৰ পালেহি পেনপেন। অজ্ঞান হোৱাৰ আগে আগে চকুৰ আগত ভাহি উঠিল ৰমেন বাবুৰ পাষণ্ড পুতেক।
জ্ঞান পাই পেনপেনে নিজকে মাকৰ কোলাত আৱিস্কাৰ কৰিলে। পাখী এখনত বেণ্ডেজ। ডাঃ মাখি বৰদেউতা ড্ৰেছিং কৰাত ব্যস্ত। কেলকেলী আৰু পিনপিন কান্দোনত ভাঙি পৰিছে। পেনপেনে মনে মনে প্ৰতিজ্ঞা কৰিলে আৰু কেতিয়াও জেদ নধৰে, সদায় মাকৰ কথা মানি চলিব।
এইফালে ডেংগুলালৰ দ্বাৰা প্ৰভা‌ৱিত পেপেয়ে দাৰ্শনিকৰ দৰে মাত দিলে,
‘এনেকৈয়েই হেৰাই যায় ক’ত নিষ্পাপ জীৱন। ৰাতিপুৱাই ওলাই যোৱা কিমান মহ এনেদৰে কোনোবা পাষণ্ডৰ হাতৰ চেপাত এই সংসাৰৰ মায়া এৰি যাব লগীয়া হয়। এক থাপ্পৰৰ আয়ুস আমাৰ, এয়াই জীৱন।
ভয় নকৰিবি মা, জীৱন মানেই যন্ত্রনা। সংগ্ৰাম কৰি বাচি থকাটোকেই জীৱন বুলি কয়। সংগ্ৰামেই নকৰিলে কিহৰ জীৱন। এনেকৈয়ে আমি আগবাঢ়ি যাব লাগিব, জীয়াই থাকিব লাগিব।’
কেলকেলীৰ ফালে চাই পেপেয়ে কলে, ‘চিন্তা নকৰিবা পেনপেনৰ মা৷ আমাক দুৰ্বল জ্ঞান কৰি আমাক এই মানুহবোৰে অত্যাচাৰ কৰে৷ কিন্তু আমি তলে তলে কি মাষ্টাৰ প্লেন তৈয়াৰ কৰিছো ইহঁতে গমেই নাপায়৷ মছকুইটো কইল, লিকুইডেটৰত বিৰুদ্ধে আমি ইতিমধ্যে জয় সাব্যস্ত কৰিছো৷ চাইনীজ মালৰ দৰে ডেংগু, মেলেৰীয়া, জাপানী এনকেফেলাইটিছ আদিৰে আমি বেমাৰৰ বজাৰত কব্জা কৰিছোৱেই৷ অতি সোনকালেই আৰু নতুন টেকনলজী লৈ আমি আহি আছো৷ ইহঁতে আমাক এতিয়াও চিনিবলৈ বহু বাকী’৷
কথা কৈ কৈ উত্তেজিত হৈ পৰিল পেপে৷ উদাত্ত কণ্ঠৰে ডেংগুলাল ষ্টাইলত চিঞৰিবলৈ ধৰিলে
— তুম মুঝে খুন দো, মে তুমহে আজাদী দুংগা…..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক