পেপ্টিক আলচাৰ (ডা০ ভূপেন শইকীয়া)

peptic-ulcer_dr-bhupendra-saikia
ওপৰৰ শিৰোনামা দেখাৰ লগে লগেই আপোনালোকৰ বহুতে হয়তো নিজৰ আত্মীয় বা পৰিজনৰ সৈতে হোৱা অভিজ্ঞতাৰ কথা স্মৰণ কৰিব আৰম্ভ কৰিছে৷ হয়, এই তিনিটা নামৰ সৈতে আজিকালিৰ বহুলোকেই পৰিচিত৷ কেবল আমাৰ দেশতেই নহয় গোটেই বিশ্বতেই পেপ্টিক আলচাৰৰ অসংখ্য ভুক্তভোগী আছে৷ হিমাট’ইমেচিচ হ’ল তেজ বমি হোৱা অৱস্থা আৰু মেলিনা হ’ল ক’লা বৰণৰ পাইখানা হোৱা অৱস্থা৷ ১৯শতিকাত গ্ৰীক ভাষাৰ পৰা মেলিনা শব্দটো আহিল- যাৰ অৰ্থ হ’ল ক’লা বৰণৰ৷ পেপ্টিক আলচাৰ অৰ্থাৎ পাকস্থলীৰ ঘাৰ পৰা হোৱা ৰক্তক্ষৰণৰ ফলত ৰোগীৰ হিমাট’ইমেচিচ নহলে মেলিনা নাইবা দুয়োটাই একেলগে হ’ব পাৰে৷ সহজ ভাষাত ক’বলৈ হ’লে পেপ্টিক আলচাৰ ৰোগৰ সঠিক চিকিৎসা নহ’লে তাৰ জটিলতাস্বৰূপে পৰৱৰ্তী পৰ্য্যায়ত ৰোগীৰ হিমাট’ইমেচিচ আৰু মেলিনা হ’ব পাৰে৷ পেপ্টিক আলচাৰক অৱস্থিতি অনুসৰি ইচোফেজিয়েল আলচাৰ (খাদ্যনলীত হলে), পাকস্থলীত হলে গেষ্ট্ৰিক আলচাৰ আৰু ডিয়োডিনামত হলে ডিয়ডিনেল আলচাৰ আখ্যা দিয়া হয়৷ আমাৰ অসমৰ মানুহবিলাকে এই জাতীয় পেটৰ বিষক ‘গেষ্ট্ৰিক’ হোৱা বুলি কয়- যিটো আচলতে শুদ্ধ নামাকৰণ নহয়৷ একেদৰে ভুলকৈয়ে ‘টনচিলাইটিচ’ক টনচিল হোৱা, ‘এপেণ্ডিচাইটিচ’ক এপেণ্ডিকচ হোৱা বুলি কয়৷
পুৰণি কালত পেপ্টিক আলচাৰ ৰোগ জীৱনশৈলীৰ বিসংগতিৰ পৰা হোৱা বুলি ভবা হৈছিল৷ মানসিক -শাৰীৰিক চাপ (ষ্ট্ৰেচ) আৰু খাদ্যৰ অনিয়মকেই ৰোগৰ উৎপত্তিৰ ঘাই কাৰক বুলি ভবা হৈছিল৷ ১৯৫৮ চনত গ্ৰীক চিকিৎসক জন লাইকৌডিচে (John Lykoudis) পেপ্টিক আলচাৰৰ ৰোগীক এন্টিবায়টিকৰে চিকিৎসা কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ ভাবিছিল নিশ্চয় বেক্টৰিয়াৰ সংক্ৰমণৰ ফলতহে পেপ্টিক আলচাৰ হয়৷ ১৬৭০চনত পেপ্টিক আলচাৰে পাকস্থলীত ফুটা (Perforation )কৰি জীৱন সংকটাপূৰ্ণ কৰাৰ কথা ইংলণ্ডৰ চিকিৎসক মহলত চিনাক্ত হয়৷ ১৯৮২ চনত দুজন অষ্ট্ৰেলিয়াৰ বিজ্ঞানী ৰবিন ৱাৰেন আৰু বেৰী জে মাৰ্শ্বেলে (Robin Warren and Barry J. Marshall) হেলিক’বেক্টৰ পাইল’ৰি নামৰ এবিধ বেক্টেৰিয়া চিনাক্ত কৰে -যাৰ উপস্থিতিয়ে মানুহৰ পাকস্থলীত গেষ্ট্ৰাইটিচ আৰু গেষ্ট্ৰিক আলচাৰ কৰিব পাৰে৷ এই চাঞ্চল্যকৰ আবিষ্কাৰৰ বাবে এই দুই বিজ্ঞানীয়ে ২০০৫চনত ন’বেল বঁটা লাভ কৰে৷
সমসাময়িকভাবে মধ্যপ্ৰাচ্যত Pistacia lentiscus নামৰ জোপোহা গছৰ পৰা নিৰ্গত হোৱা ৰস আৰু আঠাক (Resin) অনেক গুণসম্পন্ন বুলি চিনাক্ত কৰা হৈছিল৷ ইয়াৰ দ্বাৰা হেলিক’বেক্টৰ পাইলৰি বেক্টেৰিয়া আৰু ভেঁকুৰ বিনাশ হয় বুলি গবেষণাত প্ৰমাণিত হ’ল৷ কিন্তু আশ্চৰ্যজনকভাবে ভূমধ্য সাগৰীয় উপকুলৰ লোকে কেইবা হাজাৰ বছৰৰ আগৰ পৰাই এই গছৰ ৰেজিন পেটৰ নানাবিধ ব্যাধিৰ থলুৱা দৰব হিচাবে ব্যৱহাৰ কৰি আহিছিল৷

হেলিক’বেক্টৰ পাইলৰিৰ ওপৰিও পেপ্টিক আলচাৰ ডিজিজ কৰিব পৰা আন আন কাৰকসমূহ হ’ল : –
বিষৰ দৰব যেনে এচপ্ৰিন, আইব্ৰোপ্ৰফেন, নেপ্ৰ’স্কেন, ডাইক্লফেনেক, নিমুচুলাইড আৰু বজাৰত সহজলব্ধ এচপ্ৰ, এনাচিন, চেৰিডন জাতীয় প্ৰচলিত দৰব৷ এইখিনিতে পাঠকক জনাওঁ যে তুলনামুলকভাবে পেৰাচিটামল (পেৰাচেফ, ক্ৰচিন, মেটাচিন, পেনাডল আদি ব্ৰেণ্ড নামেৰ উপলব্ধ) মূৰৰ বিষৰ বাবে আটাইতকৈ কম বিপদজনক ঔষধ৷
মদ্যপান আৰু ধূম্ৰপান – কিমান বিপদজনক সেয়া সময়ে সময়ে সুকীয়াকৈ আলোচনা কৰি অহা হৈছে৷
যি কোনো গুৰুতৰ ৰোগৰ পাৰ্শ্বক্ৰিয়াস্বৰূপে পেপ্টিক আলচাৰ ৰোগ হব পাৰে৷
ষ্টেৰইড – ষ্টেৰইড হ’ল এবিধ অতি লাগতিয়াল জীৱন-ৰক্ষাকাৰী আৰু নানাবিধ ৰোগ নিৰাময়ৰ মহৌষধ৷ কিন্তু ইয়াৰ অনেক বিপদজনক পাৰ্শ্বক্ৰিয়াৰ ভিতৰত পেপ্টিক আলচাৰ হ’ল উল্লেখযোগ্য৷ ষ্টেৰইডৰ উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে বহলাই আলোচনা কৰাৰ প্ৰয়োজন আছে৷ বিশেষকৈ সেইসকল লোকৰ বাবে যি ডাক্তৰৰ একেখন প্ৰেচক্ৰিকচনকে বাৰম্বাৰ ব্যৱহাৰ কৰি থাকে৷ হাঁপানী,বাত,লুপাচ আৰু অন্যান্য নানা ধৰণৰ চৰ্মৰোগত বিশেষজ্ঞ চিকিৎসকে এটা নিৰ্দিষ্ট সময়ৰ বাবেহে ষ্টেৰইডৰ প্ৰেচক্ৰিপচন ৰোগীক দিয়ে৷
অতিমাত্ৰা চাহ, কফি – পেপ্টিক আচাৰৰ কাৰক হব পাৰে৷ গতিকে আপোনাৰ প্ৰিয় পানীয় বিধ অসীমিত ভাবে পান নকৰিব৷
ৰেডিয়েচন থিৰাপিৰ ফলত পেপ্টিক আলচাৰ হব পাৰে৷

পেপ্টিক আলচাৰ ডিজিজৰ লক্ষণসমূহ : –
বুকু জ্বলাপোৰা কৰা, ওপৰ পেটত বিষ হোৱা – ঘাইকৈ পেট খালি হলে যেনে পুৱতি নিশা৷
উগাৰ, বমি আৰু ওকালি অহা৷
মুখলৈ টেঙাপানী অহা,আভোক হোৱা, ক্ষীণাই যোৱা আদি৷
ৰোগ গুৰুতৰ হলে তেজ বমি, ক’লা পাইখানা হোৱা৷ পেটৰ ভিতৰত থকা এচিড, এনজাইম আৰু আন ৰাসায়নিক পদাৰ্থই তেজত ক্ৰিয়া কৰাৰ ফলত বমিত ওলোৱা তেজ ৰঙ ডাঠ কফিৰ বৰণৰ হয়৷ মেলিনাত হোৱা পাইখানাৰ ৰঙক আলকাটৰাৰ দৰে ক’লা হোৱা বাবে ‘টাৰি কালাৰ’ৰ পাইখানা হোৱা বুলি কোৱা হয়৷
বহুসময়ত লক্ষণ অনুযায়ী ইয়াক ‘গেষ্ট্ৰইচফেজিয়েল ৰিফ্লাস্ক ডিজিজ’ নামাকৰণো কৰা হয়৷

পেপ্টিক আলচাৰ ডিজিজৰ পৰা হব পৰা জটিলতাসমূহ : –
ৰক্তক্ষৰণহৈ হিমাট’ইমেচিচ, মেলিনা কৰি জীৱন সংকটপূৰ্ণ কৰা ;
পেপ্টিক আলচাৰৰ ফুটা (পাৰফোৰেচন) হোৱা – পেৰিটনাইিচ;
পাইলোৰিক ষ্টেনচিচ অৰ্থাৎ পাকস্থলীৰপৰা ক্ষু্দ্ৰ আন্ত্ৰলৈ যোৱা পথ বন্ধহৈ যোৱা আৰু
ৰক্তহীনতা (এনিমিয়া) – এইকেইটা হ’ল উল্লেখযোগ্য জটিলতা৷

পেপ্টিক আলচাৰৰ চিনাক্তকৰণ : –
ৰোগীৰ অসুখৰ হিষ্ট্ৰী আৰু প্ৰাথমিক পৰীক্ষা ৰোগ চিনিবৰ বাবে যথেষ্ট৷ কিন্তু নানান কাৰণত ৰোগীৰ আৰু কিছুমান পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজনহৈ পৰে৷ সেইবিলাকৰ কিছুমান হ’ল-
এণ্ডোস্কোপি ( Upper GI endoscopy বা Gastro- esophageo-duodenoscopy) – এণ্ডোস্কোপিৰ সহায়ত বায়স্পি লব পাৰি, ৰক্তক্ষৰণ থাকিলে সেয়া বন্ধ কৰিব পাৰি- ফটো তুলি ৰোগৰ অৱস্থাৰ বুজ লব পাৰি৷
বেৰিয়াম মিল এক্সৰে কৰিও ৰোগৰ গভীৰতা চিনাক্ত কৰিব পাৰি৷
তেজ পৰীক্ষা- এনিমিয়া, হেলিক’বেক্টৰপাইলোৰিৰ এন্টিবডি ৰ পৰীক্ষা৷
নিশ্বাসত হেলিক’বেক্টৰ পাইলোৰিয়ে নিৰ্গত কৰা ইউৰিৱেজ ( Urease) এনজাইম চিনাক্ত কৰা৷
শৌচত হেলিক’বেক্টৰপাইলোৰি চিনাক্ত কৰা৷
শৌচ পৰীক্ষাত মেলিনা ধৰা পেলোৱা (Occult Blood Test)৷
মনত ৰাখিবলগীয়া কথা – এন্টিকোএগোলেন্ট দৰব (যেনে ৱাৰফেৰিন) সেৱন কৰা লোকৰ দৰবৰ মাত্ৰা অধিক হলে পাকস্থলীৰ পৰা ৰক্তক্ষৰণ হৈ হিমাট’ইমেচিচ আৰু মেলিনা হব পাৰে৷
তেজৰ বিকাৰ থকা লোক ৰ (যেনে হিম’ফিলিয়া, পাৰপুৰা) সহজে হিমাট’ইমেচিচ আৰু মেলিনা হব পাৰে৷
পাকস্থলীৰ টিউমাৰ হিমাট’ইমেচিচ আৰু মেলিনাৰ অন্যতম কাৰক হব পাৰে৷
লৌহ পদাৰ্থযুক্ত (আইৰণ টনিক, টেবলেট বা কেপচুল) ঔষধি খোৱাৰ ফলত হোৱা পাইখানাৰ ৰঙ মেলিনাৰ পাইখানাৰ ৰঙতকৈ ভিন্ন৷
কিছুমান ৰোগীৰ নাকৰ পৰা বহুসময়ত ৰক্তক্ষৰণ হয়৷ তেনে তেজ গিলিলেও তেজ বমি আৰু ক’লা পাইখানা হব পাৰে৷ গতিকে ৰোগীৰ হিস্ত্ৰী আৰু শৰীৰৰ পুংখানুপুখ পৰীক্ষা চিকিৎসকৰ বাবে বৰ লাগতিয়াল৷
আকৌ হিমাট’চেজিয়া (hematochezia) কি তাকো জানি লওক – বৃহৎআন্ত্ৰৰ (Large intestine) পৰা টিউমাৰ বা আন ৰোগৰ ফলত কেঁচা তেজ শৌচদ্বাৰেদি নিৰ্গত হলে তাক হিমাট’চেজিয়া বুলে৷

চিকিৎসাৰ চমু আভাস : –
এন্টিবায়টিক – প্ৰটন পাম্প ইনহিবিটৰ ঔষধৰ (যেনে পেন্টপ্ৰাজল ) সৈতে একেলগে ব্যৱহাৰ কৰা এন্টিবায়টিক কিছুমান হ’ল- ক্লেৰিথ্ৰমাইচিন, মেট্ৰনিডাজল,এমক্সিচিলিন, মক্সিফ্লক্সাচিন, টেট্ৰাচাইক্লিন, বিচমাথ আদি৷
প্ৰটিনপাম্প ইনহিবটৰ – সততে ব্যৱহৃত এই গোটৰ দৰব কিছুমান হ’ল -পেন্টপ্ৰাজল, লেন্সপ্ৰাজল, অমিপ্ৰাজল, ইচমোপ্ৰজল আদি৷
এইচ-২ এন্টাগনিষ্ট – ৰেনিটিডিন, ফেমটিডিন, নিজাটিডিন, চিমেটডিন হ’ল এই গোটৰ কেইবিধমান দৰবৰ নাম৷
সানমিহলি ঔষধ- চুক্ৰেলফেট, এন্টাচিড আদি৷

চাৰ্জিকেল চিকিৎসা : –
যিবিলাক পাকস্থলীৰ ঘা নিয়মীয়া দৰবৰ চিকিৎসাত উপকৃত নহয়; পেপ্টিক আলচাৰৰ জটিলতা স্বৰূপে ফুটা টা বা পাৰফোৰেন হ’লে; পাইল’ৰিক ষ্টেনচিচ বা অৱষ্ট্ৰকচন হ’লে – তেনে ৰোগীক অপাৰেচনৰ বাবে বাচি লোৱা হয়৷ এটা কথা ৰোগীৰ অভিভাৱকে মনত ৰখা ভাল – পৰৱৰ্তী সময়ত সাবধানে নচলিলে পেপ্টিক আলচাৰৰ পুনৰাবৃতি ঘটিব পাৰে৷
হিমাট’ইমেচিচ আৰু মেলিনাৰ চিকিৎসা যথেষ্ট সতৰ্কতাৰে আৰু গুৰুতব সহকাৰে কৰাৰ আৱশ্যক৷ চেলাইন, বেজীৰ ওপৰিও প্ৰয়োজন সাপেক্ষে ৰক্তদানৰ আৱশ্যক৷

সাধাৰণসতৰ্কতা মূলক ব্যৱস্থা সমূহ : –
কম কম খাদ্য কম সময়ৰ ব্যৱধান খাব৷ চিকিৎসকৰ লগত পৰামৰ্শ কৰি খাদ্যসমূহ বাচি লব৷ বেছি জলা,বেছি টেঙা,বেছি তিতা,বেছি মছলা,বেছি তেলত ভজা খাদ্য পৰিহাৰ কৰিব৷
সম্ভৱহলে বইল আঞ্জা আৰু তৰকাৰী খাব৷ শাক পাচলি, ফলমূল ৰুচি অনুসৰি গ্ৰহণ কৰিলেও বেছি টেঙা নাখাব৷ পিঠাগুৰি, ভীমকল, ডালিয়া, চাটুগুৰি উপযুক্ত খাদ্য৷
সপ্তাহত সম্পূৰ্ণ বয়ল কণী ৫দিন খাব৷ জীয়া মাছ সপ্তাহত ৪৷ ৫সাজ খাব৷
মাংস সপ্তাহত এসাজ মাত্ৰ জুতি লবলৈ খাব৷
নিয়মীয়া ব্যায়াম কৰিব৷ দিনটোত ৭/৮ ঘন্টা টোপনি যাব৷
মদ, চিগাৰেট, গুটখা,চাদা সমূলি বাদ দিব৷
যি কোনো আন অসুখ হলে চিকিৎসকৰ পৰামৰ্শ নোলৱাকৈ কোনো ঔষধ নাখাব৷
এক শৃঙ্খলিত সহজ-সৰল জীৱন যাপন কৰিবলৈ প্ৰয়াস কৰক আৰু সুস্থ থাকক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments