পোনাকণলৈ এখন চিঠি ( মলিন মজুমদাৰ )

মৰমৰ পোনাকণ,
মৰম ল’বি। আশা কৰোঁ তহঁ‌ত সকলোটি কুশলে আছ। আমি ভালে আছোঁ‌। যোৱা সপ্তাহত ফোনযোগে খা-খবৰ লৈছোৱেই। তই ভাবিছ চাগৈ -বাইদেৱে আকৌ কি কাৰণত চিঠি লিখিলে? আচলতে টেলিফোনত কিছুমান কথা পতা নাযায়। পাতিব নোৱাৰি। কিছুমান কথা ক’বলৈ, বুজি পোৱাকৈ ক’বলৈ কিজানি চিঠিয়েই উত্তম মাধ্যম। পাতনি এৰি আচল কথালৈ আহোঁ‌।
আইৰ যোৱা কেইদিনমানৰ পৰা গা ভাল নহয়। ভৰি দুখন ফুলিছে, গাটো দুৰ্বল, থিয় হ’লেই মূৰ ঘূৰায়। ভিনদেৱেৰা পৰহি অফিচৰ কামত গুৱাহাটীলৈ গৈছিল। ডাক্তৰক দেখুৱাই ঔষধ-পাতি আনি দিছে। পুৱা-গধূলি কাম কৰি দিয়া মানুহজনীকেই কেইদিনমান ৰাতিও থকাৰ বন্দোবস্ত কৰি এওঁ‌ আজি আহি পাইছেহি। ময়ো যাওঁ‌ বুলিয়েই সদায় যাব নোৱাৰোঁ‌। সৰুটো ভাগিনীয়েৰ দুমহীয়া হৈছেহে। তাতেই কলকাতাৰ পৰা যাবলৈ দূৰো ভালেখিনি। কিযে কৰা যায় ভাবি পোৱা নাই। তোকো চাগৈ অসুখৰ খবৰ দিয়া নাই। এওঁ‌ ফোন কৰিব খুজিছিল, আয়ে মানা কৰিলে হেনো। তোৰ নিজৰেই সংসাৰৰ কত কাম, মিছা মিছি চিন্তা বঢ়াব নালাগে হেনো। মই কিন্তু এওঁকহে দুষিলোঁ‌। আইৰ কথা শুনিব নালাগিছিল। আইৰ বেমাৰৰ কথা তই নাজানিলে, তোক নজনালে ভাল হ’বনে? আইৰ বেমাৰৰ কথাৰে তোৰ চিন্তা বঢ়াবলৈ তই বেয়া পাবি জানো পোনাকণ?
জাননে পোনা, যোৱাবেলি পিতাই গুচি যোৱাৰ পাছৰ পৰা আইৰ স্বাস্থ্য বহুখিনি পৰিল। তইতো কাজ-কৰ্ম কৰিয়েই গ’লিগৈ। যাবও লাগিব দেচোন। বিদেশত বাস, বিদেশৰ চাকৰি। কিমানদিননো থাকিবি? তোৰ লগত নিম বোলতেও নগ’ল। মোৰ লগতো নাথাকে। পিতাইৰ স্মৃতি বিজড়িত ঘৰখন এৰি ক’লৈকো নাযায় হেনো। কেইবাটাও ষ্ট্ৰোক চম্ভালিব নোৱাৰি চিকিৎসালয়ত আইৰ হাতত ধৰি শেষ কথা কৈছিল হেনো— “তুমি অকলে থাকিবলৈ অকণো চিন্তা নকৰিবা। ময়ো থাকিম তোমাৰ কাষত আমাৰ হেঁপাহৰ ঘৰখনত।” সেইবাবেই আই সেই ঘৰ এৰি ক’লৈকো নাযায়। বৰ দুখ লাগে পোনা। হেঁ‌পাহৰ ঘৰখনত আই-পিতাই হেঁ‌পাহেৰে, আনন্দেৰে, সপৰিয়ালে কিমানদিননো থাকিবলৈ পালে?
তোৰ মনত আছেনে পোনা, আমাৰ ভবিষ্যত গঢ়াৰ কাৰণে কিমান সচেষ্ট, কিমান ব্যতিবস্ত আছিল আই-পিতাই? সঘনে বদলি হৈ থাকিবলগীয়া চাকৰি কৰা পিতায়ে অকল আমাৰ সোণালী ভবিষ্যত গঢ়াৰ বাবেই আইক আমাৰ লগত গুৱাহাটীত ভাৰাঘৰত থৈ সেই নিম্ন শ্ৰেণীতেই ভাল স্কুলত ভৰ্তি কৰাই দিছিল। আইৰো ব্যক্তিগত স্কুল এখনত চাকৰি এটাৰ যোগাৰ হৈছিল। আলহীৰ দৰেই এমাহ-দুমাহৰ বিৰতিত পিতাই ঘৰলৈ আহিছিল। ঘৰখন দুদিনমান উৎসৱমুখৰ হৈছিল। আই-পিতাই হেঁ‌পাহৰ ঘৰ এখনৰ কথা পাতিছিল।
তই দ্বাদশ শ্ৰেণী পাছ কৰা বেলি পিতায়ো বদলি হৈ গুৱাহাটীলৈ আহিছিল। বৰ ভাল লাগিছিল। আই-পিতাইক একেলগে পাম বুলি। গুৱাহাটীত মাটি এটুকুৰা কিনাৰ যো-জা চলিছিল। ৰাতি দুপৰলৈ এখন হেঁ‌পাহৰ ঘৰ সজাৰ আলোচনা চলিছিল। পিছে হেঁ‌পাহৰ ঘৰখনৰ আলোচনা আৰু এটা বছৰ পিচুৱাইছিল। তোক ইঞ্জিনিয়াৰিঙৰ প্ৰবেশ পৰীক্ষাৰ প্ৰস্তুতিৰ শিক্ষা ল’বলৈ কোটা চহৰলৈ পঠাইছিল। ছাত্ৰাবাসত কষ্ট পাবি বুলি ভাৰাঘৰ এটা লৈ আয়ো গুচি গৈছিল তোৰ লগত, চাকৰি ত্যাগ কৰি। মনত আছেনে পোনা? কিমান মৰম, কিমান চিন্তা কৰিছিল তোক লৈ— ভাবি চাচোন এবাৰ পোনা।
তই ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ’লিগৈ খড়গপুৰলৈ। মই বিশ্ববিদ্যালয়ত ভৰ্তি হ’লোঁ‌। খৰচ বাঢ়িল। মাটি এটুকুৰা কিনা হ’ল। কিন্তু ঘৰ সজা নহ’ল। কেইমাহমান পাছতেই পিতাইৰ আকৌ বদলি। আই মোৰ লগত থাকি গ’ল।
——- —— ——-
আমাৰ পঢ়া শেষ হ’ল। পিতায়ো চাকৰিৰ পৰা অৱসৰ ল’লে। হেঁ‌পাহৰ ঘৰখনো সজা হ’ল। মোৰো বিয়া হ’ল। ভিনদেৱেৰাৰ কোম্পানীৰ চাকৰি কলকাতাত। তয়ো চাকৰি কৰিলিগৈ বিদেশত। বিয়াও পাতিলি বিদেশত। কিয়েইবা বাকী আছিলগৈ আই-পিতাইৰ হেঁ‌পাহৰ ঘৰখনত, এবাৰ ভাবি চাচোন পোনা!
মই গৈ আছিলোঁ‌ বছৰেকত এবাৰ-দুবাৰকৈ। পিতায়ে দুখ কৰিছিল। মোক কৈছিল- “হেঁ‌পাহেৰে ঘৰখন সাজিলোঁ‌ হয়; পিছে কালৈ? সংসাৰৰ বোজা টানোতে টানোতে পুত্ৰ-কন্যাৰ সৈতে দুটা বছৰো একেলগে থাকিবলৈ সুবিধা নাপালোঁ‌ দেখোন। ভাবিছিলোঁ‌ নাতি-নাতিনীৰে সৈতে সেই আশা পূৰণ কৰিম। পিছে সেই সুখো নহ’ল। পুত্ৰ সন্তান জন্মিলে মানুহে ধন্য ধন্য বুলি কয়। কন্যা সন্তানতো পৰৰ ধন। যিমান যত্নেৰেই মানুহ কৰা লাগিলে, সময়ত তোমাক এৰি যি এবাৰ কইনা সাজেৰে ওলাই গ’ল, সেই গ’লেই আৰু। পিছে ক’তা? আমিতো পুত্ৰ সন্তানো পাইছোঁ। থাকিল জানো কাষত?” পিতায়ে অভিমান কৰিছিল জাননে পোনা?
কিন্তু আয়ে মুখ ফুটাই একো নকয়। মই জানো; আইৰো মনত দুখ আছে। কিন্তু অভিমান নাই। থাকিবই বা কেনেকৈ? আইতো আইয়েই। পিতাইক বুজাইছিল–“চাকৰিৰ দায়ততো দূৰত থাকিবই লাগিব। হ’ব দিয়া। সি দূৰত থাকিলে কি হ’ব। সিতো মোৰ বুকুৰ একেবাৰে ওচৰতে আছে। চকু মুদিয়েই মই তাৰ উশাহৰ শব্দ শুনিব পাৰোঁ‌। নাক উজাই তাৰ শিশুকালৰ শৰীৰৰ গোন্ধ ল’ব পাৰোঁ‌। য’তেই থাকে, কুশলে থাকক।”
তই বুজিব পাৰিছনে পোনা? মাথোঁ চাৰি বছৰ। মাথোঁ চাৰি বছৰ আই-পিতাই হেঁ‌পাহৰ ঘৰখনত একেলগে থাকিবলৈ পাইছিল। কত যত্নেৰে গঢ়ি তোলা ঘৰখন। পো-বোৱাৰী, নাতি-নাতিনীয়েকৰ সৈতে আনন্দেৰে থাকিব খোজা ঘৰখনত দুয়ো দুয়োকো সংগ দিছিল। হা-হুমুনিয়াহ থাকিলেও মানি লৈছিল। কিন্তু যোৱাবেলি পিতায়ে এৰি যোৱাৰ পাছৰ পৰা আই সঁ‌চাকৈয়ে অকলশৰীয়া হৈ পৰিছে পোনা।
সিদিনা ফোন কৰোঁতে কাম কৰা মানুহজনীয়ে ধৰিছিল। তেওঁ ক’লে— “বাইদেউ খুড়ীটিক আপোনালোকৰ লগলৈ লৈ যাওক। নহ’লে কোনোবা লগ এটা থকাৰ ব্যৱস্থা কৰক। মানুহ এনেকৈ ইমান অকলশৰীয়াকৈ থাকিব নোৱাৰে। প্ৰত্যেক দিনেই মই আহি কামত ধৰাৰ আগতেই নিজে দুকাপ চাহ কৰি আনি বাৰাণ্ডাত বহি ডাঙৰ ডাঙৰকৈ খবৰ কাগজখন পঢ়ি থাকে। যেন কাষতে খুড়া বহি আছে আৰু খুড়াৰ চকুৰ শক্তি কম বাবে তেওঁ আগতে শুনোৱাৰ দৰে বাতৰি পঢ়ি শুনাইছে। নিজৰ হাতত লোৱা কাপটোৰ চাহ সেই প্ৰথমতে যি এঢোক বা দুঢোক খায়, তাৰ পাছত হাততেই চেঁ‌চা হৈ যায়। বাতৰি পঢ়ি যায় মাথোঁ। আনকাপ চাহ মেজত তেনেকৈয়ে থাকে। মই আহিলেই উপযাচি কৈফিয়ৎ দিয়ে—অভ্যাস হৈ গ’ল অ! এবছৰ হওঁ হওঁ হ’ল এওঁ‌ মোক এৰি যোৱা। তথাপি ৰাতিপুৱা কোনোপধ্যেই একাপ চাহ কৰি খোৱাৰ অভ্যাস কৰিব পৰা নাই।—- কিবা এটা কৰক বাইদেউ। অসুখ-বিসুখৰ কথাও আছে দিয়কচোন।”
আৰুনো কি লিখিম পোনা। আইক সেই হেঁ‌পাহৰ ঘৰটো এৰি জোৰকৈ মোৰ লগলৈ আনিবলৈ সত নাযায়। তোৰ তালৈও নাযায় তেওঁ। গাত সামান্য শক্তি থকালৈকে ক’লৈকো নাযায়, মই নিশ্চিত। তেওঁ তাত পিতাইৰ অস্তিত্বৰ অনুভূতিৰ সংগত আছে, ঘৰখনৰ মোহত আছে। এই অনুভূতি, এই মোহৰ গভীৰতা আনে বুজা সহজ নহয়। কথাটো– চেণ্টিমেণ্টেল, অদৰকাৰী, যুক্তিহীন বুলি উৰুৱাই দিব পাৰি। কিন্তু সেয়া সমাধান নহয়। তেওঁ‌ নিজে মান্তি নোহোৱালৈকে জোৰ কৰি, বাধ্য কৰি ঘৰটো এৰাব নোৱাৰি। তেনে কৰিলে তেওঁৰ মমতাক অসন্মান কৰা হ’ব। যি মমতা আৰু ত্যাগ-কষ্টেৰে মোক, তোক মানুহ হিচাপে গঢ়ি তুলিলে, তাক অসন্মান কৰা হ’ব। সেইবাবে কথাটো ভালদৰে গমি-পিতি চাবি। পাৰিলে ইয়ালৈকে গুচি আহ। তোৰ অৰ্হতা আৰু অভিজ্ঞতাৰে চোন ইয়াতো ভাল চাকৰি এটা সহজে পাবি! ঘৰত আন এজন সদস্য থকা হ’লে মই এই কথা নকলোঁহেঁ‌তেন। তই একমাত্ৰ পুত্ৰ সন্তান বাবেই কিজানি তয়ো অলপ এৰা-ধৰা কৰিব লাগিব তোৰ কেৰিয়াৰৰ ক্ষেত্ৰত; যেনেকৈ আয়ে ত্যাগ কৰিছিল। কথাবোৰ বুজি পাইছ চাগৈ।
চিঠিখন দীঘলীয়া হ’ল। ফোনত ক’লে কথাবোৰ থাকি যায়। আকৌ সম্পূৰ্ণকৈ ক’লেও পাহৰি যাব পাৰ। সেয়ে চিঠি লিখিলোঁ। দুবাৰমান পঢ়িবি। কি সিদ্ধান্ত ল’ৱ জনাবি শীঘ্ৰে। মই চিন্তাত আছোঁ‌। বোৱাৰীক কথাবোৰ বুজাবি। একেই পৰিস্থিতিলৈ আমিও গৈ আছোঁ‌। সেইফালৰ পৰা ভাবিবি কথাটো। সহজে বুজি পাবি।
ভালে থাক সকলোটি।
ইতি—
লনি বাইদেউ
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments