পোহৰ দিয়া গছ (ড° ৰীতা চৌধুৰী)

পোহৰ দিয়া গছ

আমি একেলগে যোৱাৰ কথা আছে৷
আমাৰ আছে একেলগে জীয়াই থকাৰ কথা৷
ভয় লগা এন্ধাৰ আৰু বিষাক্ত হাঁতোৰাবোৰক হৰুৱাই আমি বিচাৰি যোৱাৰ কথা আছে পোহৰ দিয়া গছ— একেলগে৷
এন্ধাৰ সুৰংগৰ মুখ আলোকিত হৈ উঠিছে জোৰবন্তিৰ সৎ পোহৰত৷
আলোকিত হৈ উঠিছো আমি, উদ্ভাসিত হৈ উঠিছো মহত্বৰ জীৱনৰ বিমল স্পৰ্শত৷
নিজক পাৰ হৈ সপোন দেখা প্ৰতিজন মানুহ হৈ পৰিছে একো একোজন অভিযাত্ৰী৷ হৈ পৰিছে বিশুদ্ধ জীৱনৰ বিনম্ৰ পুৰোহিত৷
এতিয়া সপোন আছে৷ আৰু আছে আশা৷
এতিয়া আছে দ্যৰ্থহীন আত্মীয়তা৷

প্ৰাণৰ মাটিত আমি ৰুম পোহৰ দিয়া গছ৷

(ড° ৰীতা চৌধুৰী, ‘মাকাম’ৰ স্রষ্টা)