পৌনঃপুনিক- (অমিতাভ মহন্ত)

লেপটপটো বন্ধ কৰিলে সমুদ্ৰই৷ নতুন ঠাই, নতুন অফিচ…… এতিয়াও ভালকৈ মন বহুৱাব পৰা নাই৷ জইন কৰাৰ পিছৰে পৰা কামে হেঁচা মাৰি ধৰিছে সমুদ্ৰক৷ গতিকেই এই ৰাতিখন অকলে অকলে লেপটপত ব্যস্ত হৈ আছিল সমুদ্ৰ৷

সমুদ্ৰৰ ঘৰ ডিব্ৰুগড়ত৷ বাঙ্গালোৰত পঢ়া-শুনা কৰি তাৰেই এটা কোম্পানীত যোৱা পাঁচ বছৰে চাকৰি কৰি আছিল৷ ঘৰৰ ওচৰলৈ অহাৰ তাড়নাত সেই চাকৰি এৰি কিছুদিন আগতে গুৱাহাটীত বৰ্তমানৰ কোম্পানীটোত জইন কৰিছে৷ বাঙ্গালোৰৰ তুলনাত গুৱাহাটী এখন শান্ত, সৰু চহৰ৷ ভুল সিদ্ধান্ত ল’লে নেকি?? কেতিয়াবা সমুদ্ৰৰ মনলৈ এনে ভাৱ নহা নহয়৷ এতিয়াও ভাৰাঘৰ লোৱাই নাই সি, হোটেলৰ পৰাই কাম চলাই আছে৷ শনি, ৰবিবাৰৰ ভিতৰত ঘৰ এটা ঠিক কৰিব লাগিব৷ ঘৰটোৰ গতি লাগিলে বাকীবোৰো ঠিক হৈ যাব চাগে’৷ এতিয়া হোটেললৈ গৈ ভালকৈ শুৱাহে কথা৷
পঞ্চম মহলাৰ পৰা লিফ্টেৰে নামি আহিল সমুদ্ৰ৷ অফিচৰ বিল্ডিংটোৰ তৃতীয় মহলাতেই আছে টপাজ ডিস্ক’থেক৷ মুহূৰ্ততে হোটেললৈ যোৱাৰ পৰিকল্পনা সলনি কৰি লিফ্টৰ তিনি নম্বৰ বুটামটো টিপি দিলে সমুদ্ৰই৷
– লাৰ্জ৷
পচন্দৰ ব্ৰেণ্ডলৈ আঙুলিয়াই ৱেইটাৰজনক অৰ্ডাৰ দিলে৷
– বহিব পাৰোঁ? যদিহে আপুনি বেয়া নাপায়৷ গোটেই টেবুলবোৰ ভৰ্তি৷
আগন্তুকৰ মাতত সচকিত হৈ পৰিল সমুদ্ৰ৷
– অ’ নিশ্চয়, নিশ্চয়৷
– থেংক ইউ৷ টপাজত আপুনি নতুন চাগে’৷ আগতে দেখা মনত নপৰে৷
– টপাজত নহয়, গুৱাহাটীতেই নতুন বুলিব পাৰে৷ এমাহো হোৱা নাই৷
– ঔকে৷ ফিফট্ ফ্লোৰত কাম কৰে চাগে’?
– আপুনি কেনেকৈ জানিলে??
– বুকুত আই আৰ্ড ওলমি আছে মিষ্টাৰ সমুদ্ৰনীল বৰা৷
– হাঃ হাঃ৷ ভাল অবজাৰ্ভাৰ আপুনি৷ ভাল লাগিল৷
– আপুনি ট্ৰেন্সফাৰ হৈ আহিছে?
– নহয়৷ চাকৰি সলালোঁ৷ আগতে বাঙ্গালোৰত আছিলোঁ৷
– বাঙ্গালোৰৰ পৰা গুৱাহাটী পালে? চেহ, মই হ’লে নাহিলোঁহেঁতেন৷
– মোৰো মাজে মাজে ভুল কৰা যেনেই লাগি আছে৷ পাৰিলে একেবাৰে ডিব্ৰুগড়লৈয়ে ঘূৰি যোৱাৰ মন আছে৷ গুৱাহাটীখন পচন্দ হোৱা নাই দেখোন৷
– হৈ যাব, হৈ যাব৷ আপুনি গুৱাহাটীখন ভাল পাবলৈ শিককচোন৷ এৰিবই নোৱাৰিব৷
– তাকেই৷ কিছুদিন থাকিলেহে মন বহিব চাগে৷
আড্ডা জমি আহিছে৷ সংলগ্ন- অসংলগ্ন, শ্লীল- অশ্লীল, ব্যক্তিগত৷
– আপুনি কি কৰে গম নাপালোঁ৷
– অহ, মই ব্যৱসায় কৰোঁ৷ কাপোৰৰ৷ সৰু-সুৰা ব্যৱসায়৷
– আপোনাৰ কাপোৰ- কানি, সোণৰ চেইন দেখি সৰু ব্যৱসায় যেন লগা নাই পিছে৷
– হেঃ হেঃ৷ ফেমিলী কোলকাতাত থাকে, মই এই ক্লাব, ডিস্ক’, পাৰ্টি লৈয়েই ব্যস্ত হৈ থাকোঁ৷
– ভাল ভাল, মইহে ইয়াত বিৰাট অকলশৰীয়া হৈ গৈছোঁ৷
– আৰে, এতিয়া সেইবোৰ চিন্তা নকৰিব৷ মোক লগ পালে যেতিয়া এতিয়া আপোনাৰ বাবে গুৱাহাটী একদম হেপেনিং কৰি দিম৷
– বঢ়িয়া৷ অহা শনিবাৰে কিবা এটা প্লেন কৰোঁ তেন্তে৷
– চিউৰ বছ্৷
টুং টাং!!! বেকগ্ৰাউণ্ডত “ব্ৰেক আপ চং”…
– বাৰু মিষ্টাৰ সমুদ্ৰ, এটা কথা সোধো৷
– কওঁক৷ বিন্দাছ কওঁক৷
– আপোনাৰ মুখখন বিৰাট চিনাকী যেন লাগি আছে৷ কেনেবাকৈ ক’ৰবাত আমি আগতে লগ পাইছিলোঁ নেকি?
– আচৰিত! এইটো প্ৰশ্নকেই মই তেতিয়াৰ পৰা সুধিম বুলি ভাবি আছিলোঁ৷ আপোনাক ক’ৰবাত পাইছোঁ মই৷ ডিব্ৰুগড়, বাঙ্গালোৰ??
– এসময়ত খুব ডিব্ৰুগড় গৈছিলোঁ৷ হয়তো কৰবাত৷ ময়ো একদম মনত পেলাব পৰা নাই৷
– অৱশ্যে মোৰ মুখখনো একদম কমন৷ মোৰ দৰে মানুহ য’তে ত’তে দেখিব৷
– নাই নাই৷ ক’ৰবাত পাইছোঁ আপোনাক মই৷ এদিন ভালকৈ বহিম দুয়ো মনত পেলাবলৈ৷ আজি উঠিব লাগিব৷ জৰুৰী কাম এটা আছে৷
– আৰে বহক, এই ৰাতি কিনো জৰুৰী কাম আছে৷
– নহয় মিষ্টাৰ সমুদ্ৰ৷ আজি মোৰ ডাক্তৰৰ ওচৰত এটা জৰুৰী এপইণ্টমেণ্ট আছে৷
– এই ৰাতি?? এতিয়া দহটা বাজিবৰ হ’ল দেখোন৷
– নক’ব বুজিছে৷ চিনাকী ডাক্তৰ, এই ৰাতিখন ঘৰলৈ গৈ দেখুৱাম৷ বৰ অশান্তি পাইছোঁ৷ ছালৰ সমস্যা৷
– ডাক্তৰজন ভালনে? ময়ো বৰকৈ ভুগি আছোঁ ছালৰ সমস্যাত৷
– আৰে ডাৰ্মাটোল’জিষ্ট নীহাৰ চৌধুৰী গুৱাহাটীৰ বেষ্ট৷ মই আপোনাৰ এপইণ্টমেণ্ট লৈ দিম বাৰু৷
– বৰ উপকাৰ হ’ব৷ গোটেই শৰীৰটোতে কিবা যেন চুৰীৰে খুঁচি দিয়াৰ দৰে দাগ৷ বৰ অসহ্য৷
– হোৱাট??
– কিয় কি হ’লনো?
– আচৰিত৷ মোৰো একেই সমস্যা৷ কিবা নতুন বেমাৰ নহয়টো৷ এনীৱেইজ, মই আপোনাৰ এপইণ্টমেণ্ট লৈ জনায় আছোঁ৷
– বহুত ধন্যবাদ৷ পিছে মনটোহে বৰ খুচখুচাই আছে৷ আপোনাক ক’ত দেখিছিলোঁ মনত পৰা নাই একদম৷
– একদম৷ আমি ক’ৰবাত ভালকৈ লগ পাইছোঁ৷ সেয়া চিউৰ৷ এনীৱেইজ আজিলৈ এৰিছোঁ৷ বেছি পলম হ’লে ডাক্তৰে গালি দিব৷
ভদ্ৰলোকে ঢলং-পলংকৈ গতি কৰিলে৷ হঠাৎ কিবা এটা মনত পৰিল সমুদ্ৰৰ৷
– এক্সকিউজ মি৷ আপোনাৰ নামটো সোধাই নহ’ল৷
– অহ, ময়ো ক’বলৈ পাহৰি থাকিলোঁ৷ মাইচেল্ফ অতনু… অতনু বিশ্বাস!
*****
তেতিয়াৰে পৰা বহীখন সন্মুখত লৈ বহি আছে বাসৱী৷ হাতত দুডাল পেঞ্চিল৷ ক’ৰপৰা, কেনেকৈ আৰম্ভ কৰিব সেয়া যেন ঠিক কৰিব পৰা নাই তাই৷
দেৱালৰ ঘড়ীয়ে এঘাৰ বজাৰ সংকেত দিলে৷ একাপ ডাৰ্ক কফি৷ আকৌ বহীখনলৈ চকু দিলে বাসৱীয়ে৷ সোণ মামা, চুবুৰীৰ ৰণ্টুদা, স্কুলৰ ভাগৱতী চাৰ, গণেশগুৰিৰ সেই ফুটপাথৰ পাগলটো, চানমাৰীৰ সেই বাইকখন, আৰু ……… সকলো বন্ধ হৈ আছে এই বহীত৷ পুৰুষৰ নগ্নতা, লোভ, কামুকতা সকলো৷
আৰু আছে প্ৰেম৷ সকলো নেওঁচি কৰা প্ৰেম৷ লগতে ঘৃণা৷ ঘৃণা বৰ বেয়া বস্তু, বিশেষকৈ ভালপোৱা যেতিয়া ঘৃণাৰ পৰ্যায়লৈ গুছি যায়৷ প্ৰতিটো ভগ্ন হৃদয়ৰ খেলে সমৃদ্ধ কৰিছে তাইক৷ বেছি নিবিড় হৈ পৰিছে তাই এই বহীখনৰ সৈতে৷ পেঞ্চিলেৰে এটা খোঁচ মাৰি দিলে তাই বহীখনত, সজোৰে৷
শৈশৱ, কৈশোৰ, যৌৱনৰ সেই দিনবোৰ তাই মনত ৰাখি থৈছে, থৈ দিছে এই বহীত৷ সৌৱা তৃতীয় পৃষ্ঠাত ভাগৱতী চাৰৰ ছৱি৷ সুস্থ-সৱল মানুহজনক এদিন হঠাৎ কোনোবাই শোৱা কোঠাতে হানি খুঁচি মাৰি থৈ গ’ল৷ শেষৰ পৃষ্ঠাৰ বাইকাৰজন হেনো এক্সিডেন্ট হৈ চিৰজীৱনৰ বাবে পংগু৷ বহীখনৰ সকলো পৃষ্ঠা এটা এটা কাহিনী হৈ ৰৈ গৈছে৷
*******
উপসংহাৰ-
নুনমাটিত অতনুৰ গাড়ীখনে টাৰ্ণিং লওঁতেই প্ৰকাণ্ড অইল টেঙ্কাৰখনে খুন্দা মাৰিলে৷ কোনেও হস্পিটেললৈ নিবলৈ সময় নাপালেই৷
অইল টেঙ্কাৰখনে আগটো অলপ লগাতকৈ বেছি চেপেটা হ’ল নেকি বাৰু? লাহেকৈ ৰবৰডালেৰে মচি সেইখিনি মিলাই দিলে বাসৱীয়ে৷ ৰবৰৰ গুড়িবোৰ ফু মাৰি উৰুৱাই দিলে বতাহত৷
অফিচৰ পৰা হোটেললৈ খোজ কাঢ়ি যাব পৰা দূৰত্ব৷ পাণ এখন মুখত দি সমুদ্ৰই খোজ কঢ়া আৰম্ভ কৰিলে৷
আস্, আকৌ সেই পিঠিত যেন কিহবাই জোৰকৈ খুচি দিছে!
পেঞ্চিলডালে অহৰহ আক্ৰমণ চলাব ধৰিলে৷ এইবাৰ সমুদ্ৰৰ পাল……
***

(বিঃ দ্ৰঃ ধাৰণাটো মৌলিক নহয়৷ প্ৰধানকৈ ‘অহল্যা’ নামৰ বঙালী চুটিছবি এখনৰ অৱলম্বনত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments