প্রকৃতিৰ কঠোৰতা আৰু এটি পিয়াঁজী ফুলৰ অনুভৱ(- কল্লোল কুমাৰ বৰুৱা)

(১)
আজিও কিছু পলমেই হ’ল অফিছলৈ আহোতে৷ অফিছত ইমান শান্তিময় ভদ্র পৰিৱেশৰ আচল কাৰণটো ধৰিব পৰা নাই৷ ফ্রন্ট ডেক্সটো ঠিকেই আছিল, উজ্বলতা কিছু ক’ম৷সন্দেহৰ কাৰণটো তাতেও হ’ব পাৰে৷ বুজিব পাৰিলোঁ মানুহৰ ড্রেছৰ ওপৰতো বহু কিবা কিবি নিৰ্ভৰ হৈ থাকে৷ বগা চূৰিদাৰত বেয়া নালাগে অবশ্যে৷ কিন্তু সম্পূৰ্ণ মুখখনত জিলিকি থকা মিচিকিয়া হাঁহিৰ ৰহস্য সঠিককৈ বুজিব পৰাটো মোৰ বাবে যেন বৰ টান কাম৷আজি দুটামানৰ নতুন জইনিং ফৰমালিটি ক’মপ্লিট্ হ’ল৷ আজিকালি হৈছে কিনো! ইমান সহজ প্রডাক্ট ছেলিং প্রফেচনত আগতকৈ ক’ম ল’ৰা-ছোৱালী আহে৷ জ’ব্ কন্সালটেন্সী বোৰে কেনডিডেটবোৰক বিশেষ কোনো জ্ঞান(!) নিদিয়াকৈ ইন্টাৰভিউলৈ পঠিয়ায় আৰু সহিব লাগে আমি৷ আহ্ ষ্টকিস্ট-ডিসট্রিবিউটৰৰ হাঁহাকাৰ৷ চেল নাই৷ চেলস্ ষ্টাফৰ ক’ত ইননি বিননি৷ এক্সকিউজবোৰ প্লেনড্ আৰু সাইন্টিফিক্! হ’বইতো ন’হবই বা কিয়৷ যি কি নহওক বন্ধবোৰ এনেদৰেই ডেইলী ৰুটিন হৈ থাকিলে আমিবোৰে(অফিছৰ লগত জড়িত)আবেগ-অনুভূতিৰ কান্দোনবোৰ সঁচাই পাহৰি যাম৷ৰাতিপুৱাৰেই পৰা মনতো কিবা সেমেকা সেমেকা লাগিও আছে৷ অফিছৰ কম্পিউটাৰত মোৰ লগৰবোৰে তেওঁলোকৰ অফিছত কৰাৰ দৰে ফেছবুকত মইও মাজ মাজে বন্ধুবোৰৰ ভাল আৰু ধুনীয়া ষ্টেটাছ আপদেটছ্ বোৰ পঢ়ি আছোঁ৷ কিছুমান ষ্টেটাছ, কমেন্টছ, কবিতা সচাঁয়েই মন চুই যোৱা ধৰণৰ৷ বৰ আবেগিক হৈ পৰোঁ৷ তথাপিও কিয়বা ভাল লাগি থকা নাই৷ মনটো কিবা অইন ক’ৰবাত যেন আছে ৷
যোৱাৰাতি অহা ধুমুহা আৰু শিলাবৃষ্টিয়ে আমাৰ ঘৰৰ পিছফালৰ বাৰিত থকা আম আৰু লেচু দুয়ো গছজোপাকে একেবাৰেই সচাঁ অৰ্থত সৰ্বহাৰা কৰি থৈ গ’ল৷ যোৱা ডেৰ-দুমাহমান আগতে মায়ে মই আলোচনা কৰিছিলো যে যোৱাবাৰতকৈ এইবাৰ ফুল বেছিকৈ আহিছে…. দেখিয়েই মনটো ভাল লাগিছে…..ইত্যাদি ৷ যদিও আমবোৰ প’কালৈ ৰ’ব নোৱাৰি বা কেতিয়াবা খাবই নোৱাৰি কাৰণ বেছিভাগেই ওলপমান পূৰঠ হ’ব ধৰোতেই ফাটি যায় আৰু সৰি পৰে৷ আচাৰ বনাবলৈ ভাল৷ যোৱাবাৰ মায়ে শুকানকৈ বনোৱা আমৰ আচাৰ বৰ সোৱাদ লগা আছিল৷ দেউতাই বৰ যতনেৰে নিজহাতেৰে ৰোৱা লেচুজোপাৰ লেচুবোৰ পিছে সোৱাদ লগা ধৰণে মিঠা৷ গছজোপা বৰ বেছি ওখ নহয়৷ পিছফালৰ গোটেই ফলবোৰ শালিকা, চকচকি, বুলবুলি, ভাটৌৰ জাকটোৰ ৰাতিপুৱাৰ জলপান ভালদৰেই হ’য়৷ আৰু কাউৰীবোৰৰ খোৱা-কামোৰাৰ চিঞৰৰ উৎপাতবোৰো নিৰবে সহ্য কৰিব লগা হ’য়৷ লেচুবোৰ নিজে খাই সোৱাদ লগাতকৈ সিহঁতবোৰৰ কান্দ-কাৰখানাই মোৰ লগতে মা-হঁতকো আমোদৰ সোৱাদ দিছিল৷ বিশেষকৈ ভাটৌৰ জাকটোয়ে লেচু খোৱা দৃশ্যটো মোৰ আটাইটকৈ প্রিয় আছিল৷ ওপৰৰ ৰূমটোত থাকো বাবে ৰাতিপুৱাই পুৱাই এইবোৰ দৃশ্য চাবলৈ মোৰ ভাগ্য হ’য় বা হৈছিল৷হয়তো বহুতৰে বাবে ঘটনাটি নগণ্য৷ এইবোৰেইটো ক্ষুদ্র ক্ষুদ্র এনেবোৰ জীৱন্ত তথ্য য’ৰ পৰা মই অনুভূতিবোৰ বুটলিছিলোঁ৷ দুখ লাগিছে এইবাৰ মই সম্পূৰ্ণৰূপে বঞ্চিত হ’ম৷ কেতিয়াবা মন যায় গৈ সোধো নেকি এবাৰ তাহাঁতক(গছদুডালক, মোৰ বাবে কিন্তু অকল গছেই নহ’য়)৷ হয়তোবা ইমানবোৰ ফল লাগি থাকিলে গছজোপাই ভাৰ সহি কষ্ট পালহেতেন বা কিজানি চৰাইবোৰৰ নখৰ, ঠোঁটৰ আচোঁৰাৰ পৰা এইবেলি সকাহ পালে, কিজানি ভালেই পালে ইত্যাদি৷ কথা ক’ব পাৰিলে হয়তো নিঃসন্দেহে কলেহেতেঁন ভাল-বেয়া তাহাঁতৰ মনৰ কথাবোৰ৷জানিবলৈ মন যায় ও বন্ধু প্রকৃতি ইমান নিষ্ঠুৰ কিয়? এৰা৷হ’য়তো কেতিয়াবা বহুতৰে বাবে প্রকৃতি বৰ কঠোৰ হয়৷
(২)
অথনি ঘৰৰ পৰা অফিছলৈ বুলি ওলাবৰ সময়তেই কোকৰাঝৰ পৰা বাইদেউৰ ফোন পাইছিলোঁ৷ পুৱাৰ ভাগৰ দৌৰাদৌৰি ব্যস্হতাৰ মাজতেই অতি চমু কথোপথনত বাইদেউ মোক এইবাৰ তালৈ আহোঁতে পিয়াঁজী ফুলৰ গছ আনিবলৈ ক’লে৷ পিয়াঁজী ফুলৰ ট’পিকটো ইচ্ছাকৃতভাৱে এৰাই যাওঁতে বাইদেউ হয়তো কিবা এটা বুজি পাইছিল যেন লাগিল৷ সৰু মাইনাৰ নামাকৰণ হৈ গ’ল৷ নামটো আমাৰ ঘৰৰ প্রত্যেকৰে পছন্দ হৈছে৷ বৰ ধুনীয়া নাম “নিশিতা”৷
পিয়াঁজী ফুলৰ গছ৷ কাৰোবাৰ হেঁপাহৰ পিয়াঁজী ফুল! নিজকেই সোধিলোঁ কিয় বাৰু কথাটো এৰাই যাবলৈ চেষ্টা কৰিলোঁ! বায়ে হয়তো বেয়াই পালে নেকি!! পিয়াঁজী ফুলৰ কথাটো মনলৈ আহোঁতেই দুমাহমান আগৰ ঘটনাটো চকুত পুনৰ ভাঁহি উঠিল৷ সিদিনা অনিন্দিতাহঁতৰ ঘৰৰ সন্মুখেৰে থকা চৰ্টকাটেৰে কিবা এটা দৰকাৰি কাম এটাৰ বাবে বাবুলহঁতৰ ঘৰলৈ গৈছিলোঁ৷ বাহিৰৰ পৰাই যি দৃশ্য দেখিলো তাক এতিয়ালৈ মচিবই পৰা নাই৷ কেনেকৈ কি কৰিলে পাৰিম নাজানোঁ৷ অনিন্দিতাহঁতৰ ঘৰৰ পদূলিৰ সন্মুখৰ সেই দীঘল নাৰিকল গছজোপা এতিয়া আৰু নাই কিন্তু চোতালৰ বুঢ়া ডালিম জোপা এতিয়াওঁ সেই একেখন ঠাইতে বহু ঘাট-প্রতিঘাটৰ সাক্ষী হিছাপে নিজকে পৰিচয় দি প্রকৃত গৰাকীৰ প্রতি থকা দায়িত্ব পালন কৰিছে৷ দূৰৈৰ পৰা এপলকতে বহুখিনি ধাৰণা মোৰ দুচকুৰ অনিচ্ছা দৃষ্টিত স্পষ্টভাৱে আবদ্ধ হৈ ৰ’ল৷জহি খহি যাবলৈ আৰম্ভ কৰা চিমেন্টৰ পকি বেৰবোৰত যুক্ত শেলুৱৈৰ শিপাবোৰ ছানি ধৰা সম্পূৰ্ণ অবয়বটোৰ ৰূপটোৱে হয়তো আজিকালি প্রত্যেকজন চিনাকি-অচিনাকি পথচাৰিকৰ মনত নিঃসন্দেহে কিছু পলকৰ বাবে বিভিন্ন ভাবৰ বুৰবুৰণিৰ সৃষ্টি কৰে৷গুনা আৰু নাৰিকলৰ ৰছিৰে বান্ধি থিয় কৰাই ৰখা পদূলিৰ বাঁহৰ জপনাখনৰও তদ্রুপ অবস্হা ৷ সেইখনৰ নক্সাই যেন উদঙাই দিছে ঘৰখনৰ ভিতৰত থকা মৰমৰ নমুনা ৷ এতিয়া জপাই থোৱা কিম্বা খুলি ৰখাটোৰ মাজত বিশেষ কোনো ব্যাৱধান নাই৷
ডালিমজোপাৰ গুৰিৰ দুগজ মান আঁতৰত অনিন্দিতাৰ আলফুল হাতৰ পৰশত কিছুদিন আগলৈকে ফুলি থকা গুলপীয়া পিয়াঁজী ফুলৰ পাতৰ দীঘল আগবোৰ ভালদৰে মণিব নোৱাৰিলোঁ৷ মোৰ ভালকৈ মনত আছে গুলপীয়া ৰঙটোৰ বাবেই তাই আৰু বেছিকৈহে যতনাই ৰাখিছিল৷ নেদেখাৰ কাৰণটো জানিবলৈ মই হয়তো আজি ইচ্ছুক নাছিলোঁ৷ তথাপিও এদিনা ময়েই বিছাৰি আনি নিজ হাতেৰে ৰুই দিয়া সেইবিধ পিয়াঁজী ইমান সোনকালে পাহৰাটো চাগৈ সম্ভপৰও নহয়৷
আগৰদৰেই সন্মুখৰ বাৰান্ডাৰ খিৰিকীখন খোলা আছিল৷ কোমল বতাহৰ তালে তালে মৃদুভাৱে লৰি থকা পাতল হালধীয়া ৰঙৰ পৰ্দাৰ ফাকেঁৰে খিৰিকীখনৰ গাতে লাগি থকা বিছনাখনত বহি চুলিকোচা শুকুওৱাই ধকাৰ দৰেই যেন কাৰোবাক দেখিলোঁ৷ কিন্তু আচৰিত! তাইয়েই আছিলনে সেইজনী? কেনেকৈ কাকনো কওঁ, তাইক তেওঁ বুলি মানি ল’বলৈ মনৰ লগতে কিছুসময় যুঁজিছিলো৷ নিৰৰ্থক চেষ্টা আছিল সেইয়া৷ দৰাচলতে “আচৰিত” হ’ব লগীয়া হয়তো আৰু একো নাই কাৰণ এতিয়াৰ পৰিৱেশত তাৰ সৈতে মিলাব পৰা কোনো শব্দই মই বিছাৰি পোৱা নাছিলোঁ৷
কেনেকৈ ক’লেনো নুবুজাজনে বুজিব আৰু অবশেষত বুজিব পাৰিলেও পৰিৱৰ্তনক কোনেনো আঁকোৱালি ল’বলৈ আহিব৷ যদি হৃদয়ৰ সংলাপবোৰে পোহৰৰ বিন্দুমাত্র আভাষ পালেহেতেঁন,প্রকৃত অনুভৱবোৰক তেতিয়া তাই নিজে বুজাবলৈ সাহস পালেহেতেঁন৷ কিন্তু কিছু ভুল অনিন্দিতাৰো নথকা নহয়৷ কিন্তু সেইখিনি ভুলৰ বাবে তাইৰ ওপৰত গোটেইখিনি দোষ জাপি দিব নোৱাৰি নিশ্চয়৷ অচিনাকি কোনোবাই নতুনকৈ কিবা গম পায় বুলি কাকো নজনোৱাকৈয়ে আৰু বেলেগৰ সন্মুখত অশ্রুৰ আশ্রয় নোলোৱাকৈয়ে তাই নিজকে নিজেই কষ্ট দি আছে৷ নিঃসংগ মুহুৰ্তবোৰে ইতিমধ্যে তাইক এক চিনাকি ভয়ৰ অন্ধকাৰ গহ্বৰলৈ ঠেলি নিছে৷ য’ত জন্ম পায়েই থাকিব নতুন নতুন ভয়লগা শব্দৰ শিহৰণ৷ এদিনাখন হয়তো অনুভৱবোৰৰ বিস্ফোৰণ ঘটিবও পাৰে কিন্তু তেতিয়ালৈ কিবা বিছাৰি উভতি চোৱাৰ শেষবিন্দু হেঁপাহও নিঃসন্দেহে যে জীয়াই নাথাকিব৷
কাকনো সুধিবা আৰু আজি কোনেনো ক’ব নিঃসংগতা যে এক নাঙঠ ভয়ংকৰ অভিশাপৰ দৰেই৷

(৩)
আজিও অফিছলৈ বুলি আহি থাকোতে আমাৰ তিনিআলিৰ কেঁকুৰিটোত কাষৰ লুংলুঙীয়া পথৰ ওপৰতেই প্রায়ে লগ পাই থকা মৰমলগা সেই ছোৱালীজনীৰ মৰমলগা কান্ড দেখি সেইদিনৰ অনিন্দিতাৰ লগত হোৱা পূৰণি কথা-ঘটনা (টেলিফোনিক কনভাৰছেচন) এটালৈ বেছিকৈহে মনত পৰিল৷ প্রায়ে লগ পাওঁ হেতুকে ছোৱালিজনীৰ মুখখন হে চিনাকি৷-“ জানা ঘৰলৈ উভতি যাওঁতে মই আজি পিন্ধি অহা বগা ফ্রকযোৰ সম্ভবত বতাহত দাং খাই আছিল৷ ৰিক্সাত বহি বহি কথাবোৰ ভাবি ভাবি আপোনমনা ধুনীয়াজনীজনী হৈ হাঁহি হাঁহি গৈ আছিলোঁ৷ বহু দেৰিৰ পাছত হে মন কৰিলোঁ কথাটো….আহ্ কি যে না৷ মোৰো জানো হঠাৎ কি হ’ল৷ কেডবাৰি খালোঁ নে খুৱালা….. চিঃকতা…তেনেকৈ কোনোবাই খাইনে ? ….নাই মানে ভালেই লাগিছিল৷ কিন্তু শুনা না মই কিন্তু সেই ফ্রকযোৰ পিন্ধি তোমাৰ ওচৰলৈ যাবলৈ নাই দেই৷ তুমি কিন্তু দেই বৰ মানে কিবা…..ও ও সেইটোৱে……নিলাজ৷ ঘৰতেই পিন্ধিম………….আৰু শুনানা… তোমাৰ গোলাপী পিয়াঁজী ফুলটো ধুনীয়াকৈ ফুলিছে”৷
অনিন্দিতাৰ সেই মৰমলগা অভিমানসূচক মাতকথাবোৰ আজি বৰকৈ মনলৈ আহিল৷ মিঠা যেন লগা শব্দবোৰৰ অনুভৱবোৰে এতিয়াওঁ এই নিঃসংগ হৃদয়ত খলকনি তোলে৷
এইমাত্র মোৰ ভাল বান্ধবী এজনীয়ে ফেছবুকৰ ষ্টেটাচত মোক কমেন্ট এটা দিলে কাৰোবাৰ প্রথম প্রেম হোৱাটো হেনো কোনো ডাঙৰ কথা নহয়৷ যদি প্রেম হ’বই লাগে তেন্তে মানুহজনৰ শেষ প্রেম হোৱা যাতে তোমাৰ পিছত সেই মানুহজনক অইন কাৰোৰেই প্রেমৰ প্রয়োজন ন’হয়৷ এৰা ঠিকেই লিখিছে তাই৷ কমেন্টবোৰ পটককৈ লেখি দিয়াটো বৰ সহজ বন্ধু৷ ভাবিছিলোঁ কিবা এটা আৰু হ’ল অইন কিবা এটা৷ সচাঁই জীৱনটো বৰ কিবা জটিলতাৰ মাজেৰে খোজকাঢ়িছে৷
কৰবাত শুনিছিলোঁ প্রেমত পথত নামিলে হেনো প্রেমেই পথ দেখুৱায়৷
বাহিৰত যিহে উন্মাদ ৰ’দ৷ অফিছৰ পিয়নটোকে মাতি কিবা আনিবলৈ পঠিয়াওঁ বুলি ভাবিলোঁ৷
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক