প্রতিম প্রতাপ বৰুৱাৰ অনুবাদ গল্প

প্রতিম প্রতাপ বৰুৱাৰ অনুবাদ গল্প

উপলব্ধি
(মূল ইংৰাজী গল্পৰ ভাবানুবাদ)

এজন ডেকা সৈনিকক নাৰ্চগৰাকীয়ে বৃদ্ধ ৰোগীজনৰ ওচৰলৈ লৈ আনিলে ৷ “এয়া আপোনাৰ পুত্ৰ” – কেইবাবাৰো চিঞৰি কোৱাৰ পিছত বৃদ্ধই লাহ লাহে চকু মেলি চাবৰ চেষ্টা কৰিলে ৷ সৈনিকজনে দেউতা বুলি মাতি বৃদ্ধৰ হাত এখন নিজৰ দুহাতত তুলি ল’লে ৷ অতিশয় কষ্টত উশাহ-নিশাহ লৈ থকা বৃদ্ধই পুত্ৰক কাষত পাই চকুদুটা পুনৰ মুদি দিলে ৷

গোটেই ৰাতি সৈনিকজনে দেউতাকৰ হাতখন নিজৰ হাতত লৈ থাকিল আৰু দেউতাকৰ লগত কথা পাতি থাকিল ৷ পুত্ৰৰ কথা শুনি দেউতাকে মাজে মাজে অলপ হাঁহিবৰ চেষ্টাও কৰিলে ৷ নাৰ্চগৰাকীয়ে মাজতে আহি সৈনিকজনক অলপ বাহিৰলৈ ওলাই জিৰাই লবলৈ কৈছিল, কিন্তু সৈনিকজনে দেউতাকক এৰি আঁতৰি নগ’ল ৷

ৰাতিপুৱাৰ সময়ত বৃদ্ধই পুত্ৰৰ হাতখন ধৰি থাকিয়েই শেষ নিশ্বাস ত্যাগ কৰিলে ৷

পিছত নাৰ্চগৰাকী আহিলত সৈনিকজনে তেওঁক সুধিলে – “চিষ্টাৰ, এই বৃদ্ধজন কোন ?”
আচৰিত হৈ নাৰ্চগৰাকীয়ে সুধিলে – “কিয়, এয়া তোমাৰ দেউতা নহয় জানো ?”

সৈনিকজনে ক’লে – “নহয় চিষ্টাৰ, এয়া মোৰ দেউতা নহয় ৷ মই আগতে এখেতক কেতিয়াও দেখা পোৱা নাই ৷ কালি মই আহিছিলো কাষৰ কোঠাটোত থকা মোৰ বন্ধুৰ খবৰ ল’বলৈ ৷ ভুলতে ইয়াত সোমাই দেখিলো যে এই বৃদ্ধজনে নিজৰ অন্তিম সময়ত অকলে আছে ৷ তেওঁ ইমানেই অসুস্থ যে তেওঁ মোকেই নিজৰ পুত্ৰ বুলি ভাবিলে ৷ সেইখিনি সময়ত তেওঁৰ বাবে মোৰ প্ৰয়োজন কিমান আছিল সেয়া মই উপলব্ধি কৰিব পাৰিছিলোঁ ৷ সেয়ে তেওঁৰ অন্তিম সময়খিনিত মই তেওঁৰ লগত থাকিলোঁ ৷”

 

পৰিশোধ কৰা হৈ গৈছে
(মূল ইংৰাজী গল্পৰ ভাবানুবাদ)

 

এজন অতি দুখীয়া, কেও-কিছু নথকা ল’ৰা আছিল। নামটো ৰবাৰ্ট। নিজৰ পঢ়া খৰছ উলিয়াবলৈ ল’ৰাটোৱে মানুহৰ ঘৰে ঘৰে বস্তু বেচিছিল। যিকেইটা পইচা লাভ পায় সেইকেইটাৰে কোনোমতে নিজৰ পঢ়াৰ খৰচ উলিয়ায়। এবাৰ দুপৰীয়া এঘৰত বস্তু বেচি থাকোতে তাৰ খুব ভোক লাগিল। হাতত সেইদিনা পইচাও নাছিল তাৰ। কিন্তু লাজতে সি মানুহঘৰত একো খুজিব নোৱাৰিলে। ভাবিলে পিছৰ ঘৰত কিবা এটা খাবলৈ বিচাৰিব।

পিছৰ ঘৰটোৰ দুৱাৰত মাত দিওঁতে ভিতৰৰ পৰা এগৰাকী অতি সুন্দৰ মহিলা ওলাই আহিল। লাজতে ল’ৰাটোৱে মহিলাগৰাকীক খাবৰ বাবে একো খুজিব নোৱাৰিলে। তাৰ ঠাইত সি তেওঁক এগিলাচ পানী খুজিলে। মহিলাগৰাকীয়ে ল’ৰাটোৰ ভোকাতুৰ মুখখন দেখি কিবা এটা বুজি পালে আৰু তাক ডাঙৰ গিলাচ এটাত এগিলাচ গাখীৰ খাবলৈ দিলে। গাখীৰখিনি খাই ল’ৰাটোৱে মহিলাগৰাকীক সুধিলে – “এই গাখীৰখিনিৰ বাবে মই আপোনাক কি দিব লাগিব ?” মানুহগৰাকীয়ে ক’লে – “তুমি একো দিব নালাগে।” ল’ৰাটোৱে ক’লে – “তেন্তে মই আপোনাক মোৰ হৃদয়েৰে ধন্যবাদ জনাইছোঁ।” সেইদিনা সেই ঘৰটোৰ পৰা কৃতজ্ঞতাৰে ভৰা হৃদয় এখন লৈ ওলাই আহিছিল ৰবাৰ্ট।

বহুত বছৰৰ পিছত সেই মানুহগৰাকী এটা অতি কঠিন অসুখত পৰিল। সৰু চহৰখনৰ ডাক্টৰসকলে উপায়হীন হৈ মানুহগৰাকীক ডাঙৰ চহৰলৈ বিশেষজ্ঞ ডাক্টৰৰ ওচৰলৈ পঠাই দিলে। বিশেষজ্ঞ ডাক্টৰ ৰবাৰ্টক খবৰ দিয়া হ’ল। ডা: ৰবাৰ্টে যেতিয়া মানুহগৰাকী ক’ৰ পৰা আহিছে জানিলে তেওঁ উধাতু খাই আহিল। মানুহগৰাকীক দেখাৰ লগে লগে তেওঁ চিনি পালে। নিজৰ সমস্ত জ্ঞান আৰু অভিজ্ঞতা ব্যৱহাৰ কৰি তেওঁ মানুহগৰাকীক ভাল কৰি তুলিলে।

ডা: ৰবাৰ্টে আস্পতালৰ একাউণ্টচ্‌ বিভাগক অনুৰোধ কৰিলে সেই মানুহগৰাকীৰ চিকিত্সাৰ খৰচৰ বিলখন যেন প্ৰথম তেওঁলৈ পঠোৱা হয়। সেইমতে মানুহগৰাকীয়ে আস্পাতালত দিবলগীয়া টকাৰ বিলখন প্ৰথম ডা: ৰবাৰ্টৰ ওচৰলৈ আহিল। ডা: ৰবাৰ্টে বিলখনৰ কাষত কিবা এটা লিখিলে আৰু মানুহগৰাকীৰ ওচৰলৈ পঠাই দিলে।

মানুহগৰাকীয়ে হিচাপখিনি চাবলৈকে ভয় কৰিছিল। কাৰণ তেওঁ জানিছিল যে এই টকাখিনি দিয়াৰ পিছত তেওঁ ধাৰত পোত যাব। ভয়ে ভয়ে তেওঁ বিলখন খুলিলে। টকাৰ অংকটো দেখি তেওঁৰ চকু কপালত উঠিল। তেনেতে বিলখনৰ কাষত ডা: ৰবাৰ্টৰ চহীৰে লিখি থোৱা কথাখিনিলৈ তেওঁৰ চকু গ’ল। তাত লিখা আছিল – “টকাখিনি ইতিমধ্যে এগিলাচ গাখীৰেৰে পৰিশোধ কৰা হৈ গৈছে।”

সপোনটো হেৰাই যাবলৈ নিদিবা
(মূল ইংৰাজী গল্পৰ ভাবানুবাদ)

মণ্টিৰ এখন বিশাল ঘোঁৰাৰ ফাৰ্ম আছিল, য’ত এখন আটকধুনীয়া ঘোঁৰা দৌৰৰ ট্ৰেক আছিল। তেওঁ নিজৰ ফাৰ্মখন আনক বিভিন্ন অনুষ্ঠান আদি পাতি দুখীয়া ল’ৰা-ছোৱালীৰ বাবে পইচা তোলা কামত ব্যৱহাৰ কৰিবলৈ দিছিল। এবাৰ তেওঁ তেনে এটা অনুষ্ঠানত এজাক ল’ৰা-ছোৱালীক ক’লে – “তোমালোকে জানানে মই মোৰ ফাৰ্মখন কিয় আনক ব্যৱহাৰ কৰিবলৈ এৰি দিওঁ ? শুনা –

এজন ডেকা মানুহ আছিল। তেওঁ ঘোঁৰা খুব ভাল পাইছিল আৰু তেওঁ ঘোঁৰাৰ প্ৰশিক্ষক আছিল। নিজৰ কামটো তেওঁ ইমানেই ভাল পাইছিল যে ঘোঁৰাৰ প্ৰশিক্ষণ দিবলৈ তেওঁ আস্তাবলে আস্তাবলে, ইখন ঠাইৰপৰা সিখন ঠাইলৈ ঘূৰি ফুৰিছিল। ফলত হাইস্কুলত পঢ়ি থকা তেওঁৰ ল’ৰাটোৰ পঢ়া-শুনাত ব্যাঘাত জন্মিছিল আৰু লৰাটোৱে পঢ়া-শুনাত সিমান ভাল কৰিব পৰা নাছিল। এবাৰ স্কুলত শিক্ষকে ল’ৰাটোক এখন ৰচনা লিখিবলৈ দিলে, বিষয়টো ’মোৰ জীৱনৰ লক্ষ্য’।

সেইদিনা ৰাতি ল’ৰাটোৱে সাত পৃষ্ঠা জোৰা এখন ৰচনা লিখিলে সি ডাঙৰ হৈ কি হ’বলৈ বিচাৰে। সি লিখিলে ডাঙৰ হৈ সি এখন ঘোঁৰাৰ বিশাল ফাৰ্মৰ মালিক হ’ব বিচাৰে। ল’ৰাটোৱে নিজৰ সপোনটো পুঙ্খানুপুঙ্খৰূপে লিখিলে। আনকি ল’ৰাটোৱে তাৰ সপোনটোৰ এখন ছবিও আঁকি দিলে। কেনেকৈ ২০০ একৰ মাটিত ফাৰ্মখন হ’ব, কেনেকৈ ফাৰ্মখনৰ একাষত এটা সৰু পুখুৰীৰ পাৰত তাৰ নিজা ২০০০০ স্কোৱাৰ ফুটৰ ঘৰটো থাকিব, ঘোঁৰাদৌৰৰ ট্ৰেক থাকিব, ইত্যাদি ইত্যাদি। পিছদিনা লৰাটোৱে ৰচনাখন স্কুলত জমা দিলে। দুদিনৰ পিছত শিক্ষকে ৰচনাখনত ’এফ’ গ্ৰেড দি ওভোতাই দিলে আৰু ল’ৰাটোক শিক্ষকে লগ ধৰিবলৈ ক’লে।

ল’ৰাটোক শিক্ষকে ক’লে – “কি লিখিছা এইবিলাক ? অবাস্তৱ সপোন। তোমাৰ নিচিনা এটা ল’ৰাই এইবিলাক সপোন দেখাটোও ভুল। জানানে ২০০ একৰ মাটিৰ দাম কিমান ? ক’ত পাবা ইমান টকা ? হা? …. লৈ যোৱা এইখন। ফালি পেলোৱা। আৰু নতুনকৈ এটা নিজে ঢুকি পোৱা লক্ষ্যৰ বিষয়ে লিখি আনা। মই তোমাৰ গ্ৰেডটো সলনি কৰি দিব পাৰোঁ।”

ল’ৰাটোৱে ৰচনাখন লৈ আহিল। সাতদিন সাতৰাতি চিন্তা কৰি ল’ৰাটোৱে ৰচনাখনত কোনো সালসলনি নকৰাকৈ পুনৰ শিক্ষকজনক ঘূৰাই দিলে আৰু ক’লে – “চাৰ, আপুনি গ্ৰেড সলনি কৰিব নালাগে আৰু ময়ো মোৰ সপোনটো সলনি নকৰোঁ।”

ইমানখিনিলৈকে কৈ মণ্টিয়ে ল’ৰা-ছোৱালীখিনিক ক’লে – “মই এই কথাখিনি এই কাৰণেই তোমলোকক ক’লো কাৰণ তোমালোকে এতিয়া মোৰ ২০০ একৰ মাটিত থকা ঘোঁৰাৰ ফাৰ্মখনৰ একাষত থকা মোৰ এই ২০০০০ স্কোৱাৰ ফুটৰ ঘৰটোত বহি আছা। মই সেই তাহানিতে লিখা ৰচনাখন এতিয়াও মোৰ শুৱনি কোঠাৰ দেৱালত বন্ধাই আঁৰি থৈছোঁ। তাত মোৰ শিক্ষকজনে দিয়া ‘এফ’ গ্ৰেডটো এতিয়াও জিলিকি আছে। আটাইতকৈ ডাঙৰ কথা কি জানা – আজি কিছুদিন আগতে সেই শিক্ষকজন (তেওঁ এতিয়া এজন বুঢ়া ধৰ্মযাজক) ৩০ জন শিশুৰে সৈতে ইয়াত এসপ্তাহ থাকি গৈছে। যাবৰ সময়ত অনুশোচনাত দগ্ধ হৈ তেওঁ মোক কৈছিল – ’মণ্টি, মই যেতিয়া তোমালোকৰ শিক্ষক আছিলোঁ তেতিয়া মই বহুত ছাত্ৰ-ছাত্ৰীৰ সপোন চুৰ কৰি ধ্বংস কৰিলোঁ। তুমি সাহসী আৰু আত্মবিশ্বাসী আছিলা কাৰণে নিজৰ সপোনটোত আঁকোৰগোঁজ হৈ লাগি থাকি আজি সফল হ’লা।’

তাৰ পিছত মণ্টিয়ে এই দুটা বাক্যটোৰে নিজৰ কথাখিনি সামৰিলে – “কাকো নিজৰ সপোনটো চুৰ কৰিবলৈ নিদিবা। পৰিস্থিতি যিয়েই নহওক, সদায় নিজৰ হৃদয়ৰ কথা শুনিবা।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক