প্রসংগ:শিক্ষা আৰু শিক্ষাগত পৰিবেশ

হিমজ্যোতি তালুকদাৰ:

দিল্লীৰ কিছুমান ঠাই ঘুৰি খুবেই ভাল লাগে। যেন মানুহে সেই ঠাইবোৰলৈ কেৱল পঢ়িবলৈহে আহে। কেইখনমান ঠাই আছে দিল্লীত, ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে দেহেকেহে পঢ়া শুনা কেইখনমান নিৰ্বাচিত ঠাই। তেনে ঠাইবোৰলৈ গৈয়ে মনটো ভাল লাগি যায়। চাৰিওফালে মাথোঁ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা- ৰাজনীতি, অৰ্থনীতি, কলা সংস্কৃতি মুঠৰ ওপৰত এক প্ৰতিযোগিতামূলক পৰিবেশ। হাতখন মেলিলেই সকলো সুবিধা ঠাইতে উপলব্ধ। যি কিতাপ, আলোচনী বিচৰা যায় সেয়ে উপলব্ধ। এইবোৰ দেখি মনত খেলাইছিল, অসমতো এনে ছাত্ৰ ছাত্ৰী আছে যিয়ে আৰ্থিক সমস্যাৰ বাবে দিল্লী হেন ঠাইলৈ আহিব নোৱাৰে, কিতাপ পত্ৰ বিচাৰি হাবাথুৰি খাব লাগে, কিন্তু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ এক দুৰ্বাৰ হেঁপাহ মনত ৰাখি থৈছে। আজি কথা পাতিছিলো সত্যকাম দা ৰ সৈতে, অসমতো এনে কিছুমান প্ৰতিষ্ঠান খুলিব পৰাহেঁতেন, বিশেষকৈ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে! কিন্তু ইয়াৰ বাবে অসমত আনিব লাগিব এক প্ৰতিযোগিতামূলক পৰিবেশ।

পংকজ বৰা : শুভ চিন্তা৷ ৰাইজে নখ জোকাৰিলে নৈ বয়, মুখ জোকাৰিলে চুপটি হয়, শিং জোকাৰিলে যুদ্ধ হয় আৰু এনেকুৱা শুভ চিন্তা কৰিলে সমাজৰ প্ৰগতি হয়৷ কিবা কৰিব লাগে৷

দিগন্ত যাদৱ শৰ্মা : এনে কামবোৰ কৰিবলৈ বৰ মন, নিজেটো সময়ত নোৱাৰিলোৱেই। অইনৰ কৄতকাৰ্য্যতাত বৰ আনন্দ পাও। আমি চেষ্টা বা অইনক সহায় কৰিবলৈ টান পাও নিশ্চয়।

হিমজ্যোতি তালুকদাৰ: য’ত কিবা কৰিবলৈ মন আছে, তাত টকা পইচা নাই ; য’ত আকৌ টকা পইচা আছে, তাত আকৌ লাখ লাখ টকা পানীত পেলাই আছে ৰাইজে 😀

 

জ্যোতি প্রকাশ নাথ : অকবৰ উদদ্দ্যোগত সৰুকৈ হ’লেও আৰাম্ভ কৰিব পাৰি।

 

হিমজ্যোতি তালুকদাৰ: এনে আঁচনি আদি আচলতে দীৰ্ঘম্যাদী পৰিকল্পনাৰে হ’ব লাগে। সৰু সুৰাকৈ খুউব বেছি কৰ্মশালা আদিহে আয়োজন কৰিব পৰা যায়।

 

পংকজ বৰা : আন বহুতক উৎসাহ জনোৱাৰদৰেই কেইদিনমান আগেয়ে দিল্লীত অধ্যয়নৰত এজন ভাতৃ-সমন্ধীয় অসমীয়া ছাত্ৰক সৰ্বভাৰতীয় প্ৰতিযোগিতা দি আই এ এছ /আই পি এছ হ’বলৈ জোৰ দিছিলো ৷ তেঁও কৈছিল “কোনে এই দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক মাফিয়াৰ ভৃত্য হৈ কাম কৰিব?” মই বহু তেঁওক যুক্তিৰে বুজাইছিলো যে তেনেকৈ চিষ্টেমটোক দোষ দি গা-এৰা দিলে নহ’ব ৷ আমাক ভাল বিষয়া লাগিব , ভাল অসমীয়া বিষয়া লাগিব ৷ কাৰণ নামত গণতন্ত্ৰ হ’লেও আমাৰ শাসন ব্যৱস্থা প্ৰকৃততে ব্যুৰোক্ৰেটেই চলায় ৷ অসমৰ দম আৰু দাম কেন্দ্ৰত বৃদ্ধি কৰিবলৈ দিল্লীৰ অফিছে অফিছে অসমীয়া বিষয়া লাগিব, অসমৰ চুকে কোনে সৎ অসমীয়া বিষয়া লাগিব ৷

 

জ্যোতি প্রকাশ নাথ :ইয়াতে সমিতি এখন গঠন কৰি কাম আগবঢ়াব পাৰি। প্ৰথমতেই ভোট এটাৰে আৰাম্ভ কৰি।

হিমজ্যোতি তালুকদাৰ: জ্যোতি প্রকাশ নাথ তাৰ আগতে ক্ষেত্ৰভিত্তিক অধ্যয়ন ভালকৈ কৰিব লাগিব।

 

জ্যোতি প্রকাশ নাথ : হয় তাৰ বাবে ভলন্টিয়াৰ লাগিব আৰু তাৰ বাবেই মানুহ গোটাব লাগিব। মই ভাবো ফেচবুক ইয়াৰ বাবে ভাল মাধ্যম। পশ্চিমৰ দেশবোৰত এনেকুৱা বিনামূল্যে কাম কৰা ভলন্টিয়াৰ প্ৰায়ে ওলাই কাৰণ তাত মানুহবিলাকৰ মনবোৰ বহল। সেইবুলি আমাৰ ইয়াতো তেনেকুৱা মানুহ একেবাৰে নাই বুলি কব নোৱাৰি। মোৰ মতে অকবৰ প্ৰায়্খিনি মানুহৰে তেনেকুৱা মন আছে। সেয়েহে কাম আগবঢ়াব পৰা যায়। সুস্থ আৰু ধনাত্মক আলোচনাৰ যোগেৰে আৰাম্ভ কৰা কামত অকবৰ ৰাইজে হাত উজান দিলে নৈ নিশ্চয় বব।

 

উদ্দীপ তালুকদাৰ : এনেয়ে ভাবিয়েই ভাল লাগে। মস্ত খোলা ঠাই এখন থাকিব, তাত মস্ত এটা লাইব্ৰেৰী থাকিব, বাগিচাত মেজ থাকিব, কেইখন চকী, এফালে এটা সৰুকৈ অডিট’ৰিয়াম, এফালে আকো মস্ত এটা আৰ্ট গেলাৰী, লগতে পেইণ্টিং কৰা জেগা, কাষতে এটা ভাস্কৰ্যৰ কাম কৰা জেগা, পাছ ফালে আকৌ হাৰমোনিয়াম, তবলা, গীতাৰেৰে ভৰ্তি মস্ত কোঠা এটা, এফালে এখন ষ্টেডিয়াম। দমে দমে মানুহ থাকিব, সকলোৱেই কিবা নহয় কিবা কৰি থাকিব। এখন বেৰাত যদি মস্ত এখন ম্যুৰাল, আনফালে কোনোবাই ঢোলৰ ছেও প্ৰেক্‌টিছ কৰি থাকিব। মাজতে থকা মেজৰ দূমুৰে বহি কেইজনমানে দবা খেলি থাকিব। এজনে নিজে সাজি উলিওৱা কুঁহিলাৰ এৰোপ্লেনৰ টেষ্ট ড্ৰাইভ কৰি থাকিব! ইত্যাদি!

 

হিমজ্যোতি তালুকদাৰ: উদ্দীপ  দা, আশাত চেঁচাপানী নাঢালিবচোন ইমান সোনকালে 😛

 

উদ্দীপ তালুকদাৰ : আচলতে এনে ঠাই হিচাপে গঢ়ি তুলিবলৈ আমাৰ বিশ্ববিদ্যালয় কেইখন আছেই। কিন্তু …. কাকনো আৰু কি ক’ম!!!

 

উদ্দীপ তালুকদাৰ : ‎:) গুচাই দিলোঁ। কিন্তু সেয়েই হ’বগৈ ইয়াতে!

 

 

হিমজ্যোতি তালুকদাৰ: গুৱাহাটী বিশ্ববিদ্যালয়? লুইতৰ পাৰ জিলিকোৱা? ধিক্, আজিলৈকে ভাল কেম্পাচ এটাকে গঢ়ি তুলিব নোৱাৰিলে। লাজেই পাওঁ বিশ্ববিদ্যালয়ৰ সন্মুখৰ ৰাস্তাটোৱেদি গ’লে !

 

 

বিকাশ শইকীয়া : অসমত প্ৰকৃততেই প্ৰতিযোগিতামুলক পৰিবেশৰ অভাৱ……….আৰু তাতকৈ ডাঙৰ কথা…..প্ৰতিযোগিতামুলক পৰীক্ষাবোৰত কৃতকাৰ্য হবলৈ সঠিক দিহা পৰামৰ্শ তথা উ্ত্সাহ দিয়া মানুহৰ বাৰুকৈয়ে অভাৱ………….নিজৰ অভিজ্ঞতাৰ পৰা যদি কও, ২০০৯ চনত, স্নাতকোত্তৰ মহলাত পঢি থাকোতে লগৰ বহুকেইজনক কৈছিলো যে….বলা, অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি কৰো…….কিন্ত সহাৰি নিৰাশাজনক আছিল………২০১০ চনত মই দুটা পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিলো……অসামৰিক সেৱা আৰু অ.এন.জি.চি……….আৰু দুয়োতাৰে প্ৰাৰম্ভিক পৰীক্ষাত সফলতা পাইছিলো (সেই বছৰেই অ.এন.জি.চি ত যোগদান কৰিলো)…….সচা কথা কবলৈ গলে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি কৰাৰ বাবে অ.এন.জি.চি.ৰ পৰীক্ষাতো একেবাৰে সহজ হৈ পৰিছিল…………প্ৰতিযোগিতামুলক পৰীক্ষাবোৰত কৃতকাৰ্য হবলৈ মুলত দুটা বস্ত প্ৰয়োজনীয়……….”বিষয়বস্তৰ সম্যক জ্ঞান” আৰু “সমস্যা সমাধানৰ কৌশল” আয়ত্ব কৰা…………আৰু এইক্ষেত্ৰত সমল ব্যক্তি অসমত বিচাৰি পোৱাতো যথেষ্ঠ কঠিন…………ছাত্ৰ-ছাত্ৰীবোৰো প্ৰতিযোগিতামুলক পৰীক্ষা সম্পৰ্কে সজাগ নহয় (বা সজাগ কৰাৰ ভাল ছিষ্টেম এটা আমাৰ শিক্ষানুষ্ঠানসমুহত গঢি উঠা নাই)…………..কোনোবাই যদি এইক্ষেত্ৰত উদ্যোগ লয়, মই সহয়োগ কৰিবলৈ সাজু আছো……………

 

 

ধ্ৰুৱজ্যোতি শৰ্ম্মা :প্ৰস্তাৱটো বেয়া নহয়| পাচে অসমত এইটো সম্ভৱ নহয়| যি ঠাইত প্ৰধানমন্ত্ৰী অহৰ বাবে বন্ধ পালন কৰাৰ মানসিকতা এতিয়াও যোৱা নাই, যি ঠাইত পুলিচ বুলি ক’লে মানুহে এতিয়াও ভয় খায়, কোৰ্ট-কাছাৰীৰ খেলবোৰ এক জঘন্য খেল বুলি ভাৱে, য’ত নিৰপৰাধী সমাজকৰ্মীক হত্যা কৰি কোনোৱাৰ পৃষ্ঠপোষকতাত টোঘিলঘিলাই ঘূৰি ফুৰিব পাৰে অপৰাধী.. তনেকুৱা ঠাইত এনেবোৰ কথা মাথো পৰিকল্পনাহে কৰিব পাৰি| ৰূপায়ন কৰাটো সম্ভৱ নহয়| ৰূপায়িত হ’লেও বৰ বেছি দুবছৰমান থাকিব…তাৰ পিছত সেয়াও ৰাজনীতিৰ তাচৰ আড্ডা হব| গু.বি. অৱশ্যে এইক্ষেত্ৰত বেয়া নহয়; কিন্তু তাত সকলো বিভাগেই ৰাখিব পৰা নাযাব…. কেৱল ৰাজনীতিহে ৰজিতা খাব|

 

পংকজ বৰা : গুৱাহাটী বিশ্ববিদ্যালয়ত এনেকুৱা প্ৰশাসনিক পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে এটা মস্ত চেন্টাৰ আছে৷ কি হয় মই ভালকৈ নেজানি৷ কোনোবাই জানিলে জনাব৷

 

প্রতিম প্রতাপ বৰুৱা: কথাটো হ’ল আমাৰ নতুন প্ৰজন্মৰ কিমানে বিহাৰ উত্তৰ প্ৰ্দেশৰ লৰা-ছোৱালীৰ নিচিনাকৈ আই.এ.এচ./আই.পি.এচ. লমেই বুলি সাহসেৰে ভাবিব পাৰে ? তাৰ বাবে প্ৰয়োজনীয় হোৱা পঢ়া-শুনা, ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলৈ কিমান অসমীয়া লৰা-ছোৱালী ৰেডী থাকে ? কিমান অসমীয়া পিতৃ-মাতৃ আৰু শিক্ষক আছে যি নিজৰ সন্তানক আই.এ.এচ./আই.পি.এচ.ৰ ৰাস্তাটো দেখুৱাই দিব পাৰে ?
প্ৰথমতে অসমত প্ৰতিযোগিতাৰ, পঢ়া-শুনাৰ এটা পৰিবেশ সৃষ্টি কৰো আহক | একাদশ-দ্বাদশ শ্ৰেণীতে লৰা-ছোৱালীয়ে আই.এ.এচ./আই.পি.এচ.ৰ কথা জানি বুজি উঠা পৰিবেশ এটা সৃষ্টি কৰো আহক | টকা পইচাৰ অভাৱ নাই | আমি সকলোৱে লাগি ভাগি অ.ক.ব.ৰ উদ্যোগতে বহুত কিবা কিবি কৰি পেলাব পাৰো | দীঘলীয়া এটা কংক্ৰীট প্লেন তৈয়াৰ কৰি আগবাঢ়ি যাব পাৰো |

 

 

মুকুল পাঠক : হিম, গুৱাহাটী বিঃবিঃ সময়মতে পৰিক্ষাই পাতিব নোৱাৰে, ফলাফল দিব নোৱাৰে, ইপিনে ভাল নম্বৰো নিদিয়ে.. তাৰপৰা কি আশা কৰিবা ???? কাক দোষ দিবা…. অসমীয়া অধ্যাপক-অধ্যাপ্পিকাৰে ভৰি আছে সেইখন… আচলতে মানদিকতা সলনি কৰিব পৰাঅ এচাম নতুন মানুহ লাগে আমাক….

 

দেৱব্ৰত গগৈ : নিজে পৰোক্ষভাবে জড়িত আছো বাবে কও , গুৱাহাটী বিশ্ববিদ্যালয়ৰ এতিয়া বহু সম্ভাৱনা আছে । মথো কৰবাত দুই এটা কেনা লাগি আছে । বিশ্ববিদ্যালয়ৰ বহুকেইজন শিক্ষক বিশ্বমানৰ । ইয়াৰ ভিতৰত উপাচাৰ্য্য ডাঙৰীয়াও আছে । মোৰ দৃষ্টিত তেখেত এজন দেৱতুল্য মানুহ । ছাৰৰ পৰিবাৰও একেটা বিষয়ৰ শিক্ষক আৰু কেইটামান জটিল বিষয়ত গবেষণা কৰি আছে । বিশ্ববিদ্যালয়ৰ আন বহু শিক্ষক জটিল বিষয়ত গৱেষণাৰত । বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো এতিয়াও অটুত আছে । সকলোতকৈ ডাঙৰ কথা চৌহদটোত অসমীয়া অসমীয়া লগা পৰিৱেশটো আছে । সেইবাবে গৈয়েই ভাল লাগে । যিকৰিব লগা আছে গুৱাহাটী বিশ্ববিদ্যালয়ক লৈয়ে কৰিব পাৰি । মাথোন কোনোবা আগবাঢ়ি আহিব লাগে ।

 

উদ্দীপ তালুকদাৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসুবিধাবিলাক শিক্ষকতকৈ বেছি ছাত্ৰৰদ্বাৰাহে (মানে ৰাজনীতিত মূৰ সুমুৱাবলৈ চেষ্টা কৰি থকা ছাত্ৰসকলৰ) সৃষ্ট যেন লাগে। তেওঁলোকে আন বহুত কিবা-কিবি কথাত মাত মাতি থাকে, কিন্তু পৰীক্ষাৰ কাৰ্যসূচী, ৰিজাল্ট দিয়াৰ তাৰিখ আদিৰ দৰে কথাবোৰত মাত মাতিবলৈ সময় নাথাকে। এবাৰ কিজানি (ভালকৈ মনত নাই) বছৰৰ প্ৰথমতেই চব পৰীক্ষাৰ দিন নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণেই আন্দোলন হৈছিল।

 

সঞ্জীৱ পেগু : উত্তম কথা কলে হিমজ্যোতি তালুকদাৰ ডাঙৰীয়া য়োৱা বছৰৰ শেষৰফালে দিল্লীলৈ গৈছিলো লগৰ বন্ধু এজনক লগ কৰিবলৈ l মোৰ বন্ধুজনেও ভাৰতীয় প্ৰসাশনিক সেৱাৰ পৰীক্ষাৰ বাবে অসৰহ চেষটা আৰু কষট কৰি আছে l উত্তৰ দিল্লীত মূখাৰ্জীনগৰ বুলি ঠাই এখন আছে l বৰ ধুনীয়া ঠাই l `ধুনীয়া সেই কাৰনে কৈছো কাৰণ সেই খন ঠাইত থকা মানুহ বিলাকৰ চিন্তাধাৰা বহু উন্নত l সেই খণ ঠাইতে কেই খন মান ভাৰতীয় প্ৰসাশনিক সেৱাৰ পৰীক্ষাৰ বাবে আগশাৰীৰ প্ৰশিক্ষন কেন্দ্ৰ আছে l সেই গতিকে ভাৰতৰ বিভীন্ন ৰাজ্যৰ ল’ৰা-ছোৱালীবোৰে সেই কেইখন শিক্ষাকেন্দ্ৰতে প্ৰশিক্ষন গ্ৰহন কৰি আছে যাতে নিজৰ সপোন বাস্তৱলৈ পৰিণত কৰিৱ পাৰে l আমাৰ অসমৰো ভালেখিনি ল’ৰা-ছোৱালী আছে l তেওঁ লোকৰ চিন্তাধাৰা, ভাব, কথা-বতৰা বহুখিনি আগত l সচাই তেওঁলোকৰ লগত ভাব বিনিময় কৰি ভাল লাগে l সেইয়া দেশ বা ৰাজ্যৰ বা আন কিম্বা আন্তৰাষট্ৰীয় ৰাজনিতীয় হওক বা অৰ্থব্যৱস্থাই হওক ,ক’লা‌ সংস্কৃতী হওক বা আধুনিক ছবি জগতৰ লগত জড়িত সকলো বিষয়ে হওক বা আন কথা l সকলোতে তেওঁলোক পাকৈত আৰু পাৰ্গত l সেই ঠাইৰ স্থায়ী বাহিন্দা সকল ও বহুত ভাল মানুহ আৰু বেছ ভদ্ৰ লোক1 আছ্লতে তেওঁলোকে সেই খিনি ঠাইত এটা পৰিৱেশ গঠন কৰি তুলিচে l এটা সুন্দৰ পৰিবেশ্ 1 আমি সকলোৱে জানো যে দিল্লীআমাৰ অসমতকৈ কিমান উন্নত l কাৰো হাতত সময় নাই l অতিপাত যান্ত্ৰীকতাৰ জীৱন আৰু ব্যস্থ সমাজ, থতাপি তেওঁলোকৰ তাত তেনেকুৱা ঠাই আছে য’ত নেকি নিজৰ বৌদ্ধিক বিকাশ কৰিৱ পাৰি l তেন্তে আমাৰ অসমৰ নিচিনা জাগাত কিয় কৰিৱ নোৱৰি l এনেকোৱা এটা ঠাই বা স্থান কিয় আমি বনাৱ নোৱাৰো য্’ত আমাৰ অসমৰ ল’ৰা-ছোৱালীবোৰে উন্নত চিন্তাধাৰা কৰিব আৰু নিজকে গঢ় দিব পাৰে l অতীতৰ কটন মহাবিদ্যালয় চৌহদৰ পৰিবেশ আৰু আজিৰ পৰিবেশ কাগজে পত্ৰই পায়ে থাকো l থতাপি মহাবিদ্যালয় খনৰ ভিতৰত পৰিৱেশ অলপ আছে l কিন্তু যি দৰে সুৰাৰ বজাৰ এখন চলি আছে আমি আশা কৰিৱ পাৰো যে সেই পৰিৱেশ কিমান দিনলৈ থাকিব l লুইতৰ পাৰ জিলিকোৱা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ কথাও আজিকালি অলপ আছুতীয়া l এক অপৰিস্কাৰ ৰাজনিতীৰ কৱলত l গতিকে মই আশা কৰিছো এই বিসংগতিসমুহ অতি সোনকালে দুৰ হ’ব আৰু আমাৰ অসমতো মূখাৰ্জীনগৰৰ দৰে ঠাই এঢোখৰ উলাব l

 

হিমজ্যোতি তালুকদাৰ: এটা ধুনীয়া কেম্পাছে এখন শিক্ষানুষ্ঠান পোনপ্ৰথমে আকৰ্ষণীয় কৰি তোলে! বাকী ভিতৰৰ শৈক্ষিক গুনাগুন খিনি পাছত আহে। গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ মোৰ বহুতেই তিক্ত অভিজ্ঞতা আছে। বৰ্তমান ভিতৰত কি পৰিবেশ নাজানো। কিন্তু হাবি জংঘলবোৰ অলপ চাফা কৰি পৰিষ্কৰ কৰি ৰাখিবৰ হ’ল আৰু কেম্পাচটো।

 

দেৱব্ৰত গগৈ : আৰু মাথো কেইটামাহৰ অপেক্ষা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজেৰে যোৱা 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোলাহল আৰু পোৱা নাযাব । ইয়াৰ পাছৰ আমি বিশ্ববিদ্যালয়খনৰ চৌহদটো আগতকৈ ভাল , পৰিপাটী , শৃংখলাবদ্ধৰূপত দেখা পাম । হাবি জংঘল থকাতো ভাল , মাত্ৰ অলপ ধুনীয়াকৈ সজাই পৰাই ৰাখিব লাগে । মই আশাবাদী।

 

হিমজ্যোতি তালুকদাৰ:

দিল্লীৰ কিছুমান ঠাই ঘুৰি খুবেই ভাল লাগে। যেন মানুহে সেই ঠাইবোৰলৈ কেৱল পঢ়িবলৈহে আহে। কেইখনমান ঠাই আছে দিল্লীত, ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে দেহেকেহে পঢ়া শুনা কেইখনমান নিৰ্বাচিত ঠাই। তেনে ঠাইবোৰলৈ গৈয়ে মনটো ভাল লাগি যায়। চাৰিওফালে মাথোঁ বিভিন্ন বিষয়ৰ ওপৰত আলোচনাৰাজনীতি, অৰ্থনীতি, কলা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments