প্রসংগ: নিজৰ ভাষাটোত কথা কবলৈ লাজ পোৱা মানুহ

প্ৰতিম প্ৰতাপ বৰুৱা :

নিজৰ ভাষাটোত কথা কবলৈ লাজ পোৱা মানুহ দেখিছে ? মই দেখিছো | সকলোৰে সন্মুখতে নিলাজৰ দৰে কৈ দিয়ে – “মোৰ মান্নে অক্‌খমীয়াটো অলপ ৱিক আৰু |” তাৰ পিছত বেলেগ ধৰণৰ পজ এটা দি মুখখন বন্ধ কৰি থয় | এনেকুৱা এটা ব্যৱহাৰ কৰি  দেখুৱাব যেন নিজৰ মাতৃভাষাত কথা ক’লে ইজ্জত নাথাকিব | “অক্‌খমীয়া পঢ়িব নাজানো | লাৰ্ণ কৰা নহল |” – এই কথাষাৰ আজিকালি সহজলভ্য |এবাৰ এগৰাকী মহিলা পাইছিলো | “মোৰ মান্নে অক্‌খমীয়াটো অলপ ৱিক আৰু” টাইপৰ কথা এষাৰ কৈ  দিছিল | মই হঠাত্‍ সুধি দিলো – “আপুনি ক’ত পঢ়িছিল ?” উত্তৰ দিলে – “শ্বিলংৰ এডমাণ্ডচ্‌ত” | মই সুধিলো – “কেতিয়া পঢ়িছিল ? আমুকক চিনি পায়নে ?” থত্‌মত্‌ খাই উত্তৰ দিলে – “মান্নে মই ডিগবৈত পঢিছিলো | এডমাণ্ডচ্‌ত বি.এ. পঢ়িছিলো ” মোৰ মুখেদি ওলাই গ’ল – “আট্‌ছা আট্‌ছা, তিনিবছৰ শ্বিলংত বি.এ. পঢ়িলে তাৰ আগৰ ১৮ বছৰ ধৰি একেলেঠাৰীয়ে পঢ়ি থকা নিজৰ মাতৃভাষাটো পাহৰি যায়েই |” পেন্দোৱাকৈ চাইছিল | কিন্তু লাভ নাই | মোৰ নিচিনাটোক কোনে কি কৰিব পাৰে ?সেই সকলক মোৰ এটা চেলেঞ্জ দিবৰ মন যায় | নিজৰ পচণ্ডৰ এটা বিষয় নিজে বাচি লৈ তাৰ ওপৰত মাত্ৰ ১০ মিনিট সকলোৰে সন্মুখত ইংৰাজীত কথা কৈ দেখুৱাওকচোন | তেতিয়া মানিম | হাঁহি উঠা ভুল ইংৰাজী কৈ আনৰ হাঁহিয়াতৰ পাত্ৰ হয় | সেইটো খবৰ নাই | কিন্তু “মোৰ মান্নে অক্‌খমীয়াটো অলপ ৱিক আৰু” বুলি কৈ নিজকে বিৰাট কিবা এটা বুলি ভাবি লৈ বহি থাকে |খং উঠি যায় হে |

আফটাৰ হুছেইন চৌধুৰী : “মোৰ মান্নে অক্‌খমীয়াটো অলপ ৱিক আৰু |”“অক্‌খমীয়া পঢ়িব নাজানো | লাৰ্ণ কৰা নহল |” লাজ নলগা মানুহখিনিক লৈ আৰু নোৱাৰি৷

বিচিত্র বৰদলৈ : এই বেমাৰতো অকল অসমীয়া কেইটাৰ মাজতহে যেন পাও……….

দিগন্ত শইকীয়া : ‎” “মোৰ মান্নে অক্‌খমীয়াটো অলপ ৱিক আৰু |” তাৰ পিছত বেলেগ ধৰণৰ পজ এটা দি মুখখন বন্ধ কৰি থয়………”    …..হা: হা: হা: … ল’ৰাৰ মাজত নাই নেকি ? আছে জানো !?!

দিপুল হালৈ  : অসমীয়া হৈ অসমীয়া কবলৈ লাজ পোৱাটো- ১) লাজৰ কথা, ২) ভাবিবলগীয়া কথা | ঘৰত বাৰু এই অসমীয়া সকলে খাওতে শোৱতে কি ভাষাত কথা পাতে ? ” আমাৰ এই অসমীয়া নাজানে নহয় | ”- এটা নিৰ্লজ্জ অসমীয়া বাক্য |

সত্যব্রত শৰ্মা : আপোনাৰ কথাত মইও সম্পুৰ্ণভাবে এক মত..    এই বোৰ দেখিলে মোৰ গাটো একেবাৰে বিছাই দকাই দি দাকে…    কিন্ত এই হব্য গব্য সমাজৰ লোক সকলে কি বুজিব নাৰিকলৰ মোল
“অবুজনক বুজোৱা ধেউৰা থাৰি সিজোৱা” প্ৰায় একে কথা..

বিদুল বৰুৱা : সঁচা কথা এটা কৈছে।

নিতুল বৰা   :  ঘৰ-চিৰিকা চাইটোৱে এবাৰ ভাবিলে যে বগীয়ে ইমান দীঘল দীঘল খোজ দিব পাৰে, মইও দিব পাৰো নেকি চাওঁ ৰহ, এইবুলি বগলীক অনুকৰণ কৰি কৰি ভাগৰি পৰিলগৈ, কত পাৰে তাৰ সেই একআঙুল সমান ঠেং কেইটাই বগলীৰ লগত ফেৰ  মাৰিব, শেষত গৈ বগলীৰ খোজটোও সৰ্ম্পূনকৈ আহৰণ কৰিব নোৱাৰিলে আৰু নিজৰ অৰিজিনেলটোও পাহৰি থাকিল। সেয়েহে ঘৰ-চিৰিকা চাৰায়ে জপিয়াই জপিয়াই যায়। ঠিক তেনেকুৱাই হৈছে আমাৰ অসমীয়া মখাই নিজৰটো ভালকৈ নিশিকি    আনৰ ধঙত চলিবলৈ গৈ আনৰটোও নোৱাৰে আৰু নিজৰটোও নোৱাৰেগৈ। মৰ্ডান দেখুৱাব বিচাৰে। আকৌ এদিন আমাৰ চহৰৰে মানুহ এঘৰলৈ গৈছিলো, কেইবছৰ মানৰ আগতে ঘৰৰ গৰাকীক বিহুৰ আনুষ্ঠানলৈ নিমন্ত্ৰন জনাবলৈ। কেইবছৰ মানৰ  আগতে গাঁৱৰ পৰা উঠি আহি মাটি কিনি চহৰত থাকিবলৈ লৈছে তেওঁলোকে।বাহিৰত থকা মতাঘন্টাটো বজাই দিয়াত ভিতৰৰ পৰা ডাঙৰ ছোৱালী জনী ওলাই আহি সুধিলে, কাক বিচাৰিছে, বোলে দেউতা আছে ৰব, কি বুলি কম দেউতাক, আমি             বোলো বিহুৰ বাবে নিমন্ত্ৰন জনাবলৈ আমি আহিছো বুলি কোৱাগৈ, লগে লগে ছোৱালী জনীয়ে কলে ইছ বিহু বৰ বেয়া পাওঁ দেই, ছ বৰিং, মোৰ খঙে চুলিৰ আগপাইচিলগৈ, দিও নেকি কাণতলীয়া এপাত, তেনেতে লগৰ মখাই কলে বাদ দে, লোকৰ  ঘৰৰ ভিতৰত এইবোৰ শুভা নাপায় অ। কোনোমতে নিজকে সংযত কৰিব ৰাখিলো। এয়া এচাম মৰ্ডান অসমীয়া।

ৰাজু সোনোৱাল  : গঙাটোপ নে ঘনচিৰিকা !

ধ্ৰুৱজ্যোতি শৰ্ম্মা : ইংৰাজীত লেকচাৰ দিবলৈ দিলে কব আকৌ ” মোৰ এইংলেইছটো ইম্যান ষ্ট্ৰং নহ্যয় আক্যেউ ”

ধনজিত কলিতা : ঢোবি কা কুট্টা ; না ঘৰ কা না ঘাট কা 😉

দ্বীজেন মহন্ত :  প্ৰতিম প্ৰতাপ বৰুৱা , মই পৰা হেতেন এতিয়াই তোমাৰ চুমা এটা খালো হেতেন।একদম ১০০% খাটি কথা লিখিলা।

নৱদ্বীপ বৰুৱা : ডেইলী ডেইলী খাৰ খাব পোৱা নাই টো, সেইকাৰণে এনে হৈছে ! খাৰ চাপ্লাই এজেন্সী এটা খুলিব লাগিব !

চাও দীপাঙ্কৰ বৰুৱা  : মোৰ নিজৰ সৰু অভিজ্ঞতা এটা ইয়াতে যোগ দিব খুজিছো । এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে মাহেকে-পষেকে বিভিন্ন প্ৰশিক্ষণ লৈ থাকিবলগীয়া হয়। দুমাহমানৰ আগতে তেনে এটা প্ৰশিক্ষণতে এজন বিষয়াক লগ পালো। ফুকন উপাধিধাৰী বিষয়াজনে অতি গৌৰৱেৰে বাৰেপাচি ভুল শব্দৰে আমাৰ আগত ঘোষণা কৰিলে যে তেওঁৰ হেনো অসমীয়া weak(!) তেওঁৰ পুত্ৰইহে হেনো তেওঁৰ বানান শুধৰাই দিয়ে। আটাইতকৈ আচৰিত কথা যে আমি লোৱা প্ৰশিক্ষণটো আছিল  প্ৰাক-প্ৰাথমিক স্তৰত শিশুক কেনেদৰে শিক্ষা দিব লাগে। যিটো স্তৰ ভাষা শিকাৰ প্ৰাথমিক স্তৰ তেনে স্তৰত এনে বিষয়া আছে যিয়ে নিজ মাতৃভাষা নাজানে।সকলোতকৈ সৰু হিচাপে সেইদিনাখনা সহ্য কৰি মনে মনে থাকিলো যদিও দ্বিতীয় দিনাখন সহ্য কৰিব নোৱাৰি অলপ টানকৈয়ে কেইষাৰমান কথা ক’লো।

সতীশ দাস : আজি কালি “মই অসমীয়া ভালকৈ লিখিব আৰু ক’ব নাজানো” বুলি কোৱাটো এটা আভিজাত্যত পৰিণত হৈছে ।

জ্যোতি প্রকাশ নাথ : মোক যিয়ে এনেকৈ কয় তাকে উত্তৰ দিও “SO SAD NA, U MUST HAVE SOME KNOWLEDGE OF YOUR OWN LANGUAGE, AFTER ALL YOU THINK IN ASSAMESE NA.”

সিদ্ধাৰ্থ শঙ্কৰ দাস : ভাষাৰ কথাহে কৈছেনে ডাঙৰীয়া , এইখন অসমৰ এনেকুৱাও মানুহ আছে যি য়ে নিজৰ মাক বাপেকক মাক বাপেক বুলি চিনাকি নিদিয়ে , কিয়নো সাজপোচাকেৰে দেখাত তেওলোক হোজা ! লাগিলে এই জাতৰ মানুহে বিনা মাক বাপেকে জন্মা বুলি ক’ব , কিন্তু হোজা মাক বাপেকক নিজৰ মাক বাপেক বুলি চিনাকি কৰি নিদিয়ে !

অভিজিত কলিতা : মোৰ এচমিজ বৈদ্য ৱিক- ইংৰাজীও তথৈবচ..হিন্দী ক’লেও দুনীয়াই হাঁহে..কাপোৰ কানি ..ফ্লেট..গাড়ী..লৰা-ছোৱালীৰ কাৰণে নামী দামী স্কুল, তাৰ বাদে মই একো ভাৱি পোৱা নাই জীৱনত। মৰাক মাৰি দুপইচা বেছিকে ঘটা মোৰ হবি…দুখে সুখে পানীটোপা টেতুৰ গুৰিলৈকে মাৰি চিৎভোলোঙা খাই পৰি থাকি মই নিজেক সভ্য( চিভিলাইজড??) বুলি প্ৰমাণ কৰিব চেষ্টা কৰোঁ। আৰু এসময়ত যেতিয়া থেৰু চিগে, তেতিয়া?? এটা কথা..এইসোপাৰ কথা পাতি লাভ নাই।।কিয়নো ইহত নিজেই খুব  অশান্তিত আছে..ভাল কথাবোৰ চিন্তা কৰক..কিমান ভাল কাম হৈ আছে..তেওলোকৰ কথা ভাৱিব লাগে আৰু আগবাঢ়ি যাব লাগে। যিদিনা অসমীয়াক আমি বিশ্বত নিজকে সগৌৰৱে প্ৰতিস্থা কৰিব পাৰিম, তেতিয়া এই জাবৰ সোপাই নিজৰ ল’ৰা ছোৱালীক অসমীয়া শিকাবলৈ উথপথপ লগাব। আৰু এই কাম হবই..নতুন প্ৰজন্মৰ কেইজন মান উৎসাহ আৰু প্ৰতিভা দেখি মোৰ বিশ্বাস হৈছে।

———————–****————————–

“নিভাঁজ অসমীয়া ভাষাৰে কথা লিখিবা
নিভাঁজ অসমীয়া সাজপাৰ পিন্ধিবা
অনাহকত বিদেশীক অনুকৰণ নকৰিবা।” লক্ষ্মীনাথ বেজবৰুৱা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক