প্রসংগ: সাম্প্রতিক সময়ত অসমীয়া চলচিত্র উদ্যোগ

প্রসংগ: সাম্প্রতিক সময়ত অসমীয়া চলচিত্র উদ্যোগ

প্রাণদীপ দত্ত:

স্বাধীনোত্তৰ কালৰ আগতেই অসমীয়া ছবিৰ জগতখনত জয়মতী নামৰ বোলছবি খনৰ আত্মপ্ৰকাশ ঘটে… নব্বৈ দশকত অসমীয়া ছবিৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছিল যে সেই সময়ত আৰ্থিক অৱস্থা স্বচ্ছল নোহোৱাৰ পিছতো গাঁৱৰ পৰা বাছ ভাৰা কৰি গাঁঠিৰ ধন ভাঙিও অসমীয়া ছবি চাবলৈ দৰ্শক আহিছিল… কিন্তু বর্তমান সময়ত প্ৰায় সকলো মানুহেই আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ পিছতো অসমীয়া বোলছবি চাবলৈ দৰ্শক নাযায় বুলিব পাৰি…এই ছবিজগতখনক জীয়াই ৰাখিব পৰাকৈ অসমীয়া ছবি দৰ্শন কৰা মানুহৰ অভাৱ… অভিনয়ক পেছা বা বৃত্তি হিচাপে বর্তমান সময়ত গ্ৰহণ কৰিব নোৱাৰি নেকি ? চিনেমা হলবোৰ এতিয়া গুদাম ঘৰ হ’ল… অসমীয়া অভিনেতা-অভিনেত্ৰীবোৰ দেখোন চি ডি কৰিবলগীয়া অৱস্থা হ’ল তেনেহ’লে আমি নিপন গোস্বামী, তপন দাস, আব্দুল মজিদ, চেতনা দাস, মৃদুলা বৰুৰাৰ দৰে বলিষ্ঠ অভিনেতা অসমত অনাগত দিনত নাপাম নেকি ?


দেৱৰাজ কেওঁট:
মই ভাবোঁ,ইয়াৰ কিছু কাৰণ হৈছে নিম্নগামী মানদণ্ড, নৱাগত অভিনেতা-অভিনেত্রীৰ অভিনয়ৰ শাস্ত্রীয় শিক্ষাৰ দিশত অধ্যাৱসায়ৰ অভাৱৰ লগতে পশ্চিমীয়া অপসংস্কৃতিৰ অন্ধ অনুকৰণ, অসমীয়াৰ স্বার্থত কিছু টকাৰ risk ল’ব বিচৰা প্রয়োজকৰ অভাৱ ইত্যাদি। লগতে ভূতৰ ওপৰত দানৱৰ দৰে পাইৰেচীও এটা প্রধান কাৰণ।

প্রতীম প্রতাপ বৰুৱা:
অসমীয়া বোলছবি জগতত এটা ৰিভ’লিউশ্যনৰ প্রয়োজন আছে।

দিগন্ত শইকীয়া:
মই ভাবোঁ বলিষ্ঠ স্ক্রিপ্ট নহ’লেও কাৰিকৰীভাৱে উন্নত দৃশ্যই উপস্থাপন/সম্পাদনা/সংলাপ/ফেক্ট আৰু সচাৰচৰ দৈনন্দিন জীৱনৰ মানুহৰ মনটোৰ মাজত সোমাব পাৰিলেই মানুহ চিনেমা হললৈ দৌৰিব। মানুহক জোৰ কৰি ভিক্ষা কৰি আনিব নোৱাৰি।
***নতুন প্রজন্মৰ বাবে হাইটেক ইংৰাজী ছবিবোৰৰ পৰা ধাৰণা এটা ল’ব পাৰি। আচলতে অসমীয়া ছবিবোৰে (দুই-এখনক বাদ দি) আমাৰ মনৰ কোঠালিটোৰ ঠাই বহুখিনি পূৰণ কৰিব নোৱাৰিলে, নতুন প্রজন্মৰ ক্ষেত্রত সেইটো বেছি প্রত্যাহ্বান হৈ পৰিছে।
***অতি অভিজ্ঞ মানুহৰ টীমৱর্ক- যিটোৰ বোলছবি এখন নির্মাণ কৰাত অতি প্রয়োজন হয়।

মনোহৰ দত্ত:
জ্যোতি প্রসাদৰ পৰা আজিৰ সময়লৈ অসমীয়া চিনেমাই নানান অসুবিধাৰ মাজেৰে নিজৰ জয়যাত্রা অটুঁট ৰাখিছে যদিও অসমীয়া চিনেমাৰ বর্তমান খুবেই হতাশাজনক! চিনেমা নির্মাতাসকল সংকটত পৰিছে। এই সংকট বুলিলে তলৰ বিষয়কেইটা মনলৈ আহে:

১) উপযুক্ত আৰু পর্যাপ্ত চিনেমা হলৰ অভাৱ
২) সাম্প্রতিক বিদ্যুতনিক মাধ্যমৰ সৈতে ইয়াৰ প্রতিযোগিতা
৩) সময় উপযোগী কাহিনী নির্বাচনৰ সমস্যা
৪) বিনিয়োগৰ সমস্যা

উদ্দীপ তালুকদাৰ:
অন্ধ অনুকৰণ কৰাৰ প্রৱণতাটো বিদায় জনাব লাগে।

হিমজ্যোতি তালুকদাৰ:
অসমত প্রয়োজকৰ অভাৱ নাই, কিন্তু প্রয়োজক এজনে যেতিয়া কথাছবিৰ মৌলিক জ্ঞান অবিহনে পৰিচালক এজনৰ ৰূপ ধাৰণ কৰে তেতিয়াই আৰম্ভ হয় অসমীয়া কথাছবিৰ শ্মশান যাত্রা। তদুপৰি, কেইগৰাকীমান পৰিচালকটো নামতহে পৰিচালক। তেওঁলোকৰ চিনেমা চালে টোপনি ধৰে। মানুহে টোপনিয়াবলৈ আৰু ইমান টকা খৰচ কৰি চিনেমা হললৈ কিয় যাব?

অসমত টকা-পইচা, প্রয়োজক, পৰিচালকৰ অভাৱ নাই। মাথোঁ অভাৱ Professionalism বোলা বস্তুটোৰ। “এহ চলি যাব আৰু এনেকৈয়ে”মানসিকতাৰে কেতিয়াও  চিনেমা নির্মাণ কৰিব নোৱাৰি। আৰু কাহিনীৰো অভাৱ নাই। ইমানবোৰ কালজয়ী অসমীয়া গল্প থাকোতে কাহিনী বিচাৰি নোপোৱাটোহে আচৰিত!

মিনি চিনেমা হল লাগে বুলি সকলোৱে কয়, কিন্তু তাত দেখুৱাবলৈ ভাল অসমীয়া চিনেমা ক’ত? গুৱাহাটীত যে আন্তঃৰাষ্ট্রীয় কথাছবি প্রদর্শনীবোৰ অনুষ্ঠিত হয়, চিনেমাৰ লগত জড়িত কিমান মানুহ তালৈ চাবলৈ আহে? ‘মই বৰ’ স্বভাৱটো এৰিবৰ হ’ল পৰিচালক-প্রয়োজকসকলে। তেওঁলিকৰ ঘৰত ডি.টি.এইচ. সেৱা নাই নেকি? যদি আছে তাত World Movies, NDTV Lumiere এইবোৰ চেনেল নধৰে নেকি? আৰু যদি ধৰে তাত চিনেমাবোৰ কেতিয়াবা চাইনে এওঁলোকে? দহ-এঘাৰ বছৰ ধৰি গৱেষণা কৰি(!) শ্রীমন্ত শংকৰদেৱৰ দৰে চিনেমাহে নির্মাণ কৰা হয় অসমত। ধিক্!

বিনিয়োগৰ সিমান সমস্যা নাই আজিকালি। এন.এফ.দি.চি. ৰাজ্যিক চলচিত্র নিগম আদি আছে আর্থিকভাৱে সহায় কৰিবলৈ। আৰু এটা কথা Business=Risk প্রয়োজকৰ আত্মবিশ্বাস থাকিব লাগিব ভাল চিনেমা নির্মাণ কৰিম আৰু লাভো হ’ব। জোৰা টাপলি মাৰি চিনেমা কেতিয়াও সফল নহয়। ভাল চিনেমা এখন ৰাইজে কিয় আদৰি নল’ব?
অসমীয়া চিনেমাই মুখ থেকেচা খোৱাৰ অন্য এটা কাৰণ হৈছে প্রয়োজকৰ অহেতুক হস্তক্ষেপ। এগৰাকী পৰিচালকৰ স্বতন্ত্র অধিকাৰ থাকিব লাগে চিনেমা এখন নির্মাণ কৰাত। কিন্তু বেছিভাগতে দেখা যায় প্রয়োজকজনেই শেষত পৰিচালকৰ ৰূপত অৱতীর্ণ হয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক