প্রার্থী (চন্দ্ৰমা কলিতা)

প্রার্থী     (চন্দ্ৰমা কলিতা)

বেংকৰ চাকৰি এটাৰ লিখিত পৰীক্ষা এটাতে তাইক লগ পাইছিল সি। বগাকৈ ধুনীয়া ছোৱালীজনীয়ে তাৰ লগত একেখন বেঞ্চতে বহি পৰীক্ষা দিছিল। পৰীক্ষা আৰম্ভ হোৱাৰ ঠিক আগলৈকে কিবা গাইডবুক এখনত অস্থিৰভাৱে চকু ফুৰাই থকা ছোৱালীজনীক বৰ মৰম লাগি গৈছিল তাৰ। “প্রথমবাৰ দিবা?” ইতিমধ্যে কেইবাটাও এনে পৰীক্ষা দি প্রায় অভ্যস্ত হোৱা সি হাঁহি এটাৰে সুধিছিল তাইক।
“অ’ ”, সৰু উত্তৰ এটা আহিছিল।
সেইদিনা বিকাশৰ পৰীক্ষা ভাল হৈছিল। তিনিবছৰ আগতে বিশ্ববিদ্যালয়ৰ পৰা শেষ পৰীক্ষাটো দি ওলাই আহি ভুলটো আৰু একো পৰীক্ষাত নবহো বুলি পণ কৰা বিকাশৰ বুকুত আশা এটাই পোহৰ অকণ বিলায়। এইবাৰ সি কিজানি চাকৰি এটা পাই যাব। কলমটো আৰু এডমিট কার্ডখন পকেটত ভৰাই সি তাইক সুধিছিল, ”কেনে হ’ল?”।
“নাজানো কি হ’ল।দেউতাই দিব কোৱা বাবেহে দি চালোঁ। কি বা হয়।”  অকণমান হাঁহি কৈছিল তাই। গুলপীয়া দোপাত্তাখন ঠিক-ঠাক কৰি তাই যাব লৈছিল।
“যোৱা তেন্তে।” সি কোৱা কথাষাৰ নুশুনাকৈয়ে তাই ওলাই গৈছিল আৰু তাৰ মুগ্ধ দৃষ্টিক আওকাণ কৰি সন্মুখৰ চিনাকী ৰাজপথত লাহে লাহে হেৰাই গৈছিল অচিনাকী ছোৱালীজনীৰ গুলপীয়া দোপাত্তাখন।
তাৰপাছৰ দিনকেইটা বিকাশে দি অহা পৰীক্ষাটোৰ ৰিজাল্টৰ অপেক্ষাত কটালে। দৈনন্দিন কামবোৰৰ আড়স্ততাৰ মাজে মাজেও তাৰ মনলৈ সেইদিনা দেখা ছোৱালীজনীৰ ধুনীয়া মুখখন আহি থাকিল। ক’ৰ ছোৱালী, কাৰ ছোৱালী, কি পঢ়ি আছে, তাতকৈ কিমান সৰু ইত্যাদি এশ এটা প্রশ্নৰ মাজত নিজকে আৱদ্ধ কৰি কৰি সি কিবা অজানা সুখত মজি থাকিল। “দোস্ত,তই অচিনাকী ছোৱালীজনীৰ প্রেমত পৰিলি। নিজক চম্ভালি ল। এইবোৰ ছোৱালী আমাৰ দৰে বেকাৰৰ ভাগ্যত নাই।“ তাৰ অৱস্থা দেখি লগৰ অংকুৰে কয়। বিকাশে একো ক’ব নোৱাৰা হয়। কোৱাৰ উপায় নাথাকে। অংকত চোকা বুলি বন্ধুমহলত খ্যাত বিকাশৰ হিচাপবোৰ নিমিলে।
বিশ দিনমানৰ পাছত বিকাশলৈ এটা ই-মেইল আহিল। বেংকৰ লিখিত পৰীক্ষাটোত সি পাছ কৰিছে। এতিয়া এসপ্তাহ পাছত হ’বলগীয়া মৌখিক সাক্ষাৎকাৰলৈ তাক বাছনি কৰা হৈছে। আনন্দত যেন সি নাচিহে উঠিব তেনে লাগিল বিকাশৰ। কিজানি এইবাৰ সি চাকৰিটো পাই যাব।
“সাক্ষাৎকাৰটোহে,পাৰিব সি।“ মনে মনে সি ভাবিলে। বিকাশৰ অংকুৰহঁতক কৈ দিবলৈ মন গ’ল, ”চাকৰিটো যদি পাই যাওঁ তাইক বিচাৰি উলিয়াই কৈ দিম ভালপাওঁ বুলি। ভাল ঘৰৰ শিক্ষিত আৰু ভাল ল’ৰা মই। চাকৰি এটা হোৱাৰ পাছত তাই মোক বিয়া নকৰোৱাৰ কথাই নাই।“
সাক্ষাৎকাৰৰ দিনা বেংকৰ অফিচত উপস্থিত হৈ বিকাশৰ চিন্তিত মুখখনেৰে আনন্দৰ ঢৌ এটি বাগৰি গ’ল। সেয়া তাৰপৰা অকণমান আঁতৰৰ চকী এখনত তাই বহি আছে। তাই মানে, ইমানদিনে তাৰ মন আৰু মগজু আছন্ন কৰি থোৱা সেই অচিনাকী ছোৱালীজনী। “তুমি কম নোহোৱা দেই। এদিনৰ দেখাতে মোৰ মনটোতো কাঢ়িলাই, এতিয়া দেখিছো বেংকৰ চাকৰিও লৈহে তত্ পাবা।“ বিকাশে মনতেই যেন তাইক ক’লে।
তাইলৈ চাই থাকোতেই তাৰ তাইৰ চকুৱে চকুৱে পৰিল। কবিতা কবিতা যেন লগা এযোৰ ধুনীয়া চকুৰ অধিকাৰী তাই। নিজে ক’ব নোৱাৰাকৈইয়ে সি আগবাঢ়ি গৈ তাইক মাত লগালে,”হাই! চিনি পাইছা মোক? তোমাৰ লগত একেলগে এইটো বেংকৰ পৰীক্ষা দিছিলো।“
হঠাৎ গৈ এনেদৰে তাইক মতা বাবে অলপ উচপ্ খোৱাৰ দৰে হৈ তাই প্রথমে অলপপৰ একো ক’ব নোৱাৰিলে। তাৰপাছত ধুনীয়া চকু দুটি নচুৱাই তাই কৈ উঠিল, ”অ’ মনত পৰিছে। আপোনাক দেখি চিনি পোৱা নাছিলো। বহুত দিন হ’ল যে, পাহৰিয়ে থাকিলো। এতিয়া মনত পৰিছে। ইমান ভাল সংযোগ নহয়নে? একেলগে পৰীক্ষা দিয়াৰ পাছত এতিয়া একেলগে মৌখিক সাক্ষাৎকাৰ দিব আহিছোঁ। এতিয়া আমি দুয়ো চাকৰিটোও পাই গ’লে আৰু ভাল হ’ব নহয়নে?“ তাই হাঁহি হাঁহি ক’লে। হাঁহিলে তাইক ধুনীয়া দেখি।
“তোমাক এনেদৰে আকৌ লগ পাম বুলি ভবাই নাছিলোঁ। সেইদিনাটো পাছ কৰিলো, আজি বা কি হয়।“ মনৰ মাজত ঢৌ খেলিব ধৰা প্রেমৰ সাগৰখনক কোনোমতে চম্ভালি বিকাশে ক’লে।
দুয়ো দুই এটা কথা পাতিলে। তাই কথাই কথাই হাঁহে। বিকাশে মন কৰিলে। বিকাশ যেন আকৌ এবাৰ তাইৰ প্রেমত পৰিল। কিছু সময় পাছত বিকাশৰ সাক্ষাৎকাৰৰ পাল পৰিল। তাৰ মৌখিক সাক্ষাৎকাৰটো খুব ভাল হ’ল। ছোৱালীজনীক আকৌ এবাৰ লগ পোৱাৰ আনন্দতে সি মুকলি মনেৰে সকলো প্রশ্নৰ উত্তৰ দি গ’ল। অৱশেষত এজন সাক্ষাৎগ্রহণকাৰীয়ে নিজৰ মনৰ ভাৱ লুকুৱাব নোৱাৰি কৈয়ে পেলালে, ”তোমাক আমাৰ প্রতিস্থানৰ কর্মী হিচাপে পাই খুব ভাল লাগিব। আমাক জইন্ কৰিবলৈ সাজু হোৱা।“ নিজৰ ভাগ্যখনকে অবিশ্বাস কৰিব যেন লাগিল বিকাশৰ। তাৰ ভাগ্যোদয়ৰ কথা যেন একে উশাহতে ছোৱালীজনীক কৈ দিব এনে এটি ভাৱত বিকাশ হাঁহি মনেৰে বাহিৰলৈ ওলাই আহিল। ওলাই আহি সি দেখিলে ছোৱালীজনীৰ কাষত অলপ আগতে সি বহি থকা ছিটটোত অন্য ল’ৰা এটা বহি আছে।
বিকাশক দেখি তাই হাত বাউল দি তাক মাতিলে। “কেনে হ’ল ইন্টাৰভিউ?” তাই সুধিলে।
“ভাল হৈছে। চাকৰিটো পাম যেন লাগিছে। এওঁ কোন?” অলপ আগৰ উৎসাহটোৰ কথা পাহৰি বিকাশে তাইক সুধিলে।
“বঢ়িয়া কথা। অ’ এওঁ অনিল কাকতি। অহা মাহত এওঁৰ সৈতে মোৰ বিয়া। আজি পুৱা মোক ইয়াত থৈ তেওঁ কিবা কাম এটা কৰি আহিল। সেয়ে আপুনি লগ পোৱা নাছিল।“ তাই ক’লে।
ল’ৰাজনে বিকাশলৈ নিজৰ সোঁহাতখন আগবঢ়াই দিলে। বিকাশৰ মূৰত যেন আকাশখনহে সৰি পৰিল। কি কৰিব কি নকৰিব একো ধৰিব নোৱাৰি সি অকণমান সময় ঠৰ লাগি ছোৱালীজনী আৰু তাইৰ কাষত বহি থকা ল’ৰাজনলৈ চাই থাকিল। চাকৰিটোৰ আকাংক্ষাৰ লগতে সি ইমানদিনে বুকুত কাঁচৰ ঘৰ এটাহে যেন সাজি আছিল। এতিয়া তালৈ হাঁহিমুখে সোঁহাতখন আগবঢ়াই ৰৈ থকা ল’ৰাজনে সেই কাঁচৰ ঘৰটো এফালৰ পৰা ভাঙি নিব। বিকাশৰ বুকুখন বিষাই উঠিল। সি ল’ৰাজনলৈ তাৰ সোঁহাতখন আগবঢ়াই নিদিলে। কাৰোফালে নোচোঁৱাকৈ খৰ গতিৰে বিকাশ তাৰ পৰা ওলাই আহিল। বাহিৰৰ আলিবাটত খোজ পেলাইহে সি উশাহ ল’ব পাৰিলে। অংকত চোকা বিকাশৰ সকলো হিচাপ খেলিমেলি হৈ থাকিল।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments