প্রিয়জনৰ বিয়োগ আৰু শিশুৰ মানসিক পৰিবর্তন – ৰনজু শৰ্মা।

পোনপ্রথমে দুটি বাস্তৱ উদাহৰণ:…
ঘটনা ১:
আঠবছৰীয়া ল’ৰাটো অঞ্চলটোৰ ভিতৰতে উৎপতীয়া বুলি বিখ্যাত। বপুৰাৰ উৎপাতত লোকৰ বাৰীত লাম-লেটেকু বচাই ৰাখিবৰ উপায় নাই। ৰাতিপুৱাৰে পৰা গধূলিলৈকে অলৌ-টলৌ, পাত–পিত। ঘৰত ঠেং টিকিবৰে নাই।… সেয়াহে নে? কাৰ গৰুৰ পঘা খুলি কাৰ খেতি-খোলা উদং কৰে, কাৰ ছাগলি পোৱালী নি কাৰ পুখুৰীত পেলাই দিয়ে, তাৰো হিচাপ নাই। মুঠতে ধনটি মানেই গোটেই পাৰাটোৰ বাবেই প্রায় এক মূৰৰ কামোৰণি। পিছে আজি দুদিন ধৰি সেই ধনটি নিমাত, লগতে পাৰাটোও। দুদিন আগতে নেচনেল হাইৱেত তীব্রবেগী টাটা চুমো আৰু বাইকৰ মাজত হোৱা ভয়ংকৰ দূর্ঘটনাটোত বাইক আৰোহী দুয়োজনেই থিতাতে নিহত হয়। তাৰে এজন ধনটিৰ পিতায়েক। সেইদিনা ৰাতিপুৱাই সাউৎকৈ এঠাইলৈ গৈ আহোঁ বুলি মানুহজন যি ওলাই গ’ল, একেবাৰে সাঙীত উঠিহে উভতি আহিল। যাওঁতে কিবা এটা কথাত খং উঠি ধনটিক পিৰালীতে কাণত ধৰাই ঠিয় কৰাই থৈ গৈছিল। সকিয়াই গৈছিল হেনো ‘মই নহালৈ ইয়াৰে পৰা লৰ-চৰ নকৰিবি, মুখেৰেও নামাতিবি’। তাৰ ঠিক আধাঘন্টামান পিছৰে সেই ঘটনা। সেই যে পিতেকে কৈ গৈছিল মুখেৰে মাত বোল নকৰিবলৈ আজি পর্য্যন্ত ধনতিয়ে মাত বোল কৰা নাই । আনকি তাৰ মাকে আউলী-বাউলী হৈ হিয়া ধাকুৰি কন্দা সময়তো ধনটিৰ মুখেৰে এটাও মাত নোলাল, দেউতাকক সাঙীত উঠোৱাৰ সময়তো নোলাল,.. জ্বলা খৰিৰে মৃতদেহত মুখাগ্নি কৰাৰ সময়তো নোলাল।… মৰা দুখৰ  ওপৰিও এতিয়া আটাইৰে এটাই চিন্তা…‘হঠাৎ কি ল’ৰা কি যে হৈ গ’ল, যেনেকৈ হ’লেও কণমানি ল’ৰাটোৰ মুখেৰে মাতষাৰ উলিয়াব লাগিব’…..।
ঘটনা ২:
ঘটনাটো ঘটা আজি পাচঁদিন হ’ল। ঘৰখনৰ একমাত্র ল’ৰাটো বহুদিনীয়া বেমাৰত পৰি থাকি সেইদিনা হঠাতে ঢুকাই থাকিল। আলৈ-আথানিকৈ এৰি গ’ল বুঢ়ী মাক, কমবয়সীয়া ঘৈণীয়েক আৰু এটি পাঁচ বছৰীয়া পুতেকক। ঘৰখনৰ মূল মানুহটোৰ লগতে একমাত্র উপার্জনৰ উৎসটো হেৰুৱাই বুঢ়ী মাক আৰু ঘৈণীয়েকৰ অৱস্থাটো যে কেনেকুৱা হৈছে তাক দেখোঁতাজনেহে উপলব্ধি কৰিব পাৰে। জীয়াই থাকোতে বেমাৰৰ নামতেই সকলো উদং, এতিয়া মৰাৰ পিছত ঘৰত থকা তিনিটি প্রাণীৰ কি আলৈ-আথানি হ’ব, তাকে ভাৱি আটাইৰে হা-হুমুনিয়াহ।… চিন্তা আৰু শোকৰ চাকনৈয়াত ডুৱ গৈ মাক, ঘৈণীয়েক কোনো এজনৰ পেটলৈ আজি পাচঁদিন ধৰি একো এটা যোৱা নাই। খবৰ ল’বলৈ অহাবোৰে যিয়ে যেনেকৈ পাৰে বুজাই আছে, কোনোবাই কিবা প্রকাৰে সহায়ো কৰিছে।… এইবোৰৰ মাজতে পাঁচবছৰীয়া অকণমানি ল’ৰাটো খুৱ ব্যস্ততাৰে এবাৰ মাকৰ ওচৰলৈ, এবাৰ আইতাকৰ ওচৰলৈ গৈ তেওঁলোকৰৰ চকুপানী মচি মচি কৈ আছে “ দুখ নকৰিবা মা, দুখ নকৰিবা আইতা.. দেউতা নমোৰ ওচৰলৈহে গৈছে। তোমলোকে কন্দা দেখিলে দেউতাইও কান্দিব।.. দেউতা নাই কি হ’ল, মই আছোঁ নহয়, মই সদায় অফিচলৈ যাম, বজাৰ কৰিম, আৰু আমাৰ আধা বান্ধি থোৱা ঘৰটো পুৰাকৈ বান্ধি পেলাম। তেতিয়া দেউতাই মোক বিৰাট ভাল পাব ন’ মা?..”।…. খৱৰ ল’বলৈ যোৱা প্রত্যেকজন মানুহেই কান্দিছে, ল’ৰাটোৰ চকুত নপৰাকৈ কোনোবাই আচলেৰে, কোনোবাই ৰুমালেৰে মুখ ঢাকি কান্দিছে। মৃত মানুহজনতকৈও যেন অকালতে পৰিপক্ক হৈ যোৱা ল’ৰাটোলৈহে কান্দিছে।
 
মৃত্যু অৱধাৰিত। মৃত্যু অসহনীয়। মানুহৰ জীৱনত মৃত্যুতকৈ চৰম  সত্য চাগে আন একো নাই। আপোনজনৰ বিয়োগ সকলোৰে বাবে অকল্পনীয়, এক অনাকাংক্ষিত পৰিঘটনা। সি নিজৰ পিতৃ-মাতৃ, ভাতৃ-ভগ্নীয়েই হওক নাইবা আন কোনো বুকুৰ আপোনজনেই হওক।… যাৰ বিয়োগৰ কল্পনা মাত্র এক অসহনীয় অনুভুতি, বাস্তৱ জীৱনত যদি তেওঁৰ সতে সঁচাকৈয়ে বিচ্ছেদ হোৱা যায়, তাকো অকালতে তেতিয়া?…কেনে হ’ব পাৰে বাৰু সেই বিচ্ছেদৰ মানসিক যন্ত্রনা?….
ওপৰোক্ত দুইটি ঘটনা এশ শতাংশই সচাঁ, জীৱনৰ এক চৰম সত্যৰ ওপৰত উল্লেখিত দুইটি ঘটনাতে  আপোনজনৰ বিয়োগে শিশুকেইটিৰ মনৰ লগতে তেওঁলোকৰ স্বভাৱৰো পৰিৱর্তন ঘটোৱা দেখা গৈছে। বয়স আৰু ব্যক্তিভেদে শিশুৰ শোকৰ প্রতিক্রিয়া ভিন্ন হ’ব পাৰে। সাধাৰণতে দুবছৰমান বয়স নোহোৱালৈকে মৃত্যু সম্পর্কে শিশুৰ কোনো নির্দিষ্ট ধাৰণা নাথাকে। দুইৰ পৰা পাঁচ বছৰমানৰ ভিতৰৰ শিশুসকলৰ মানসিকতাত লাহে লাহে কিছু পৰিবর্তন অহা দেখা যায়। প্রিয়জনৰ মৃত্যুয়ে আনি দিয়া শূন্যতাক  এই সময়ত তেওঁলোকে বেলেগ বেলেগ দৃষ্টিভংগীৰে চাবলৈ শিকে। কিছুমানে ভগৱানক প্রার্থনা কৰিলে আঁতৰি যোৱাজন আকৌ উভতি আহিব বুলি ভাবে, কিছুমানে আকৌ কেতিয়াবা নিজকে  তেনে মৃত্যুৰ কাৰণ বুলিও ধৰি ল’ব পাৰে। বহুতে আকৌ মৃত্যুক লৈ নানা ধৰণৰ কল্পিত কাহিনীও সজা দেখা যায়। মোৰ বৰমাৰ মৃত্যুৰ সময়তো আমাৰ  চাৰিবছৰীয়া ল’ৰাটোৰ স্বভাৱৰ তেনে কিছুমান পৰিবর্তন চকুত পৰিছিল। গৃহস্থ্ই মেডিচিনেল কোম্পানী এটিত গৱেষণা কৰে। বৰমাৰ মৃত্যুৰ বহু পিছলৈ সি দেউতাকক খাটনি ধৰিছিল দেউতাকে যেন যিকোনো প্রকাৰে কিবা ঔষধ উলিয়াই তাৰ ডাঙৰ আইতাকক ওভোতাই আনে। কেইবাদিনলৈও তাৰ গভীৰ বিশ্বাস আছিল, দেউতাকে দিয়া ঔষধত তাৰ ডাঙৰ আইতাক নিশ্চয় ভাল হৈ উঠিব।
পাঁচ বছৰৰ  ওপৰৰ বয়সৰ শিশুৰ বুজন শক্তি যথেষ্ট  উন্নত হয়। বিশেষজ্ঞ সকলে কোৱা মতে আঠ বছৰ মানৰ পৰা শিশুৱে মৃত্যুক নিজে পর্য্যালোচনা কৰিবলৈ শিকে। এই বয়সত শিশুৱে মৃত্যুৰ পৰিণামো বুজি উঠে। যিহেতু তেওঁলোকে মৃত্যুক বুজি পোৱা হয়, এই বয়সত শিশুভেদে মৃত্যুৰ প্রতি তেওঁলোকৰ প্রতিক্রিয়াও ভিন্ন হয়। কিছুমানে একাকীকত্ব ভাল পোৱা হয়, বাহিৰৰ জগতখনৰ পৰা নিজকে সম্পূর্ণ আঁতৰাই ৰাখি নিজৰ মাজতে দুখ ৰোমন্থন কৰি থকা হয়। কিছুমানক আকৌ খুব বেছি জেদী নাইবা অসহিষ্ণু হোৱাও দেখা যায়। কিছুমানক আকৌ প্রিয়জনৰ মৃত্যুৱে কুমলীয়া বয়সতে অতি বেছি সাহসী আৰু দায়িত্বশীলো কৰি তোলে।
সান্তনা:…
এইখিনিতে  আন এটি সৰু ঘটনা উল্লেখ কৰিব বিচাৰিম। ছবছৰীয়া মামন দিনটোৰ প্রায় আটাইখিনি সময় তাইৰ নমিতা বায়েকৰ স’তে থাকিছিল। নমিতা আহিছিল মামনৰ জন্মৰ  ঠিক আগেয়ে, মাক আৰু মামনৰ আলপৈছান ধৰিবলৈ। মামনৰ মাক-দেউতাক দুয়োৰেই দিনটোৰ প্রায় বাৰঘন্টীয়ামানৰ কোম্পানীৰ চাকৰি, সেয়ে সঁচা অর্থত কৱলৈ গ’লে নমিতা মামনৰ বাবে সকলো। এটা সময় আহিল, যেতিয়া নমিতা মামনৰ উশাহতে সাঙোৰ খাই পৰিল। ঘৰে বাহিৰে নমিতা অবিহনে মামনে যে লৰচৰেই নকৰে। এদিন হঠাৎ এটি দুঃখবৰ আহিল। কেইবাদিনৰ পৰা ইটো-সিটো বেমাৰ লাগি থকা নমিতাৰ আচল ৰোগটো ব্লাড-কেঞ্চাৰ বুলি ধৰা পৰিল। নানা ধৰণৰ চিকিৎসাইও কাম নিদিলে আৰু অৱশেষত মাত্র কেইদিনমানৰ ভিতৰতে নমিতা মামনৰ জীৱণৰ পৰা নোহোৱা হ’ল। নমিতাৰ মৃত্যুৰ পিছত মামনৰ স্বভাৱত অস্বাভাৱিক পৰিৱর্তন হ’ল। সকলো সময়তে নমিতাৰ নাম লৈ থকা মামনে নমিতাৰ মৃত্যুৰ পিছত এদিনলৈও তাইৰ নাম নোলোৱা হ’ল। আনকি আনে নমিতাৰ বিষয়ে কিবা কিবি ক’লেও মামন সেই ঠাইৰ পৰা আঁতৰি যায়। লাহে লাহে মামনৰ স্বাস্থ্যৰ অৱনতি হৈ আহিবলৈ ধৰিলে, এটা সময়ত ডাক্তৰৰ পৰামর্শ মামনৰ বাবে অপৰিহার্য্য হৈ পৰিল।
প্রাপ্তবয়স্ক সকলতকৈ শিশুসকলৰ দুখ প্রকাশভংগী সম্পূর্ণ পৃথক। অন্তৰেৰে অনুভৱ কৰি থাকিলেও সাধাৰণতেই শিশুসকলে শোকৰ বহিঃপ্রকাশ কৰিবলৈ অসুবিধা পায়। শোকাকুল মনৰ অনুভৱবোৰ শব্দৰে নাইবা চকুপানীৰে বুজাই দিব পৰাকৈ মানসিকভাৱে পৰিপক্ব হৈ নুঠে। অপ্রকাশিত বেদনাৰ ভৰে কেতিয়াবা তেওঁলোকৰ শাৰিৰীক আৰু মানসিক অৱস্থাৰ পৰিবর্তন ঘটাবও পাৰে। তেনেকুৱা পৰিস্থিতিত শিশুসকলক পার্য্যমানে পৰিবেশটোৰ লগত সহজ কৰি দিবলৈ চেষ্টা কৰিব লাগে যাতে মনৰ ভিতৰত লুকুৱাই ৰখা শোকখিনি বাহিৰ কৰিবলৈ সুবিধা পায়।
শিশুৰ মন সাধাৰণতেই কৌতূহলী। সেয়েহে প্রিয়জনৰ বিচ্ছেদে তেওঁলোকৰ মনত নানা ধৰণৰ প্রশ্নৰ উদ্রেক কৰাটো স্বাভাৱিক। তেনে পৰিস্থিতিত আমি সাৱধনতা অৱলম্বন কৰাটো অতি প্রয়োজন। শিশুসকলে সদায়েই আক্ষৰিক অর্থ অনুধাৱন কৰে। সেয়েহে বয়স আৰু পৰিপক্বতাৰ ওপৰত ভিত্তি কৰিহে তেওলোকক দিয়া উত্তৰসমূহৰ ভাষা আৰু উদাহৰণ নির্বাচন কৰা উচিত। আমাৰ উত্তৰসমূহ যথাসম্ভৱ পোনপটীয়া হোৱাটোও আৱশ্যক। শিশুটিক বুজাবলৈ যাওতে ব্যৱহাৰ কৰা মানুহজন ‘সদায়ৰ বাবে শুই গ’ল’, ‘নোহোৱা হৈ গ’ল’ জাতীয় বাক্যসমূহ কম বয়সীয়া শিশু এটিৰ বাবে অকল্পনীয় পৰিঘটনা। কিয়নো মৃত্যুৰ পৰিণাম সম্পর্কে তেওঁলোকৰ কোনো ধাৰণা নাথাকে। এই কথাবোৰৰ আক্ষৰিক অর্থ অনুধাৱন কৰিবলৈ গৈ শিশুটি অযথা আতংকিত হৈ উঠা সম্ভাৱনাহে থকা দেখা যায়। এনে ক্ষেত্রত উত্তৰসমূহ যথাসম্ভৱ পোনপোটীয়া আৰু বাস্তৱিক হোৱাটো বাঞ্চনীয়।
মৃত্যুৰ পিছত আপোনজন আৰু কেতিয়াও উভতি আহিব নোৱাৰা নিষ্ঠুৰ সত্যবোৰ কুমলীয়া বয়সৰ অন্তৰ এখনৰ বাবে কেতিয়াও ভাবিব নোৱৰা এটি পৰিঘটনা, সেয়েহে উত্তৰ সমূহ কিছুসময়ৰ বাবে তেওঁলোকৰ গ্রহণযোগ্য নহ’বও পাৰে। এনে ক্ষেত্ৰত জেষ্ঠজনৰ ধৈর্য্য আৰু সহনশীলতা অপৰিহার্য্য।
বিচ্ছেদ হোৱা আপোনজনৰ ষ্মৃতিয়েই বহুক্ষেত্রত মহৌষধৰ কাম কৰা দেখা যায়। বিশেষকৈ যিবোৰ শিশুৱে শোকৰ বহিঃপ্রকাশ কৰিব নোৱাৰি  মানসিক অন্তর্দন্দত দহি থাকে তেনেবোৰ শিশুৰ ক্ষেত্রত  এই আলোচনাৰ অতি প্রয়োজন। প্রিয়জনৰ ভাল লগা কথা, ভাল লগা যিকোনো বিষয় বা ব্যৱহাৰৰ বিষয়ে কৰা আলোচনাই শিশুটিৰ মনত গোট মাৰি ধৰা শোকবোৰ গলাই বাহিৰ উলিয়াই অনাত সহায় কৰে। তেওঁলোকৰ মনত এটি বিশ্বাস জাগে যে আঁতৰি যোৱা প্রিয়জনৰ ভাল লগা ষ্মৃতিবোৰেৰেও তেওঁলোকৰ উপস্থিতি অনুভৱ কৰিব পাৰি।
শোকার্ত শিশু এটিক কেতিয়াও অকলশৰে থাকিবলৈ দিয়া উচিত নহয়। বহুতেই শিশুসকলক শোকাকূল পৰিবেশবোৰৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে যদিও বিশেষজ্ঞসকলৰ মতে সেই চৰম মুহূর্তবোৰত শিশুসকলক সদায়েই প্রক্রিয়াটোৰ অন্তর্ভুক্তহে হ’ব দিয়া উচিত। এনেবোৰ সৰু সৰু কথাই তেওঁলোকৰ মনত আত্মবিশ্বাসৰ জন্ম দিয়ে। শিশু এটিৰ বাবে পোনপ্রথমে তেনে পৰিবেশবোৰ আচহুৱা যেন লাগিলেও সেই অভিজ্ঞতাই ভৱিষ্যতে তেওলোকক নিজৰ মনৰ ভাৱ প্রকাশ কৰিবলৈ সুবিধা দিয়াৰ লগতে পৰিয়ালৰ মাজত এটি দৃঢ় সম্পর্ক গঢ়ি তোলাতো সহায় কৰে।
শিশুসকলক তেওঁলোকৰ মনৰ অনুভুতি যথাসম্ভৱ ব্যক্ত কৰিবলৈ অনুপ্রাণিত কৰাটোও অতি প্রয়োজন। প্রত্যেকটি শিশুৰে একোটি সুকীয়া ব্যক্তিত্ব থাকে। প্রত্যেকৰে শোক প্রকাশৰ ভংগীও পৃথক। এনেক্ষেত্ৰত আমি শিশুসকলৰ অনুভুতিক গুৰুত্ব সহকাৰে লৈ খুব সাৱধানতাৰে তেওঁলোকৰ ব্যৱহাৰিক পৰিবর্তন লক্ষ্য কৰা উচিত।
সান্তনা স্বয়ং এক অসম্পূর্ণ প্রক্রিয়া। প্রিয়জন নোহোৱা হোৱাৰ দুখ কি সেই কথা এজন ভুক্তভোগীয়েহে অনুধাৱন কৰিব পাৰে। তাৰোপৰি শিশু আৰু প্রাপ্তবয়স্ক ভেদে শোকৰ কোনো পৃথক সংজ্ঞা নাই।  আপোনজনক হেৰুওৱাৰ শোক কেতিয়াও নোহোৱা হৈ নাযায়, মাথো সময় আৰু পৰিস্থিতি সাপেক্ষে তাৰ স্বভাৱ আৰু গাঢ়তাৰ পৰিৱর্তন হয়। এই সুত্র এজন প্রাপ্তবয়স্কৰ ক্ষেত্রত যিমান  প্রযোজ্য , এজন শিশুৰ ক্ষেএতো সিমানেই সঁচা।  এনেক্ষেত্ৰত আমি এধানি মৰম, কিছু বুজাবুজি আৰু অকণ সাৱধানতা অৱলম্বন কৰি অপৈনত এটি কোমল মনক অনাকাংক্ষিত বাস্তৱ পৰিস্থিতিৰ স’তে যুজ দি মানসিক শান্তি  ঘূৰাই আনিবলৈ সহায় কৰিব পাৰোঁ।
****************************
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments