প্রিয় চৰাই কাউৰী : দিলীপ কুমাৰ বৰা

প্রিয় চৰাই কাউৰী

দিলীপ কুমাৰ বৰা

 

দেখিবলৈ ক’লা হ’লেও, মাতটো কর্কশ হ’লেও কাউৰীৰ কিছুমান অনুকৰণযোগ্য গুণৰ বাবে কাউৰী মোৰ প্রিয় চৰাই । সৰুতেই সাধু পঢ়িছিলোঁ, কেনেকৈ তৃষ্ণার্ত কাউৰী এটাই কলহৰ তলিত থকা পানী কাষৰে শিলগুটি বুটলি কলহত পেলাই পানী ওপৰলৈ আনি তৃষ্ণা নিবাৰণ কৰিছিল। সৰুতে কাউৰীৰ বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰা বহু সাধু পঢ়িছোঁ যদিও বয়স হৈ অহাৰ লগে লগে কাউৰীৰ অন্যান্য গুণসমূহো পর্যবেক্ষণ কৰি আচৰিত হৈছোঁ, অভিভূত হৈছোঁ ।
কাউৰী মানুহৰ দৰে স্বার্থপৰ বা আপোনপেটীয়া নহয়, আমাৰ পেলনীয়া খাদ্যবোৰ এজনী কাউৰীৰ দৃষ্টিগোচৰ হ’লেই হ’ল, কা-কাকৈ বাকী কাউৰী বিলাককো মাতি সকলোৱে মিলিজুলি ভোজন কৰিব, সেই খাদ্যসম্ভাৰ লৈ কঢ়া-আজোৰা নকৰে । আমি পেলোৱা গেলা-পঁচা খাই আমাৰ চৌকাষ পৰিষ্কাৰ কৰি ৰখাত কাউৰীৰ অৱদান অনস্বীকার্য। সিহঁতৰ প্রয়োজনো তেনেই সীমিত, আমাৰ সম্পূর্ণ বিপৰীত। সিহঁতে কেতিয়াবা ছোঁ মাৰি ঘৰৰে এমা-ডিমা কুকুৰা বা হাঁহ পোৱালি কেইটা লৈ যায়, সিহঁতৰ আৰু সিহঁতৰ পোৱালি কেইটাৰ পেটৰ তাড়নাত, জীয়াই থকাৰ তাগিদাত। কিন্তু আমি তেনে কৰোঁ, আনৰ ধন-চান কাঢ়োঁ বিলাসিতাৰ বাবে, সমাজত আমাৰ প্রতিপত্তি জাহিৰ কৰিবলৈ ।

কাউৰীৰ নিজৰ পোৱালিৰ প্রতি থকা অসীম মৰমৰ তুলনা নাই, আপুনি তাৰ পোৱালি থকা বাহৰ কাষেদি যাওক, আপুনি যদি সাৱধান নহয়, আপোনাৰ মূৰত এটা তীব্র খোঁট পৰাৰ পূর্ণ সম্ভাৱনা আছে। কাউৰীয়ে নিজৰ বাহটো সাজোতে কম কষ্ট নকৰে, ক’ৰ পৰানো কুকুৰাৰ পাখি, ঘাঁহ-বন, মহিলাৰ পেলনীয়া খোপা, চুলি, ৰচী, তাঁৰ, টুথ ব্রাচ্‌, বাঁহ, প্লাষ্টিকৰ টুকুৰা আদি গোটাই ভাবিলে আচৰিত লাগে, যেন এখন সৰু-সুৰা মনোহাৰী দোকানহে! আজিকালি পিছে কাউৰীয়ে তাঁৰহে বেছি পচন্দ কৰে, এবাৰ সাজি ল’লে বহুবাৰ পোৱালি জগাব পাৰি। ই কাউৰীৰ দূৰদর্শিতা আৰু বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰে। মানুহেহে সদ্যোজাত নিজ সন্তানক দাষ্টবিনলৈ নিক্ষেপ কৰিব পাৰে, কিন্তু কোনো কাউৰী বা আন চৰাই-চিৰিকতি বা জীৱ-জন্তুৱে তেনে নকৰে ।

কাউৰীৰ সময় সচেতনতা অতি প্রখৰ। কাউৰীয়ে কা কৰিলে আমি বুজি পাওঁ ৰাতি পুৱাল। আকৌ কাউৰী বাহত সোমালেই গধূলি হোৱাৰ উমান পাওঁ, ‘কাউৰী গ’ল গধূলি হ’ল, আমাৰো চাউল কঠা মুকলি হ’ল।’

কাউৰী চকু-কাণ মেলি থকা সদা জাগ্রত এক পক্ষী। ই বিপদৰ গোন্ধ আগতীয়াকৈ পায়। আমাৰ বাসস্থানৰ কাষলৈ আমাৰ অনিষ্ট কৰিব পৰা কোনো সৰীসৃপ জাতীয় বা আন কোনো প্রাণী আহিলে এজাক কাউৰীয়ে কা কা কৰি আমাক সাৱধান কৰি দিয়ে আৰু নিজেও ইবিলাকক খেদি দিয়াৰ চেষ্টা কৰে।

পৌৰাণিক শাস্ত্রমতে কাউৰীক শনি দেৱতাৰ বাহন বুলি বিশ্বাস কৰা হয়। সেইদেখি কাউৰীক খুৱালে শনি দেৱতাৰ লগতে আমাৰ পূর্বজ সকলো তুষ্ট হয় বুলি ভাৰতবর্ষৰ বহু ঠাইৰ লোকে নিয়মীয়াকৈ কাউৰীক খুউৱাৰ ব্যৱস্থা কৰে ।

কাউৰীৰ আটাইতকৈ আকর্ষণীয় গুণটো হ’ল ইয়াৰ একতা আৰু সংঘবদ্ধভাৱে যুঁজ দিয়াৰ মানসিকতা। কোনোবাই মাত্র এটা কাউৰী বধ কৰক, দেখিব শ শ কাউৰী আহি গোটেই এলেকাটোৱেই বেঢ়ি পেলাইছে। গোটেই দিনটো ভোকে-লঘোণে কা কাকৈ চিঞৰি এই হত্যাৰ প্রতিবাদ কৰাৰ লগতে সমনীয়াৰ মৃত্যুত শোকত ম্রিয়মান হৈ ৰ’ব। কাউৰীৰ এই ভ্রাতৃত্ববোধ আৰু প্রতিবাদ কৰাৰ স্বভাৱগত গুণৰ প্রতি আকৃষ্ট হৈয়ে বাংলাদেশৰ নির্বাসিত লেখিকা তচ্‌লিমা নাচৰিনে সগৌৰৱেৰে ঘোষণা কৰিব পাৰিছে, ‘মৰলে কাকেৰ মতো মৰা ভাল, অযুত নিযুত কাক উড়ে এসে প্রতিবাদ কৰবে মৃত্যুৰ।’ উগ্রপন্থীৰ গুলিত অকালতে মৃত্যুক সাৱতি লোৱা সুলেখক, অধ্যাপক প্রয়াত অনিল বৰুৱাই এঠাইত লিখিছিল- ‘আমি মৃতকৰ মুখখন চাইহে প্রতিবাদ কৰোঁ।’ সকলো নৰহত্যাকে আমি সমদৃষ্টিৰে নাচাওঁ। কিছুমান নৃশংস হত্যাকাণ্ডক আমি গৰিহণা দিওঁ, প্রতিবাদৰ মিচিল পর্য্যন্ত বাহিৰ কৰোঁ, আকৌ কিছুমানৰ ক্ষেত্রত আমি তেনে কৰাৰ তাড়নাকে অনুভৱ নকৰোঁ। আমি এই দিশত কাউৰীৰ সমকক্ষ কতিয়াবা হ’ব পাৰিম নে ?

কাউৰীৰ ক’লা বৰণ, খাৰাংখাচ কা-কা কণ্ঠস্বৰ কাৰোবাৰ ভাল নালাগিব পাৰে, কিন্তু তথাপি আমৃত্যু কাউৰীয়ে আমাক লগ দিয়ে, সুখৰ দিনৰ এমোকোৰা ভাত আমিও খাইছোঁ, এৰেহা ভাতৰ এগৰাহ আমাৰ চিনাকি কাউৰীয়েও খাইছে। দুখৰ দিনতো ই আমাৰ লগ কোনোদিনেই এৰা নাই। এনে পৰম বন্ধু কাউৰীক অলপ মৰমৰ চকুৰে চাওঁ আহক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments