প্রেজেঞ্চ অ’ব এন অশৰীৰি সত্বা (সুৰজিত নেওগ)

সুৰজিত নেওগ

আজিৰপৰা ডেৰ দশক মান আগৰ কথা,  Y2K জামানাৰ আগৰ ঘটনা। বৰ্তমান চাকৰিটোত  তেতিয়া সোমাইছোহে মাত্র যোৰহাটৰ ওচৰৰ চাহবাগিচা এখনত। ৰাষ্ট্রীয় ঘাইপথৰ পৰা কেইবাটাও বাটেৰে বাগিছাখনলৈ যাব পাৰি যদিও আটাইতকৈ চমুটোৰে গ’লে ১০ কি:মি: মান হয়। গাৱঁৰ মাজেৰে কেচা আলিবাট; মাজটো নাৱৰ নিচিনা। কোনোবা মান্ধাতা যুগত শিল-চিল আছিল যদিও সেইবোৰ তেতিয়া মাটিৰ তলত। মুঠতে খৰালি এটা  ওখোৰা-মোখোৰা ধুলিয়ৰি পথ। বছৰটোৰ জুন মাহমানলৈকে সেই পথটো ‘মটৰেব’ল’ হৈ থাকে; তাৰ পিছত কোনোবাই মৰসাহ কৰি গ’লেও লগত গাড়ী বোকাৰ পৰা উঠোৱাৰ সা-সৰঞ্জাম আদি নিব ল’গা হয়। বাৰিষা সেই বাটেৰে দুচকীয়া বাহনেৰে যাওঁতে  কেইবাবাৰো পৰি বোকাত লুতুৰি পুতুৰি হৈছিলো। ঠিক সেই বাটটো শেষ হওঁ নহওঁতেই  এটা এধলীয়া গঢ়া হৈ কালভাৰ্ট এটাৰ ওচৰত পথটো এশমিটাৰমান মসৃন হৈ পৰিছে  আৰু সেইবাবে তাতেই যান-বাহনবোৰৰ গতি অলপ বৃদ্ধি পাই যায় আপোনা-আপুনি। সেই বাটটো অতিক্রম কৰাৰ পিছত আকৌ ৩ কি:মি:মান বাগিচাৰ জয়াল পথ। 

সেই সময়ত বিয়া বাৰু নপতা ডাংবৰলা। গতিকে প্রায়ে শনিবাৰে ৰাতি (নৈশবাছত) ঘৰলৈ যাওঁ আৰু পুনৰ পিছ্দিনা মানে দেওবাৰে নিশা ঘূৰি আহি ঠিক ১১মান বজাত একে ঠাইতে নামি বাগিছালৈ বুলি বাট বুলো। গুৱাহাটিৰ পৰা উজনিৰ ফালে যোৱা  নৈশবাছবোৰ ৰাষ্ট্রীয় ঘাইপথৰ  সেই ঠাইটুকুৰা নিশা ১১ৰপৰা ১মান বজাত পাইছিল। ৰাষ্ট্রীয় ঘাইপথৰ সেই কেকুৰীটোতে লাহদৈগড় আৰক্ষীথানা। মোৰ (আৰু মোৰ সহকৰ্মী কেইবাজনে) দুচকীয়া বাহনখন আৰক্ষীথানাৰ নিশ্চিত  নিৰাপত্তাৰ মাজত এৰি থৈ এইদৰে নিয়্মীয়াকৈ নৈশবিহাৰ কৰি আছিলো। এৰাতি এইদৰে ঘৰৰপৰা আহি চাৰে এঘাৰ মান বজাত বাছৰ পৰা নামিলো। বাৰিষা কাল।  চিপচিপিয়া বৰষুনজাক আছিলেই। অৱশ্যে মই(আমি সকলোৱে) এনেধৰণৰ পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে প্রস্তুত আছিলোৱেই। মোৰ নতুন হামাৰা বাজাজ স্কুটাৰৰ ডিকিত এযোৰ হাৱাই চেণ্ডেল,  এটা ৰেইনক’ট, হেলমেট,  এটা টৰ্চ আদি প্রয়োজনীয় সামগ্রী সমুহ থাকেই। জোতাযোৰ খুলি চেণ্ডেল পিন্ধি ৰেইনক’টটো সুমুৱাই হেলমেটটো মূৰত লগাই চিনাকী আৰক্ষী কেইজনক মাত লগাই ১০কি:মি: বাট নৈশ এডভেঞ্চাৰৰ বাবে প্ৰস্তুত হ’লো। মনে মনে হিচাপ এটা কৰি চালো,  এক- দুই গীয়েৰত ভালে ভালে গৈ থাকিলে ৪৫ মিনিটমানত পাই যাম। মা-দেউতা আৰু প্রেয়্সীৰ (এতিয়াৰ পত্নী!!) মুখকেইখন মনত পেলাই যাত্রা আৰম্ভ কৰিলোঁ।
প্রথম আধা কি:মি: মান পকীপথ; তাৰ পিছতহে আচল জাৰ্নী… ঠিক কেচাৰাস্তাটোত  উঠিছো, স্কুটাৰৰ গীয়েৰ বদলি কৰি একনম্বৰলৈ আনিছো — খেতেক। কি হ’ল বুজি পাবলৈ চেষ্টা কৰোতে দেখিলো গীয়েৰটো বদলি নহয় দেখোন। লাগিল লেঠা। সুস্থিৰে চিন্তা কৰিবৰ বাবে বাটৰ কিনাৰতে ৰৈ দিলো। বুজিলো গীয়েৰ কেব’ল  ছিঙিল। কি কৰিম কি নকৰিম দোধোৰ-মোধোৰত পৰিলো। এবাৰ ভাবো ঘুৰিয়েই যাওঁ,  আকৌ ভাবো নাই গৈ থাকো যি হয় হ’ব। তাৰ পিছত সিদ্ধান্ত লৈ ল’লো; যি হয় হ’ব, মোৰ ‘বচন্তিৰ’ ওপৰত ভৰষা কৰি আগবাঢ়িব ধৰিলো। যিকোনো প্ৰকাৰে চেষ্টা কৰিছো ‘বচন্তিৰ’  যাতে স্টাৰ্ট বন্ধ হৈ নাযায়। বোকা পানীৰ লগত বীৰ বিক্রমেৰে যুদ্ধ কৰি কৰি ঘে-ঘোৱাই মাজে মাজে বিকট শব্দেৰে ‘বচন্তি’ আগবাঢ়িছে। তেতিয়ালৈকে মোৰ কনফিডেঞ্চও যথেষ্ট তুংগত। ইতিমধ্যে বৰষুণৰ  প্রকোপ বৃদ্ধি পাইছে। চচমাত পানী; খুলিও থ’ব নোৱাৰো, একো নেদেখো। আহি আছো। আহি আহি সেই কালভাৰ্টটোৰ ওচৰ পালোহি; মনে মনে অলপ স্বস্তি; পাইছোহি আৰু। বাটটো মসৃণ হোৱা বাবে অলপ স্পীডটো বঢ়াই দিলো। একনম্বৰ গীয়েৰৰ ফুল স্পীড। কিন্তু ই কি ? ‘বচন্তি’ দেখোন যাবই নোখোজে। এনে ভাৱ হ’ল যেন ১০০ কেজিৰ কোনোবা এটা পিছ পিনে বহি ল’লে। তথাপিও যিমান পাৰি প্ৰকৃতিস্থ হৈ থাকিবৰ চেষ্টা কৰি পিছফালে সোঁহাতখন দি চালো। নাই একো নাই। কিন্তু স্কুটাৰ সাংঘাটিক ভাৱে ‘গাধা’ হৈ গৈছে; যেন নাযাবই আৰু। মিছা কথা নকওঁ বৰষুণ আৰু  ভয়ত ওলোৱা ঘামৰ পানী একাকাৰ। তথাপিও ৰোৱা নাই। তেনেতে বাগিছালৈ সোমোৱা কেকুৰীটোত লাইটটো দেখা পাই অকনমান সাহস আহিল ; গৈ আছো। লাহে লাহে ‘বচন্তি’ও নৰ্মেল হৈছে। চিন্তা কৰিব পৰা অৱস্থালৈ পুনৰ ঘুৰি অহাত ভাবিলো সেয়া কিজানি মোৰ ভ্রম আছিল। বা হয়তো ইমান দুৰ একনম্বৰ গীয়েৰত অহাবাবে  ‘তাই’  অলপ দুৰ্বল হৈ পৰিছিল। ভাবি গুণি আহি থাকোতে বাগিচাৰ পকা ৰাস্তাত  সোমালো। উস ৰক্ষা! বৰষুণ জোৰদাৰ। মাত্র ৩ কিমি বাট; পকা। তেনেতে আন এটা সমস্যাই দেখা দিলে। বাগিচাৰ এই এলেকাটোত হাতীৰ যথেষ্ঠ উপদ্রৱ হয়। এনে বতৰত ওচৰৰ মেলেং হাবিৰ পৰা হাতীৰ জাক ওলাই আহে। এতিয়া যদি হাতীয়ে খেদে পলাবও নোৱাৰো; কাৰণ একনম্বৰ গীয়েৰত কিমাননো জোৰত পলাব পাৰিম। আগতে এবাৰ তেনে অৱস্থাৰ সন্মুখীন হওঁতে বাগিচাৰ অলিয়ে গলিয়ে সোমাই কোনোৰকম সাৰিছিলো। এইবাৰ নিস্তাৰ নাই; পুনৰ মনটো ডাঠি আহিবলৈ ধৰিলে। আহি আহি ঠিক বাংল’ পাম আৰু, তেনেতে দেখিলো কেইবাটাও মানুহ। এটাক মোৰ চকিদাৰ বুলি চিনি পাই কি হৈছে সুধিলো। সি ক’লে – “ছাৰ, হাতীৰ জাকে ‘বৰাবাঙলাত’ ফেণ্চিং ভাঙি তহিলং কৰিলে। আপুনি অহাৰ ফালেই অলপ আগতে গ’লগৈ”।

সেই ঠাই এৰি অহা আজি ৯ বছৰ হ’ল। এতিয়া বাটপথবোৰো পকী হ’ল। কেতিয়াবা সেইফালে গ’লে সেই এঢলীয়া  কালভাৰ্টটোলৈ চাওঁ। ঠাইডোখৰ এতিয়াও জয়াল। আজিও মনত পৰিলে ভাবো, মোৰ পিছত ‘সেইটো’ আচলতে কি আছিল যাৰ বাবে স্কুটাৰখনে টানিব নোৱাৰা হৈছিল… ভ্রম নে অৱসাদ নে আন কিবা?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments