প্রেমৰ নিনাদ (নিউটন কোঁৱৰ বসুমতাৰী)

তোমাৰ চুলিকোছাৰ সৈতে
অগাদেৱা কৰি আহি আছিল
চঞ্চল বতাহ এজাক,
চুই দিওঁতেই ছিটিকি পৰিল লাজত …
ওঁঠৰ সিপাৰে সুহুৰিয়াই সুহুৰিয়াই
বসন্তৰ ৰঙত উতলা নৈপৰীয়া চৰাইজাক..
শেতা পৰা দুচকুত তিৰবিৰ আবেলিৰ আকাশ ৷
খোঁচনিত তুমি আনিছা এমুঠি এন্ধাৰ
মই আজি বাৰুকৈয়ে শিপাম
ক’ত তোমাৰ বুকু,
লুকুৱাব খোজোঁ মই নিজক
জোনাকী চাদৰৰ আঁচলত..!!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments