প্রেম আৰু অভিমানৰ কৌশলী অভিব্যঞ্জনা (মূল:আফৰুজা আখতাৰ, গ্রন্থ আলোচক:চৰিফুল ইছলাম)

আফৰুজা আখতাৰ অসমীয়া কাব্যজগতত খোজ থোৱা এগৰাকী নতুন প্রজন্মৰ কবি। আমাৰ ন-প্রজন্মৰ মাজত কবিতা লিখা লৰা-ছোৱালীৰ সংখ্যা যোৱা শতিকাৰ শেষ দশকৰ পৰা কিছু পৰিমাণে চকুত লগাকৈ বৃদ্ধি পাইছে। এওঁলোকৰ সৰহসংখ্যক কবিৰে বিষয়বস্তু নিৰ্বাচন, গঠন ৰীতি, প্রকাশভঙ্গী ইত্যাদি সকলোতে যেনে এক অভিনৱত্বই থিয় দঙা দিছে, তেনেধৰণে কিন্তু কাব্যিক চৰিত্র একোটা পৰিস্ফুট হৈছে বুলি ক’ব নোৱাৰি। অবশ্যে ইয়াৰ কাৰণো হওঁতে নথকা নহয়। সামাজিক, অৰ্থনৈতিক দিশত আগ্ৰাসনৰ ভূমিকা লোৱা নৱ্য-ঔপনিশকতাবাদ আৰু সম্পূৰ্ণ গোলকীকৰণে আমাৰ সাহিত্য, সাংস্কৃতিক জগতখনতো যথেষ্ট প্রভাৱ পেলাইছে। ফলস্বৰূপে আমাৰ পুৰণিচাম সাহিত্যিকৰ মাজত সাম্প্ৰতিক কালত পৰিবৰ্তনৰ এটা জান-নাজান সোঁত পৰিলক্ষিত হোৱাৰ বিপৰীতে নতুনচামৰ সৰহভাগৰে সাহিত্যত এই প্ৰভাৱ প্ৰত্যক্ষভাৱে এন্ট্রি কৰা দেখা গৈছে। নেট,ইন্টাৰনেট,ফেছবুক, টুইটাৰ আদিৰ জৰিয়তে পোখা মেলা ই-সাহিত্যৰ ধামখুমীয়াতো এই অত্যাধুনিক পৰিবৰ্তন আহিছে বুলিব পাৰি। নতুন প্রজন্মৰ সাহিত্যচৰ্চাকাৰীসকলৰ মাজত সাহিত্যৰ এনে দ্রুত অপবিকাশে(?) আমাৰ সাতামপুৰুষীয়া পৰম্পৰাৰে অনিষ্টসাধন কৰা নাই, আমাৰ ভাৱ,চিন্তা,অনুভুতি ইত্যাদিতো আঘাত কৰিছে। সময়ৰ এনে যুগসন্ধিত অসমীয়া সাহিত্যৰ নতুন সাহিত্যচৰ্চাকাৰীসকলক সাধনাৰ এটা সুবাট দেখুৱাই দিবলৈ আমাৰ বৰেণ্য কিম্বা অগ্রজ সাহিত্যিকসকলে পদক্ষেপ লোৱা উচিত বুলি আমি অনুভৱ কৰোঁ। নতুন কবিসকলেও অগ্রজ সকলৰ সাধনাৰ পথেদি আগুৱালে উপকৃত হ’ব।

আফৰুজাই সৰু ডাঙৰ আঢ়ৈকুৰি কবিতাৰে ‘মই যদি হ’লোহেঁতেন কোনোবা খেয়ালী কবিৰ অভিমানী প্রেমিকা’ নামৰ এখনি সুন্দৰ কবিতাপুথি প্রকাশ কৰি উলিয়াইছে। প্রথম পুথি হিচাপে কবিগৰাকীৰ এই সাহসী প্রচেষ্টা সঁচাই আদৰণীয়। ইতিমধ্যে তেওঁৰ কবিতাই কাব্যৰসিক পাঠকৰ হৃদয় ছুই যাবলৈ সক্ষম হৈছে। সাধাৰণতে নতুন কবিসকলে প্রেম, যন্ত্রণা কিম্বা বৈপ্লৱিক বিষয় সৰ্বস্ব কবিতা লিখি ভাল পায় আৰু এনেধৰণৰ এটি আকৰ্ষণীয় নামেৰে বেটুপাত সজাব বিচাৰে। উদাহৰণ স্বৰূপে ন-প্রজন্মৰ এগৰাকী শক্তিশালী কবি জুবিলী গগৈৰ কবিতা পুথি তিনিখনৰ যথা, ‘আপোনাক ক’ৰবাত দেখা দেখা যেন লাগিছে’, ‘ ৰাতিৰ জোনাকত নবজাবি বাঁহী’ আৰু ‘ৰাতি যদি কেতিয়াবা আপুনি অকলে থাকে’ কথাই উনুকিয়াব পাৰি। অন্ততঃ বিগত কিছু বছৰৰ অসমীয়া কবিতাৰ বকলাত আমি এনেকুৱা ৰামচমক শিৰোনাম দেখি এই ধাৰণাকে পোষণ কৰিছোঁ। প্রণৱ কুমাৰ বৰ্মনে বাট কাটি দিয়া এই চমক সৃষ্টিৰ পৰা আফৰুজাও বাদ পৰা নাই। নিজৰ মুখাবয়বক বেটুপাতত সুন্দৰকৈ গাঁথি নিজৰ ভাৱনা-চিন্তাক ৰোমাঞ্চ স্পৰ্শিত প্রকাশেৰে সজাই তেওঁও প্রকাশ কৰি উলিয়াইছে ‘মই যদি হ’লোহেঁতেন কোনোবা খেয়ালী কবিৰ অভিমানী প্রেমিকা’। কবিতাৰ মাজেৰে এক পঠনমিষ্ট স্বকীয় পৰিবেশ উপস্থাপনৰ ক্ষেত্রত আফৰুজা সফল হৈছে বুলিব পাৰি। কবিৰ প্রেম, ৰাগ, অভিমানৰ কাব্যিক ব্যঞ্জনা সঁচাই মুগ্ধকৰ।

আজি বৰকৈ মিছ কৰিছো তোমাক
বাৰে বাৰে ডায়েল কৰিছোঁ,কাটিছোঁ
তোমাৰ নম্বৰ
যাঃ কি গৰজ পৰিছে
তুমিতো সোধা নাই
কেনে আছো মই
কি কৰিছোঁ
কি কৰা নাই..
একোৱেই খবৰ নাই (যোৱা নপৰোঁ তোমাৰ প্রেমত)

প্রেম সৰগীয় অনুভৱৰ এটুকুৰা শুকুলা ডাৱৰ। কেতিয়াবা উলাহত উৰে,কেতিয়াবা বেজাৰত সৰে। এই প্রেমক লৈ কবিকুলৰ কিমান যে পৰীক্ষা-নিৰীক্ষা। সুকীয়া সুকীয়া প্রকাশভঙ্গীৰে কোনোবাই যদি প্রেমক ৰোমাঞ্চিত অনুভুতিৰে বিশ্লেষণ কৰি চাইছে, আন কোনোবাই আকৌ প্রেমৰ অনুভৱৰ বাকৰিত নিজৰ হৃদয়খনকে উজাৰি সন্তোষ লভিছে। আফৰুজাৰ কবিতাত দুয়োধৰণৰ প্রকাশেৰে কেতিয়াবা প্রেম কেতিয়াবা যন্ত্রণাই বুলনি দিছে। ‘তোমাক লগ পোৱাৰ দিনা’, ‘ভালপোৱা এক/দুই’, ‘কথা’ আদি পুথিখনৰ কেবাটাও কবিতাৰ দৰে ‘প্রাপ্তি’ নামৰ কবিতাটো কবিৰ সমস্ত আবেগ অনুভৱ প্রাপ্তিৰ সন্তোষেৰে অধ্যূষিত হৈছে।

তুমি আহিলেই
কুৰুকি কুৰুকি সোমাই যোৱা
বুকুৰ মাজলৈ
আৰু ওঁঠৰ গান শুহি লৈ
থকা সৰকা কৰা দেহৰ ভূগোল

এতিয়া মোৰ দেহ মনত
প্রাপ্তিৰ পূৰ্ণতা!!

আনহাতে পুথিখনত আফৰুজাৰ কিছুমান সৰু সৰু উপমাৰে সৃষ্টি কৰা প্ৰতীকী দৃশ্য পট বৰ সুন্দৰ। এইবোৰৰ ওপৰ ছোৱা সাধাৰণ যেন লাগিলেও ভিতৰ ছোৱা কিন্তু নিৰ্মম বাস্তৱ।

প্রতিটো নিশা তাইৰ মৃত্যু হয়
ভালপোৱাৰ দৰদাম কৰি
তাই পোহৰাই তোলে
অন্ধকাৰ জুপুৰী
মানুহে কয়
তাই বেশ্যা। (বেশ্যা)

অথবা,

এটা ছাতি মেলি ধৰিলে
তেওঁ মোৰ মুৰৰ ওপৰত
দুখৰ বৰষুণজাকে
তিয়াব নোৱাৰাকৈ

তেওঁ নাথাকিলে
ছাতিটোৱে হৈ পৰে
মোৰ প্রহৰী। (ছাতি)

হেম বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, দেৱকান্ত বৰুৱা আদি বহু বৰেণ্য বিশিষ্ট কবিৰ প্রেমৰ কবিতাত থকা নিষ্ঠা আৰু সততাৰ আবেগে প্রেমক মহিমাময় কৰিছে। আফৰুজাৰ প্রেমৰ কবিতাবোৰত তেনেধৰণৰ আবেগবিহ্বল প্রেমিক সত্তাৰ স’তে পৰিচয় হ’ব নোৱাৰিলেও অভিমান, অনুৰাগে পাঠকক নিশ্চয়কৈ মতলীয়া কৰিব। তাৰে কিছু অণুৰণন আছে ‘জোনাক’ কবিতাটোত।

তুমি প্রেমিক চৰাই হৈ
ডেউকাত কঢ়িয়াই আনা জোনাক
মোৰ বুকু,মোৰ চহৰ
গাভৰু হয় জোনাকত।

আনহাতে গভীৰ জীৱনবোধ নাথাকিলেও আফৰুজাৰ বৰষুণ, এজন কবিৰ মৃত্যুত.., কেঁকুৰিটোত মই মোক হেৰুৱাই থৈ আহিছোঁ, সেই যে নদীখন, নাৰী, মৃত্যু,জীৱন আদি কেইটামান কবিতাক জীৱন সচেতনতাই পুৰঠ কৰিছে। ‘জীৱন’ নামৰ কবিতাটোত থকা সনাতন ভাৱৰ অভিব্যঞ্জনাই অন্য এক কলা ৰূপ আনি দিছে।

যিমানেই কাষ চাপিছোঁ
সিমানেই বাঢ়িছে ব্যৱধান
সময়ৰ দৰে সলনি
হ’ব ধৰিছে জীৱন।

কবিৰ ‘নপৰোঁ কৈছো নপৰোঁ তোমাৰ প্রেমত’ কবিতাটিত নগ্ন হোৱা প্রেম জীৱনৰ ৰূঢ় বাস্তৱক কোনোবাই জানো উলাই কৰিব পাৰে।

বৰ লেকচাৰ মাৰিছা
প্রেমেৰে কি সাজিবা তাজমহল
বাহ্ ৰে সম্রাট ছাহজাহান
মোৰ বিউটি পাৰ্লাৰ
ফেচিয়েল,মেনিকিঅ’ৰ,পেডিকিঅ’ৰ
দিব পাৰিবা মিনা কৰা শাড়ী?
গালিবৰ দুনিয়া আমি ভাল নাপাওঁ
আমাক লাগে ৰঙীন পানীয়ৰ দৰে
নিচাসক্ত পৃথিবী
আৰু লাগে
বেংক বেলেঞ্চ,সুনিশ্চত ভবিষ্যত

প্রেমৰ স’তে উঠা-বহা কৰি, খং-ৰাগ, অভিমান দেখুৱাই প্রেমৰ পৃথিবীত বিচৰণ কৰি ফুৰা প্রেমিক কবিয়ে কবিতাটোৰ শেষত স্ব-বিৰোধী কথাৰে প্রেমৰ অস্তিত্বকে নস্যাৎ কৰিছে।

বৰ হাঁহি উঠে
কবিতা পকেটত লৈ প্রেমিক হ’ব খোজা
চিনেমাৰ দৰে নহয় জীৱন
প্রেমেৰে নভৰে বুকু
হা হা বৰ হাঁহি উঠে
তোমাৰ প্রেমত পৰি
কি বৰ্বাদ কৰিম জীৱন!

কবিৰ বাবে প্রেম যৌৱন মতলীয়া কৰা হৃদয়ৰ খলকনি মাথোন। সময়ত উক দিয়ে সময়তে মাৰ যায়। সেয়েহে কিজানি কবিৰ কবিতাত ব্যক্ত হৈছে আশঙ্কা, আহ্বান ইত্যাদি। ‘তুমি মোৰ প্রেমত পৰিবানে’,’মই যদি হ’লোহেঁতেন কোনোবা খেয়ালী কবিৰ অভিমানী প্রেমিকা’,’কি হ’ব আপোনাৰ প্রিয় কবিতা’, ‘চিঠি এখন লিখিবানা প্লিজ’ ইত্যাদি কবিতাবোৰত এনেকুৱা ভাৱৰে বুৰবুৰণি। সি কি নহওক উদীয়মান কবি আফৰুজা আখতাৰৰ কবিতাত ফুটি উঠা ভাৱৰ সৰলতা আৰু উপস্থাপনৰ চমক আন দহগৰাকী নবীনৰ দৰে অপৰিস্ফুত নহয়। অবশ্যে আফৰুজাই কবিতা চৰ্চাত আৰু অধিক মনোযোগী হ’লে শব্দ বাছনি আৰু গাঁথনিত দেখা পোৱা কিছুমান সৰু-সুৰা ত্ৰুটি ভৱিষ্যতে নাথাকিব বুলি আমাৰ বিশ্বাস।

কবিতা পুথিখনে বেটুপাত আৰু অঙ্গসজ্জাত যেনে নিপুণতা দাবী কৰিব পাৰিলেহেঁতেন, কিন্তু তেনে হৈ নুঠিল। থল থাকি গ’ল। অৱশ্যে ‘শব্দ প্রকাশ’ৰ আন্তৰিক সৰল প্ৰচেষ্টা পৰিলক্ষিত হৈছে। কিয়নো প্রায় ত্রুটিহীন ছপা-বন্ধাৰে কিতাপখন সুন্দৰকৈ উলিয়াই পাঠকক উপকৃত কৰিছে। কাব্যপ্রেমীসকলে কবিতা পুথিখন আঁকোৱালি ল’বলৈ বেয়া নাপাব বুলি আমাৰ বিশ্বাস।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments