প্রেম স্তপেজত তিনিটা বসন্ত (বুবুল কলিতা)

প্রেম স্তপেজত তিনিটা বসন্ত
বুবুল কলিতা

সময়টো সন্ধিয়া আছিল নেকি
স্তপেজত যাত্রী নাছিল কোনো
মাথো বিশ্বাসৰ পিছে পিছে প্রেম
তন্দ্রা নামিছিল দুয়োৰে
প্রেম আৰু অপ্রেমৰ মাজত সংগোপনে
সময়ে সাৰ পালে-এপল দুপল নহয়
সুদীঘল তিনিটা বসন্ত
বিনিদ্র ৰজনী কটাই ঘূৰি আহিছে
তোমাৰ বুকুয়েদি অংকিত মোৰ তৃষ্ণাতুৰ নৈ
ছাঁ পোহৰৰ খেলাত পৰাজিত হৈছে এন্ধাৰ
উজলিছে মাথো সঁচা প্রেমৰ আকাশ অলেখ তৰা
প্রতি আবেলিত তোমাৰ শাৰদী চুলিয়ে মোক দিছে
শেৱালী ফুলাৰ খবৰ
ভালপোৱাৰ ৰিক্তহীনতা ছৱিৰ মৰম
তোমাৰ চকুৰ কোমলতা আৰু তন্ময়তা
চাৱনিৰ কৰুণতাই মোক শিকাইছে
ছিম্পছনৰ ওৱান থাৰ্দ ৰুল
ওৱেলদিং যয়েন্টৰ শক্তি আৰু ছ’নিক ওৱেভৰ থিয়’ৰি
বুজি পোৱা হৈছো ডান্টেৰ ডিভাইন কমেদি
আবেগত লিখাইছে মোক কবিতা
যি কবিতা হৈ আহিছে প্রেমৰ
মাথো পোহৰৰ জ্বলাইছে চাকি সততাৰ
মোৰ হিয়াত উঠিছে আশাৰ ঢৌ-প্রেমৰ কবিতা
প্রেম স্তপেজত ৰৈ তোমাৰ নামত লিখা
এই জিলমিল হৈমন্তীৰ আবেলিত…
—————————-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments