প্লিজ্ এক মিনিট- চিত্তৰঞ্জন বৰুৱা

তাৰ বহুদিনীয়া অনুৰোধ ৰক্ষা কৰি এৰাতিৰ বাবে সিহঁতৰ ঘৰত আলহী হ’লগৈ কৰবী৷ পৰম আগ্ৰহেৰে কৰবীক মাকৰ লগতে সি আলৌ-উধৌ কৈ আগবঢ়াই নিলে৷ বেছ ফূৰ্তিৰেই ৰাতিটো হাঁহি ধেমালীৰ মাজেৰে পাৰ হ’ল৷ সিমানলৈকে সকলো ঠিকেই আছিল৷ ঘটনাটো ঘটিগ’ল পিছদি ৰাতিপুৱা৷ শোৱাৰপৰা উঠি দুচকু মোহাৰিয়েই কৰবীয়ে দেখিবলৈ পালে সি উধাই-মুধাই ৰেলৰ আলিটোৰ ফালে দৌৰিবলৈ ধৰিছে৷ ঘটনাৰ আগ গুৰি একো নৌ পাওঁতেই দীঘলীয়া উকীটোৰ সৈতে তীব্ৰ বেগে আহিথকা ৰেলখনৰ শব্দ কৰবীৰ কানত পৰিলহি৷ এক অজান আশংকাত কৰবীৰ অন্তৰাত্মা কঁপি উঠিল৷ কথা কি? ভাৱিবলৈ সময় নাই, অলপো সময় পলম নকৰি কৰবীও দৌৰিবলৈ ধৰিলে তাৰ পিছে পিছে৷ পলম কৰিলেই যেন ঘটি যাব পাৰে সকলোৰে কল্পনাতীত এটি মৰ্মান্তিক দুৰ্ঘটনা!

কৰবীৰ লক্ষ্যৰ  পমখেদি তাৰ মাকেও একো বুজি নোপোৱাকৈয়ে দৌৰিবলৈ ধৰিলে তাইৰ পিছে পিছে৷ ৰেলখন যিমানে ওচৰ চাপি আহিছে সিও সিমানে গতিবেগ বঢ়াই দৌৰিবলৈ ধৰিছে৷ তীব্ৰবেগে আহি আছে ৰেলখন, সিও তীব্ৰ বেগে কেৱল দৌৰিছে৷ সি ৰেলৰ আলিটোৰ ওচৰ পাওঁ পাওঁ হ’ল; ৰেলখনো আহি ঠিক তাৰ ওচৰ পাওঁ পাওঁ হ’ল৷ কৰবীৰ শ্বাস-প্ৰশ্বাসবোৰ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হ’ল৷ তথাপি তাই প্ৰাণে-প্ৰণে দৌৰিছে, কিজানিবা তাক বচাব পাৰেই! বেচেৰীয়ে একো উৱাদিহেই নাপালে ক’ৰ পৰা যে কি হৈ গ’ল? তাইৰ নিজৰ ওপৰতে ধিক্কাৰ উপজিল৷ কিহে পাইছিল তাইক এনেদৰে অবাঞ্ছিত ভাৱে লোকৰ ঘৰত আলহী হ’বলৈ? যাৰ বাবে আজি এটা অভাৱনীয় পৰিস্থিতিৰে তাই মুখামুখি হ’ব লগা হ’ল৷

ৰেলখন আহি তাৰ ঠিক ওচৰ পোৱাৰ আগমুহূৰ্তত সকলোকে আচৰিত কৰি সি ৰেলখনৰ সন্মূখত দীঘল দি পৰি দিলে (?)

“—- অ’ পোনা—-তই এয়া কি কৰিলি ঐ——’’ তাৰ মাকৰ গগনফলা চিঞৰত কৰবীৰ গতি স্তব্ধ হৈ গ’ল৷ তাইৰ সৰ্বশৰীৰৰ মাজেৰে যেন এজাক ৰণুৱা ঘোঁৰা দপ্ দপাই পাৰহৈ গ’ল…….শিৰাই শিৰাই যেন এচাতি হিমশিতল বায়ু প্ৰবাহিত হ’ল ….! উশাহ-নিশাহবোৰ তাইৰ চুটি হৈ আহিল……..মূৰটো আচন্দ্ৰাই কৰি উঠিল………চকু দুটাই ধোঁৱা কোঁৱা দেখিলে; তাৰপাছত গুৰিকটা গছৰদৰে কৰবী ঠাইতে বাগৰি পৰিল ……….!
………….যেতিয়া কৰবীৰ সংজ্ঞা আহিল, তেতিয়া হাতত এটা চেপেটা কলগেট লৈ সি তাইৰ সন্মূখত ঠিয়দি আছিল৷

কৰবীয়ে নিজৰ চকুকে যেন বিশ্বাস কৰিব নোৱাৰিলে৷ চকুদুটা ডাঙৰ ডাঙৰকৈ মেলি তাই প্ৰশ্নবোধক চাৱনিৰে তালৈকে চাই ৰ’ল৷ সি তলমূৰ কৰিলে৷ কৰবীৰ চকুলৈ চোৱাৰ সাহস যেন সি হেৰুৱাই পেলাইছিল৷ লাজত তাৰ মুখখন টিক্ টিককৈ ৰঙাহৈ পৰিছিল৷ তাৰপাছত তলমূৰকৈয়ে বৰ কৰুণভাৱে সি ক’বলৈ ধৰিলে—–’’ তোমাৰ বৰ ভয়……….আচলতে কি জানা, তোমাক দাঁত ব্ৰাছ কৰিব দিবলৈ মোৰ ঘৰত আজি কলগেট নাছিল৷ তুমিও কোনো খবৰ নিদিয়াকৈ হঠাতে আহি ওলালাহি……! মই এই পুৰণা কলগেটটো চেপি চেপি অকনো কলগেট উলিয়াব নোৱাৰি ৰেলৰ চকাৰ তলত থৈ তোমাৰ বাবে  অকণমান উলিয়াবলৈ চেষ্টা চলাইছিলোঁ………! মই মনে মনে কৰিব বিচৰা কামটো তুমি গমেই পাই গ’লা!’’

কথাখিনি শুনাৰ পিছত কৰবী পুনৰ বেহুচ হৈ পৰিল !

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক