প্লেটফৰ্মত এটা নিশা (ঈশানজ্যোতি বৰা)

প্লেটফৰ্মত এটা নিশা

ঈশানজ্যোতি বৰা

গুৱাহাটীৰ পল্টনবজাৰ ৰেল ষ্টেচন৷ ৰাতি প্ৰায় এক বাজো বাজো৷ পাটনাৰ পৰা গুৱাহাটীলৈ প্ৰায় ২৩ ঘন্টীয়া দীঘলীয়া যাত্ৰাটো কৰি বহু ভাগৰ অনুভৱ কৰিলো৷ মূৰটোও অলপ বিষাবলৈ ধৰিছে৷ ভোক লাগিছে যদিও গধুৰ আহাৰ গ্ৰহণ কৰিবলৈ দেখোন মন নগ’ল৷ অৱশ্যে ভাত খাব পৰা দোকানবোৰো বন্ধ হৈছে৷ প্লেটফৰ্মতে থকা এখন সৰু ষ্টলৰ পৰা ছিপছ্ একপেকেট কিনি ল’লো৷ লগত একাপ চাহো ল’লো৷ মোৰ সৈতে মোৰ বন্ধু৷ অলপ সময় ইফালে-সিফালে ঘূৰি অলপ আঁতৰত দুখন খালী চকী দেখি দুয়োটা বহি ল’লো৷ ছিপছ্ ৰ পেকেটটো খুলি ছিপছৰ পিছ্ এটা মুখলৈ নিব ধৰিছোহে,এনেতে দেখিলো মোৰ নিচেই কাষত এগৰাকী মহিলা আহি নিজৰ হাতদুখন মেলি মোক কিবা এটা কবলৈ চেষ্টা কৰিছে৷ মোৰ কাষতে বহি থকা বন্ধুজনে ‘ইঁহতৰ পৰা আৰু শান্তি নাই৷ দে দে, ছিপছ্ অলপ দি দে’ বুলি মোক কৈ সিফালে মুখ ঘূৰালে৷ পলম নকৰি মানুহগৰাকীৰ হাতত অলপ ছিপছ্ দিলো৷ মোৰ পৰা অলপ আঁতৰত বহি মানুহগৰাকীয়ে ছিপছখিনি খাবলৈ ধৰিলে৷ সেইসময়তে মানুহগৰাকীক ভালকৈ লক্ষ্য কৰিলো৷ বয়স খুব বেছি ৫০ হ’ব৷ মলিয়ন কাপোৰ যদিও তাৰেই নিজৰ দেহাটো ভালদৰে ঢাকি ৰাখিছে৷ লগত এটা ডাঙৰ মোনা৷ তাত বটল,কাগজ আদিকে ধৰি ভালেমান পেলনীয়া সামগ্ৰী৷ মাজে মাজে মুখেৰে কিবা বিৰবিৰাইছে৷

লাহে লাহে নিশা প্ৰায় ডেৰ বাজিল৷ মোৰো চাহ আৰু ছিপছ্ শেষ হ’ল৷ ৰাতিটো ষ্টেচনতে কটাব লাগিব৷ টোপনিয়ে হেঁচি ধৰিছে যদিও শুব নোৱাৰি৷ ৰাতিটো পাৰ হ’লেই দাদাৰ ঘৰ ওলামগৈ৷ ষ্টেচন আহি পাওঁতে পলম হোৱা বাবে তেওঁলোককো খবৰ দিয়া নহ’ল৷ গতিকে ৰাতি দাদা-বৌক আমনি দিয়াতকৈ ষ্টেচনতে নিশাটি পাৰ কৰি দিয়া ভাল বুলি ভাবিলো৷ মোৰ সন্মুখত বহি থকা সেই মানুহগৰাকীলৈ আকৌ চকু গ’ল৷ অথনিৰে পৰা মোৰ সমুখত বহি থকা মানুহগৰাকী এতিয়া বহাৰ পৰা উঠিছে৷ মানুহগৰাকীয়ে ইফালে-সিফালে ঘূৰি প্লেটফৰ্মৰ মজিয়াত পৰি থকা বিভিন্ন যাত্ৰীয়ে খাই পেলাই থৈ যোৱা চাহৰ কাপবোৰ বুটলিছে আৰু গোটাই একলগ কৰিছে৷ মই ভাবিলো নিশ্চয় চাগে সেয়া তাই নিজৰ মোনাটোত ভৰাব৷ কিন্তু মানুহগৰাকীয়ে মই ভবামতে তেনেকুৱা একো নকৰিলে৷ এটা খালী কাপ বেলেগকৈ ৰাখি বাকীবোৰ কাপত থকা অৱশিষ্ট চাহখিনি সেই খালী কাপটোত বাকিলে৷ তাৰপিছত অলপো পলম নকৰি, অলপো সংকোচ নকৰাকৈ সেই খালী কাপটোত গোটখোৱা গোটেইখিনি চাহ পি মূহুৰ্ত্ততে শেষ কৰিলে৷ তাৰপিছত মানুহগৰাকীয়ে আৰু এটা কাণ্ড কৰিলে৷ মোৰ কাষতে এজন যাত্ৰী মজিয়াতে কাপোৰ পাৰি শুই আছিল৷ তেওঁ পাৰি লোৱা বেডশ্বিটখনৰ কাষতে মজিয়াত অলপ দালি/ভাজি পৰি আছিল৷ কোনোবা যাত্ৰীৰ খোৱাপ্লেটৰ পৰা পৰি যোৱা খাদ্যৰ অংশ চাগে৷ দালি/ভাজিখিনি শুকাই গৈছে ,তাৰ পৰা বুজিব পাৰি যে বহুসময় ধৰি সেইয়া মজিয়াত পৰি আছে৷ হয়তো গোটেই দিনেই পৰি আছে৷ মানুহগৰাকী লাহে লাহে খোজকাঢ়ি আহি সেইখিনি পালেহি আৰু নিজৰ হাতৰ তলুৱাৰে মজিয়াত পৰি থকা খাদ্য(?)খিনি ভালকৈ চুচি একগোট কৰি একে উশাহে খাই দিলে৷ যেন সেইয়া অমৃতহে!
…………………………
আমি মানুহবোৰে সদায় সৰু সৰু কথাতেই অভিযোগ কৰি থাকো৷ কেতিয়াবা দালিত নিমখ কম হ’লে নাইবা চাহত চেনি কম হ’লে আমাৰ বহুতৰে খং উঠে৷ কিন্তু এইখন পৃথিৱীতে ৫০বছৰীয়া সেই মানুহগৰাকীৰ দৰে বহু মানুহ আছে, যি পেটৰ ক্ষুধা নিবাৰন কৰিবলৈ নিশা প্লেটফৰ্মৰ মজিয়াত খাদ্যৰ সন্ধান কৰে৷ হয়তো তাই মানসিকভাৱে যথেষ্ট সবল নহব পাৰে৷ কিন্তু সিঁহতো দুটা নাক, দুটা চকু থকা আমাৰ দৰেই মানুহ৷ সিঁহতৰো আমাৰ দৰে বাকশক্তি, দৃষ্টিশক্তি আছে৷ কিন্তু সিহঁতক ভগৱানে এক বিশেষ শক্তি দিছে যাৰ বলত সিহঁতে লোকৰ খোৱা বুটলি খাবলৈও কুন্ঠাবোধ কৰা নাই৷ সেয়াই পৰম তৃপ্তিদায়ক খাদ্য৷ জীৱনৰ প্ৰতি নাই কোনো অভিযোগ, নাই কোনো দুখৰ চিন! বহুত কিবা-কিবি সুবিধা পোৱাৰ পাছতো সদায় অসন্তোষত ভুগি থকা বহুত মানুহতকৈ সেই ৫০ বছৰীয়া মানুহগৰাকী নিজৰ জীৱনকলৈ বহু সুখী যেন মোৰ অনুভৱ হ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments