প্ৰকৃতিৰ সেউজী কোলাত পালিত মাইলিয়েম-চহৰ —-ৰঞ্জনা দত্ত


২০১৮ চনৰ জুলাই মাহৰ ২২ তাৰিখৰ পৰা মাত্ৰ ৮ দিনৰ বাবে  গৰমৰ বন্ধ পাইছো । স্কুলৰ বাকীবোৰ শিক্ষকে এমাহ বন্ধ পোৱাৰ বিপৰীতে আমি উচ্চ মাধ্যমিকৰ শিক্ষক কেইজনে মাত্ৰ এসপ্তাহহে বন্ধ পাওঁ । বন্ধত দুদিনৰ বাবে ওচৰতে ক’ৰবাত যাব পাৰো নেকি চাবলৈ ‘গুগল’ খুলি বহি গ’লো । দেশতে হওক বা বিদেশতে হওক ক’ৰবাত ফুৰিবলৈ যোৱাৰ আগতে খৰছি মাৰি সকলো চাইমেলি ঠিক ঠাক কৰা কামত ময়েই সদায় আগভাগ লওঁ । এইবাৰ ভন্টি বাইদেউ ( মোৰ জেশাহু) আৰু মোৰ জা মনিকো ওলাবলৈ ক’লো । স্কুল বিলাকৰ গৰমৰ বন্ধ খুলিবৰ হয় বাবে জুলাই মাহৰ শেষৰফালে শ্বিলঙ আৰু চেৰাপুঞ্জীৰ কোনো হোটেলত চিট পোৱা নাযায় । মই ইতিপূৰ্বে ‘গুগল’ত ৰিভিউ চাই শ্বিলঙ -চেৰাপুঞ্জী পথত থকা মাইলিয়েম( Mylliem) নামৰ ঠাইখনৰ ধুনীয়া ফটো দুখনমান দেখিছিলোঁ । এওঁৰ লগত কথাপাতি তাতে হোটেল , হ’ম ষ্টে কিবা পাওঁ নেকি চোৱাত লাগি গ’লো। একেবাৰে সৰু ঠাই মাইলিয়েমৰ হোটেল এখনত এৰাতিৰ বাবে দুটা কোঠালী কোনোমতে বুক কৰিলো। ঘুৰি আহোঁতে শ্বিলঙত এৰাতি থাকিবলৈ লাইটুমখ্ৰাত থকা চিনাকি গেষ্ট হাউচ এটাত বন্দবস্ত কৰা হ’ল। ভিতৰুৱা ঠাইবোৰ ভালদৰে চিনি পায় বাবে এওঁ শ্বিলঙৰ চিনাকি ড্ৰাইভাৰ এজনলৈ ফোন কৰিলে । এওঁ চাকৰিত থকা সময়ত শ্বৱেৰ নামৰ অফিচৰ ড্ৰাইভাৰ জনৰ লগত আমাৰ খুব ভাল ভাব হৈছিল । তেওঁ আমাক সদায় কয় মেঘালয়ৰ ভিতৰত য’লৈকে যাব লগা হয় মোক ক’ব। গতিকে কথা হ’ল আমি শ্বিলং গৈ পোৱাৰ পাছত খিনি তেওঁ ষ্টিয়েৰিং চম্ভালিব ।

নিৰ্দিষ্ট দিনা ৰাতিপুৱাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ । ৰাতিপুৱাই ওলাইছো বাবে ক’তো এবাৰলৈও যানযঁটৰ অসুবিধাত পৰা নাই । নংপো পাৰ হৈয়ে এঠাইত পুৱাৰ আহাৰ কৰি ললোঁ । পুনৰ যাত্ৰা আৰম্ভ কৰি মওৱিয়ং নামৰ ঠাইখনৰ পৰা শ্বৱেৰক খবৰ দিলোঁ । তেওঁ অলপ আগত আমাক লগ ধৰাৰ কথা । হঠাতে গাড়ী খনত কিবা এটা অসুবিধা আৰম্ভ হোৱা যেন লাগিল । গিয়েৰ সলনি কৰাৰ পিছত গাড়ী খনে আগুৱাবলৈ হোহোঁকা পিচলা কৰা হ’ল । গাড়ীখানৰ ওচৰতে ৰাস্তাৰ কাষত ৰৈ থকা শ্বৱেৰক দেখা পালোঁ । মই পিছৰ চিটলৈ আহিলো আৰু শ্বৱেৰে ড্ৰাইভিং চিটত বহি ল’লে। গাড়ী খন চলোৱাত অসুবিধা পাই তেওঁ বাওঁ হাতৰ গলি এটাইদি গাড়ীখন ভৰাই চিনাকি গেৰেজ এটালৈ লৈ গ’ল। শ্বৱেৰে সন্দেহ কৰাৰ দৰেই মেকানিক জনেও একেটা কথাকে ক’লে যে ক্লাট্চৰ ৰবৰ টুকুৰা ক্ষয় গৈছে আৰু অৱস্থা একেবাৰে বেয়া হৈ আছে । কামটো ঠিক কৰাবলৈ গাড়ীখন এৰাতি গেৰেজত থব লাগিব। যিহেতু মাইলিয়েম তাৰ পৰা মাত্ৰ ১৮ কি:মি: আৰু পাহাৰীয়া ৰাস্তা বুলি ধৰিলে ৪০ মিনিট মান লাগিব, আমি মাইলিয়েমলৈ গুছি যোৱাই ঠিক কৰিলোঁ । আমাক  হোটেলত নমাই এওঁলোক আহি গাড়ীখন গেৰেজত দিব গৈ । গতিকে গাড়ীখন তেনেকৈয়ে লৈ আমি মাইলিয়েমলৈ যাত্ৰা আৰম্ভ কৰিলোঁ । কিন্তু আপাৰ শ্বিলঙ পাৰ হোৱাৰ পিছতেই গাড়ী খন আৰু আগলৈ নাযাওঁ বুলি একেবাৰে ৰৈ গ’ল । কিছুসময় কথা বতৰা পাতি ঠিক কৰিলো যে আমি মাইলিয়েমলৈ টেক্সি এখন লৈ গুছি যাম আৰু এওঁলোকে গাড়ীখন লৈ গেৰেজত দি আহিবগৈ। মওৱিয়ংত থকা হুন্ডাইৰ চাৰ্ভিচ চেন্টাৰৰ কাৰোবাৰ লগত ফোনত কথা পতাৰ পিছত ঠিক হল যে টনা গাড়ী এখন আহি আমাৰ গাড়ীখন টানি লৈ যাবহি। গতিকে শ্বৱেৰে ওচৰতে ৰৈ থকা টেক্সী ড্ৰাইভাৰ জনৰ লগত কথা- বতৰা পাতি আমাক মাইলিয়েমলৈ যাবৰ বাবে টেক্সী এখন বন্দবস্ত কৰি দিলে । এওঁলোকক তাতে এৰি থৈ আমি হোটেল পালোঁহি । ৰাস্তাটোৰ সোঁহাতে বাদামী আৰু ৰঙা ৰঙৰ তিনিমহলীয়া হোটেলখনৰ ৰাস্তাৰ সমতলত থকা প্ৰথম তলাত ৰুম দুটা পালোঁ । দ্বিতীয় তলাত দিবৰ বাবে খুব অনুৰোধ কৰিলো কিন্তু তাৰ কোঠালী কেইটা বুক হৈ আছে বুলি আমাক জনোৱা হ’ল। হোটেলৰ অফিচটো আছিল ওচৰতে থকা ৰেষ্টুৰেন্ট খনত। হোটেলৰ ৰূম কেইটা সৰু ঠাইৰ হোটেল হিচাপে ভালেই যেন লাগিল। আমাৰ লগত থকা বস্তুবোৰ থৈ হাত মুখ ধুই ৰেষ্টুৰেন্ট খনত ভাত খাবলৈ ওলাই গ’লো। তেতিয়া ১টা বাজি গৈছিল । খোৱা বোৱা বৰ সুবিধাৰ নাপালো যদিও তাকে খাই কোঠালীলৈ ঘুৰি আহিলোঁ । শ্বিলঙ চেৰাপুঞ্জীৰ সচৰাচৰ দিনবোৰৰ দৰেই ই ৰ’দ আৰু ডাৱৰৰ সংমিশ্ৰিত দিন এটা আছিল । এওঁলৈ ফোন কৰি গম পালো যে মৱিয়ংত থকা চাৰ্ভিচ চেন্টাৰতে এওঁলোক আছে । শ্বৱেৰে ডাঙৰ ল’ৰাক নিজৰ গাড়ীখন লৈ আনিবলৈ কৈছে । গাড়ীখন অহাৰ পিছতহে তেওঁলোক আহিব পাৰিব । মুঠতে এক ডেৰ ঘন্টাৰ আগতে কোনোমতে আহি পোৱাৰ আশা নাই বুলি ক’লে । আমাৰ প্লেন মতে আজি আমি বাহিৰে বাহিৰে মাওফ্লাঙৰ চেক্ৰেড গ্ৰুভ (sacred groove) চাবলৈ যোৱা কথা আছিল।

আমাৰ কোঠালী কেইটাৰ সমূখৰ পৰা আধা ঘুৰণীয়া বাৰান্দা খন আৰম্ভ হৈ হোটেলৰ পিছফাল পাইছেগৈ । সন্মুখত শ্বিলং চেৰাপুঞ্জী পথ। বাওঁহাতে হোটেলৰ ৰেষ্টুৰেন্ট খনৰ সতে বহুত দূৰলৈকে দেখা ধুনীয়া মুকলি ঠাই আৰু পিছফালে  প্ৰকৃতিৰ পোহাৰ ! বিশাল আৰু  অপৰূপ প্ৰাকৃতিক দৃশ্যৰাজি। এঢলীয়া পাহাৰখনত সেউজীয়া গছ গছনি , খেতি আৰু  ঘাহঁনিৰে অপূৰ্ব সুন্দৰ মাইলিয়েম গাঁৱৰ এছোৱা । ঘন সেউজীয়া পাহাৰীয়া খেতিৰ মাজত বহুত দূৰে দূৰে দুই এটা ঘৰ । কিবাকৈ এবাৰ ঠাইখিনিলৈ যাব পৰা হ’লে ! কাষৰ  চিৰিটোৱেদি ওপৰৰ তলালৈ উঠি যাব পাৰি। আমি উঠি গৈ দেখিলো দুৱাৰখন ভিতৰৰ পৰা বন্ধ । ওপৰৰ তলাটোৰ আগে পিছে আইনা লগোৱা ডাঙৰ বাৰান্দা । হোটেলৰ সহায়ক ল’ৰাটোক সোধাত বহুত ডাঙৰ পাৰ্টি আহিলে সেইটো ৰূম দিয়া হয় বুলি ক’লে । তাৰ পৰা চাগৈ দৃশ্য সমূহ বহু দূৰলৈকে বৰ সুন্দৰকৈ দেখা যাব । এওঁলোক এঘন্টা মান মূৰত শ্বৱেৰৰ অল্ট গাড়ী খন লৈ ওলালহি । হাত মুখ ধুই খোৱা বোৱা কৰে মানে তিনি বাজি গ’ল। ভাগৰ লাগি থকাত ওলাই নাযাওঁ বুলি ক’লে।

আমি তিনিগৰাকী খোজকাঢ়ি ঠাইখন চাওঁ বুলি ওলাই গ’লো । প্ৰথমে পিছফালৰ বাৰান্দাৰ পৰা দেখা ধুনীয়া গাঁওখনলৈ যাব পৰা ৰাস্তা বিচাৰিবলৈ ল’লোঁ। তালৈ যাবলৈ কিছু ডাঙৰ খাল এটা পাৰ হৈ যাব লাগিব । মই আৰু মণি কিবাকৈ পাৰ হ’ব পাৰিলেও শাৰী পিন্ধি থকা বাইদেউৰ বাবে সেইটো অসম্ভৱ আছিল । অহা কালি ৰাতিপুৱাই অকলে চেষ্টা এটা দিব লাগিব বুলি মনতে ঠিক কৰিলোঁ । ৰাস্তাটো পাৰ হৈ সিপাৰে চাৰিকোণীয়া প্ৰকাণ্ড এটা পুখুৰী । কেইবাজনো মানুহে পুখুৰীটোৰ চাৰিওকাষে হাতত বৰশী লৈ বহি থকা দেখিলোঁ। পুখুৰীটোৰ ফটফটীয়া পানীত আকাশৰ নীলা আৰু  ডাৱৰে লুকা ভাকু খেলিছে । চাৰিওফালে ঘন সেউজীয়া ঘাহঁনি আৰু  মাজে মাজে কজলা ৰঙৰ ডাঙৰ ডাঙৰ ঘুৰণীয়া শিল। হঠাতে নভবাকৈ আহি ইমান ধুনীয়া ঠাইখন পাই মনটো আনন্দেৰে ভৰি পৰিল। মই  ডাঙৰ শিলবোৰৰ ওপৰলৈ উঠি গৈ ফটো তোলাত লাগিলো। বৰশী বোৱা ল’ৰা দুজনমান অসমীয়া । গুৱাহাটীৰ পৰা গৈছে । শিলৰ পাহাৰৰ মাজে মাজে খৰি লুৰি থকা স্থানীয় মানুহ দুই এজন দূৰৈৰ পৰা দেখা পালোঁ । পৰিবেশটো ইমান ধুনীয়া আছিল যে মোৰ ভাব হৈছিল যেন ইয়াৰ পৰা আৰু নেযামেই। কিন্তু হোটেলৰ পিছফালৰ পৰা দেখা অপৰূপ ধুনীয়া ঠাই খিনিলৈ যাবলৈ চেষ্টা এটা কৰিম বুলি তাৰপৰা গুছি আহিলোঁ। ডাঙৰ খালটোৰ পাৰে পাৰে সিপাৰলৈ যোৱাৰ বাট বিচাৰি থাকোতে মানুহ দুজন মানে প্লাষ্টিকৰ ডাঙৰ ডাঙৰ বাস্কেট কিছুমানত খেতিৰ পৰা তুলি অনা মূলাবোৰ খালটোত ধুই থকা দেখা পালোঁ । খালটোৰ পানীবোৰ পৰিস্কাৰ , বোধহয় পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানী। মই মূলা ধুই থকা মানুহ এজনক সিপাৰলৈ যোৱা বাট আছে নেকি সুধিলোঁ । এজনে অলপ আগলৈ আঙুলিয়াই দেখুৱালে । বাইদেউহঁতে পিছে সিপাৰলৈ যোৱাতকৈ মূলা কিনাতহে বেছি আগ্ৰহ দেখুৱালে । বেছ সস্তাতে অৰ্গেনিক মূলা কিনি আমি হোটেললৈ উভটি আহিলোঁ । এওঁ ইতিমধ্যে ভালদৰে এঘুমটি মাৰি আমালৈ দুবাৰমান ফোন কৰিছিলেই ।শ্বৱেৰে আমাক আন্ধাৰ হোৱাৰ আগতেই গাঁৱৰ ফালে ফুৰাবলৈ নিব খুজিছে । লগত অনা ইলেক্ট্ৰিক কেটলিত চাহ বনাই চাহে বিস্কুটে খাই গাড়ীৰে আমি ওলাই গ’লো ।    

পুখুৰিটো পাৰ হৈ কিছু আগেদি বাঁওহাতে যোৱা পথটোৰে গাড়ী আগবাঢ়িল। পৰিপাটি গাঁও এখন । সৰু পথ যদিও অন্য যান-বাহন নাই বাবে অসুবিধা নোহোৱাকৈ গৈ আছো। টিঙৰ চালি দিয়া অসম আৰ্হিৰ ঘৰবোৰ। আগে পিছে চোতাল। শ্বৱেৰে ক’লে যে ইয়াৰ পৰ্কৰ হেনো ভাল চাহিদা আছে। বেছিভাগ মানুহৰে ঘৰৰ পিচফালৰ চোতালত গাহৰিৰ গড়াল আছে । ইয়াৰ পোৰা গাহৰিৰ ব্যঞ্জন বোৰ হেনো সাংঘাটিক সোৱাদ । আমাক  ৰাস্তাৰ কাষৰ দোকান এখনত স্মক পৰ্ক ফ্ৰাই টেষ্ট কৰাবৰ বাবে লৈ যাম বুলি কৈছিল যদিও বাইদেউহঁতে নাখায় বাবে  আমি নাযাওঁ বুলি ক’লো। জালুকৰ গুৰি আৰু সৰহকৈ পিয়াঁজ দি ভজা চিকেনৰ থপথপীয়া জোলত নেমুটেঙাৰ ৰস দি ৰন্ধা ‘মাইলিয়েম  চিকেন’ খাবলৈ,  ইয়াৰ দুখনমান বিশেষ দোকানলৈ হেনো শ্বিলঙৰ পৰা মানুহ আহিয়ে থাকে। শ্বৱেৰৰ মুখত মাইলিয়েম চিকেনৰ বৰ্ণনা শুনি মুখলৈ পানী আহি গৈছিল । শ্বৱেৰে গাড়ীখন আগুৱাই লৈ গৈ মাওদহৰ ওলমা দলংখনৰ ওচৰ পোৱালেগৈ । তাতে চাহৰ লগত ম’ম চাওমিন আদি খাই উভটি আহিলোঁ । তাৰ পৰা হোটেললৈ ১০ কিলমিটাৰ মান হ’ব । ওভটনি যাত্ৰাৰ সময়ত লাহে লাহে আকাশ খনে ৰঙ সলাই ডাৱৰৰ সতে হেঙুলী সুৰুযৰ ৰঙ- বিৰঙী  অপূৰ্ব ক’লাজৰ সৃষ্টি কৰিছিল। আন্ধাৰ হ’বলৈ আৰম্ভ কৰাত হোটেললৈ ঘুৰি আহিলোঁ ।

হোটেল খনৰ তলৰ তলাটোৰ সমূখত এখন ডাঙৰ সমতল । এফালে  কিছু  ওখকৈ পকা কৰি থোৱা আছে। পকা ডোখৰত কিছু দূৰে দূৰে ৫-৬ টা মান  তম্বু তৰি থোৱা দেখা পালোঁ। আবেলি পুখুৰীত মাছ মাৰি থকা দীঘল চুলিৰ লৰা জনকো দেখিলোঁ । শ্বৱেৰে এটা তম্বুত থাকিবলৈ ঠাই পালে । বেছ আহল বহল ঠাই। ঠায়ে ঠায়ে কাঠৰ চকী মেজ বনাই থোৱা আছে। সৰু সৰু দল কিছুমান দেখিলোঁ। তেওঁলোক তম্বুত থাকিব। খালটোৰ ফালে ঘাহঁনিত তিনি ঠাই মানত কেম্প ফায়াৰ কৰিছে। ইমান সুন্দৰ পৰিৱেশ ! ঠান্ডা বতাহ এজাকে মন প্ৰাণ জুৰ পেলাই গৈছিল । ওপৰৰ পৰা আধাফাল জোন আৰু চকু পিৰিকিয়াই থকা তৰাবোৰে আমাক চাই আছিল । আকাশৰ কোনোবা এটা কোণত ৰৈ ৰৈ বিজুলী মাৰি আছিল। আমি কোঠালীলৈ ঘুৰি আহিছিলোঁ ।ৰাতিৰ খোৱা বোৰ ৰূমতে দি থৈ গৈছিল ।

পিছদিনা ৰাতিপুৱা শুই উঠিয়েই ইটো কোঠালীত থকা বাইদেউক মাতটো লগাই সোনকালে আহিম বুলি কৈ পিছফালৰ ধুনীয়া ঠাইখনলৈ অকলে ওলাই গ’লো । চেৰাপুন্জীৰ ঘন কুঁৱলীৰে ঢাকি ৰখা এটা সুন্দৰ পুৱা । ৰাতি বোধহয় বৰষুণ হৈছিল,  মাটিবোৰ তিতি থকা গম পালোঁ । দুই এখন ট্ৰাক পাৰ হৈ যোৱা শব্দৰ বাহিৰে সকলো ফালে নিমাত নিতাল। খালটো পাৰ হৈ গৈ সিপাৰ পালোগৈঁ। কিছুদূৰ সমতলৰ পিচৰ খিনি এঢলীয়া। সুন্দৰ শৃংখলাবদ্ধ ভাবে কৰা খেতিয়েই খেতি। খেতিবোৰৰ মাজত কোনো বেৰ নথকাত অনায়াসে মাজেদি পাৰ হৈ যাব পাৰিছিলোঁ। কুঁৱলীৰ লগত অহা পানীৰ কণিকা বোৰে গালে মুখে মৰমেৰে পৰশ বুলাই গৈছিল । নিজান- নিস্তব্ধ এই পুৱা, ঘন কুঁৱলীৰ আচ্ছাদনৰ মাজত মোৰ পৃথিৱী খনত আছিলো কেৱল মই আৰু মোৰ চাৰিওফালৰ সেউজীয়াবোৰ। বৰষুণ পৰিবলৈ আৰম্ভ কৰাত ছাতিটো মেলি লৈ হোটেললৈ ঘুৰি আহিছিলো ।  

হোটলত পুৱাৰ আহাৰ কৰি একেবাৰে ওলাই আহিছিলোঁ । পিছৰাতি বৰষুণ দিয়াত শ্বৱেৰৰ তম্বুৰ ভিতৰত হেনো পানী সোমাইছিল। তেওঁ ক’লে যে আমি।চেৰাপুন্জীত কিছুসময় কটাই শ্বিলঙলৈ ঘুৰি যাম । বতৰ বেছ ডাৱৰীয়া আছিল যদিও মাজে ভুমুকি মৰা বেলিটোৱে উজ্জ্বল নীলা আকাশৰ এছোৱাৰ সতে নীলা সেইজীয়া পাহাৰবোৰ লৈ কেতিয়াও নেদেখা এই দৃশ্য অপৰূপ ৰূপেৰে চকুৰ আগত তুলি ধৰিছিলহি। কিমান বাৰ যে আহিছো চেৰাপুন্জীলৈ! কিন্তু আজিৰ দৰে সুন্দৰ কেতিয়াও দেখা নাছিলোঁ । বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে প্ৰথমবাৰ অহা বাইদেউহঁতে জলপ্ৰপাত বোৰ ভালদৰে চাব পৰা নাছিল । নহকালিকাই জলপ্ৰপাতটো ৰাস্তাৰ কিছু ভিতৰলৈ । গাড়ীখন ‘পাৰ্কিং’ত থৈ আগুৱাই আহি পাওঁ মানে বেছ জোৰেৰে বৰষুণ পৰিছিল ।  জলপ্ৰপাতৰ ভিউ পইন্টত থকা দোকান খনৰ পৰা বান(Banh) নামৰ খাছীয়া ল’ৰাজনে এওঁক চিঞৰি মাতিছিল। বহুত পুৰণা চিনাকি ল’ৰা । তেওঁৰ দোকানতে বহুত সময় বহিলো । দোকানৰ লগতে তেওঁৰ থকা ঘৰ, ওচৰৰ গাঁৱত বহুত মাটি আছে। এইখিনিও নিজৰে মাটি। ভিতৰৰ পাকঘৰৰ পৰা ডাঙৰ একো কাপকৈ গাখীৰ চাহ আৰু বিস্কুট আহিল। তেওঁৰ দোকানৰ পৰা মেঘালয়ৰ ফটো থকা চাহৰ কাপৰ ঢাকনি আৰু পৰম্পৰাগত পোছাক পিন্ধা খাছীয়া পুতলাৰ চাবিৰ ৰিং কিনিলোঁ। তেওঁ নিজৰ খেতিত হোৱা দালচেনি আৰু জালুক এটোপোলাকৈ সকলোকে দিছিল। বৰষুণ বন্ধ হোৱাত ওলাই আহি জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰাত লাগিলো। ডাঙৰ বৰষুণ হৈ যোৱা বাবে নহকালিকাই জলপ্ৰপাতৰ পানী বোৰ প্ৰচন্ড শব্দৰে পৰিছিল ।আগতে দেখা জলপ্ৰপাতটো এক নতুন ৰূপেৰে চকুৰ আগত ধৰা দিছিলেহি। বৰ সুন্দৰ আছিল আমাৰ এই যাত্ৰা ।

যিকোনো  ঠাইলৈ যোৱাৰ আগতে যাত্ৰাৰ সময়টো সঠিক ভাৱে নিৰ্বাচন কৰিলেহে ভ্ৰমণৰ আচল মজাটো ল’ব পাৰি। মই ভাবো শুকান বতৰত চেৰাপুন্জী মাইলিয়েমলৈ যোৱাতকৈ বাৰিষাৰ পিছত গ’লেহে প্ৰকৃত সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব । কিন্তু মাইলিয়েমৰ শীতৰ পুৱা খেতি ঘাঁহনিত পৰা বৰফৰ চাদৰ চাবলৈ হ’লে ডিচেম্বৰ- জানুৱাৰীতহে যাব লাগিব । কেতিয়াবা থকাকৈ গ’লে মাওফ্লাঙৰ চেক্ৰেড গ্ৰুভ খনো চাই আহিব পাৰে।

*****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক