প্ৰকৃতি আৰু প্ৰেম গীতালি দাস

প্ৰকৃতি প্ৰেমৰ অন্য এক নাম৷ কথাখিনি আমি এনেকৈয়ো কব পাৰো যে প্ৰেমৰ প্ৰথম উন্মেষ হয় প্ৰকৃতিতেই৷ মানৱ জীৱনেই হওক বা প্ৰাণীকুলতেই হওক প্ৰকৃতি হ’ল সকলো জীৱৰ প্ৰাণ৷ প্ৰকৃতিৰ অবিহনে প্ৰাণী জীয়াই থকাৰ কথা কল্পনাও কৰিব নোৱাৰি৷ সৃষ্টিৰ প্ৰথম বীজ অংকুৰিত হৈছিল এই প্ৰকৃতিৰ কোলাতেই৷ অৰ্থাৎ প্ৰকৃতি হ’ল মাতৃ৷ মাতৃ হ’ল প্ৰাণীৰ প্ৰথম প্ৰেম৷ যি প্ৰেমে নিজৰ সকলো বিসৰ্জন দি কেৱল বিলাই দিবলৈ শিকাই সেয়াই হ’ল মাতৃ৷ পৃথিবীৰ প্ৰতিটো জীৱই জীৱনৰ আদিম পুৱাত মাতৃ প্ৰেমেৰে ধন্য হৈ জীৱন পথত আগুৱাই যোৱাৰ অনুপ্ৰেৰণা পায়৷ তাৰ পৰাই আৰম্ভ হয় জীৱনৰ সংগ্ৰাম৷ সংগ্ৰামৰ পথ খলা-বমা৷ এই বাটেৰে আগুৱাই যাবলৈও প্ৰয়োজন হয় প্ৰেমৰ৷ গছ-লতিকা, তৰু-তৃণ, জীৱ-জন্তুকে আদি কৰি মানুহৰ কাৰণেও প্ৰেম এক সঞ্জীৱনী৷ জীয়াই থকাৰ এক অনুপম উপাদান৷ প্ৰেম প্ৰিয়জনৰ উশাহ৷ যি উশাহে বুকুত খোদিত হৈ লিখি দিয়ে জীৱনৰ নাম৷
সৃষ্টি পাতনিৰে পৰা এই প্ৰেমৰ কাৰণেই বৰ্তি আছে জীৱকুল৷ গছ লতিকাই এই প্ৰেম আহৰণ কৰে প্ৰকৃতিৰ পৰা৷ বিনিময়ত প্ৰকৃতিৰ জীৱকুলক জীয়াই থকাৰ ইন্ধন যোগায়৷ মেঘ, পানী, বতাহ এই সকলোবোৰেই প্ৰকৃতিৰ প্ৰেমিক৷ প্ৰেমিক বৰষুণৰ আলিংগন আহ্লাদে প্ৰকৃতিক কৰি তোলে উৰ্বৰা৷ প্ৰকৃতিৰ বুকুত ঠন ধৰি উঠে গছ লতিকা৷ গছৰ আশ্ৰয়ত পক্ষীকুলে প্ৰেমৰ উন্মাদনাৰে সুৰীয়া কণ্ঠৰ গীত জুৰে৷ বতাহৰ তালে তালে পাখি কোবাই উৰি যায় দূৰদূৰণিলৈ৷ আকৌ উভতি আহে নিজৰ আশ্ৰয় স্থানলৈ৷ এয়াও প্ৰেম৷ নিজৰ সংগীক হেৰুৱাই অকলশৰীয়া কপৌ চৰাইজনীক মন কৰিছেনে কেতিয়াবা৷ উহ, কি বিৰহত অকলে অকলে বহি ৰয় গছৰ ডালত৷ আমাৰ অসমীয়া সমাজত একেলগে একান্ত ভাবে থকা প্ৰেমিক যুগলক চাকৈ-চকোৱা বুলিও কয়৷ কোৱা হয় সংগী হেৰুওৱা চাকৈ চকোৱাই কেতিয়াও বেলেগ সংগী বিচাৰি নাযায়৷ এক কথাত কবলৈ গ’লে চৰাই চিৰিকতি জীৱ জন্তুৰ মাজত সংগী প্ৰেম মানুহৰ জীৱনতকৈও বেছি গভীৰ৷ হাতী, সাপ আদিয়ে নিজৰ সংগীক কেতিয়াও পাহৰি নাযায়৷ সৰ্প প্ৰেমক লৈ সেয়েহে বহুত কাহিনী উপকাহিনী আছে৷ যুগে যুগে সৰ্পই হেনো নিজৰ সংগীকে বিচাৰি বিচাৰি পুনৰজনম লয়৷ আনকি জোৰ খোৱা অৱস্থাত সৰ্প নিধন কৰিলে সেইজনক হেনো জীয়াই থকা সৰ্পডালে বহু যুগলৈ প্ৰতিশোধ লবলৈ ৰৈ থাকে৷ এইবোৰ যদিও কিছুমান কাহিনী অথবা কিংবদন্তী কিন্তুু তাৰ আঁৰত লুকাই থকা প্ৰেমৰ প্ৰচ্ছন্ন ইংগিতকেই বহন কৰে৷
মানৱ জীৱনতো প্ৰেমৰ আছে এক অনবদ্য অৱদান৷ প্ৰেমৰ উন্মেষৰ সময় যদিও যৌৱন কাল বুলিয়েই ধৰা হয় তথাপি মানুহৰ জীৱনত প্ৰেম যিকোনো সময়তেই প্ৰৱেশ কৰিব পাৰে৷ কোৱাই হয় প্ৰেমে কোনো বয়স অথবা স্থান কাল পাত্ৰ বিচাৰ নকৰে৷ সঁচাকৈয়ে আচৰিত এই মানৱ প্ৰেম৷ ৰং, ৰূপ, উচ্চ, নীচ সৰু, ডাঙৰ একো বিচাৰ নকৰাকৈ প্ৰেম আহিব পাৰে মানুহৰ জীৱনলৈ৷ প্ৰেমে মানুহক হেনো এক স্বৰ্গীয় অনুভূতি প্ৰদান কৰে৷ প্ৰেম এনে এক অনুভৱ যিয়ে মানুহক মানুহ হোৱাৰ যোগ্যতা প্ৰদান কৰে৷ মানুহৰ পৃথিৱীত প্ৰেমৰ স্বচ্চতাক কলুসিত কৰে স্বাৰ্থপৰতাই৷ প্ৰেমে মানুহক যিদৰে দেৱত্ব প্ৰদান কৰে সেই একেই প্ৰেমে মানুহক আসুৰিক উন্মাদনাও আনি দিয়ে৷ কিন্তুু যি প্ৰেমত আসুৰিক উন্মাদনা থাকে সেয়া কেতিয়াও প্ৰেম হবই নোৱাৰে৷ সেয়া মাথো হব পাৰে ক্ষণিকৰ উত্তেজনাহে মাথোন৷ সঁচা প্ৰেম, মিছা প্ৰেম এইবোৰ অভিধা কেৱল মানুহৰ পৃথিৱীতহে প্ৰচলিত শব্দ৷ প্ৰেম প্ৰেমেই৷ প্ৰেম মিছাৰ আশ্ৰয়ত জীয়াই থাকিবই নোৱাৰে৷ যদি হয় সেয়া হব মাথো চল, কপটতা, ঠগ, প্ৰৱঞ্চনা৷
প্ৰকৃতিক আশ্ৰয় কৰি জীয়াই থকা মানুহে প্ৰেমৰ আদিপাঠ প্ৰকূতিৰ পৰা অনুধাবন কৰিব পাৰিলেহে প্ৰেমৰ প্ৰকৃত দিশ উদ্ভাসিত হব৷ অন্যথা প্ৰেম হৈ ৰব যুগে যুগে স্বাৰ্থান্ধ মানুহৰ চলনাৰ উপকৰণ৷ আজিৰ আলোচনাত প্ৰকৃতিক অৱলম্বন কৰি প্ৰেমক এক স্বৰ্গীয় অনুভূতিৰ অনুভৱ হিচাপে দেখুৱাবলৈ চেষ্টা কৰা হৈছে মাথোন৷ প্ৰেমৰ বিশালতাই এই আলোচনাক মাথো চুইহে গৈছে৷ প্ৰেমৰ অনন্য ৰূপে পৃথিৱীৰ প্ৰতিজন মানৱকে সুন্দৰ কৰি তুলি এই ধৰাক স্বৰ্গ কৰি তোলাত সহায়ক হওক, প্ৰেমৰ মূৰ্ত অনুভৱে প্ৰতিজন পৃথিৱীবাসীক দিয়ক এক অমূৰ্ত আবেদন, প্ৰেমে ধুৱাই দিয়ক অন্যায় অবিচাৰ অনীতি, প্ৰেম হৈ পৰক প্ৰতিজন মানুহৰ হৃদয়ৰ অলংকাৰ, যাক পৰিধান কৰি মানুহ হৈ উঠক প্ৰকৃতিৰ উপযুক্ত সন্তান৷ এই আশাৰেই বাট চাই ৰব প্ৰতিজন প্ৰকৃতিৰ প্ৰেমিক যাৰ নাম “মানুহ“৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments