প্ৰকৃতি, কৃষি, কীটনাশক আৰু মানৱ চেতনা (ড০ লোচন শইকীয়া)

মানৱ সভ্যতাৰ বিকাশৰ লগতে যুদ্ধও আহিল। অস্ত্ৰৰ ঝনঝননী তল পৰিল। ৰসায়নৰ অনৈতিক অপৰাধ গন্য ব্যৱহাৰত ইতিহাসত কেইবাখনো দেশে কুনাম গোটালে। আমেৰিকাৰ পৰমাণু বোমাৰ বিভীষিকা মাত্ৰ সৌ সিদিনাৰ। মিত্ৰ দেশৰ যুদ্ধৰ ব্যস্ততাত সৈনিকৰ শৰীৰত ছাল ওকণীয়ে বাঁহ ললে। ছাল ওকণী মাৰিবলৈ ডিডিটি আৱিষ্কাৰ হল। মাৰণাস্ত্ৰৰে কৰা যুদ্ধও এদিন স্থগিত হল। ডিডিটিৰ কীট-পতঙ্গ নাশ কৰিব পৰা গুণটোৰ ওৰ পাই আমেৰিকাই শস্য ৰক্ষা কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। মেলেৰীয়া সৃষ্টি কৰা এনোফিলিচ মহৰ যম হৈ দেখা দিলে ডিডিটিয়ে। ফলত সৃষ্টি হল পাশুপাতৰূপী মেৰুদণ্ডী প্ৰাণীৰ প্ৰাণনাশী অপগুণৰ প্ৰতিফলন।

পৰ্ব্বতৰ উচ্চতাত থকা আকাশ চুৱা অট্টালিকাতো বাঁহ লোৱা চিলনী চৰাই (ক্লিফ ঈগলৰ), আমেৰিকাৰ ৰাষ্টীয় চিহ্ন বহনকাৰী ক্লিফ ঈগলৰ সংখ্যা কমি আহিল। মৎসভোজী চিলনীৰ খাদ্যভাণ্ডাৰত মানুহৰ অজানিতেই ডিডিটিৰ পৰিমাণ বাঢ়ি আহিল। মাছ নমৰিল। গমো নাপালে। পানীত প্ৰয়োগ নকৰাকৈয়ে পানীলৈ ডিডিটি কেনেকৈ আহিল। এইখিনি অলপ পিছত কৈ আছোঁ। মাছ খোৱা চিলনীৰ শৰীৰত পোনে-পোনে বিষক্ৰিয়া দেখা যোৱা নাছিল। এগৰাকী প্ৰাণী বিজ্ঞানীয়ে নীৰৱে লক্ষ্য কৰিছিল যে পেন আমেৰিকাত থকা ক্লিফ ঈগলৰ সংখ্যা বিলুপ্তিৰ পৰ্য্যায় চুলেহি। কাৰণ বিচাৰি ঈগলৰ বাঁহত সন্ধান চলালে। কণী ঠিকেই পাৰে। কণীও প্ৰযোজনৰ প্ৰকৃতিক নিয়মৰ মাজেৰেই আহে। উমনীত ভাগি থাকে। কণীৰ চোকোৰা পাতল হ’ল। প্ৰকৃতিৰ নিয়মতো কোনো বিচ্যুতি নাই। তেনেহলে কণী ভাগে কেনেকৈ?

বিশ্লেষণমূলক অনুসন্ধানত কণীৰ চোকোৰাত ডিডিটি ওলাল। চিকাৰীৰ চিকাৰ স্থানত সন্ধান কৰি গম পোৱা গল যে মাছতেই ডিডিটি আছে। ডিডিটিৰ প্ৰভাৱত কণীৰ চোকোৰা পাতল হৈ পৰিল। মাছৰ শৰীৰত যি পৰিমাণে ওলাল ওজনত সংখ্যাৰে প্ৰতি এক মিলিয়ন ভাগত কিমান সেই হিচাবতে গণিব পাৰি। এটা উদাহৰণ- এক মিলিগ্ৰাম এক লিটাৰ পানীত দ্ৰবীভূত হ’লে কোৱা হয় এক পিপিএম। তেনেকুৱা কেই পিপিএম মান মাছৰ শৰীৰত ওলাল। ৰসায়ন শাস্ত্ৰত মেৰুদণ্ডী প্ৰাণীৰ প্ৰাণ নাশিব পৰা হিচাবটোও LD 50 মানে লিথেল ডোজ ৫০ কোৱা হয়। জোখা হয় শৰীৰৰ প্ৰতি কিলোগ্ৰাম ওজনত। প্ৰতিবিধ কীটনাশক ৰসায়নিক যৌগৰ লিথেল ডোজ ৫০ বেলেগ। প্ৰকৃতিৰ সকলো প্ৰাণী অন্য প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। মাছৰ ওজনৰ কাৰণে তুলনাত বিহ কম হ’ল। মাছ নমৰিল। বেচেৰা ঈগল প্ৰজাতিটোক সবংশে নাশ কৰিবলৈ এইপাত অস্ত্ৰ পাশুপাত হৈ অদৃশ্য ৰূপত গৈ খাদ্যৰূপত কণীৰ চোকোৰাত গৈ সোমাল। Rachel Carson ৰ ১৯৬২ত প্ৰকাশিত Silent Spring নামৰ কিতাপ এখনে সবিস্তাৰে ডিডিটিৰ এই মৃত্যুনাশী গুণ বখানি পেলালে।

Rachel Carson’s book Silent Spring. A former marine biologist and accomplished nature writer, Carson in 1958 contacted E. B. White, a contributor to The New Yorker, suggesting someone should write about DDT. White declined, but the magazine’s editor, William Shawn, suggested that Carson herself write it. The ensuing articles, supplemented by additional material, became Silent Spring, for which Carson signed a contract with Houghton Mifflin in August 1958।

Carson based her passionate argument against pesticides on the desire to protect wildlife. Using evocative language, Carson told a powerful fable of a town whose people had been poisoned, and whose spring had been silenced of birdsong, because all life had been extinguished by pesticides.

১৯৭০ত একাডেমী অব চায়েন্সে ডিডিটিৰ হৈ উকালতিও কৰিছিল। আফ্ৰিকাৰ মেলেৰীয়াগ্ৰস্ত ঠাইৰ ৫০০ মিলিয়ন মানুহৰ জীৱন দানৰ কথা সোঁৱৰাই দিছিল।

We have discovered many preventives against tropical diseases, and often against the onslaught of insects of all kinds, from lice to mosquitoes and back again. The excellent DDT powder which had been fully experimented with and found to yield astonishing results will henceforth be used on a great scale by the British forces in Burma and by the American and Australian forces in the Pacific and India in all theatres.—Winston Churchill, September 24, 1944

 

ডিডিটিৰ পৰিৱৰ্ত্তে অন্য ঔষধে দাম, কামত মূৰ দাঙিব নোৱাৰিলে। লিখনিটো দীঘল হোৱাৰ সুবাদত সেয়া পৰিহাৰ কৰিছোঁ। জনসাধাৰণৰ প্ৰতিবাদৰ ওচৰত মূৰ দোঁৱাই আমেৰিকাৰ Environmental Protection Agency এ ডিডিটিক আমেৰিকাত প্ৰস্তুত কৰা, বজাৰলৈ উলিয়াই দিয়া, বিক্ৰী কৰা সকলো চৰকাৰীভাৱে বন্ধ কৰি দিলে। ১৯৭২ চনতেই ডিডিটি Banned হৈ গ’ল। প্ৰকাশিত কিতাপখনত বিজ্ঞান কিমান সেইটো আমাৰ বিচাৰ্য্য নহয়। অতি দুখৰ কথা অসমত মেলেৰীয়া নিৰ্মূলৰ নামত ডিডিটি কেনেকৈ ব্যৱহাৰ হৈ আছে সেইবোৰৰ কোনো তথ্য আমি দিব নোৱাৰোঁ। তাতো আছে আইনী মেৰপাক। এয়াই আমাৰ স্বাস্থ্য বিভাগৰ সফলতা। চিনকোনা গছৰ মেলেৰীয়া নিৰ্মূলকাৰী গুণৰ প্ৰতিৰোধ ক্ষমতা এনোফিলিচ মহে কাহানিবাই গোটালে। তাৰ পৰিৱৰ্ত্তে অন্য ঔষধি গছো (Artemisia annua) পোৱা গ’ল। মহবোৰটো তেনেকৈ থাকিল। এদিন আহিব, পৰিৱৰ্ত্তিত গছৰো ঔষধি গুণৰ প্ৰতিৰোধ ক্ষমতা লৈ এনোফিলিচে নৰমেধৰ সংহাৰী ৰূপত দেখা দিব। সেই দিনটোলৈও বেছিদিন অপেক্ষা কৰিব নালাগে। কাৰণ একেটাই।

ডিডিটি আহিল, পিচে পিচে তেনেকুৱা আৰু নতুন নতুন যৌগ চিনাক্ত হ’ল। নামো দিয়া হ’ল Dirty Dozen। ১২ বিধ বেলেগ বেলেগ ৰসায়নিক যৌগক নিষিদ্ধ কৰা হ’ল। তালিকাখন চাই থাকোঁতেই আৰু দীঘল হ’ল। চৰকাৰে নিষিদ্ধকৰণৰ জাৰী কৰি নিজৰ দায়িত্ব সামৰিলে।

১৯৮৬ চনত Secretary of State George Schultz: “The U.S. cannot, repeat cannot … participate in programs using any of the following: (1) lindane, (2) BHC, (3) DDT, or (4) dieldrin.” Edwards, “DDT: A Case Study in Scientific Fraud,” 87. As recently as 2004, one USAID official admitted that the reason her agency “doesn’t finance DDT is that doing so would require a battle for public opinion. ‘You’d have to explain to everybody why this is really O.K. and safe every time you do it,’ she said.” In short, public perception has been allowed to trump scientific fact in the debate over this life-saving chemical. Tina Rosenberg, “What the World Needs Now Is DDT,” New York Times Magazine, April 11, 2004 ত প্ৰকাশিত।

ৰসায়নিক নামবোৰৰ কামৰ জ্ঞান সাধাৰণ নালাগে বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰীৰো পাল্লাৰ বাহিৰত। মানুহৰ চিকিত্সাৰ বাবে এলোপেথিক ড্ৰাগচৰ ক্ষেত্ৰত যিমানবোৰ প্ৰতিবন্ধকতাৰ নিয়ম আছে, কৃষিত প্ৰয়োগ হোৱা ৰসায়নৰ ক্ষেত্ৰত তিলমানো নাই বুলি ক’লে মিছা কোৱা নহয়। শস্যৰ ৰোগ নাশকাৰী বা অনিষ্টকাৰী কীট-পতঙ্গ নাশকাৰী ৰসায়নিক যৌগ (ঔষধ কবলৈ মোৰ সতেই নাযায়)ৰ পেকেটৰ ওপৰত নিয়মানুযায়ী সতৰ্কবাণী ঠিকেই লিখা থাকে। ব্যৱহাৰকাৰী খেতিয়কৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। শস্য উত্পন্ন হ’ব লাগে, ৰোগ-কীট মৰিব লাগে। লগতে মানুহে খাই মৰে, দৰকাৰ নাই। মানুহতো খায়েই মৰে। নাখায় নমৰে নহয়। এনেয়েও কৃষক দুৰ্ভগীয়া। দুখীয়া কৃষকৰ সংখ্যা পৰিসংখ্যাত ক’লে গোটেই দেশখনেই। কেইজনমান ধনী খেতিয়কে দেশখন এনেয়ো তৰোৱা নাই। কৃষকৰ হৈ কওঁতা, কান্দোঁতা নাই। বিকোতাক সোধক, অমুকটো গছৰ অমুক লক্ষণৰ বেমাৰৰ ঔষধ দিয়ক। অমুকটো পোকৰ বাবে এনেকুৱা, তেনেকুৱা হৈছে; দৰৱ এটা দিয়ক। বিক্ৰেতাই (OTP, Over The counter) মানুহ ডাক্টৰৰ দিয়া প্ৰেচক্ৰিপচন চাই দৰৱ নিদিয়ে। ব্যৱসায় খুলিছোঁ লাভলৈ। কৃষিত ব্যৱহৃত ৰসায়নিক যৌগবোৰ বিকা অনুমতি পত্ৰ ল’লেই ঝামেলা শেষ। মোৰ কি আহে, যায়! কিমধিঅতিকম্।

ডিডিটি পানীত দ্ৰৱীভূত নহয়। সাগৰৰ পানীত দ্ৰৱিতৰ পৰিমাণ উল্লেখ কৰিছে ২.৭ পিপিবি (Thomas H. Jukes, “Silent Spring and the Betrayal of Environmentalism,” 21st Century Science and Technology 7, no. 3 (Fall 1994) হ’লেও উপঙি থাকিব পাৰে। গেচ ৰূপত বতাহত মিহলি হৈ পৃথিবীৰ ইমূৰৰ পৰা সিমূৰলৈ যাব পাৰে, যায়, গৈছে। বতাহৰ কোনো পৰিসীমা নাই। ডিডিটি মাথোঁ এটা উদাহৰণ। এনেকুৱা অপকাৰী অপতৃণনাশক, ৰোগনাশক, কীটনাশক অজস্ৰ ৰসায়নিক যৌগৰ প্ৰাদুৰ্ভাৱ বজাৰত নিতৌ ঘটিব লাগিছে। কোনে ৰোধিব পাৰে। পথাৰৰ মাছ-পুঠি, বেং, ভেকুলী, সাপ, মানুহ মেৰুদণ্ডী প্ৰাণী এইবোৰৰ সহজ চিকাৰ।

কৃষিক বজাৰীকৰণ কৰিবই লাগিব। কৃষি শস্যত বিভিন্ন ৰোগ, কীট-পতঙ্গ কোনো নতুন কথা নহয়। জনসংখ্যা বাঢ়িছে, আৰু বাঢ়িব। উত্পাদন বঢ়াবলৈ কৃত্ৰিম সাৰ, শস্যক ৰোগ, কীট-পতঙ্গৰ পৰা বচাই ৰাখিবলৈ ৰসায়নিক যৌগই একমাত্ৰ উত্তৰ নহয়। চমু পথেৰে উত্তৰ বিচৰা মানুহৰ নিজৰ জীবনটোকে চমু কৰাৰ কোনো অৰ্থ নাই। বজাৰত উপলব্দ্ধ যিকোনো শস্য এতিয়া অপৰাধ গন্য ৰসায়নিক যৌগৰ পৰিমাণৰ পৰা মুক্ত নহয়। গাখীৰ, কণী একো সাৰি যোৱা নাই।

কৃষিক জৈৱিক ৰূপেৰে কৰিবলৈ বিচাৰ ধাৰা পুনৰ কৰা ধাৰণাও পুৰণা হ’ল। হ’লেও কি হ’ব! জৈৱ সাৰ, কেঁচু সাৰ, জৈৱিক ৰসায়নিক যৌগক লৈ পুনৰ বিচাৰ-বিবেচনা চলিছে। প্ৰকৃতিৰ নিৰবচ্ছিন্নতাৰ ধাৰা অব্যাহত ৰাখি, বহন কৰিব পৰা ক্ষমতাৰে কৃষিক উৎপাদনমুখী কৰিবলৈ এয়াইটো একমাত্ৰ উপায়। কৃষিক জৈৱীকৰণৰ চৰকাৰী বিভাগ, ভালেমান বেচৰকাৰী গোটে প্ৰয়াস চলাইছে। তথাপিও বজাৰৰ সামগ্ৰীবোৰে সেয়া যে কচু শাকত এটি জালুকৰ ৰূপ বুলি মুখ ভেঙুচালি কৰিছে। কাৰণ এটাই। আমাৰ মানবীয় চেতনাবোধ কমিছে। মেগী নিষিদ্ধ হোৱাটো কেইদিন হৈছে? মহাৰাষ্ট্ৰ চৰকাৰে নিষিদ্ধকৰণ বিষয়টো পুনৰ বিবেচনাৰ অধীনলৈ আনিছে। তাকে বাকী চৰকাৰবোৰে অনুকৰণ কৰিবলৈ কিমানপৰ। দেখাক দেখি কৰা আমাৰ ভাৰতীয়, বিশেষকৈ অসমীয়াৰ চৰিত্ৰগত নিয়মেই হৈ পৰিছে। চৰকাৰৰ মূৰব্বীজনটো সৰ্বজান্তা নহয়। তেওঁক পৰিচালিত কৰা বাবুবোৰ পইচাৰে কিনা গোলাম নহয় জানো! বৰ্ত্তমান চৰকাৰৰ লোকসভাত Statutory Committeeৰ তৰফৰ পৰা পৰামৰ্শ আগবঢ়াইছে, যাতে অহা ছমাহৰ ভিতৰতে কৃত্ৰিম সাৰৰ যধে-মধে কৰা ব্যৱহাৰৰ ফলত মাটিৰ মৰি অহা প্ৰক্ৰিয়াক পুনৰ সজীৱ কৰিবলৈ জৈৱিক কৃষিক নিয়মবোৰ জাৰী কৰি অধিক উত্পাদন ও স্বাস্থ্য, প্ৰকৃতি সকলোকে গুৰুত্ব দিব পাৰি (দা হিন্দুস্তান টাইম্‌চ, ১৭ আগষ্ট, ২০১৫)।

নিয়ম আৰু পালন দুয়োটা একেলগে হ’ব লাগিব। কিনোতা, খাওঁতাৰ ঘৰতটো কোনো ৰসায়নশালা নাই যে পৰীক্ষা কৰি ল’ব। প্ৰাক্-সচেতনাৰ অভাৱেই আমাক ক’লৈ যে লৈ গৈছে, আমি জানিও নজনাৰ ভাও ধৰিছোঁ। আহিব ধৰা পৃথিবীখনতো আমি আহিব ধৰা জন্মৰ পৰা ধাৰহে লৈছোঁ।

অসমীয়াত এটা প্ৰবচন আছে– বাচি খাবা, জাগি শুবা। আহক, কৃষিক কৃষকৰ ওচৰলৈ নিয়া আমি সকলো, পৰামৰ্শদাতা, বিকোতা, কিনোতা, প্ৰয়োগ কৰোঁতাই এক মুখে কওঁ- জৈৱিক কৃষি জিন্দাবাদ্।

০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments