প্ৰকৃতি, মোৰ অসুখ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰেচন কাৰ্ডৰ কাৰণে অ’ফিচত জমা দিবলৈ চাৰিদিনমান আগত গোটেই ঘৰখনতে বিচাৰি ফুৰা আধাৰ কাৰ্ডখন হঠাতে পাই গ’লে মনত এক সকাহৰ লগতে ‘এতিয়া জমা দিলে কামটো বা হয় নে নহয়’  বুলি ভাবি এক মৃদু শংকাও হোৱাৰ দৰে অ’ফিচৰ পিয়ন হৰবিন্দই যেতিয়া ‘ডাক্তৰ প্ৰকৃতি বৰাকে দেখুৱাই লওঁক, ভাল তেওঁ’ বুলি মোক কৈছিল, ‘প্ৰকৃতি বৰা’ৰ নামটো শুনাৰ লগে লগে সকাহ আৰু মৃদু শংকা- দুয়োটাই একে সময়তে আহি মনটোত ভিৰ কৰিছিল।

বেঁকা!

নেছাৰ!

প্ৰকৃতি!

ডাক্তৰ প্ৰকৃতি বৰা!

: প্ৰকৃতি! কি নাম ৰাখিছে ও তোৰ। এডমিশ্যনৰ দিনা তোৰ নামটো যেতিয়া মাইকত এনাউন্স কৰিছিল, চাৰিজনমান ছিনিয়’ৰে ‘ধুনীয়া ছোৱালী হ’ব, নামেই কয়’ বুলি হেনো দৌৰা-দৌৰি লগাইছিল – আমি তাক সুধিছিলোঁ।

: মই কি জানোঁ। ককাই ৰখা নাম। প্ৰকৃতিক ভাল পোৱা মানুহ আছিল তেওঁ – সি সৰু মাতেৰে কৈছিল। তাৰ মাতটো আছিল সৰু। কেতিয়াবা দুবাৰ সুধিব লগা হয়-‘কি কৈছিলি, আকৌ ক’।

ঠাণ্ডা, শান্ত সি।

‘একদম শৰৎ কালৰ প্ৰকৃতিৰ শান্ত সমাহিত ৰূপটো যেন ই, হা: হা:’ – আমি হাঁহিছিলোঁ।

আমি একেলগে হায়াৰ ছেকেণ্ডাৰীৰ ছায়েন্সত এডমিশ্যন লৈছিলোঁ। মই কিয় ছায়েন্স পঢ়িব খুজিছিলোঁ, নিজেই নাজানিলোঁ আজিলৈ। হয়তো মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ কাৰণে, নহ’লে হয়তো ঘৰৰ ওচৰৰ মহেন খুৰাৰ ছোৱালী মামুৱে মোতকৈ কম নম্বৰ পায়ো পঢ়িবলৈ ছায়েন্সৰ ফৰ্ম অনা বুলি খবৰটো পোৱা কাৰণে। আমাৰ লগৰ মুকুন্দৰ দৰেই কথাবোৰ। হাতত পইচা নাই, লোন পালে,  কিনিলে আই টুৱেন্টি। এতিয়া সদায় ভাবে সি, কিয় যে কিনিলে আই টুৱেন্টিখন। আই টুৱেন্টি বাদ, চাৰিচকীয়া এখনেই বা কিয় কিনিলে সি! – তাকেই ভাবি ভাবি অশান্তিবোৰক হাত বাউল দি মাতি থাকে মাজে মাজে।

প্ৰথম কেইদিনমান আমি মানে মই, প্ৰকৃতি, অলকেশ – আটাইবোৰে একেলগে বহিছিলোঁ ক্লাছত। লাহে লাহে আমি কেইজনমানে শেষৰ বেঞ্চলৈ পিছুৱালোঁ। প্ৰকৃতি আগুৱালে ফাৰ্ষ্ট বেঞ্চলৈ।

ফাৰ্ষ্ট আৰু লাষ্ট বেঞ্চৰ মাজত ডাঙৰ গেপ এটাতো থাকেই!

‘ধুৰ, ফাৰ্ষ্ট বেঞ্চত বহা মক্কেল ই’  বুলি আমি তাক এৰাই চলা হ’লোঁ।

ছোৱালীৰ দৰে লয়লাস ভংগীত সি খোজ কাঢ়িছিল। মূৰটো এফালে বেঁকা হৈ পৰিছিল খোজ কাঢ়োঁতে। আমি নাম থলোঁ তাৰ -‘বেঁকা’!

প্ৰেক্টিকেলৰ ক্লাছবোৰ আমি কৰিছিলোঁ ডেকাদাৰ পাণদোকানৰ পিছফালে।

চিগাৰেটৰ ধোঁৱাৰে কেনেকৈ ৰিং উলিয়াব পাৰি – সেয়া আমাৰ প্ৰেক্টিকেল।

অন্তৰাক চিঠি দিলেই নহ’ব, অনিমেষে কেনেকৈ মুখেৰে ক’ব লাগিব মনৰ কথা – তাক প্ৰেক্টিকেলি বুজাইছিলোঁ। মই অনিমেষ, অলকেশ হৈছিল অন্তৰা। সেইবোৰ আছিল আমাৰ প্ৰেক্টিকেল।

এদিন তেনে এটি সময়তে ফোঁপাই-জোপাই প্ৰকৃতি আহিছিল ডেকাদাৰ দোকানৰ পিছফালে। আমি আচৰিত হৈছিলোঁ তাক তেনেকৈ দেখি। আমি অনুভৱ কৰিছিলোঁ প্ৰকৃতিৰ দৰে বহুকেইজনে যে ডেকাদাৰ দোকানৰ পিছফালটো এক নিষিদ্ধ ঠাই বুলিয়েই গন্য কৰিছিল।

তালৈকে যোৱাটো দূৰৰে কথা, সেইফালে চোৱাটোও যেন এক পাপ!

‘কি অ’ বেঁকা? কি হ’ল?’ – মই সুধিছিলোঁ তাক।

সি একো কোৱা নাছিল। সি তৰ্জনী আৰু মধ্যমা আঙুলি দুটা লগ লগাই ওঁঠৰ ওচৰলৈ নি দেখুৱাইছিল।

‘চিগাৰেট? খাবি?’ – অনিমেষে সুধিছিল তাক।

সি মূৰ দুপিয়াইছিল।

অনিমেষে জ্বলি থকা চিগাৰেটটো তাৰ হাতলৈ আগবঢ়াই দিছিল। সি দুটি আঙুলিৰে চিগাৰেটটো ল’ব খোজোতেই মই চিঞৰিছিলোঁ -‘ঐ বেঁকা, তই ভাল ষ্টুডেন্ট। ফাৰ্ষ্ট বেঞ্চৰ ছিৰিয়াচ ল’ৰা। চিগাৰেট খাবলৈ আহিছ?  আমি প্ৰথমে তোক চিগাৰেট খুৱাইছিলোঁ বুলি শুনিবলৈ পাছত আমাৰ ভাল নালাগিব। যা গৈ…প্ৰেক্টিকেল কৰ’।

‘টেনছন হৈছে। খং উঠিছে মোৰ। ফিজিক্সৰ প্ৰেক্টিকেলত আধাঘন্টা ধৰি শৰ্মাছাৰক সুধি আছোঁ কিবা এটা দেখুৱাই দিবলৈ। পাত্তাই নিদিয়ে। ইফালে সেই ছোৱালীকেইজনীৰ লগতে লাগি আছে জোকে লগা দি। ‘তুমি কি খাই ভাল পোৱা? কেনেকুৱা গান ভাল লাগে?  ঘৰত কোন কোন আছে’ – এইবোৰ তেওঁলোকৰ আড্ডাৰ ট’পিক,  প্ৰেক্টিকেলৰ মাজত। ধুৰৰ…’।

বেঁকাৰ সিদিনা সঁচাকৈয়ে খং উঠিছিল। সি ফোঁপাইছিল। ফোঁপাই ফোঁপায়েই সি আঁতৰি গ’ল।

সি কিন্তু কেতিয়াও আৰু আমাক চিগাৰেট খুজিবলৈ অহা নাছিল। তাক চিগাৰেট খোৱা আমিও কেতিয়াও দেখা নাছিলোঁ।

হায়াৰ ছেকেণ্ডাৰীৰ পাছত প্ৰকৃতি গ’লগৈ মেডিকেল পঢ়িবলৈ। ‘ছায়েন্স কিয় যে পঢ়িছিলোঁ’  বুলি অনুশোচনা এগালেৰে সৈতে তৃতীয় বিভাগত পাছ কৰা মাৰ্কশ্বিটখন লৈ মই চহৰৰপৰা প্ৰায় দহ মাইল আঁতৰৰ কলেজ এখনত বি.এত নাম লগালোঁ।

আমি সকলো ভিন্ন দিশত গ’লোঁগৈ।

অফিচৰ পিয়ন হৰবিন্দই ডাক্তৰ প্ৰকৃতি বৰাৰ নামটো কোৱাৰ লগে লগে মনটোৱে মুহূৰ্ত্ততে হিচাপ এটা কৰি চালে। এক, দুই…হয় পঁচিশ বছৰ হৈ গ’ল আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ। প্ৰকৃতিৰ কথা কিমান দিন মনলৈ অহা নাছিল, ভাবিলোঁ। বহুদিন আগতে সি মেডিকেল পাছ কৰি উজনিৰ গাঁও এখনত চাকৰি কৰি থকা বুলি শুনিছিলোঁ। কিন্তু এইখন চহৰত নিজৰ ক্লিনিক খুলি এগৰাকী নামকৰা ডাক্তৰ যে হৈছে, গম পোৱা নাছিলোঁ। মই কোম্পানী এটাত চাকৰি কৰোঁ। মানুহৰ আগত যদিও মই ‘ছেলছৰ চাকৰি’  কৰি আছোঁ বুলি কওঁ, মই নিজেই কেতিয়াবা ভাবি ভাবি উৱাদিহ নোপোৱা হৈ যাওঁ- মই সঁচাকৈ যি কৰি আছোঁ, তাক চাকৰি বুলিয়েই কয় নে…। আমাৰ কোম্পানীয়ে অ’ফিচবোৰত পানীৰ কুলাৰ, এ.চি মেচিন আদিৰ ছাপ্লাই দিয়ে। অ’ফিচে অ’ফিচে গৈ আমাৰ মেচিনবোৰ কি, কেনে সেইবোৰ বুজাব লাগে। চৰকাৰী অ’ফিচবোৰত ঝামেলা বহুত, বিষয়াৰ লগত চিনাকী নহ’লে কাম পোৱা নাযায়। আমাৰ কোম্পানীটো এতিয়াও সৰু, চৰকাৰী অ’ফিচৰ ঝামেলাত পাত্তা পাব পৰা হোৱা নাই। সেয়ে সাধাৰণতে আমি সৰু প্ৰাইভেট অ’ফিচ, স্কুলবোৰতে ঘূৰি ফুৰোঁ। অলপ মোটাকৈ কাম পালে, কিছু ক’মিছন দিয়ে, নহ’লে মাহৰ এসপ্তাহতে পকেট উদং হয়। চাল্লা, ছেলছৰ চাকৰি…সদায় সন্ধিয়া দুপেগ খোৱাৰ পাছত সকলো বাদ দি গাঁৱৰ ঘৰলৈ ঘূৰি যাম বুলি ভাবোঁ। তাতেই কিবা এটা কৰি জীৱনটো চলাই নিম বুলি ভাবোঁ। কিন্তু নোৱাৰোঁ। ঘৰলৈ গ’লে গাঁৱৰ শ-হাজাৰটা চকুৰ বিদ্ৰুপ-উপহাসৰ দৃষ্টি মোৰ কাৰণে অসহনীয় হৈ পৰে। ডিঙিটোত কিহবাই যেন চেপি ধৰে। উশাহ ল’বলৈ কষ্ট পাবলৈ ধৰোঁ। ফোঁপাবলৈ ধৰোঁ। নাই, আৰু গাঁৱলৈ নাহোঁ কেতিয়াও – মনতে সিদ্ধান্ত লৈ লওঁ। আজিকালি ঘৰতো ফ’ন কৰা কমাইছোঁ। ‘বিয়াখন পাতিলে কিজানি সকলো ঠিক হ’ব। বয়স গ’লেই, আৰু দেৰি নকৰিবি’ – এয়া সম্পৰ্কীয় মানুহৰ মোলৈ অনুৰোধ বা আহ্বান। নাই, সেয়া আচলতে সমবেদনা হয়তো।

প্ৰকৃতিৰ ক্লিনিকখন যথেষ্ট ডাঙৰ। ক্লিনিক নহয়, আচলতে এখন সৰুকৈ নাৰ্ছিং হো’মেই। মূল চহৰৰ পৰা প্ৰায় পাঁচ কিল’মিটাৰ মান আঁতৰত। প্ৰকৃতি মেডিচিনৰ ডাক্টৰ। গে’টৰ ওচৰৰ ডাঙৰ ফলকখনত লিখা আছে প্ৰকৃতিৰ নাম। কাষতে জিলিকি আছে আন এটা নাম -ডা: সুদেষ্ণা দত্ত বৰা। হয়তো প্ৰকৃতিৰ পত্নী।

সোমাই গ’লোঁ। প্ৰায় এশগৰাকীমান ৰোগী, ৰোগীৰ লগত অহা ব্যক্তিৰে ভিতৰখন ভৰি আছে। শান্ত পৰিৱেশ তথাপিও। ৰিচিপছ’নিষ্ট তিনিগৰাকী বহি আছিল।

‘কাক দেখুৱাব?  ছাৰক দেখুৱালে দুঘন্টামান ৰ’ব লাগিব..যদি মেডামক দেখুৱাই…..!’

‘নাই, মই বেঁকাকে দেখুৱাম। মানে প্ৰকৃতিক..ডা: প্ৰকৃতি বৰাক’ – ক’লোঁ মই।

‘এইট হাণ্ড্ৰেড..পে’ কৰি দিব’।

মই চুকৰ ফালে গৈ চকী এখনত বহিলোঁ।

সময় গৈ থাকিল।

আঢ়ৈ ঘন্টা হৈ গ’ল।

‘হেৰা, কোৱাচোন গৈ বেঁকাক যে মই অবিনাশ আহিছোঁ..একেলগে পঢ়িছিলোঁ আমি কলেজত। বেঁকা..নেচাৰ এইবোৰ নাম ময়েই ৰাখিছিলোঁ তাৰ।…কোৱাচোন বেঁকাক..অবিনাশ আহিছে…চিনি পাব মোক…’ – দৌৰি গৈ যেন ৰিচিপছ’নিষ্ট এগৰাকীক গৈ ক’ম চিঞৰি চিঞৰি, এনে লাগিল মোৰ। নোৱাৰিলোঁ। কিহবাই বান্ধি ৰাখিলে ভৰি দুখন।

তিনিঘন্টাৰ পাছত মই প্ৰকৃতিৰ কেবিনলৈ সোমাই গ’লোঁ।

‘বহক…’ – মোলৈ নোচোৱাকৈয়ে সি ক’লে। সি যথেষ্ট শকত হৈছে। চুলিও সৰিছে। কপালৰ ওচৰত সৰু তুলসীৰ দাগটো আছেই। তাক প্ৰথম দিনা দেখিয়েই সুধিছিলোঁ-‘এইটো কিহৰ দাগ বে?  খুণ্ডা খাইছিলি নে কাজিয়া, মাৰ-পিট?’….’নেচাৰেল এইটো’- সি কৈছিল।

‘আৰে, বেঁকা..প্ৰকৃতি…তই প্ৰায় একেই আছ ও….চিনি পাইছ মোক?’ – তাক দেখি মই ক’ব নোৱাৰাকৈয়ে আৱেগিক হৈ পৰিলোঁ। মোৰ লগৰ প্ৰকৃতি ই, ইয়াৰ কাৰণে আজি মানুহ ঘন্টা ঘন্টা ৰৈ থাকে, চহৰৰ এজন সুখ্যাত ডাক্তৰ…এই প্ৰকৃতিয়ে এদিন গাত গা লগাই এখন বেঞ্চত বহি মোৰ লগত পঢ়িছিল…আস!

মই হয়তো জোৰেৰে চিঞৰিছিলোঁ। পিন্ধি থকা চছমাযোৰ নাকৰ ওপৰলৈ ঠেলি মোলৈ চাই ৰ’ল সি কেইছেকেণ্ডমান।

‘বহক’ – সি মোক বহিবলৈ ক’লে। মই যেন তাক এবাৰ সাৱটি ধৰিম, তাক চুই চাম – তেনে লাগিল।

মই বহিলোঁ তাৰ সন্মুখৰ চকীখনত।

‘চিনিছোঁ আপোনাক। মনত পৰিছে, নামটো মনত পেলাব পৰা নাছিলোঁ’ – সি মোলৈ চাই হাঁহিলে মিচিকিয়াই।

‘আপুনি? মোক আপুনি মাতিছ যে? আৰে, তই মোক চিনি পোৱা নাই হয়তো..’

‘নাই, পাইছোঁ চিনি। অবিনাশ। …..বাৰু কি সমস্যা আপোনাৰ?’

মই কিছুপৰ মৌন হৈ ৰ’লোঁ। তাৰ পাছত কৈ গ’লোঁ বেমাৰবোৰ। কিছুদিনৰপৰা বুকুখন জ্বলি-পুৰি থকা যেন লাগে, পেটৰো বিষ হয়। প্ৰায় সদায় সন্ধিয়া মদ খাওঁ। বাস্তৱৰ পৰা কিছুপল আঁতৰি থাকিবলৈয়ে মদ খাওঁ। সেইখিনি সময় মোৰ প্ৰিয়। কিন্তু মদ খালে ৰাতি পেটৰ বিষটো বেছি হয়……সকলো কৈ গ’লোঁ তাক। কিন্তু এটা কথা কোৱা নহ’ল। হঠাতে মানে দুই মিনিটমান আগৰেপৰা মোৰ বুকুখনত বেলেগ ধৰণৰ বিষ এটাও আৰম্ভ হ’ল। সেই বিষটো সি বুজি নাপাব, নক’লোঁ সেয়ে।

প্ৰকৃতিয়ে কিবাকিবি লিখি কাগজ এটুকুৰা মোলৈ আগবঢ়াই দিলে।

‘ভাল নাপালে টেষ্ট দুটামান কৰাম, এসপ্তাহ পাছত আহিব!’ – কথাখিনি কৈ সি ওচৰতে থকা ছুইট্চ এটা টিপিলে। বাহিৰত হোৱা সৰু শব্দ এটা মোৰ কাণত পৰিল। কোনোবা এগৰাকী সোমাই আহিল।

‘নেক্সট পেছেন্টটোক পাঁচমিনিট পাছত মাতা, কফী একাপ খাই আহোঁ’ – সি উঠি যাবলৈ ওলাল।

‘থেংক ইউ আপোনাক’ – মই ক’লোঁ তাক।

সি হাঁহিলে। খৰখেদাকৈ ওলাই গুচি গ’ল। ময়ো ওলাই আহিলোঁ তাৰ কেবিনটোৰপৰা। মনত এটাই প্ৰশ্নই ঘূৰি থাকিল -‘প্ৰকৃতিয়ে মোক বাৰু নিচিনিলে নেকি? মোৰ দুগালৰ হনু ওলাই গৈছে…চুলি পকিছে যথেষ্ট… মুখত দুসপ্তাহৰ নুখুৰোৱা দাড়ি….হয়তো মোক সি চিনি নাপালে’। সেইটো ভাবিয়েই মনটোক সান্ত্বনা দিলোঁ মই।

‘এক্সকিউজ মী…শুনকচোন…’ – পাছৰপৰা কোনোবাই মতা যেন পালোঁ। দেখিলোঁ ৰিচিপছ’নিষ্টগৰাকী মোৰ ওচৰলৈ আহি আছে। আহিয়েই পাঁচশটকীয়া নোট এখন মোৰ হাতলৈ আগবঢ়াই দিলে।

‘ছাৰে এইখিনি এমাউন্ট আপোনাক ৰিটাৰ্ণ কৰিবলৈ কৈছে। চিনাকী যে………’!

০০০০০

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mridula
11 months ago

বৰ ভাল লাগিল

সৌৰভ শৰ্মা
11 months ago

বঢ়িয়া গল্প

Soumyendra
10 months ago

Bor bhal lagil…