প্ৰকৃতি সুৰক্ষা আন্দোলন আৰু নাৰী (মানসী গোস্বামী)

১৯৭০ৰ দশক। উত্তৰ হিমালয়ৰ গাঢ়োৱাল অঞ্চল। অলকানন্দা উপত্যকাৰ মণ্ডল নামৰ গাওঁখনকে ধৰি কাষৰীয়া অঞ্চলৰ গাওঁবাসীৰ জীৱন আৰু জীৱিকাৰ আধাৰ কাষৰীয়া অৰণ্যৰ গছ কাটিবলৈ অহা ঠিকাদাৰক বাধা দিবৰ বাবে এজাক মহিলাই স্বতঃস্ফূৰ্তভাৱে গাইপতি সাৱটি ধৰিছিল একোজোপা গছক। কৈছিল – “গছ কটাৰ আগতে আমাক কাটা, কাৰণ এই গছে আমাক দিয়ে খাদ্য, পৰিষ্কাৰ পানী আৰু নিৰ্মল বায়ু।” ঠিক একে কামকে কৰিছিল ১৮ শতিকাতে ৰাজস্থানৰ অমৃতা দেৱী আৰু তেওঁৰ লগৰীয়া ৮৪ গৰাকী নাৰীয়ে।ৰাজনিৰ্দেশত আৰম্ভ হোৱা অৰণ্য ধ্বংসক ৰোধ কৰিবলৈ তেওঁলোকে নিজৰ জীৱন তুচ্ছ কৰি গছবোৰ সাৱটি ধৰিছিল। পৰৱৰ্তী সময়ত, অৰ্থাৎ ১৯৭৩ৰ পাছত, “চিপকো আন্দোলন” হিচাপে জনাজাত এই আন্দোলনে সুন্দৰলাল বহুগুণাকে ধৰি অনেক পৰিৱেশ কৰ্মীৰ জৰিয়তে এক নতুন ৰূপ লাভ কৰে আৰু সকলোকে অনুপ্ৰাণিত কৰি তোলে।একোজোপা গছক সাৱটি ধৰি, তাৰ ৰক্ষাৰ বাবে নিজৰ জীৱনকো আগবঢ়াই দিবলৈ সাজু হোৱা এই অভিনৱ, আন্তৰিক অহিংস আন্দোলনে পৰিৱেশৰ হকে কাম কৰি থকা মুষ্টিমেয় মানুহচামলৈ লৈ গৈছিল এক বিশেষ বাৰ্তা।“চিপকো আন্দোলনে” সূচনা কৰা এই বাৰ্তাৰ অন্তৰ্নিহিত কথাষাৰকে পৃথিৱীৰ অন্য এক প্ৰান্তত, অন্য এক ব্যক্তিত্বই অন্য এক ৰূপেৰে তুলি ধৰিছিল।

সেয়া আছিল ১৯৭৬-৭৭ চন। স্থান কেনিয়া, আফ্ৰিকা মহাদেশ। ক্ৰমাগত বনাঞ্চল ধ্বংসৰ পৰিণতিত আৰম্ভ হোৱা মৰুভৱনে স্থানীয় ৰাইজৰ জীৱন সংগ্ৰামক অধিক জটিল কৰি তুলিছিল। শস্যক্ষেত্ৰৰ উৰ্বৰা শক্তি, জীৱনৰ আধাৰৰূপী পানীৰ উৎসবোৰ ক্ৰমান্বয়ে দুৰ্লভ হৈ পৰিছিল। প্ৰ্ৰকৃতিৰ এই প্ৰতিকূলতাত আটাইতকৈ প্ৰভাৱিত হৈছিল সাধাৰণ নাৰীসকল। পানী, খৰি, খাদ্যসামগ্ৰীৰ বাবে বহুদূৰ বাটকুৰি বাই অশেষ কষ্টৰ মুখামুখি হোৱা এইসকল নাৰীৰ কথা ভাৱিছিল অন্য এক নাৰীয়ে; নাম ৱাংগাৰি মাথাই। কেনিয়াৰ ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ অধ্যক্ষ তথা পৰিৱেশ বিজ্ঞানী মাথায়ে, মৰুভৱনত বিপৰ্য্যস্ত মহিলাসকলক লৈয়ে ১৯৭৭ চনৰ ২২ এপ্ৰিলৰ পৰা আৰম্ভ কৰে এক নতুন আন্দোলন।নাম “গ্ৰীণ বেল্ট আন্দোলন”।ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ তত্বাৱধানত হেজাৰৰো অধিক মহিলাক লৈ গছপুলি ৰোপণৰ এই কাৰ্য্যসূচীৰ জৰিয়তে নিৰ্বনানীকৰণ প্ৰতিৰোধ, খাদ্য, জল তথা ঘৰুৱা ইন্ধন সংকটৰ সমাধান, মৰুভৱন প্ৰতিৰোধ, কৃষিভূমিৰ উৰ্বৰা শক্তিক পুনৰুজ্জীৱিত কৰা আদিৰ দৰে ধনাত্মক পাৰিৱেশিক পৰিৱৰ্তনৰ সূচনা কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। অন্যহাতে, প্ৰতিটো গছপুলিক প্ৰতিপাল কৰি ডাঙৰ কৰাৰ বিনিময়ত, অভাৱে জুৰুলা কৰা মহিলাসকলক দিয়া হৈছিল কিছু বানচ, যাৰ জৰিয়তে তেওঁলোকে কিছু ধনো উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কেনিয়াৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে উপযুক্ত, স্থানীয় ৰাইজৰ কামত অহা গছৰ এই ডাঙৰ ডাঙৰ এলেকাবোৰে মৰুৰ শুকান, বালিময় বতাহৰ পৰা শস্যক্ষেত্ৰক সুৰক্ষা দিছিল; লাহে লাহে শুকান মৰুময় কেনিয়া সেউজীয়া হৈছিল পুনৰ। এই আন্দোলনৰ জৰিয়তে দহবছৰৰ ভিতৰত মুঠ ৬০০০ নাৰ্ছাৰী ৰোপণ, ২ কোটিতকৈ অধিক গছ ৰোপণ কৰা হ’ল ৫০হাজাৰ মহিলা স্বেচ্ছাসেৱকৰ দ্বাৰা। শেহতীয়া তথ্য অনুযায়ী, এই গ্ৰীণ বেল্ট আন্দোলনৰ দ্বাৰা মুঠ ৫.১ কোটি গছৰ ৰোপণ তথা প্ৰতিপালন হোৱাৰ লগতে প্ৰায় ৩০ হাজাৰ মহিলাক খাদ্য সংৰক্ষণ, বনানিকৰণ, মৌ-পালন আদিৰ দৰে নানা বিষয়ত প্ৰশিক্ষণ দিয়া হৈছে। এই অভিনৱ ধাৰণাৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা তথা শান্তিৰ বাৰ্তা কঢ়িওৱা ৱাংগাৰি মাথাইক ২০০৪ চনত প্ৰদান কৰা হয় শান্তিৰ নোবেল বঁটা। মাথাই তথা তেওঁৰ সহযোগী মহিলাসকলে, চিপকো আন্দোলনৰ দৰেই স্পষ্ট কৰি দিলে – বহনক্ষম উন্নয়ন তথা প্ৰকৃতি সুৰক্ষাত মহিলাসকলে ল’ব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা।

আদিম কালৰে পৰা প্ৰকৃতি তথা পৰিৱেশৰ স’তে নাৰীসমাজৰ সম্পৰ্ক অতি নিবিড় তথা গভীৰ। চিকাৰী মানৱৰ জীৱনতো নাৰীয়েই চিকাৰ তথা খাদ্যসংগ্ৰহ প্ৰক্ৰিয়াত মুখ্য অংশ লোৱাৰ কথা জানিবলৈ পোৱা যায়। পৰৱৰ্তী কালতো মানুহৰ সামাজিক জীৱন আৰম্ভ হোৱাৰ পাছত, ঘৰ-পৰিয়ালৰ ক্ষেত্ৰত নাৰীয়ে লাভ কৰা দায়িত্বই নাৰীক অহৰহ প্ৰকৃতিনিৰ্ভৰ কৰি তোলে। খাদ্য সংগ্ৰহ, কৃষিকৰ্মত অংশগ্ৰহণ, খাদ্য ৰান্ধিবৰ বাবে খৰি-খেৰ সংগ্ৰহ আদিৰ জৰিয়তে মহিলাসকলে প্ৰকৃতিক অধিক ভালদৰে জানিবলৈ সুযোগ লাভ কৰে। একেসময়তে, জলসংকট, বিশুদ্ধ পানীৰ অভাৱ, খোৱাবস্তুৰ নাটনি, খৰি-খেৰৰ নাটনি আদিয়ে সৃষ্টি কৰিব পৰা সমস্যাৰ প্ৰতিও তেওঁলোকে চকু দিবলগীয়া হয়। গতিকেই প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ তথা সংৰক্ষণৰ প্ৰতি নাৰীসকল খুৱ স্বাভাৱিকভাৱেই সচেতন হৈ উঠে বা উঠিবলগীয়া হয়। কিয়নো এনে কোনো সংকটত আটাইতকৈ সহজে প্ৰভাৱিত হয় এই নাৰীসকলেই। পানীৰ অভাৱ হ’লে অধিক দূৰলৈ পানী বিচাৰি যাবলগীয়া হোৱা, গছ-গছনি কমি গ’লে খৰি-খেৰ গোটোৱাত অধিক সময় ব্যয় কৰিবলগীয়া হোৱা আদি কাৰক আছিল নাৰীসকলৰ এই প্ৰকৃতি সচেতনতাৰ আঁৰৰ কাৰণ।
সচৰাচৰ গ্ৰাম্য বা জনগোষ্ঠীয় সমাজত নাৰীসকলে আৰু নানা ধৰণেৰে প্ৰকৃতি তথা জীৱ-সম্পদৰ সুৰক্ষাত বিশেষ ভূমিকা পালন কৰে। নিজস্ব অভিজ্ঞতা তথা অনুসন্ধানৰ জৰিয়তে ফল-মূল তথা অন্যান্য খাদ্যসামগ্ৰীৰ যোগান ধৰা উদ্ভিদ, ঔষধি উদ্ভিদ আদিৰ চিনাক্তকৰণ তথা এইবোৰৰ সংৰক্ষণত মহিলাসকলে এই বিশেষ দায়িত্ব পালন কৰে। একেদৰে, শস্যৰ বীজ সংৰক্ষণ, খাদ্যৰ সংৰক্ষণ আদিৰ দ্বাৰাও মহিলাসকলে প্ৰাকৃতিক জৈৱবৈচিত্ৰ্যক জীয়াই ৰখাত সহায় কৰে। কেৱল খাদ্যৰ স’তে সম্পৰ্কিত জৈৱসম্পদ বুলিয়েই নহয়, দৈনন্দিন জীৱনৰ বাবে দৰকাৰী নানা তৰহৰ সা-সামগ্ৰীৰ প্ৰাকৃতিক উৎসৰ চিনাক্তকৰণ তথা সংৰক্ষণতো এইসকল নাৰীৰ অৱদান অনস্বীকাৰ্য্য। এনেবোৰ কাৰণতে প্ৰাকৃতিক সম্পদৰ সুপৰিচালনাত নাৰীসকলৰ প্ৰয়োজনীয়তাও অনেক বেছি।

পৰৱৰ্তী সময়ত, সামাজিক নেতৃত্বৰ পৰিৱৰ্তন, আৰ্থ-সামাজিক ব্যৱস্থাৰ সালসলনি আদিৰ ফলত নাৰীৰ অৱস্থানৰ পৰিৱৰ্তন হ’ল। বিভিন্ন অৰ্থনৈতিক সিদ্ধান্ত, যেনে ভূমিৰ অধিকাৰ তথা ব্যৱহাৰ, সামাজিক প্ৰাকৃতিক সম্পদসমূহৰ সুব্যৱহাৰ আদিৰ বিষয়ত নাৰীসকলৰ সিদ্ধান্তগ্ৰহণৰ অধিকাৰ নোহোৱা হ’ল। পৰিণতিত কেৱল আৰ্থিক লাভৰ বাবে প্ৰাকৃতিক সম্পদৰ বিবেচনাহীন আহৰণ তথা ব্যৱহাৰ আৰম্ভ হ’ল; যিবিলাকৰ পাৰিৱেশিক কুপ্ৰভাৱ সম্পৰ্কে সবিস্তাৰ আলোচনাৰ প্ৰয়োজন হয়তো নাই। এনে পৰিপ্ৰেক্ষিতত আৰ্থ-সামাজিক উন্নয়ন তথা পৰিৱেশ-প্ৰকৃতিৰ সংৰক্ষণক সমান্তৰালভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যৰে আৰম্ভ হোৱা বহনক্ষম উন্নয়নৰ ধাৰণাত পুনৰ পৰিৱেশ সংৰক্ষণত নাৰীসকলে ল’ব পৰা উল্লেখনীয় দায়িত্বৰ কথা সন্নিবিষ্ট কৰা হ’ল। ১৯৯২ চনৰ ৰিঅ’ ঘোষণাপত্ৰ(Rio Declaration) তথা এজেণ্ডা ২১ ৰ জৰিয়তেও বহনক্ষম উন্নয়ন তথা পাৰিৱেশিক পৰিচালনাত মহিলাসকলৰ এই দায়িত্ব তথা ভূমিকাক বিশেষভাৱে স্বীকৃতি দিয়া হৈছে।

পৰিশেষত এষাৰ কথা উল্লেখ কৰা ভাল যে প্ৰকৃতি আৰু মানৱসমাজৰ সম্পৰ্ক অতিশয় জটিল আৰু সুক্ষ্ম।মানুহে কৰা এক সামান্য কামেও প্ৰাকৃতিক পৰিৱেশক বিপুলভাৱে প্ৰভাৱিত কৰিব পাৰে। এনে পৰিপ্ৰেক্ষিতত প্ৰকৃতি সংৰক্ষণ তথা উন্নয়ন প্ৰক্ৰিয়াত নাৰীসকলৰ সমানুপাতিক অংশগ্ৰহণ তথা সমবিকাশ অবিহনে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱা অসম্ভৱ।সেই বাবেই আধুনিক প্ৰেক্ষাপটত প্ৰাকৃতিক সম্পদ পৰিচালনাত নাৰীসকলৰ অভিজ্ঞতা আৰু সামাজিক ভূমিকাক ন-ৰূপত প্ৰয়োগ কৰাটো সময়ৰ দাবী।

তথ্যসূত্ৰ :
১। Women, environment and sustainable development: making the links;http://www.unep.org/PDF/Womedfn/ChapterTwo.pdf.
২।Sabita Jain, Standing up for trees: Women’s role in the Chipko Movement ; http://www.fao.org/docrep/r0465e/r0465e03.htm.
৩। www.greenbeltmovement.org

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments