প্ৰজন্মৰ প্ৰসাৰিত মৰম – ইলা চেতিয়া

কোঠাটোৰ দুৱাৰখন সামান্য জাপখাই আছে৷ আধাখোলা দুৱাৰৰ ফাঁকেৰে ভিতৰলৈ জুমি চালে খৰ্গেশ্বৰী আইতাই৷ এইবাৰৰ সৈতে কেবাবাৰো আহি আইতাই ভিতৰলৈ জুমি জুমি চাইছে৷ কোঠাটোৰ ভিতৰত বিউটিচিয়ান গৰাকীয়ে পৰীক সজাই আছে৷ প্ৰায় দুঘণ্টাৰ ওচৰ হ’ল পৰীক সজাবলৈ লোৱা৷ পৰী খৰ্গেশ্বৰী আইতাৰ মৰমৰ নাতিনী৷ সন্মুখৰ আইনাত পিছফালৰ দুৱাৰৰ ফাঁকেৰে চাই থকা আইতাক দেখি পৰীৰ মুখেৰে এটা মিচিকিয়া হাঁহি বিয়পি গ’ল৷ তাই জানে আইতাই বাৰে বাৰে জুমি চোৱাৰ উদ্দেশ্য৷ তাইৰ চকুৱে চকুৱে পৰাত আইতাই হাঁহি এটা মাৰি আঁতৰি গৈ পুনৰ বিয়া ঘৰৰ মানুহৰ মাজত বহিলগৈ৷ পৰীয়ে মনতে নিজকে ক’লে৷ ’ চিন্তা নকৰিবা আইতা, মই তোমাৰ মৰম আৰু হেঁপাহ বোৰ সামৰি ল’ম৷ ’

পৰীৰ মেকআপ সম্পূৰ্ণ হ’ল৷ এইবাৰ তাই পুৰণিকলীয়া গহনা বাকচ এটা আৰু কাপোৰৰ পেকেট এটা কাষলৈ চপাই ল’লে৷ গহনা বাকচটোত আলফুলে হাতফুৰাই পুৰণি ডিজাইনৰ অথচ চিকচিকাই থকা ডুগডুগীধাৰ, বাখৰ খটোৱা আঙুঠিটো আৰু খমখমীয়া কেঁচবচা ৰিহাখন উলিয়াই ল’লে৷ বিউটিচিয়ান গৰাকীয়ে আচৰিত হৈ তাইলৈ চালে৷

:এইবোৰ পুৰণি গহনা কি কৰিব? আৰু এই ৰিহাখন?
:এই কেইপদ বস্তু আইতাই মোলৈ বিয়াত পিন্ধিবলৈ সাঁচি থৈছিল৷ মই পিন্ধিম এতিয়া৷
:আপোনাৰ গোটেই মেকআপটোৱেই অথলে যাব বাইদেউ৷ জোৰোণৰ ইমান ধুনীয়া অলংকাৰ আৰু কাপোৰৰ মাজত এই পুৰণি গহনা আৰু মুগা ৰিহাখন একেবাৰে ভাল নালাগিব৷

তাই কিবা উত্তৰ দিয়াৰ আগতেই মাক সোমাইছিলহি কোঠাত৷ তাইৰ কাষত গহনা কেইপদ দেখিয়েই তেওঁ বুজি পালে তাই কিয় উলিয়াই লৈছে সেইবোৰ৷

:কি কৰ মাজনী? এইবোৰ কেলেই উলিয়াইছ? সামৰ সামৰ, আইতাৰৰ এই পুৰণি গহনা সোপা পিন্ধিব নালাগে৷ ইমান নতুন ডিজাইনৰ গহনা দিছে জোৰোণত৷ সেইবোৰ পিন্ধ৷

মাকৰ কথা শেষ হোৱাৰ পূৰ্বে তাই দেখিছিল আইনাত আইতাকৰ সেমেকা মুখাবয়ৱ৷ টুক টুককৈ নোহোৱা হৈছিল মুহূৰ্ততে আইনাত আইতাৰ প্ৰতিচ্ছবি৷

:তোমালোকে মোৰ পিন্ধাৰ ওপৰত কেলেই ইমানকৈ লাগি আছা? মোৰহে বিয়া৷ মই মোৰ পছন্দ মতেই পিন্ধিম৷ আৰু কি নতুন পুৰণি কৰি আছা? নতুন আৰু পুৰণি মিলিয়েইটো আমিবোৰ৷

মাকে কথা নবঢ়াই আঁতৰি গৈছিল৷ বুজি পাইছিল তাইক বুজাই লাভ নাই৷

মুখত খুন্দা তামোল অকণ ভৰাই সেমেকা মনটো ঢাকি বিয়াঘৰৰ অতিথি সকলৰ লগত কথা পাতিছিলগৈ আইতাই৷ বোৱাৰীয়েকৰ কথা শুনি তেওঁৰ মনটো মৰি গৈছিল৷ তেওঁকো যাচিছিল এইকেইপদ অলংকাৰ৷ আধুনিকা বোৱাৰীয়েকে এদিনো নিপিন্ধি তেওঁক পুনৰ গতাই দিছিল অলংকাৰ কেইপদ৷ যাচি দিয়া সোণৰো আদৰ নাই বুলি এনেয়ে নকয়৷ বুজি উঠিছিল আইতাই কথাবোৰ৷ বোৱাৰীতকৈ সম্পূৰ্ণ ওলোটা পৰীলৈকে সাঁচিছিল সেই একেখিনি গহনাকে৷ মাজে মাজে তাইক দেখুৱাইছিল “ তোলৈ থৈছোঁ“ বুলি৷
বিয়াঘৰৰ সমাগমবোৰ বাঢ়ি আহিছে৷ লাহে লাহে পৰীক তাইৰ বান্ধবী নীলাই বাওঁ হাতেৰে পৰীৰ বাউসীত ধৰি ৰভাতলীৰ কইনাৰ বাবে নিৰ্দিষ্ট কৰি সজাই পৰাই ৰখা আসনলৈ উলিয়াই আনিছে৷ ইমান প্ৰাণচঞ্চল ছোৱালীজনী ইমান শান্ত সৌম্যৰূপত লাজ লাজ ভাবেৰে ওলাই আহিছে! এইটো ৰূপত তাইক এক অনিৰ্বচনীয় সৌন্দৰ্যই মেৰাই ধৰিছে৷ মানুহৰ মাজত বহি কথা পাতি পাতি বিয়াৰ আলেখ লেখ চাই থকা আইতাৰ মুখখন হঠাতে উজ্জ্বলি উঠিল৷ পৰীৰ ডিঙিত জোৰোণৰ নতুন ডিজাইনৰ দামী নেকলেচ ডালৰ লগত তেওঁৰ ডুগডুগীধাৰ আৰু গাত তেওঁ নিজহাতে বোৱা খমখমীয়া কেঁচবচা মুগা ৰিহা খন৷ ইমান ধুনীয়াকৈ আঁত মাৰি পিন্ধি আহিছে! আইতাৰ দুই কোৱাৰিয়েদি তামোলৰ সেলেঙি বোৱাই ফেলেককৈ হাঁহি এটা বাগৰি গ’ল৷ দুটোপাল সুখৰ চকুলোৱেও যুতি বান্ধিলে এই হাঁহিৰ সৈতে৷ লগে লগে হাতত থকা গামোচা ৰুমালখনেৰে মুচি পেলালে চকুলো দুধাৰি৷

পৰী তেওঁৰ একমাত্ৰ নাতিনী৷ আজি তাইৰ বিয়া৷ জোৰোণৰ দিনাৰে পৰা তেওঁৰ গা সাতখন আঠখন৷ বোলে এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া৷ পৰীৰ বিয়াখনলৈ বৰ হেঁপাহ আছিল তেওঁৰ৷ তেওঁৱেই খৰখেদা লগালে বিয়াখনত৷ মৰাৰ আগতে নাতিনীজনীৰ বিয়া চাই যাওঁ বুলি৷ লাখুটিডাল লৈ টুক টুককৈ ইফালে সিফালে ঘূৰি ফুৰে নানানটা দিহা দি৷ বোৱাৰীয়েকহঁতে পাহৰি যোৱা নীতি-নিয়মবোৰ মনত পেলাই কি কি লাগিব তাৰো দিহা দি থাকে মাতি মাতি৷ তাৰ মাজতো গৈ পৰীক সজোৱা ঠাইত গৈ চাই আহেগৈ তেওঁ দিয়া গহনা কেইপদ পিন্ধিছে নাই৷ জোৰোণৰ দিনা গধূলিয়েই তাইক গহনা বাকচটো আৰু নিজহাতে বোৱা খমখমীয়া কেঁচবচা মুগা ৰিহাখন দি থৈছে তেওঁ৷

:পিন্ধিবি দেই মামানু৷ এইবোৰ তোলৈকে বনাই থৈছিলোঁ তাহানিতে৷ এইবুলি তামোল খোৱা মুখেৰে টপককৈ চুমা এটা খালে৷
:ওঁ পিন্ধিম আইতা৷ এতিয়া খুন্দা তামোল অকণ দে৷
:হেত এইজনী এতিয়া নেলাগে খাব৷ দাঁত কেইটা লেতেৰা হ’ব৷ ন-কইনা হৈছ, বেয়া দেখিব৷

এইয়াই পৰী আৰু আইতাৰ সম্পৰ্ক৷ আত্মীয়তাৰ নিভাঁজ সূতাৰে বন্ধা এই সম্পৰ্ক কোনো আধুনিকতাই, কোনো উচ্চশিক্ষাই চুব নোৱাৰা অটুট সম্পৰ্ক আইতা আৰু নাতিনীৰ৷ পৰী ইঞ্জিনিয়াৰ অৰবিন্দ হাজৰিকাৰ একমাত্ৰ জী৷ সুদূৰ বাংগালোৰত ইঞ্জিনিয়াৰিং পাছ কৰি আহিছে৷ অৰবিন্দ আইতাৰ বৰ পুত্ৰ৷ কনিষ্ঠ পুত্ৰ চাকৰিৰ সূত্ৰে দিল্লীত থাকে৷ তাৰ এটাই ল’ৰা৷ বিয়া বুলি গোটেইখন গোট খাইছেহি৷ বাংগালোৰতে চিনাকি অনা অসমীয়া ল’ৰা ৰাজীৱৰ সৈতে তাইৰ বিয়া৷ বিয়াও বিয়া একেবাৰে ৰাজকীয় বিয়া৷ বৰ ধুমধামেৰে দেউতাকে একমাত্ৰ ছোৱালীজনীৰ বিয়াখন পাতিছে৷ আগলৈ নাই পিছলৈ নাই এজনীয়েই ছোৱালী পৰিয়ালত৷ বিয়া চাবাইনে, খাবাই! বিয়াখনত আইতাই প্ৰথমে দুৰ্ঘোৰ আপত্তি কৰিছিল৷

:জাত কুল চিন নাই, অচিন কাঠৰ থোৰা৷ আমাৰ লগত ধৰ্ম-কৰ্ম নিমিলে, এনে ল’ৰাহে পালিগৈনে তই?
:ইহ্ তেনেকৈ নক’বি দেই আইতা৷ মই তাক ভাল পাওঁ৷ বৰ ভাল ল’ৰা সি৷ মই তাকহে বিয়া কৰাম, বেলেগলৈ বিয়া নহওঁ৷
:আও এইজনী বাহিৰত পঢ়িবলৈ গৈ বৰ চাৰ হ’ল অ’৷ অজাতি ল’ৰালৈ বিয়া হয়৷ তোক বাপেৰে পঢ়িবলৈহে পঠিয়াইছিল৷ দৰা বাচিবলৈ পঠোৱা নাছিল নহয়৷ কেনেকৈ বিয়া হৱ চাওঁচোন৷

:কেনেকৈ নিদিয় ময়ো চাওঁচোন৷

আইতা নাতিনীৰ মৃদু তৰ্কাতৰ্কি৷ আদৰুৱা নাতিনীজনী ডাঙৰ নহ’লেই তেওঁৰ মানত৷ তায়ো আইতাকৰ ওচৰত সৰুছোৱালীজনীৰ দৰেই আব্দাৰ ধৰে৷ যেন সেই এল পি স্কুলত পঢ়া মামানুজনীহে! আত্মিক সম্বন্ধৰে তাই আইতাকক তই-মইকৈ মাতে৷ বাহিৰত পঢ়িবলৈ গৈয়ো তাই অলপো সলনি নহ’ল৷

অৱশেষত পৰীৰ জয় হৈছিল, আইতা হাৰিছিল৷ ৰাজীৱ নামৰ ল’ৰাটো লগ পোৱাৰ পিছত তাৰ সংস্কাৰ দেখি আৰু নাতিনীৰ মৰমত পমি গৈ আইতা মান্তি হৈছিল৷ যদিওবা ভাষাৰ অমিল; কথা বুজি নাপাই, তথাপিও আইতাই মানুহ চিনাত ভুল নকৰে৷ পুৰণিকলীয়া নীতি নিয়মত বান্ধ খাই থাকিলেও আইতা আকোঁৰগোজ আৰু গোড়া নাছিল৷ বোৱাৰীয়েকহঁতৰ সুবিধাৰ বাবে সময়ৰ লগত খোজ মিলাই চলিবলৈ আইতাই ঘৰখনৰ নীতি-নিয়ম শিথিল কৰিছিল৷ পুথিগত শিক্ষাৰে শিক্ষিত নহ’লেও আইতা সময়ৰ শিক্ষাৰে পৰিপুষ্ট৷ সকলোকে মৰম আৰু একতাৰ এনাজৰীৰে বান্ধি ৰাখিছিল৷ সেয়ে হয়তো আজিহেন দিনতো আইতাৰ কথাই ঘৰখনত প্ৰাধান্য পায়, বোৱাৰীয়েক হঁতৰ আদৰো পায়৷ সবল স্থিতিৰে আইতা ঘৰখনৰ বৰমুৰীয়া ৰূপত অৱতীৰ্ণ হৈ আছে আজিও৷

বিয়াঘৰৰ মধ্যমণি হৈ আইতা বহি আছে৷ বৰকৈ ঘূৰা ফিৰা কৰি থকা নাই৷ পুতেক-বোৱাৰীয়েকহঁতে মানা কৰিছে৷ মানা কৰিলে তেওঁ সিহঁতৰ কথা শুনে৷ সিহঁতে তেওঁৰ ভালৰ বাবেই কয়৷ কথাবোৰ বুজে তেওঁ৷ ইযোৰা সিযোৰাকৈ বিয়াঘৰ ঠাহ খাই পৰিছে৷ মিতিৰ-কুটুম, গঞা-জ্ঞাতি সকলোৱে বিচাৰ-খোচাৰ কৰি আইতাক বহা ঠাইতে মাত লগাই থৈ গৈছেহি৷ বিয়াখনৰ খোৱা-বোৱাকে ধৰি পৰীৰ প্ৰশংসা কৰিছেহি৷ আইতাৰ বুকুখন এহাতমান ফুলি উঠিছে৷

:অ’ আইতা, নাতিনীয়েকক সাইলাখ অপেশ্বৰী যেন লাগিছে৷ আপোনাৰে ভাগ্য, নাতিনীৰ বিয়াও দেখিবলৈ পালে৷

আইতাৰ মুখখন পোহৰ হৈ উঠে৷ পকা থেকেৰা হেন মুখখন উজ্জ্বলি উঠে৷ পো-বোৱাৰী, নাতি-নাতিনীক লৈ গৰ্বত মন ভৰি পৰে৷ ইহঁতৰ সুখেই তেওঁৰো সুখ৷ কমখন কষ্ট কৰি ঘৰখন ধৰিলেনে তেওঁ! সেইবোৰ দুখ কষ্টৰ কথা ক’লে ওৰকে নপৰিব৷ এতিয়াও সৰুতে কৰাৰ দৰে পুতেক দুটাক আদৰ কৰে, হাক-বচন শুনায়৷ সিহঁতে উভতি নধৰে, মনে মনে শুনে৷ কেতিয়াবা আকৌ সিহঁতে তেওঁকো শাসন কৰে৷ ইঘৰ-সিঘৰলৈ বৰকৈ যাবলৈ মানা কৰে৷ কেনেকৈনো দিনটো শুই বহি কটাব তেওঁ৷ ল’ৰাহঁতৰ বাপেক নোহোৱাৰ পৰা কথা বতৰা এষাৰ পাতিবলৈও লগ ভাগ এটা নোহোৱা হ’ল৷ বোৱাৰীজনীও কামে-কাজে লাগি থাকে৷ সিজাই পকাই খুওৱা-বুওৱালৈকে কমখন কামনে! তেওঁ জানো কম! লাখুটিডাল লৈ বাৰীখন পিতপিতাই ফুৰেগৈ৷ গেটখন খুলি সমুখৰ দেৱৰেকৰ ঘৰলৈ গৈ কথাৰ মহলা মাৰি ফুৰেগৈ৷ গাড়ী মটৰৰ যিহে ভিৰ৷ উদণ্ড ল’ৰাৰ যিহে বাইক চলোৱাৰ তাণ্ডৱ৷ ভয় কৰে সিহঁতে৷ সিহঁতৰ গালিবোৰ মৰম বুলি বুজি পাই আইতাই৷ হওক তেও, এই বয়সলৈকে মৰমৰ মাজতে জী থাকিব পাৰিছে৷ সিদিনা টি. ভিত

“আমাৰ ঘৰত“ থকা বুঢ়া-বুঢ়ী কেইগৰাকীক দেখি বৰ দুখ পালে তেওঁ৷ তাকে গৈ দেৱৰেক জায়েকহঁতৰ লগত পাতেগৈ৷

:আয়ৈ দেহি, এই বুঢ়া কালত নাতি-নাতিনীৰে ভৰি থকা ঘৰ এৰি ক’ত থাকিবগৈ লগা হৈছে৷ আমাৰ ইহঁতি আকৌ এনেকুৱা নহয় দেই৷ মই বুলিলে মৰিব পাৰে৷ আমাৰ মামানু মই বুলিলে বলিয়া৷

সুখবোৰ নজহা নপমাকৈ নিজৰি নিজৰি ওলাই আহে আইতাৰ মুখেৰে৷

:অ’ আইতা কি ভাবি আছে? আপুনি কি দিলে পৰীক?

পৰীৰ লগৰ দীপামণিৰ মাকে সুধিলে৷ পুনৰ আইতাৰ ফেলেককৈ মৰা খোলা হাঁহি৷

: অ’ আই, কিতো দিবিনো বুঢ়ী মানুহজনীয়ে৷ সেই তাহানিতে ডুগডুগী এধাৰ আৰু আঙুঠি এটা গঢ়াই থৈছিলোঁ মোৰ অলঙ্কাৰখিনিকে ভঙাই৷ তাকে দিলোঁ মুগা ৰিহা এখনেৰে সৈতে৷ চাচোন তাইক কেনে শুৱাই পৰিছে৷
:হয় অ’ আইতা৷ তাইযে পিন্ধিছে আকৌ৷ বহুতে এইবোৰ পুৰণি বস্তু নিপিন্ধেই৷

আইতাই ভাবিলে হয় কথাটো৷ এইবোৰ পুৰণি যদিও ইয়াত কিমান মৰম সোমাই আছে, কিমান কপালৰ ঘাম আৰু ঘৰখনৰ অতীতৰ সৰু সৰু সুখবোৰ সোমাই আছে৷ পৰীৰ ককাকৰ হেঁপাহ আৰু কষ্টৰ ফলো সোমাই আছে৷ পৰীয়ে এইবোৰ পিন্ধি আইতাৰ মৰম আৰু হেঁপাহৰ মৰ্যাদা দিলে৷ নিজৰ শিপাডাল পৰীয়ে এতিয়াও খামুচি আছে৷ জুয়ে পোৰা সোণৰ দৰে উজ্জ্বল কৰিলে ঘৰখনৰ ধূসৰিত অতীত আৰু অতীতৰ স্মৃতিবোৰক৷ দূৰৈৰ পৰা পৰীলৈ চাই চাই পৰীৰ হাঁহিভৰা মুখ দেখি আত্মতৃপ্তিত ভৰি পৰিল আইতাৰ মন৷ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ ঘৰখনৰ মৰম বোৰ, সংস্কাৰবোৰ প্ৰসাৰিত হৈছে৷ আইতাকনো আৰু কি লাগিছে!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 months ago

ককা-আইতাৰ মৰমকণ নিভাঁজ হয়।
মই নিজে এনে মৰম পাবলৈ নহ’ল আৰু কিবাকিবি কাৰণত আমাৰ জানেও নাপালে।
তথাপি, এনে মৰমৰ উমটো অনুমান কৰিব পাৰোঁ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক